হালধীয়া -(শান্তনু শৰ্মা)
হালধীয়াই হাঁহিলে মোৰ চকুৰ পতাত
মই আৰম্ভ কৰোঁ মোৰ নিৰুদ্দেশ যাত্ৰা
সৰিয়হতলীৰ পৰা হালধীয়া পখিলালৈ
সকলো মোৰ যাত্ৰাৰ স্ংগী হয়,
কেৱল তুমিহে মোক বিচাৰি নোপোৱা–
অথচ হালধীয়াই হাঁহিলে চকুৰ পতাত
মই তোমাৰ অভ্যন্তৰতেই আত্মগোপন কৰোঁ,
তোমাৰ ওঁঠৰ কঁপনিত
মই গোটেই মানুহজন হালধীয়া হৈ পৰোঁ,
তুমি গম নোপোৱাকৈয়ে মই এৰি থৈ যাওঁ
তোমাৰ ওচৰত কবিতাৰ হালধীয়া খেতি;
তোমাৰ গাঁৱৰ সৰিয়হতলীত
তুমিও হালধীয়া এটা সপোনৰ টোপনিৰ কাৰেঙত হেৰাবাচোন
হালধীয়াই হাঁহিব তোমাৰো চকুৰ পতাত