হেঁপাহ (সঞ্জীৱ দত্ত)

-ঐ ৰতন খৰি এডাল দে হি আহ।
মৰা শটোৰ কাষতে জুপুকা মাৰি বহি আছে ৰতন। সি আজি
অলৰ-অচৰ নিমাত।
-ৰ’ ৰ’ জধেমধে খৰিবোৰ নেজাপিবি। শকত শকত খৰি
কেইডাল তলত দে।
-এতিয়া হৈছে নে বৰতা ?
-অঁ অঁ এনেকৈ জাপি যা। পাঁচ জাপ হ’লে ৰৈ দিবি।
ছিৰিছ গছৰ চাৰিটা মজলিয়া আকাৰৰ খুটা পুতি তাৰ
মাজতে খৰিবোৰ এজাপ এজাপ কৈ জাপি গৈছে। খুটা
কেইটা সাউলি নপৰিবলৈ কাষে কাষে ঠেকা
একোটাকৈ দিয়া হৈছে। মাজে মাজে শুকান বাঁহ খৰিও
ভৰাই দিয়া হৈছে। পাঁচ জাপ হোৱাৰ পাছত শটো
আওঁহাতেৰে চিতাৰ কেউফালে সাত পাক ঘুৰাই চিতাত
তোলা হ’ল। তাৰ পাছত পুনৰ শটোৰ ওপৰত খৰিবোৰ
জাপিবলৈ ধৰিলে। তেনেকুৱাতে কোনোবা এজনে মাত
লগালে-
-ৰ’ ৰ’ কাপোৰ বোৰ খুলা নহ’ল নহয়।
বুঢ়া ভকত এজনে ক’লে-
-হ’ব আৰু খুলিব নেলাগে কটাৰী এখনেৰে কাপোৰ বোৰ
কাটি দে।
অৱশিষ্ট কামবোৰ সম্পূৰ্ণ হোৱাৰ পাছত মৃতকৰ ভায়েকে
খেৰৰ জুমুঠিটো চিতাৰ ভিতৰলৈ সুমুৱাই দিলে। লাহে
লাহে চিতাৰ জুইকুৰা দাউ দাউ কৈ জ্বলি উঠিল। চাওঁতে
চাওঁতে জুইৰ লেলিহান শিখাই শটো আগুৰি ধৰিলে।
চিতাৰ জুইকুৰাৰ মাজতে ৰতনে স্পষ্ট কৈ দেখিবলৈ
পালে অমৃতৰ সৈতে কটোৱা তাৰ অতীতৰ সুখ-দুখৰ
প্ৰতিটো ছবি।
শণিবাৰৰ আধাবেলাৰ স্কুল ছুটি কৰি কোলাহল কৰি ঘৰ
মুখি হৈছে এজাক স্কুলীয়া ল’ৰা-ছোৱালী। আগে আগে
ছোৱালীৰ জাকটো পাছে পাছে ল’ৰাৰ জাকটো খোজ
কাঢ়ি আহি আছে। আগষ্ট মাহৰ দুপৰীয়া খাওঁ খাওঁ ৰ’দ
সন্মুখৰ কেঁচা আলিটোলৈ চাবই নোৱাৰি। আলিৰ
দুয়োকাষে থকা শাৰী শাৰী চাহ গছৰ সেউজীয়াবোৰ
আৰু তাৰ মাজে মাজে থকা ছিৰিছ গছৰ ছাঁই সিহঁতক
বহুখিনি সকাহ দিয়ে ল’ৰা-ছোৱালীবোৰৰ জাকটো আহি
আহি ছিৰিচৰ ছাঁত কিছু সময় ৰৈ পুনৰ ঘৰমূৱা হ’ল।
আটাইবোৰ ল’ৰা-ছোৱালী চাহ বাগিচাৰে। কোনোবা
যদি চাহ বনুৱাৰ ঘৰৰ কোনোবা আক চাহ কৰ্মীৰ ঘৰৰ।
কোনো দিনেই সিহঁতৰ মাজত ভেদাভেদ দিখিবলৈ পাৱা
নেযায়। আচলতে চাহ বাগিচাৰ সমাজখনেই বিচিত্ৰ।
বিভিন্ন ভাষা-ভাষী জাতি জনগোষ্ঠীৰ লোকেৰে
পৰিপূৰ্ণ। অ’ৰ ত’ৰ পৰা এজন এজনকৈ আহি গঢ় লোৱা
বাৰেৰহণীয়া সমাজ। এইখন বাগিচাৰে দুজন নলেগলে
লগা বন্ধু ৰতন গড় আৰু অমৃত বৰুৱা। দুয়ো ষষ্ঠমান শ্ৰেণীৰ
ছাত্ৰ। ৰতন চাহ বনুৱাৰ ল’ৰা আৰু অমৃত ষ্টাফৰ ল’ৰা। পিতৃ
সকলৰ কৰ্মৰ পাৰ্থক্যই কিন্তু সিহঁতৰ বন্ধুত্বত কোনো
দিনেই প্ৰভাৱ পেলাব পৰা নাছিল।
অমৃত আছিল বাগানখনৰ ভিতৰতে এজন আগৰনুৱা ল’ৰা।
পঢ়া-শুনা খেলা-ধূলাৰ পৰা দুষ্টামিৰ লৈকে তাৰ এটা
নাম আছিল। সেয়ে ডাঙৰবোৰে তাক “গেং লিডাৰ” বুলি
মাতিছিল। লগৰ সমনীয়া আৰু সৰুবোৰে তাৰ বশ্যতা
স্বীকাৰ কৰিছিল। অমৃতে স্কুলৰ পৰা আহি থাকোতে লগৰ
কেইটাক এটা প্ৰস্তাৱ দিলে-
-চল আইজ চিকাৰ জাইগা।
-কখন যাবেই ?
-তিন বাজা বা কাম যাবাৰ পিছে সবাই বৰ ফিল্ডমে
ভেট হইগা।
-ঠিক আহে গ’ তবে হামৰা ওঁহাই ভেট কৰেগা।
স্কুলৰ পৰা আহি ভাত কেইটা খাই অমৃত বিচনাত পৰি
টোপনি যোৱাৰ ভাওঁ জুৰি ক্ষণ গণিবলৈ ধৰিলে।
সময়বোৰ নেযায় নুপোৱাই লাগিছে। প্ৰতি পাঁচ দহ
মিনিটৰ পাছে পাছে সি ঘড়ীটোলৈ মনে মনে চাবলৈ
ধৰিলে। অমৃতৰ দেউতাক ফেক্টৰীৰ বৰ বাবু। তেখেতক সৰু
ডাঙৰ সকলোৱে সমীহ কৰি চলে। বৃটিছ চাহাবৰ লগত কাম
কৰা মানুহ খুব কাঢ়া মেজাজৰ। তেখেতৰ পৰিয়ালত পত্নী
ৰেনু আৰু দুই সন্তান অমৃত আৰু বিজিতক লৈ গঠিত। অমৃতে
দেউতাকক দেখিলে জীৱন্ত বাঘ দেখা দি দেখিছিল।
অৱশেষত ৱাল ক্লকটোৱে টং টং টং কৈ তিনিবজাৰ
সংকেত দিলে। বৰুৱাদেউ কামলৈ যাবলৈ সাজু হ’ল।
দেউতাক ওলাই যোৱাৰ লগে লগে সি একে জাঁপে
বিচনাৰ পৰা নামি ভীমকল কেইজোপাৰ গুৰিত লুকুৱাই
ৰখা তাৰ কেটেপাখন আৰু বাটুল গুটিৰ কাপোৰৰ
মোনাটো লৈ চিধাই ফিল্ডলৈ ল’ৰ দিলে। মাকে
চিঞৰিলে-
-এই ৰ’দ খনত ক’ত মৰিবলৈ যাৱ ? আহিলি নাই। ৰ’ বাপেৰে
আহক তোক গধূলি মজা দিয়াম আজি ভালদৰে।
সি মাকক কেৰেপকে নকৰে। চিধাই গৈ ফিল্ড পালেগৈ।
সিহঁত ছয়জন মান চিকাৰী লগ হ’ল। প্ৰত্যেকৰে হাতে
হাতে কেটেপা আৰু বাটুল গুটি। সিহঁতে খেৰবাৰীৰ
ফালে চিকাৰৰ সন্ধানত ওলাল। কিছুদূৰ যোৱাৰ পাছত
