হাৰপিজ ভাইৰাচে কৰা ৰোগ (ডা০ ভূপেন শইকীয়া)
হাৰপিজ ভাইৰাচে কৰা ৰোগ
আজিৰ স্বাস্থ্য কথাত হাৰপিজ ভাইৰাচৰ বিষয়ে আপোনালোকক অৱগত কৰিব খুজিছোঁ৷ গ্ৰীক শব্দ হাৰপিজৰ অৰ্থ হ’ল গুপ্ত৷ এই নামৰ সাৰ্থকতা আপোনালোকে আৰু অলপ পঢ়িলেই বুজিবলৈ সমৰ্থ হব৷ মই দুবিধসঘনাই চকুত পৰা ৰোগ
(১) হাৰপিজ চিম্প্লেস্ক আৰু (২) হাৰপিজ জষ্টাৰ ৰোগৰ সৈতে আপোনালোকক পৰিচয় কৰাই দিব খুজিছোঁ৷ নামৰ মিল দেখা গলেও দুয়োবিধে সৃষ্টি কৰা ৰোগৰ লক্ষণসমূহ সম্পূৰ্ণ ভিন্ন ভিন্ন ৷
এই দুয়ো বিধ ৰোগৰ সম্পূৰ্ণ নিৰাময় (Cure) সম্ভৱপৰ নহয়৷ ৰোগীৰ প্ৰাণহানি নহয় কিন্তু ৰোগীয়ে কামৰ ক্ষতি, শাৰীৰিক আৰু মানসিক যন্ত্ৰণাত ভূগিব পাৰে৷ আকৌ বহুক্ষেত্ৰত নিজে শৰীৰত ৰোগৰ অৱস্থান সম্পৰ্কে জ্ঞাত নোহোৱাকৈ থাকি অইনলৈ ৰোগ বিয়পায়৷ এনে ৰোগৰ বাহক বা কেৰিয়াৰক কেবল চিকিৎসকেহে চিনাক্ত কৰিব পাৰে৷
হাৰপিজ চিম্প্লেস্ক হ’ল এবিধ ডি এন এ ভাইৰাচ৷ ইলেকট্ৰণ মাইক্ৰস্কপত যথেষ্ট মিল থকা এইবিধ ভাইৰাচৰ দুটা প্ৰজাতি আছে৷ দুয়োটা প্ৰজাতিয়ে মানব শৰীৰত বেলেগ বেলেগ ৰোগৰ লক্ষণ দেখোৱায়৷ এবাৰশৰীৰত প্ৰবেশ কৰিলে এই দুই ভাইৰাচ ভাতৃয়ে মানব
দেহাৰ স্নায়ুকোষত গোটেই জীবনলৈ থাকি যায়৷ হাৰপিজ চিম্প্লেস্ক -১ হ’ল অ’ৰেল বা মুখমণ্ডলৰ হাৰপিজৰ জন্মদাতা৷ হাৰপিজ চিম্প্লেস্ক – ২ হ’ল জেনাইতেল বা যৌনাংগৰ হাৰপিজৰ জন্মদাতা৷ হাৰপিজ চিম্প্লেস্ক – ১ ভাইৰাচে লুকাবলৈ
আশ্ৰয় লয় ট্ৰাইজেমিনেল নাৰ্ভৰ গেংলিয়নত৷ আনহাতে হাৰপিজ চিম্প্লেস্ক -২ ভাইৰাচে লুকাবলৈ আশ্ৰয় লয় চেক্ৰেল গেংলিয়নত৷ এই দুই বিধ ভাইৰাচো বিপদজনক হব পাৰে যদি চকু বা মগজুক আক্ৰান্ত কৰে৷
এজন সুস্থ মানুহৰ শৰীৰলৈ হাৰপিজ চিম্প্লেস্ক -১ আহিব পাৰে ৰোগী বা ৰোগৰ বাহকৰ সৈতে চুম্বন, আলিংগন নাইবা যৌন ক্ৰিয়াৰ দ্বাৰা৷ হাৰপিজ চিম্প্লেস্ক -২ একেদৰে সুস্থ মানুহৰ শৰীৰলৈ আহিব পাৰে ৰোগী বা ৰোগৰ
বাহকৰ সৈতে কৰা যৌন ক্ৰিয়াৰ দ্বাৰা৷ সেয়ে হাৰপিজ চিম্প্লেস্কক চিকিৎসকসকলে যৌন ব্যাধি (Sexually Transmitted Disease) বুলি গণ্য কৰে৷ এই দুয়োবিধ হাৰপিজত আক্ৰান্ত হোৱাৰ বিষয়ে দুই তৃতীয়াংশ লোক অৱগত নোহোৱাকৈ থাকে৷ বহুতৰ শৰীৰত ৰোগৰ সাধাৰণ লক্ষণ কম সময়ৰ বাবে দেখা দি নাইকীয়া হৈ পৰে৷ কিন্তু সুপ্ত ৰোগ পুনৰ জাগ্ৰত বা সক্ৰিয় হৈ পৰে যেতিয়া যি কোনো কাৰণতে ব্যক্তিজনৰ ৰোগ প্ৰতিৰোধ ক্ষমতা
