হৃদয় (অগস্ত্য বৰুৱা)

বহুদিন হ’ল
তামোল এখন খোৱা নাই
সেলেঙি বোৱাই
 
খুৱাবলৈও পোৱা নাই
কোনো সুহৃদ
 
চকুৱেদি হৃদয়লৈ
যোৱা বাটবোৰ
দেখোন আন্ধাৰ আন্ধাৰ
 
কেতিয়াবা জুমি জুমি চাওঁ
 
পাওঁ নেকি
শৈশৱতে এৰি অহা
আইতাৰ সৰল হৃদয়
 
য’ত তামোল এখন পৰিলেই
উজলি উঠে ৰং
 
হাতৰ মুঠিত লৈ ফুৰা তামোলখন
শুকাওঁ শুকাওঁ এতিয়া ।।
 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!