হৃদয় নগৰী (মূল: নন্দিতা ভট্টাচাৰ্য) (অনুবাদ: মনোহৰ দত্ত)
হৃদয় নগৰী
– মূল: নন্দিতা ভট্টাচাৰ্য
– অনুবাদ: মনোহৰ দত্ত
ধূসৰিত পানবজাৰ অভাৰ ব্ৰীজ, ভৰলুমুখ, দিপৰ বিল
কাৰ্বি গাঁও, গোৱালপৰীয়া সূৰ্যাস্তৰ ব্ৰহ্মপুত্ৰ, মোৰ
হৃদয় নগৰী, বিবৰ্ণ ছবিৰ দৰে তাৰ চিনাকি চিত্ৰণ,
কৰ্পোৰেট অশ্লীলতাই হেঁচি ধৰিছে অমলকান্তি বাসগৃহবোৰ;
পদূলিত থিয় দিলেই চকুৱে চুইছিল শৰণীয়াৰ সাৱলীল শৰীৰ
আঁচলেৰে চকু ঢাকিছে কাহিলীপাৰা, জাপৰীগোগ, নীলাচলে
দৃষ্টিয়ে বাধা পাই ওখ ওখ অট্টালিকাত আৰু বজাৰৰ কৃত্ৰিম
বিজুলী চমকনিত ফ্লাইঅভাৰৰ কাৰ্নিছত মুখ থেকেচা খায় নগৰীৰ
বন্ধ্যা জীৱন; হেৰাই যায় স্মৃতিৰ কেনভাচত একেই ধৰণৰ তূলিকাৰ
বৰ্ণিল স্নিগ্ধতা, সকলো নগৰেই এতিয়া একেই প্ৰকৃতিৰ, বৈচিত্ৰহীন
নিৰ্বিকাৰ নিস্তব্ধ সকল, তথাপি ভালপাওঁ মোৰ হৃদয় নগৰীক, তোৰ
‘লাইকেন’হীন শৰীৰৰ পৰা কাঢ়ি, আমি কুটি খাওঁ অক্সিজেন-মন ।
______________________________________________________
মূল বাংলা কবিতা “প্রানের শহর”