হালধীয়া — দীপা ঠাকুৰীয়া

হালধীয়া
— দীপা ঠাকুৰীয়া

কুকুৰজাকে ভুকভুকাই আছিল
শাল চকুৱাজনে সিহঁতলৈ এৰেহা বস্তুবোৰ দলিয়াই দিছিল
সিহঁতে চেলেকি চেলেকি
উদৰ পৃৰাই খাইছিল
সেই পালৰ জেপবোৰত
মহাত্মা গান্ধী আছিল নীৰৱে শুই
মুখবোৰৰপৰা বনৰীয়া সুবাস
আহিছিল ভাঁহি ৷
হেৰা, সৌ মানুহজনী তেনেই সাধা
অহৈতুক চমকত কেনেকৈ নীলা পৰি গৈছে দেহা!!
ভৌ ভৌ কৰিলেও, তেখেতৰ ঘৰত
ধেকুৰাজাকক দিবলৈ মাংসটো দূৰৰে কথা
চুৱাভাত নাই ৷
সৌৱা চোৱা,তেখেতৰ চৌহদৰ বেলিফুলে
কেনেকৈ জকমকাই আছে
দুৱাৰত কোনে টক্ -টকাইছে??
অকস্মাতে দেখোন যোছেফ পুলিৎজাৰ আৰু
উইলিয়াম ৰেনডল্ক হাৰ্ষ্ট!!!!
স্পেনিচ-আমেৰিকাৰ সমৰৰ শ্বহীদবোৰে
দেখোন আটাহ পাৰি উঠিছে
হেৰা,কোলাহল নকৰিবা,
পাপাৰাজ্জিয়ে শুৱাই থৈছে ৰাজকুমাৰীক
কি খবৰ বেছিব সিহঁতে
লোভে হালধীয়া কৰা সিহঁতৰ কণ্ঠৰপৰা
ভুকভুকনিহে শুনা পায় ।
(যোছেফ পুলিৎজাৰ আৰু উইলিয়াম ৰেনডল্ক হা্র্ষ্টক হালধীয়া সাংবাদিকতাৰ জন্মদাতা বুলি কোৱা হয় )

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!