হানী ইন ট্ৰেপ! ( উৎপলা কৌৰ )

honey in trap1

স্মাৰ্টফোনটোৰ স্ক্ৰীণত তৃতীয়বাৰৰ বাবে “neeta calling” ভাঁহি অহাত বিৰক্তিত মুখখন কোঁচ খাই গ’ল নীলাভৰ। বহাৰ পৰা উঠিল। ৰোহন আৰু মুস্তাকক পিঠিত থপৰিয়াই কৈ উঠিল…”মই যাওঁৰে দোস্তি। হোম মিনিষ্টাৰে কামুৰি আছে। দেৰি কৰিলে অশান্তি কৰে অ’! “

:”বহনা যাবি। আৰু এটা লৈ যা”

:”নাই নাই”

আজি ৰোহন আৰু মুস্তাকে নীলাভতকৈ দেৰিকৈ আহিছে। শনিবৰীয়া বিশেষ টাইমপাচ। বাৰ কাম ৰেষ্টুৰেন্টখনত শনিবৰীয়া ভিৰ। ৰঙীণ পৰিবেশ। সকলো ব্যস্ত। ছাঁ-পোহৰ, মিউজিক, পানীয় আৰু সংগীৰ সান্নিধ্যত মতলীয়া।

গাড়ীৰ ছাবিটো তৰ্জনী আঙুলীৰে ঘূৰাই ঘূৰাই চিৰিৰে দ্বিতীয় মহলাৰ পৰা লাহে লাহে নামি আহি আছে নীলাভ। তাতকৈ অলপ আগে আগে গৈ আছে পেঞ্চিল হিল পৰিহিতা এক সুন্দৰী। পিন্ধনত আঁঠুৰ ওপৰত পৰা গাত লিপিট খাই পৰা ফ্ৰক। দীঘল চুলিয়ে কঁকালৰ উৰ্ধাংশ ঢাকি ৰাখিছে। সুৰাৰ গোন্ধক তল পেলোৱা সুগন্ধি বাহিৰ হৈছে দেহৰ পৰা।

অফিচৰ পৰা বাহিৰে বাহিৰে সোমাইছিল সি। ঘৰত সাত বছৰীয়া কন্যাৰ জ্বৰ। পত্নী ঘৰত কন্যাটিৰ লগত অকলে। খৰখৰকৈ নামিল সি। সুন্দৰীয়ে ঢলংপলং খোজেৰে চিৰিটোৰ ইফালৰ পৰা সিফালে খোজ দিছে। সেয়ে সি পিচ পেলাই যাব পৰা নাই। কাষেৰে পাৰ হৈ গ’লেই গাত খুন্দা খোৱাৰ সম্ভাবনা প্ৰবল। তাতে চিৰিটোত সিহঁত দুটাৰ বাহিৰে কোনো মানুহ নাই। খুন্দা খালে কি বিহু দেখুৱাব ঠিক নাই! তাতে এনে ঠাইত টিভি চেনেলৰ শিয়ালবোৰে খাপ পিতি থাকে। অগত্যা সি পাছে পাছে গৈ থাকিল। আগত সেই গুলাপী নিচাত মচগুল যুৱতী খোজত ঢৌ তুলি তুলি গৈ থাকিল লাহে লাহে। চিৰিলানিৰ শেষৰটোত ভৰি দিওঁতেই মোচোকা খাই সুন্দৰী পৰোঁ পৰোঁ হ’ল। ভাৰসাম্য ৰক্ষা কৰিব নোৱাৰি পিছলৈ হাউলি পৰা সুন্দৰীক যন্ত্ৰবৎ সি থাপ মাৰি ধৰিলে। ইমান দেৰি পিচফালৰ পৰা দেখি থকা সুন্দৰীৰ কমনীয় মুখখন দেখি তবধ মানিলে সি।
°°°°°
নিমিষাক লগ পাই নিজকে ধন্য মানিলে সি। যিমান ধুনীয়া তাই সিমান বুধিয়ক মানে ইন্টেলিজেন্ট। কিন্তু তাইৰ ইমান দুখ! কফিহাউচৰ টেবুলত মূৰ থৈ ইমান ধুনীয়া ছোৱালীয়ে এনেই কান্দিব নোৱাৰে!
তাইৰ বয়ফ্ৰেণ্ডৰ প্ৰতি সি অতি কৃতজ্ঞ হ’ল। যিয়ে প্ৰবঞ্চনা কৰা বাবে তাই আজি তাৰ সন্মুখত। বাৰখনৰ সন্মুখত ঢলি পৰাৰ পাছত সি নি তাইক তাইৰ ভাৰাঘৰত থৈ আহিছিল। তাইৰ তিনি বছৰ পুৰণা প্ৰেমিক ৰাহুলে প্ৰীতিৰ লগত সময় কটাবলৈ আৰম্ভ কৰিবলৈ ধৰিছিল। তাই যিমানে কান্দিছিল ৰাহুলে সিমানে তাই বেয়া পোৱা কামবোৰ কৰিছিল। শেষত শান্তি বিচাৰি তাই বাৰখনত আশ্ৰয় লৈছিল।

