হীৰুদা… : সমুদ্ৰ কাজল শইকীয়া

(জীয়াতু ভুগিবলৈ শিকিলোঁ তোমাৰে পৰা
তোমাকেই দোষ দিম – কঈফি আজমী)
এই যে মাজনিশা হাতত সাৰে ভৰিত সাৰে ক’ৰবালৈ
গুছি যাওঁ গুছি যাওঁ লাগে,
এই অপৰাধপ্রৱণতাৰ দায়ভাগ কাৰ?
এই যে বাৰে বাৰে পুলিয়ে পোখাই উঘালি পেলোৱাৰ পিছতো
বুকুত গজি উঠে প্রগলভ প্রেমৰ কাঁইটীয়া গোলাপ
কোনে বা ল’ব দায়ভাগ তাৰ?
ছিগা চিলাইৰ এটা মাত্র কামিজেৰে
দুখীয়া কৰি থ’লা সমস্ত কবিকূল
তোমাৰতো একোৱেই নাছিল,
আছিল মাথোঁ এখন চকুলোৰে সেমেকা হাত
সেইখন হাততে ধৰি আগুৱালোঁ বহু বাট,
এতিয়া তুমি এই দায়ভাগ লোৱা
তুমৰলি তেজৰ দায়ভাগ
দেশে-প্রেমে একাকাৰ কৰাৰ দায়ভাগ
তগবগাই উঠা এহেজাৰ এটা ৰণুৱা ঘোঁৰাৰ দায়ভাগ।
সমস্ত দায়ভাগ মূৰ পাতি লৈ তুমি ৰত্নাকৰ
বাল্মিকী হ’লা- জ্ঞান পাই কোন নাৰদৰ,
গাঁৱৰ আলিবাটত, লিহিৰি পাতৰ বিৰিণা বনত
পথাৰৰ দাঁতিত ধ্যানমগ্ন হ’লা
এয়া যে আৰু এক অপৰাধ। এই অপৰাধৰ দায়ভাগ কাৰ?
কাৰ, হীৰুদা কাৰ?
 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!