হাৰকিউলিচ ১৯৬৯ (অনন্ত বৰা)
ক্লাছ নাইনৰ পৰীক্ষাৰ ৰিজাল্ট দিব। হৰেনৰ চকুত টোপনি নাই। কাৰণ পৰীক্ষাত পাছ কৰিব নে নকৰিব সেইটো সি খাটাং নহয়। তাতে নগদ আঁঠ টকা স্কুলৰ ফিজ দিবলৈ আছে। শৰ্মা চাৰে কৈছে , এহাতে স্কুলৰ ফিজ দিবি এহাতে পৰীক্ষাৰ ৰিজাল্ট পাবি। যোৱাবাৰ ভদিয়াই চাৰক ঠগিলে। পৰীক্ষাৰ ৰিজাল্ট ল’বলৈ আহি ভদিয়াই চাৰক পইচা কেইটা দেখুৱাই ক’লে
: চাৰ এইয়া ফিজ লৈ আহিছো। মোক ৰিজাল্টটো দিয়ক।
মহা ধুৰন্ধৰ ভদিয়াই আগতীয়াকৈ খাটাং কৰি লৈছিল , পাছ কৰিলে ফিজ দিব আৰু ফেইল কৰিলে ফিজ কেইটা নিদিয়াকৈ দৌৰ মাৰিব। একেটা শ্ৰেণীত আকৌ পঢ়িবলৈ নাই। খেতি পথাৰত নালাগি এনেকৈ স্কুললৈ পঢ়িবলৈ অহাৰ বাবে ভদিয়াই ঘৰটো গালি খাই আছিল। সেই মতেই শৰ্মা চাৰে ভদিয়া তই ফেইল বুলি কোৱাৰ লগে লগে স্কুলৰ পৰা ওলাই ভদিয়াই মাৰিলে দৌৰ। শৰ্মা চাৰে কথাটো তলকিবই নোৱাৰিলে। পাছে পাছে বহুদূৰ খেদিও চাৰে ভদিয়াক ধৰিব নোৱাৰিলে। ভদিয়াইও সিমানতে স্কুলীয়া জীৱনৰ সামৰণি মাৰিলে। তেতিয়াৰ পৰাই শৰ্মা চাৰ সৰ্তক হ’ল। এহাতে ফিজ এহাতে ৰিজাল্ট।
হৰেনৰ মনতো এক দোধোৰ মোধোৰ অৱস্থা। হাতত পইচাও নাই , ৰিজাল্টযে ভাল হ’ব তাৰো গেৰাণ্টি নাই।
ইফালে ঘৰৰ মানুহবোৰেও পঢ়াশুণা কৰি সময় নষ্ট নকৰি খেতি খোলাত মন দিবলৈ কৈয়েই আছে। হৰেনৰ মনটোৱে নামানে। যোৱাবাৰ মোমায়েক আহোঁতে কৈ গৈছে , মেট্ৰিক পাছ কৰিলেই বোলে ডাই নাম্বাৰ( ডাইনামো ) লগা হাৰকিউলিচ চাইকেল এখন দিব। কথাটো ভাবিলেই হৰেনৰ মনটো হাঁহাকাৰ কৰি উঠে। সি হাৰকিউলিচ চাইকেল চলাব ! তাতে ডাই নাম্বাৰ লগা। লেটি পেটি মানুহে ডাই নাম্বাৰ থকা চাইকেল চলাব নোৱাৰে। যাৰ চাইকেলত ডাই নাম্বাৰ আছে , তেওঁ বহু সম্ভ্ৰান্ত মানুহ। ডাইনাম্বাৰো বোলে দুটা কোৱালিটিৰ আছে , এটা চেঙ্ক ( Sankyo) আৰু আনটো মিলাৰ (Miller)। তাৰে মিলাৰটো বোলে বৰ ভাল নহয়।