°°°°°°
আজি কেইবাদিনো হ’ল নীলাভে তাইৰ লগত কফি খোৱা। তাৰ কিবা কিবি বাহানা উলিয়াই আজিকালি কেৱল নিমিষাৰ লগত সময় কটাবলৈ মন যায়। ঘৰত অসুখীয়া ছোৱালী থৈ হ’লেও!
ৰাতিপুৱাৰ পৰা নিৰবে মোবাইলটোৱে তাইৰ বাৰ্তা আনি দি থাকে… গুডমৰ্নিং মেছেজ আদান-প্ৰদানৰ পৰা আৰম্ভ কৰি গুড নাইট ছুইটহাৰ্টলৈকে। সদায়ৰ দৰে। নীতাই গম নোপোৱাকৈ। আজিকালি নীতাই তাক সিমান সন্দেহো নকৰা হৈছে। আগৰ দৰে সামান্য দেৰি হ’লেই বাৰেপতি ফোন কৰিও নাথাকে। কথাটোৱে নিমিষাৰ লগত তাৰ দূৰত্ব কমাইছে।

নিমিষাৰ লগত সি আজি নতুন হাইৱেটোৰ ফালে ধাবা এখনলৈ আহিছে। দুটা বিয়েৰৰ কেন শেষ কৰাৰ পাছতে পাক খোৱা জিভাখন সি কোনোমতে চম্ভালি অন্তৰ উজাৰি দিলে নিমিষাৰ ওচৰত……
“ইমান দুখ মোৰ নিমি! কেতিয়াবা মৰি যাব মন যায় জানা। দিনটো কষ্ট কৰি ঘৰ সোমাবা …ঘৰত খেচখেচ্! খেচখেচ্!! ভাল লাগে নেকি…ইমান চাচপিচিয়াচ ৱাইফৰ লগত …।

……… সি ধাবাত ডিনাৰ কৰি নিমিক তাইৰ ভাড়াঘৰত ড্ৰপ কৰি আহে মানে নীতা সিহঁতৰ কণমানিজনীক বুকুত সাৱটিলৈ দুৰ্ঘোৰ নিদ্ৰাত। আজিকালি তাক সন্দেহ নকৰা নীতালৈ বৰ মৰম লাগি গ’ল তাৰ। গাৰুৰ ওচৰতে ম’বাইলটো থৈ টোপনি যোৱা নীতাৰ মুখত পৰি থকা চুলিকিডাল আঁতৰাই সি ম’বাইলটো চাইলেন্টম’ডলৈ নি বিচনাৰ চাইড টেবুলত থ’লে!! নীতাই যে সদায় য’তে ত’তে তাইৰ ম’বাইলটো পেলাই থ’য়!!