অ’ৰেল হাৰপিজত শৰীৰত ভাইৰাচে প্ৰবেশ কৰাৰ পৰা লক্ষণ দেখা দিয়ালৈকে ২ৰ পৰা ১২দিন সময় লয় (Incubation Period)৷জ্বৰ, মাংসপেশীৰ বিষ, ভাগৰুৱা অনুভবৰ ওপৰিও মুখৰ ভিতৰত, ওঁঠত,তালুত, জিভাত, গালৰ ভিতৰফালে বিষোৱা ঘা বা পানীজ্বলা উঠে৷ গোটা বা জুলীয়া খোৱাত কষ্ট হয়৷ ডিঙিত গাঙঠি উঠে৷ কেতিয়াবা দাঁতৰ আলুৰ পৰা ৰক্তক্ষৰণ হয়৷ ৰোগৰ এই অৱস্থাসমূহ শৰীৰত২৷৩ সপ্তাহলৈ চলিব পাৰে৷ অ’ৰেল হাৰপিজৰ উপনাম কিছুমান হ’ল এনে
– ক’ল্ড চ’ৰ, হাৰপিজ লেবিয়েলিচ, হাৰপিজ জিনজিগ’ষ্টমেটাইটিচ৷ জেনাইতেল বা যৌনাংগৰ হাৰপিজৰ লক্ষণসমূহ শৰীৰত ভাইৰাচ প্ৰবেশ কৰাৰ ২৷৭ দিনৰ ভিতৰত ফুটি
উঠে আৰু সেইবিলাক ২৷৪ সপ্তাহলৈ চলি থাকিব পাৰে৷যৌনাংগত আৰু শৌচদ্বাৰৰ ওচৰত খজুৱতি হয় আৰু সৰু ডাঙৰ বিষোৱা পানীজ্বলা ওলায়৷ প্ৰস্ৰাব কৰাত জলা-পূৰা আৰু কষ্ট অনুভব হয়৷ পুৰুষৰ তুলনাত মহিলাৰ প্ৰস্ৰাবৰ
কষ্ট বেচিকৈ হয়৷ কৰঙণৰ গাঙঠি ফুলি উঠে৷ জ্বৰ, মূৰৰ বিষ গা আৰু কঁকালৰ বিষ হয়৷
হাৰপিজ চিম্প্লেস্কৰ চিকিৎসা : দুয়োবিধ হাৰপিজতেই বিষ, জ্বৰ কমোৱাৰ ঔষধ আৱশ্যক অনুসৰি দিয়া হয়৷ শৰীৰৰ আৰ্দ্ৰতা ঠিকে ৰাখিবলৈ ৰোগীক বেচি জুলীয়া দ্ৰব্য খাবলৈ পৰামৰ্শ দিয়া হয়৷ মুখৰঘাত ল’কেল এনাচথেটিকযুক্ত মলম লগাব দিব পাৰি৷ আনহাতে যৌনাংগৰ ঘাত এন্টিভাইৰেল মলম লগাব দিয়া হয়৷ এচাইক্লভিৰ বা আন এন্টিভাইৰেল ঔষধৰ প্ৰয়োগে ৰোগৰ কষ্টসমূহ লাঘৱ কৰাৰ ওপৰিও যন্ত্ৰণাৰ সময়খিনি চমুৱাই দিয়ে৷ আজিকালি জিংক, লাইচিনযুক্ত ভিটামিন আৰু এলোভেৰা হাৰপিজত বহুতো চিকিৎসকে সহায়ক দৰব হিচাবে ব্যৱহাৰ কৰিব ধৰিছে৷ এটা কথা এইখিনিতে উল্লেখ কৰিব লাগিব যৌনাংগৰ হাৰপিজত ভোগা লোকসকলৰ এইচ আই ভিৰ দ্বাৰা আক্ৰান্ত হোৱাৰ সম্ভাৱনা আনৰ তুলনাত ৩ গুণ বৃদ্ধি পায়৷ আকৌ সতৰ্ক নহলে গৰ্ভৱতী মাতৃৰপৰা সন্তানলৈও ৰোগ বিয়পিব পাৰে যাৰ ফলত গৰ্ভপাতৰ ওপৰিও সময়তকৈ আগতে সন্তান ভূমিষ্ঠ হবপাৰে৷ কনডমৰ ব্যৱহাৰে জেনাইতেল হাৰপিজৰ বিয়পাত বাধা দিয়ে৷ দুয়োবিধ হাৰপিজ চিম্প্লেস্ক ৰোগেৰেই কম বেচি পৰিমানে এজন মানুহৰ জীবনত পুনৰাবৃত্তি হোৱা দেখা যায়৷