মন্ডলৰ পুতেক ইন্দ্ৰৰে হাৰকিউলিচ চাইকেল নাই। তাৰখন ৰ’ভাৰহে , ৰ’ভাৰখন লোকেল মেইড , তাকো ইন্দ্ৰৰখন চেকেণ্ড হেণ্ড। ডাই নাম্বাৰটো নায়েই। কম কথা হ’ব নে ? নতুন চিকচিকিয়া হাৰকিউলিচ চাইকেল এখন সি চলাব ! বাওঁফালৰ এক্সেলডালত ভৰিটো দি কিছুদূৰ আগবঢ়াই নি সি জাপ মাৰি চাইকেলখনত ওঠিব। গাঁওৰ ল’ৰাবোৰ তাক দেখি কম জ্বলিবনে ! মণ্ডলৰ পুতেক দালকটো হাত লগাবলৈ নিদিয়ে হৰেনে। সেইদিনা তাৰ চাইকেলখন অকণমান চলাই চাওঁ বুলি কওঁতেই যিটোহে ডেমাকী দেখুৱালে। চুবলৈকে নিদিয়ে। অৱশ্যে ফুটনিটো হ’বই গাওঁখনত চাইকেল থকা মানুহ কেইঘৰ আছে ! মন্ডলৰ ঘৰত এখন আৰু দম্বৰু মহাজনৰ এখন। ইন্দ্ৰ আৰু দম্বৰু মহাজনৰ পুতেক ভোগেশ্বৰে প্ৰায়েই চাইকেল লৈয়েই স্কুললৈ অহা যোৱা কৰে। ভোগেশ্বৰ ল’ৰাটো ইমান বেয়া নহয়। সি কেতিয়াবা নৰেণক তাৰ চাইকেলখনৰ কেৰিয়াত বহুৱাই লয়। পিছে তাৰ চাইকেলখনৰ অৱস্থা বৰ ভাল নহয়। এতিয়ালৈকে বোলে দুবাৰ তিনিবাৰ মান ” বিবি চেট” সলনি কৰিব লগা হৈছে। এবাৰ “বিবি চেট ” সলালে বোলে সেইটো প্ৰব্লেম আহিয়েই থাকে। তাতে চেইন পৰি পৰি যায়। বাটতে ৰখাই জেওৰা খুটি এটা ভাঙি চেইনডাল চেইন হুইলত ( ক্ৰেঙত) খাজে খোপে খোৱাই পাছ চকাটো দাঙি এপাক আগলৈ ঘূৰাই দিলেই চেইন আকৌ নিজৰ ঠাইলৈ যায়। কেতিয়াবা আকৌ পাছৰ চেইন পৰে , পাছৰ চেইন পৰিলে হ’ল আৰু। প্ৰথমে আগৰফালে চেইনডাল পেলাই পাছৰ চেইনডাল খাজে খাজে খুৱাই আকৌ আগৰ চেইন তুলিব লাগে। বৰ ঝেমেলা কাৰবাৰ , গোটেই হাততে তেল মবিল লাগে। মাজে মাজে আগ চকা ধৰি থকা ফ্ৰক( Fork) দাল বেঁকা হৈ হেণ্ডেল আৰু চকাৰ সামঞ্জস্য নাইকিয়া হয়। সেইটো চাইকেলৰ এটা মেজৰ বেমাৰৰ ভিতৰতে পৰে। আগচকা এফালে মূৰ কৰি , আৰু হেণ্ডেল এফালে মূৰ কৰি চাইকেল ৰৈ যায়। আৰু সেইটো হ’লে , কান্ধত তুলি প্ৰফুল্ল মেকানিকৰ ওচৰলৈ নিয়াৰ বাহিৰে উপায় নাই। ইফালে লেটি পেটি কথাত প্ৰফুল্ল মেকানিকে কাণসাৰ নিদিয়ে। ব্যস্ত মানুহ, সকলো সময়তে চাৰি পাঁচখন চাইকেল ভাল কৰাবলৈ মানুহ ৰৈয়ে থাকে। সদায় এখন চাইকেল দুইচকা ওপৰলৈ কৰি ওলোটাই থোৱা থাকিবই। বহুত দেৰি বুন্দাপৰ দিয়াৰ পাছতহে এপাকত প্ৰফুল্ল মেকানিকে কেৰাহিকৈ চাই। টিউব এটা বাঁহৰ চুঙা এটাৰ ওপৰত পেলাই সেক্সু ব্লেড এখনেৰে ঘঁহি থাকে। কেঁচি এখনেৰে কিৰিক কিৰিককৈ চাৰিচুকীয়া পুৰণি টিউব অকণমান কাটি লয় , ৰঙা হালধীয়া ৰঙৰ বিষৰ মলমৰ দৰে সেই বস্তুটোৰ পৰা তৰল পদাৰ্থ অকণমান উলিয়াই সেই বিশেষ চাৰিকোণীয়া টিউবকণত লগাই চাইকেলৰ পাংচাৰ মাৰে। মিঠা ফুৰফুৰিয়া গোন্ধ এটা চাৰিওফালে বিয়পি পৰে। সেই তৰল পদাৰ্থ বিধৰ গোন্ধ সেইটো। কিবা চিলিচন নে চলিওচন নাম বোলে সেইটোৰ।তাৰ পাছত টিউৱটো পাম দি ফিট ফিটিয়া কৰি এলুমিনিয়ামৰ বাচনটোৰ পানীখিনিত ডুবাই ঘূৰাই ঘূৰাই আৰু ফুটা আছে নেকি বা অলপ আগতে মৰা পাংচাৰটো ঠিক আছেনে নাই ফাইনেল চেক আপ এটা কৰে। : অই কলীয়া , টিউৱটো টায়াৰত ভৰাই দে , বুলি কৈ প্ৰফুল্ল মেকানিকে বেলেগ কামত হাত দিয়ে। প্ৰফুল্ল মেকানিকে সৰু সুৰা বেমাৰত হাত নিদিয়ে। সেইবোৰ কাম কলীয়াই চাই। অৱশ্যে হেণ্ডেল আৰু ফ্ৰক মিলাই একে ডাইৰেক্সন দিয়া কামটো তেওঁ নিজেই কৰে। চাইকেলৰ আগ চকাটো ভৰি দুটাৰে কেৰেপা মাৰি ধৰি ওলোটা ফালৰ পৰা হেন্ডেলদাল পকাই বিশেষ কায়দাৰে প্ৰফুল্ল মেকানিকে এই কামটো কৰে। ভোগেশ্বৰৰ চাইকেলখনৰ আৰু এটা লেতেৰা বেমাৰ আছে। সেইটো হ’ল ‘কুঠাৰ পৰা বা কুঠাৰে নধৰা’ হোৱা। আচলতে চইকেলৰ বিভিন্ন অংশবোৰৰ কোনো অসমীয়া নাম নাই। চাইকেলৰ পাছৰ চকাৰ চেইন হুইলটোত ‘ফ্ৰি হুইল পাওলচ” বুলি সৰু বস্তু এটা থাকে। যিটো দেখিবলৈ বোলে আমাৰ খৰি ফলা কুঠাৰ খনৰ দৰে। সেই বস্তটো ক্ষয় গৈ চাইকেল চলাই গৈ থাকোতেই হৰ্ঠাৎ চেইন দাল ফ্ৰি হৈ যায়। মানে চেইন নপৰে অথচ পেডেল মাৰি থাকিলেও চাইকেল আগলৈ নাযায়। এইটো বেমাৰ লাগিলে ভোগেশ্বৰে চাইকেলখনৰ পাছ চকাটো ডাঙি ঠেকেচা এটা মাৰে। কেতিয়াবা ঠিক হৈ যায় , কেতিয়াবা ঠিক নহয়। আকৌ ঠেলি ঠেলি নি প্ৰফুল্ল মেকানিকৰ ওচৰ পোৱাবগৈ লগা হয়। পুৰণি চাইকেলৰ এইবোৰ বেমাৰ থাকেই। এই কথাবোৰৰ বাবে হৰেনে আজিকালি ভোগেশ্বৰে লগ ধৰিলেও যাবলৈ বৰ এটা ভাল নাপায়। অৱশ্যে আও পুৰণি হলেও যে ভোগেশ্বৰে চাইকেলখন চুবলৈ দিয়ে হৰেনৰ বাবে সেয়ে যথেষ্ট। চাইকেল থকা ল’ৰা এটাৰ লগত ঘনিষ্ঠতা থাকিলেও বাকী ল’ৰাবোৰে অলপ সম্ভ্ৰমেৰে চাই। তথাপি হৰেনে অনুভৱ কৰে , নিজৰ চাইকেল এখন লাগে। আনৰ লগত লেমটৌ হৈ ওলমি চাইকেল চলোৱাৰ একো আনন্দ নাই।