……………চি.চি.ডি.ৰ টেবুলত তাইলৈ ৰৈ থাকি সি তাইক কি কি ক’ব আওঁৰাই থাকিল! এসময়ত নিমিষা আহি বহি পৰিল। কাষৰ চকীত। সি মতলীয়া হৈ পৰিব খুজিও নিজকে অতি কষ্টেৰে চম্ভালি থাকিল। বাহুত বাহু লাগিব খোজাত সি তাৰ চকীখন অলপ দূৰলৈ নি বহিল।

“কি হ’ল জান?”

“নাই অ’…মোৰ মনটো বেয়া”  সি সেপ ঢুকি কোনোমতে ক’লে।

“কিয় জান?” তাইৰ মাতটো যেন অন্তৰখন গলি ওলাইছে!

“নাই অ’…মোৰ খুউব গিল্টি ফিল হৈছে। আই লাভ মাই ৱাইফ এণ্ড মাই ফেমিলি

…মোৰ ভুল হৈছে…তোমাৰ লগত মোৰ এই ৰিলেশ্বন মেইনটেইন কৰিব নোৱাৰিম আৰু…প্লিজ মোক মাফ কৰা। মই কোনো কাৰণত ৱাইফক ঠগিব নোৱাৰোঁ… বাই” সি কফিৰ দামতকৈ কিছুটকা বেছিকৈ এৰি উঠিল। উঠিল মানে তাইক তাতে এৰি গাড়ীত বহি ষ্টাৰ্ট দিলে ঘৰলৈ বুলি।

…………
ঘৰলৈ গৈ মিমি, তাৰ মাইনাজনীৰ লগত বহুপৰ খেলিলে! ঘোঁৰা হৈ তাৰ পিঠিত তাইক উঠাই মানে নীতা সাজু! “মেইন লেণ্ড চাইনা”ত তিনিও ডিনাৰ কৰি আহে মানে ৰাতি চাৰে এঘাৰ বাজিল!
……………

বাৰেপ্ৰতি সি “এমডি”ক মানে মলয়া ডেকাক ফ’ন কৰি আছে , কিন্ত তাই কাটি কাটি দি আছে। পোন্ধৰবাৰ ফোন কৰাৰ পাছত তাই ৰিচিভ কৰিলে।

“জানো নহয় তুমি মোক এভইড কৰা আজিকালি। মোক কিয় ফোন কৰিছা? নতুনজনীয়ে এৰিলে নেকি?”

“অহ জান তুমি বুজি নোপোৱা! যি কৰিছোঁ তোমাৰ আৰু মোৰ কাৰণে কৰিছোঁ… তুমি জানা মোৰ ওপৰত সন্দেহ কৰি নীতাই মোৰ পিছত স্পাই লগাইছিল। কোনোমতে মেনেজ কৰিছোঁ! আই লাভ য়ু ডিয়েৰ!”
………
প্ৰায় এমাহৰ পাছত পুৰণি প্ৰেমিকা মলয়াক লৈ সি বৰাপানীলৈ গাড়ী পোনালে। এই মলয়াৰ লগত সন্দেহ কৰি সৃষ্টি হোৱা নাটকৰ যৱনিকা পেলাইছে তাৰ তীক্ষ্ণ মগজুৱে।

নিমিষাক তাক পৰীক্ষা কৰিবলৈ লগোৱা নীতাৰ মুখখন মনত পেলাই সি ফোন কৰিলে
“অফিচৰ মিটিং আছে জান। ৰাতি আহোঁতে দেৰি হ’ব। তুমি ভাত খাই শুই যাবা। বাই! আই লাভ য়ু।”

ফোনটো অফ কৰি থৈ এম. ডি মানে ডিভৰ্চী কলিগ মলয়াৰ সোঁহাতখন বাওঁহাতেৰে খামুচি ধৰি গাড়ীৰ এক্সিলেটৰ ডবাই দিলে …।

……

নিমিষাৰ ওচৰত তাৰ স্বীকাৰোক্তিৰ পাছত সি নতুনকৈ নীতাৰ বিশ্বাস জিনিছে! বেচেৰী নীতা!!

 

                                                ———-

Leave a Reply

Your email address will not be published. Required fields are marked *