ছটিঅনা এজোপাৰ ডালত কপৌ এহাল ওমলি থকা অমৃতৰ
তীক্ষ্ণ চকু হালত ধৰা পৰিল। সিহঁতে ওপৰেদি নগৈ
নলাটোত নামি অভিজ্ঞ চিকাৰীৰ দৰে বগুৱা বাই
যাবলৈ ধৰিলে। চৰাই হালৰ ওচৰ পোৱাৰ লগে লগে সি
সোঁহাতৰ তৰ্জনি আঙুলিটো দুই ওঠৰ আগত লগাই
সকলোকে মনে মনে থকাৰ ইংগিত দিলে আৰু ফুচ ফুচাই
ক’লে-
-চুপে থাক হাল্লা নাই কৰবি। পহিলা মুই নিচান লাগাব’
ওৱাৰ পিছে তৰা এটেক কৰবিচ।
কথা মতেই কাম কোনেও টু শব্দ এটাও কৰা নাই। অমৃতে
সোঁহাতেৰে কেটেপখন ধৰি কেট্পাৰ ৰবৰ দুডাল সংযোগ
কৰা ছামৰা দোখৰত বাটুলগুটি এটা সুমুৱাই বাওঁ হাতেৰে
ৰবৰ দুডাল সৰ্ব শক্তিৰে চকুৰ ওচৰলৈ টানি নি এটা চকু
বন্ধ কৰিলে। লক্ষ্য স্থিৰ কৰি ৰবৰ দুডাল এৰি দিলে।
পোনে পানে বাটুল গুটিতো কপৌজনীৰ মূৰত লাগিল।
বাকী কেইটাইও সি মৰাৰ লগে লগে বাটুল গুটি মাৰিবলৈ
ধৰিলে। তাৰ পাছতে সিহঁতৰ মুখত কিৰিলি শুনা গ’ল।
ৰতনে মৃত চৰইজনী বুটলি আনিলে। আটইকেইটাই মৃত চৰাইৰ
তেজেৰে নিজৰ নিজৰ কেপেটাত একোটাকৈ তেজৰ ফুঁট
দিলে। সিহঁত পুনৰ ফিল্ডলৈ ঘুৰি আহি চৰাইজনী পুৰি
চৰাই মাংস খালে। এইবাৰ ফিল্ডৰ কাষতে থকা গোঁহাইৰ
বাৰীত মনে মনে পাছ ফালৰ পৰা সোমাই কুমলীয়া ৰবাৱ
টেঙা এটা চুৰ কৰি আনি মাটিত ঠেকেচি ঠেকেচি
টেঙাটো কোমল কৰিবলৈ লাগিল। কোমল হোৱাৰ পাছত
সিহঁতে টেঙাটো ফুটবল খেলাত লাগিল।
মেট্ৰিক পাছ কৰাৰ পাছত অমৃতে গুৱাহাটীত পঢ়িবলৈ
গ’ল। তাতে আৰ্য্য বিদ্যাপিঠত নাম ভৰ্তি কৰিলে। এটা
সময়ত এনেকুৱা আছিল অমৃত নহ’লে বাগানখনত বিয়া
সকামেই নহৈছিল। সাধাৰণতে বাগানবোৰত বিয়া সকাম
হ’লে ভাড়া কৰি পেণ্ডেল দিয়া নহৈছিল। বাগানৰে
ডেকা সকলে নিজে লাগি মেলি ৰভা সাজি দিছিল।
কাৰোবাৰ ঘৰত বিয়া সকাম ওলালে গৃহস্থই প্ৰথমে
অমৃতকে খবৰ দিছিল। সি সৰু ডাঙৰ লগৰ সমনীয়া
সকলোকে নি সন্ধিয়া পৰত মানুহ ঘৰত উপস্থিত কৰাইছিল
গৈ। গৃহস্থই তামোল-পাণৰ শৰাই এখন দি ডেকা মখাক
বিয়া বা সকামৰ দ্বায়িত্ব অৰ্পণ কৰিছিল। তাৰ পাছত
অনুষ্ঠানটো শেষ নোহোৱালৈকে ডেকা সকলৰ তৰুণি
নোহোৱা হৈছিল।