———— হৰেনৰ ইতিমধ্যে পাঁচশ মান নৰা কটা হৈছেগৈ। আৰু কেইশমান এইকেইদিনতে কাটি নৰা বিক্ৰী কৰা পইচাৰে স্কুলৰ দিবলৈ থকা ফিজটো দি ৰিজাল্টটো আনিবলৈ যোৱাটোকে ঠিক কৰিলে হৰেনে। সি মনতে ঠিক কৰিলে এইবাৰ যদি পৰীক্ষাটো পাচ কৰে তেতিয়া মেট্ৰিকটো ভালকৈ দিব আৰু যদি নকৰে, তাৰ পঢ়া স্কুলীয়া জীৱন আৰু হাৰিকিউলিচ চাইকেলৰ সপোন সিমানতে শেষ হ’ব। মোমায়েকে এনেকুৱা এটা প্ৰস্তাৱ কিয় বাৰু এই পৰীক্ষাৰ আগতেই নিদিলে। কথাটো আগতীয়াকৈ কোৱা হ’লে সি এই পৰীক্ষাটো ভালকৈ দিলে হেঁতেন। তেতিয়া অন্ততঃ সি আজিৰ এই পৰিস্থিতিৰ সন্মুখীন ন’হলহেঁতেন। ৰাতি বিচনাত পৰি হৰেনে যোৰহাট টাউনৰ ব্ৰীজমোহন টু হুইলাৰ দোকানৰ ধুনীয়াকৈ সজাই থোৱা চাইকেলবোৰৰ কথা ভাবে। যোৰহাটত চাইকেল বিক্ৰী কৰা দোকান আৰু দুখন আছে। এখন নিৰ্মল চাইকেল মাৰ্ট আৰু ইন্টাৰনেচনেল ইন্ড্ৰাষ্টী। মোমায়েকে চাগৈ তাৰে কোনোব এখনৰ পৰা তাক চাইকেলখন কিনি দিব। ৰেলি কোম্পানীৰ ৰবীনহুদ আৰু হাম্বাৰ চাইকেল দুখনো বেয়া চাইকেল নহয়। কিন্তু মোমায়েকৰ মতে হাৰকিউলিচৰ ওপৰত চাইকেল নাই। গতিকে ৰেলি চেলিৰ কথা ভাবি লাভ নাই। মুঠতে ৰেলি, হাৰকিউলিচ, ফিলিপ্স , বিএচ এ , হাম্বাৰ, ৰবীনহুদ ,ৰভাৰ ,নাম যিয়েই নহওঁক হৰেনক চাইকেল এখন লাগে।
———— নৰা বিক্ৰী কৰা পইচাৰে হৰেনে স্কুলৰ দিব লগীয়া ফীজ কেইটা দি ক্লাছ নাইনৰ ৰিজাল্ট ল’লে। ভবাতকৈ দেখোন তাৰ ৰিজাল্ট বহুত ভাল হ’ল। শৰ্মা চাৰে তাক অকণমান আৰু ভালকৈ পঢ়িলে ডিভিজন এটা পোৱাৰো আশা আছে বুলি পিঠিত চপৰিয়াই কিতাপ পত্ৰ দুখনমানো কিনি দিম বুলি ক’লে। হৰেনৰ মনটো ডাঠ হ’ল। সি সিদ্ধান্ত ল’লে , ডিভিজন চিভিজনৰ কথা নাই মুঠৰ ওপৰত মেট্ৰিকটো পাছ কৰিব লাগে আৰু মোমায়েকৰ পৰা চাইকেলখন ল’ব লাগে।
