হানী সিঙৰ বাবে এটা পদ্য (দেবব্ৰত বৰা)

য়ো য়ো হানি খুচি ছিঙ
য়‌ো য়ো হানি খুচি ছিঙ

দোতাৰাৰ তাঁৰবোৰ ছিঙ
ঢোলৰ বৰতীবোৰ ছিঙ
তালীয়াৰ আঙুলিবোৰ ছিঙ
ছিঙি আনি পুৰি খা
ছিঙি আনি ভাজি খা
মঘাইৰ কলিজা
ঢোলৰ মালিতা

ফিউচন গা
ৰক গা
পপ গা
স‌ৱ গা
অসমীয়াৰ বাহিৰে
স‌ৱ গা

জ্যোতি বাদ
বিষ্ণু বাদ
ভূপেনদা বাদ দে
খগেন দা বাদ দে
কিশোৰদা বাদ
ৰফিচাহাব বাদ
মাত্ৰ নাকে মাত
মাত্ৰ নাকে মাত

নাকে মাতি হানি খুচি ছিঙি আন
হানি খুচি ছিঙি আন
মানুহৰ গান
জী‌ৱনৰ গান
দেশৰ গান
সমাজৰ গান

মাত্ৰ নাকে মাত নাকে মাত
নাকে মাতি হানি খুচি ছিঙি আন
হানি খুচি ছিঙি আন

য়ো য়ো হানি খুচি ছিঙ
য়ো য়ো হানি খুচি ছিঙ

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!