হেঁপাহ ( দিগন্ত কুমাৰ ভট্টাচাৰ্য )
সীতানাথ ব্ৰহ্মচৌধুৰী ছাত্ৰাৱাসৰ প্ৰথম ব্লকৰ ১নং কোঠা। আন দুজনমান নৱাগত আৱাসীৰ সৈতে মই। প্ৰথম দিন হোষ্টেলত।
‘তোৰ ৰুমমেট হোষ্টেলৰ ব্লক মনিটৰ। ‘মনিটৰ’ৰ অসমীয়া কি?’ -এজন ছিনিয়ৰে সুধিলে মোক।
‘নাজানোঁ’
‘এই কোঠাটোত ড° মহেশ্বৰ নেওগৰ দৰে সাহিত্যৰ পুৰোধা ব্যক্তি থাকি গৈছিল, জান? ছি: ছি: শেষ কৰি দিলি তই…’। মই মূৰ তল কৰিলোঁ। তললৈ মূৰ কৰোতেই মোৰ কাষৰ ৰুমৰ আনজন নৱাগত অৰ্ণৱৰ জোতাযোৰ চকুত পৰিল। বগা জোতাৰ ওপৰত নীলা আঁক-বাঁক। জোতা এযোৰো ইমান চালে চকুৰোৱা হ’ব পাৰে বুলি কেতিয়াও ভবাই নাছিলোঁ। মোৰ চামৰাৰ ক’লা জোতাযোৰ ধূলি-মাকতি সানি এক অদ্ভূত বৰণ লৈছে। দেউতাই গাঁৱৰ চাৰিআলিৰ দোকানত কিনি দিছে অহাৰ দুদিন আগতে। অৰ্ণৱৰ দৰে ধুনীয়া জোতা মই দেখা নাই কাহানিও- ‘আস: এবাৰ পিন্ধি চাব পৰা হ’লে!’
দুদিন পিছত ৰাতিপুৱা এটিত অৰ্ণৱৰ ৰুমলৈ গ’লোঁ। বিচনাৰ তলতে আছিল তাৰ জোতাযোৰ।
‘এইযোৰ কোনখন দোকানত কিনিছিলি?’
‘ফেন্সী বজাৰ, দাদাই কিনি দিছিল যোৱা বছৰ’।
মই চুই চালোঁ জোতাযোৰ। সি অন্য কামত মনোযোগ দিয়াত সুযোগ বুজি সোঁভৰিখন জোতাপাটত সুমুৱাইও চালোঁ। কি যে এক সুখকৰ কোমল পৰশ। ক’লা চামৰাৰ জোতাযোৰে গোৰোহাৰ ওপৰতে কটা অংশইও অকণো বিষ অনুভৱ নকৰিলে।
‘দাম কিমান?’
‘নাজানোঁ ভালকৈ, বাৰশ আছিল বোধকৰো’
বাৰশ! ইমান দাম!
সন্ধিয়া আমি ওচৰৰে মায়া কেবিনত তেলেতীয়া পৰঠা নহ’লে কণীৰ চ’প আৰু চাহ খাইছিলোঁ। দুপৰীয়া প্ৰায়েই ৰেৱতী’ত পাঁচটকীয়া পৰঠা অথবা দহটকীয়া চাওমিন। ঘৰৰপৰা প্ৰতিমাহে অহা হাতখৰচৰ পৰা কিমানটকাকৈ ৰাহি কৰি গ’লে তেনেকুৱা জোতা এযোৰ কিনিব পাৰিম হিচাপ এটা কৰি ল’লোঁ। সন্ধিয়া সৰু ব্ৰেড এটি কিনি আনিলেও দুদিন যাব, দুপৰীয়া বন্ধুৰ দোকানত দুটকীয়া ক্ৰীম ৰ’ল খালেও ভোক পলাব – ভাবিলোঁ মই।
প্ৰায় চাৰি মাহৰ পাছত এদিন সন্ধিয়া ফাঁচীবজাৰৰ পৰা কিনি আনিলোঁ হেঁপাহৰ জোতাযোৰ। অৰ্ণৱৰ ৰুমলৈ গ’লোঁ। তাৰ বিচনাৰ তলত সেই জোতাযোৰৰ ঠাইত আন দুযোৰ জোতাহে দেখিলোঁ মই।
‘অৰ্ণৱ, তোৰ সেই জোতাযোৰ?’
‘সেইযোৰ আমাৰ ঘনাইক দি দিলোঁ কালি। সিদিনা দিল্লীত থকা বাইদেউহঁতে নতুন দুযোৰ জোতা পঠিয়াইছে যে…’।
ঘনাই আমাৰ হোষ্টেলৰ চাফাই কৰ্মী। সি আৰু মোৰ জোতা দুযোৰ একেই হ’ব এতিয়া! দুখ পালোঁ মনতে। পিছমূহুৰ্ততে মনৰ ভাল অংশই সান্ত্বনা দিলে-‘একো নহয়, সিও মানুহ-তয়ো মানুহ। এইবোৰ ইমান ভাবিব নালাগে’।
পিছদিনা পুৱা নতুন জোতাযোৰ পিন্ধি ক্লাছলৈ ওলাই ৰুমমেট দুজনক দেখুৱালোঁ।
‘বঢ়িয়া জোতা..পিছে ফ’ৰ্মেল বহল পেন্টৰ লগত এই বগা ‘স্প’ৰ্টছ শ্বু’ নিপিন্ধেও বাবা। জীনছৰ লগত পিন্ধিবি।’ মোৰ যে নাই জীনছ পেন্ট! সিহঁতে ঠিকেই কৈছে। অৰ্ণৱেও সদায় জীনছ’ৰ লগতহে এনে জোতা পিন্ধা দেখোঁ।
‘জীনছ পেন্টৰ দাম কিমান হয়?’ -সুধিলোঁ মই।
‘এই জোতাযোৰৰ লগত ভাল পেন্ট পিন্ধিব লাগিব..এই ধৰ মিনিমাম পাঁচশ’
মোৰ মগজুত নতুন হিচাপ এটিয়ে দৌৰা-দৌৰি আৰম্ভ কৰিলে.. পৰঠা, দহটকীয়া চাওমিন, দুটকীয়া ব্ৰেড! নে অৰ্ণৱক এইকেইদিনত তাক বায়েকহঁতে জীনছ পেন্ট দিয়াৰ কিবা আশা আছে নেকি সুধি আহোঁ- ভাবিলোঁ মই!
সেই সন্ধিয়া ছুপাৰ ছাৰ’ৰ ঘৰলৈ আমাৰ গাঁৱৰ ৰাতুলে মোক বিচাৰি ফোন কৰিলে।
‘ভাই, জৰুৰী কথা এটা। তই পূজাৰ বন্ধত ঘৰলৈ আহিবি নহয়? এদিন আগতেই আহ না। মালিনীৰ বায়েকৰ বিয়া! মই মানে অলপ ভালকৈ যাব লাগিব।…তোৰ যে সেই নতুন ক’লা চামৰাৰ জোতাযোৰ আছে, বিয়াৰ ৰাতি পিন্ধিবলৈ দিবি হা মোক…’
ৰাতি মই ক’লা জোতাযোৰ ঘঁহি-পিহি চিকচিকিয়া কৰিবলৈ চেষ্টা কৰিলোঁ। মালিনীৰ বায়েকৰ বিয়াত সেইযোৰ পিন্ধিবলৈ ৰাতুলৰ কিমান যে হেঁপাহ!