অৱশেষত মেট্ৰিকৰ ৰিজাল্ট দিলে। হৰেনে চেকেণ্ড ডিভিজন পাইছে। তাৰ মনত অপাৰ আনন্দ। সেই অঞ্চলত তেতিয়া চেকেণ্ড ডিভিজন পোৱা মানুহ তেনেই তাকৰ। হৰেনৰ কৃতকাৰ্যতাত স্কুলৰ শিক্ষক সকল গৰ্বীত হ’ল। হৰেনৰ কিন্তু সেইবোৰ কথা ভাবিবলৈ আহৰি নাই। এতিয়া মোমায়েকৰ পৰা হাৰকিউলিচ চাইকেলখন লৈ চলাব লাগে বচ।
দুদিনমানৰ পাছত হৰেনৰ মোমায়েক আহিল। হৰেনৰ মনত আনন্দৰ সীমা নাই। আজি সি চাইকেলখন পাব। পাছে ভবামতে কথাটো ন’হল। মোমায়েকে তাক বুজালে , চাইকেলখন কিনাতকৈ এতিয়া তাক কলেজত নাম লগাই দিবলৈহে মোমায়েকে পইচা লৈ আহিছে। প্ৰথমে কলেজত নামটো লগাই পাছে পৰেহে চাইকেল কিনিব। পইচা কেইটাৰে এতিয়া চাইকেলখন কিনিলে হৰেনৰ কলেজ পঢ়া নহবগৈ। মোমায়েকে হৰেনক বহুত বুজাই ক’লে
: ভালকৈ পঢ়ি শুনি হাকিম কেৰাণী হ’ব পাৰিলে চাইকেল কিয় , তই এদিন টেক্সী গাড়ীও কিনিব পাৰিবি।
মোমায়েকৰ কথা হৰেনে পেলাব নোৱাৰে। কাৰণ দেউতাক নোহোৱাৰে পৰা সকলো সময়তে টানে আপদে সিহঁতক মোমায়েকেই চাই আহিছে। হৰেনক মোমায়েকে জে বি কলেজত নাম লগাই দিলে। ঘৰৰ পৰা পাঁচমাইল বাট খোজকাঢ়ি সি কলেজলৈ আহিবলৈ ল’লে। মন্ডলৰ পুতেকক তাৰ ডাই নাম্বাৰ লগা হাৰকিউলিছ চাইকেলখন দেখুৱাই দৰ্প চূৰ্ণ কৰা আৰু কোনো দিনেই ন’হল।
—– সময়বোৰ গৈ থাকিল। নৰেনৰ জীৱনত কোনো দিন আৰু সেই সপোনৰ হাৰকিউলিচ চাইকেলখন কিনা ন’হল। অথচ আজিও সি অনুভৱ কৰে , এদিন চাগৈ সি যদি মোমায়েকে দেখুওৱা সেই হাৰকিউলিছ চাইকেলৰ সপোনটো আগত ৰাখি পৰীক্ষা ভালকৈ নিদিলে হেঁতেন , সি কোনোদিনে চহৰৰ এইখন প্ৰতিষ্ঠিত মহাবিদ্যালয়ৰ ইংৰাজী অধ্যাপক হৰেন্দ্ৰ নাথ হাজৰিকা বুলি নিজকে চিনাকি দিব নোৱাৰিলেহেঁতেন। ০০০০০০০
( চাইকেলৰ বিষয়ে কিছুমান কথা লিখিবলৈ চেষ্টা কৰিছো। অতি প্ৰয়োজনত দুই এটা ইংৰাজী শব্দ ব্যৱহাৰ কৰিব লগা হৈছে , যিহেতু চাইকেলৰ অংশবোৰৰ কোনো অসমীয়া নাম বা শব্দ নাই। কেইজনমান ব্যক্তিৰ সহযোগিতাৰ বাবেহে এই কথাখিনি লিখিবলৈ সাহস পালো। তেওঁলোকৰ কথা প্ৰয়োজনত লিখিম )