পাৰ্ট ৱানত পঢ়ি থাকোতে অমৃত হঠাৎ এদিন হোষ্টেলত
অসহ্য পেটৰ বিষত বাগৰি পৰিছিল। হোষ্টেল
ছুপাৰিনটেণ্ডেনট্ লগে লগে তাৰ দেউতাকলৈ খবৰ
দিছিল। বৰুৱাদেউ পাছদিনাই গৈ অমৃতক ঘৰলৈ লৈ
আহিল। চিকিৎসকৰ ওচৰলৈ যোৱাৰ পাছত পৰিছিল। তাৰ
দুয়োটা কিডনী বিকল হৈ পৰিছিল। তাৰ মাক দেউতাক
শোকত ভাঙি পৰিছিল। ডাক্তৰে আশ্বাস দিছিল এটা
কিডনী হ’লেও মানুহ বাচি থাকিব পাৰে। কোনোবাই
যদি এটা কিডনী দিয়ে ল’ৰাটো বাচি থাকিব। মাকে
লগে লগে এটা কিডনী দিবলৈ মান্তি হৈছিল। সেইমতে
মুম্বাইত মাকৰ এটা কিডনী তাৰ শৰীৰলৈ স্থানান্তৰ
কৰা হৈছিল। লাহে লাহে সি সুস্থ হৈ উঠিছিল। পুনৰ
আগৰ দৰেই হাঁহি মাতি ফুৰিছিল ইঘৰ সিঘৰলৈ গৈছিল।
বিয়া সকামত আগৰ দৰে কাম কৰিব নোৱাৰিলেও লগৰ
সমনীয়াক পৰামৰ্শ দিছিল উত্সাহ দিছিল। তাৰ মুখত
প্ৰায়ে শুনিবলৈ পোৱা গৈছিল জয়ন্ত হাজৰিকাৰ সেই
বিখ্যাত গীতটি…….
“মই নেথাকিলে সাজৰ তৰাই
মোৰেই কথাকে কৱ”
ডাক্তৰে নিৰ্ধাৰণ কৰি দিয়া সময় উকলি যোৱাৰ পাছত
তাক পুনৰ এটা কিডনীৰ প্ৰয়োজন হৈছিল। তেতিয়া
মাহত দুবাৰ কৈ ডায়েলাইছিচ কৰিব লগা হৈছিল।
তথাপিও সি হতাশ হোৱা নাছিল। আগৰ দৰৈই হাঁহি
মাতি ফুৰ্তি কৰি ফুৰিছিল। সন্ধিয়া বন্ধুসকলৰ লগত
আড্ডা দিবলৈ ওলাই গৈছিল। আনকি মৃত্যুৰ আগদিনা
আড্ডাত সি কৈছিল “মই যদি জীয়াই থাকো নিজাকৈ
ফুটবল ক্লাৱ এটা খুলিম”। সেইদিনাই ৰাতিলৈ সি অধিক
অসুস্থ হৈ পৰিছিল। লগে লগে পৰিয়ালৰ লোকে তাক
নাৰ্চিং হোমত ভৰ্তি কৰিছিল। পাছদিনা দহমান বজাত
সি সকলোকে কন্দুৱাই ইহ সংসাৰৰ পৰা বিদায় মাগিলে।
এইবাৰ ৰতন ঠিয় হ’ল হাতত খৰি এডোখৰ লৈ চিতাত তুলি
দি সি মনতে আওঁৰালে “যা দোস্ত যা ! তৰ আশা এই জনম
পুৰা নাই হ’লেক আগে জনম জৰুৰ পুৰা হ’বেক। মই সাঁঋকেৰ
তাৰা গিলাকেৰ ভিজ মে তকে সবদিনেই দেখব”। দূৰৈত
কাৰোবাৰ হোম থিয়েটাৰৰ পৰা ৰিণিকি ৰিণিকি ভাঁহি
আহিছে…
“জীৱৰে ভৰষা
নাই মোৰ আল্লা
দেহৰে ভৰষা নাই” ।।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!