হেঙুলীয়া ভাষা( -মানস বৰা)

গাড়ীখনত তেওঁৰ কাষৰ আসনখনতে বহিল যুৱতীগৰাকী।তাই পিন্ধা ঐক্যসাজযোৰেই পৰিচয় দিছিল মহাবিদ্যালয়ত অধ্যয়নৰত। তেওঁ মাত লগালে : মাজনী…
তাই গমেই নাপালে। মোবাইলত ব্যস্ততাৰ যেন সীমা নাই। মানুহজনে আকৌ মাত লগালে : অ মাজনী তোমাক মাতিছোঁ ।
তাই মূৰ তুলি চালে ।
: মোক মাতিছে । অহ ছৰী দেই । মোক মানে ঘৰত বেবী বুলি মাতে যে so মই ধৰিব পৰা নাছিলোঁ ।
: হব দিয়া বাৰু । তুমি কি পঢ়ি আছা ?
:মই মানে বি এ কৰি আছো।– যেন মোবাইলটোৰ জৰিয়তে তাই যেন সমগ্ৰ পৃথিৱীখন নিয়ন্ত্ৰণ কৰি আছে তেনে ব্যস্ততাৰে উত্তৰ দিলে।
: তোমাৰ স্নাতক পাঠ্যক্ৰমৰ মুখ্য বিষয় কি ?
:মানে ! –আচৰিত হৈ কলে তাই

assamese
: মানে major subject ।
: অ তাকে কক । মোৰ major আছামিজ হয়।
: অসমীয়াত। বৰ ভাল কৰিছাঁ দেই । –মানুহজন উৎসাহী হৈ উঠিল -কোন ষাণ্মাসিকৰ ছাত্ৰী এতিয়া ?
: ছৰী আঙ্কল , আপুনি কি সুধিছে মই বুজিব পৰা নাই । – বিৰক্তিৰে তাই কলে
মানুহজনৰ মনটো জই পৰি গল। তেওঁনো কি এনে বুজিব নোৱাৰা কথা কলে নিজেই বুজি নাপালে। তথাপি তেওঁ আকৌ সুধিলে
: তুমি কোন চেমিষ্টাৰৰ?
: ফ’ৰ্থ চেমিষ্টাৰ ।
তেওঁ ধন্যবাদ দিব নে thanx বুলি কব বুজিব নোৱাৰি বহি থাকিল নীৰৱে।
***

Leave a Reply

Your email address will not be published. Required fields are marked *

Copying is Prohibited!