এতিয়া কিছু আমোদজনক কথাৰ ভাগ দিওঁ ৷ এই হাৰপিজৰ বিষয়ে মানুহে অতি প্ৰাচীনকালৰ পৰাই অৱগত আছিল৷ টিবেৰিয়াচ নামৰ গ্ৰীক সম্ৰাটে (খৃ০পূ০ ৪২) ৰোগ বিয়পোৱাত বাধা দিবলৈ চুমা খোৱানিসিদ্ধ ঘোষণা কৰিছিল৷ শ্বেস্কপিয়েৰৰ (১৬শতিকাৰ ৰচনা) “ৰুমিঅ’-জুলিয়েট”ত জুলিয়েটৰ ওঁঠত হোৱা পানী জ্বলাৰ কথা উল্লেখ আছে৷ ব্ৰিটিছ চিকিৎসক ৰিচাৰ্ড বাৰ্টনে ( ১৬৯৭ – ১৭২৪) তেওঁৰ লিখনিত পোন প্ৰথমবাৰৰবাবে হাৰপিজ চিম্প্লেস্কৰ নাম উল্লেখ কৰে৷ আকৌ ১৯৬০চনৰ পৰাহে এন্টিভাইৰেল ঔষধৰ ব্যৱহাৰ হৰপিজত কৰিবৰ আৰম্ভণি হৈছে৷
এতিয়া আলোচনা কৰিম হাৰপিজ জষ্টাৰৰ বিষয়ে৷ যি ভাইৰাচে চিকেন পস্ক কৰে সেই ভাইৰাচেই শৰীৰত সুপ্ত হৈ থাকি এটা সময়ত হাৰপিজ জষ্টাৰৰ উৎপত্তি কৰে৷ হাৰপিজ জষ্টাৰৰ আন নাম হ’ল শ্বিংগলচ (Shingles) আৰু জ’না(Zona)৷ গ্ৰীক ভাষাত জষ্টাৰৰ অৰ্থ হ’ল পেটি বা অলংকাৰ৷ বোধহয় শৰীৰত ৰোগৰ আকৃতি প্ৰকৃতিলৈ চাই এই নামাকৰণ কৰা হ’ল৷
এবাৰ চিকেন পস্ক হলে তাৰ ভাইৰাচ (Varicella Zoster Virus (VZV) শৰীৰৰস্নায়ুতন্ত্ৰত সুপ্ত অৱস্থাত ৰৈ যায়৷ বহু বছৰৰ পিছত সি সক্ৰিয় হলে হাৰপিজ জষ্টাৰ ৰোগৰ সৃষ্টি হয়৷বিভিন্ন কাৰণত শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা (Immunity) কমিলে সুপ্ত ভাইৰাচ সক্ৰিয় হয় বুলি অনুমান কৰা হৈছে৷ হাৰপিজ জষ্টাৰ সাধাৰণতে ৫০ৰ ওপৰৰ বয়সৰ লোকৰ বেচিকৈ হোৱা দেখা যায় যদিও যি কোনো বয়সৰ লোকৰ এই ৰোগ হব পাৰে৷এক সমীক্ষামতে সমগ্ৰ বিশ্বত প্ৰতি হাজাৰজনৰ ভিতৰত ৩ৰ পৰা৪ জন লোকৰ হাৰপিজজষ্টাৰ হয়৷ ৰোগৰ লক্ষণসমূহ হ’ল শৰীৰৰ এফালে এক নিৰ্দিষ্ট অঞ্চলত প্ৰায়েই শাৰি পাতি পীড়াদায়ক পানীজ্বলাৰ উৎপত্তি৷ হাৰপিজ জষ্টাৰ হোৱা শৰীৰৰ অঞ্চলটোৰ চেতনা কেতিয়াবা কমিব পাৰে, আকৌ কেতিয়াবাজিনজিননি আদিও হব পাৰে৷লগত খজুৱতি, জ্বৰ, গা-মূৰৰ বিষ থাকে৷ পানীজ্বলাবিলাক পিছলৈ তেজ ভৰ্তি হোৱাৰ বাবে ৰঙচুৱা হয় আৰু ৭৷১০ দিনত নিকৰি বান্ধি শুকাব ধৰে৷ কেতিয়াবা ক’লা দাগ এৰি থৈ যায়৷ হৰপিজজষ্টাৰ মস্তিষ্কৰ পৰা ওলোৱা স্নায়ুত (Cranial Nerve) জড়িত হলে বিপদজনক হব পাৰে৷ অন্ধতাৰ কাৰক হব পাৰে৷
কাণৰ ভিতৰেদি অহা ফেচিয়েল নাৰ্ভ আক্ৰান্ত হলে ফেচিয়েল পালচি, শ্ৰৱণ শক্তি হ্ৰাস আদি হয় ( Ramsay Hunt Syndrome )৷ ট্ৰাইজেমিনেল নাৰ্ভ আক্ৰান্ত হলেও বেচ কষ্টপ্ৰদ জটিল পৰিস্থিতিৰ সৃষ্টি হয়৷
কেতিয়াবা কোনো কোনো ব্যক্তিৰ (৫ জনৰ ভিতৰত এজনৰ) হাৰপিজ জষ্টাৰৰ বিষ কেইবামাহলৈও থাকি যায় ( Post Herpetic Neuralgia)৷ কিছুমানৰ হাৰপিজ জষ্টাৰৰ ওপৰত অতিৰিক্তভাবে বেক্টেৰিয়াৰ সংক্ৰমণহব পাৰে৷ লেবৰেটৰীত তেজ পৰীক্ষাত হাৰপিজ জষ্টাৰৰ ৰোগীৰ শ্বেতকণিকাৰ বৃ্দ্ধি দেখা যায়৷ তেজত চিকেনপস্কৰ ভাইৰাচৰ বিৰুদ্ধে এন্টিবডি ধৰা পৰে৷ পানীজ্বলাৰ দ্ৰব্যৰ (BlisterFluid) পি চি আৰনামৰ পৰীক্ষা আৰু য’ত সুবিধা থাকে তাত ভাইৰাচ চিনাক্ত কৰিব পাৰি৷ চিকিৎসা বিষহৰণকাৰী দৰব, এন্টিভাইৰেল দৰব, এন্টিএলাৰ্জিৰ দৰব আৰু প্ৰয়োজন সাপেক্ষে ষ্টেৰইডৰ সহায়ত কৰা হয়৷ যষ্টিস্ক (Zostrix) নামৰ ক্ৰিমত জালুকৰ গুড়ি সন্নিবিষ্ট কৰি প’ষ্টহাৰপেটিক নিউৰেলজিয়াত ব্যৱহাৰ কৰি সুফল পোৱা গৈছে৷
এটি লাগতিয়াল কথা – সাধাৰণতে হাৰপিজ জষ্টাৰ এজনৰ পৰা আনজনলৈ সহজতে সংক্ৰমণ নহয়৷
কিন্তু কোনো কাৰণতে ৰোগীৰ পানীজ্বলাৰ ৰস, লেলাৱতি আদিৰ স্পৰ্শ অইন সুস্থ মানুহ বিশেষকৈ গৰ্ভৱতী মহিলাই কৰাটো নিৰাপদ নহয়৷ আন যিজনে স্পৰ্শ কৰে তেওঁৰ যদি পূৰ্বতে চিকেন পস্ক হোৱা নাই নাইবা তেওঁ চিকেন পস্কৰ ছিটাও লোৱা নাই – তেওঁ চিকেন পস্কত ভূগিব পাৰে (হাৰপিজ জষ্টাৰত নহয়)৷ হাৰপিজ জষ্টাৰৰ ছিটা : জষ্টাভেস্ক বা শ্বিংগলচ ভেকচিন আমেৰিকা আৰু আন কিছুমান উন্নত দেশত উপলব্দ্ধ৷
এই ছিটাই হাৰপিজ জষ্টাৰ হোৱা সম্ভাৱনা হ্ৰাস কৰে৷ অসুখৰ পুনৰাবৃত্তি নহয়৷ কেনেবাকৈ ভেকচিন লোৱাজনৰ অসুখ হলেও ৰোগ গুৰুতৰ নহয়, লক্ষণসমূহৰ সোণকালে উপশম ঘটে৷
ভেকচিন ললে পষ্ট হাৰপেটিক নিউৰেলজিয়া কমকৈ হোৱা দেখা যায়৷ সেয়ে ৫০ বছৰৰ ওপৰৰ সকলোৱে এই ছিটা লোৱা উচিত৷
আনহাতে চিকন পস্কৰ ছিটা ৪ৰ পৰা ৮সপ্তাহৰ ব্যৱধানত মুঠ দুটা লব লাগে৷
এই ছিটাই চিকন পস্কৰ পৰা সুৰক্ষা দিয়াৰওপৰিও কেনেবাকৈ ৰোগাক্ৰান্ত হলে ৰোগৰ প্ৰাদূৰ্ভাৱ সামান্য কৰি ৰাখে৷
এতিয়ালৈ ইমানেই৷ পাঠকৰ সমাদৰ পালে ভবিষ্যতে আৰু নতুন তথ্য যোগ দিম৷