হেপ্পী অসম বন্ধ (উৎপল খাটনিয়াৰ)
বৰ নামঘৰত নামঘৰীয়াৰ কণ্ঠত প্রাণ পাই উঠিছে তেজৰে কমলা পতি | বৰগীতৰ আমেজ লৈ মই বিচনাত বাগৰ সলাই আছো ৷এনেয়ে পুৱাৰ টোপনিখিনি মোৰপ্রিয় , তাতে আকৌ আজি অসম বন্ধ গতিকে আজি মই ‘বিন্দাছ’ পৃথিৱীৰ প্রেমিক চৰাই৷ মোৰ কনমানি ছোৱালী পৰীক বুকুৰ মাজলৈ টানি আনি চকুদুটা জপাই দিলো৷ নিদ্রাদেৱী চাগে মোৰ প্রেমত পৰিছে সেয়েহে মোক আলফুলে সাৱটি ধৰিলে৷ নিদ্রাদেৱীয়ে মোক যেতিয়া তেওঁৰ দুবাহুৰ পৰা মুক্ত কৰি দিলে তেতিয়া ঘড়ীৰ কাঁটাত ১০বজাৰ সংকেত ৷ চকু দুটা মোহাৰি মোহাৰি দাটোন দাল হাতত তুলি ল’লো ,পত্নী আৰু কনমানি ছোৱালীজনী তেতিয়াও টোপনিত লালকাল ৷শ্রীমতীক জগাই দিওঁ বুলি মৰম মিশ্রিত মাত এটি লগালো কিন্তু শ্রীমতীৰ সাৰ-সুৰ নাই আকৌ এবাৰ মাতিলো এইবাৰো তেওঁ নিৰৱ ৷ উপাই নাপাই এইবাৰ ঠাণ্ডা পানী এচঁলু চতিয়াই দিলো তেওঁৰ চকুলৈ ৷ এইবাৰ তেওঁ সাৰ পালে আৰু খঙেৰে কৈ উঠিল ‘অসম বন্ধৰ দিনাও ভালকৈ শুবলৈ নিদিয়ে ?কিযে মানুহ এইটো ! মুখেৰে অষ্পষ্ট ভাবে ভোৰভাৰাই তেওঁ ড্রেচিং আইনা খনত মুখ খন এবাৰ চাই বাথৰুম সোমাল ৷প্রাতঃকৰ্ম্মখিনি সমাধান কৰি হাতত গৰম চাহ একাপ তুলি লৈ লেপটপত ফেচবুক খুলি বহিলো আৰু ধুনীয়া ছোৱালী কেইজনীয়ে দিয়া আপডেট বোৰত লাইক আৰু কমেন্ট কৰি গ’লো৷ তাৰ পিছত ,ইনবক্স খুলি দেখিলো ‘হেপ্পী অসম বন্ধ’ বুলি কেবাটাও মেছেজ ৷ প্রত্যুত্তৰ হিচাবে “থেংকইউ এন্দ চেইম টু ইউ” লিখি পঠিয়াই দিলো যদিও মনলৈ এনে ভাব এটি আহিল যে আজি অসমত এই “অসম বন্ধ”টো এক উৎসৱ যেনেই হৈ পৰিল |অসম বন্ধ ঘোষণা হ’লেই সকলোৱে এই বন্ধটি কেনেদৰে পালন কৰিব তাৰেই জল্পনা-কল্পনাত লাগি যোৱা হ’ল ৷
বন্ধৰ দিন গতিকে ঘৰৰ ভিতৰতেই নিজকে আবদ্ধ কৰি ৰখাৰ সিদ্ধান্ত ল’লোআৰু টিভিটোত নিউজ চেনেল এটি লগাই দিলো | “অসমৰ চুকে-কোনে বন্ধৰ প্রভাৱ পৰিছে ,বন্ধ সমৰ্থকৰ দাৰা জাগাই জাগাই দুই এটি বিক্ষিপ্ত ঘটনা ঘটিছে আৰু দুখনমান বাইক জ্বলাই দিছে” এনে বাতৰি বোৰকেই নিউজ চেনেল সমুহে ব্রেকিং নিউজ হিচাবে প্রচাৰ কৰি আছে আৰু আমিবোৰে ফিকা চাহৰ সৈতে গৰম গৰম পকৰীৰ সোৱাদলৈ সেই নিউজ বোৰকেই চাই চাই “অসম বন্ধ’’ৰ আমেজ লৈ আছো |বন্ধৰ ফলত নিজ ৰাজ্যখনৰ কিমান আৰ্থিক লোকচানৰ সন্মুখীন হৈছে, দিন হাজিৰা কৰি খোৱা সকলে আজিৰ এইদিনটোত কেনেদৰে ভাতমুঠি যোগাৰ কৰিব সেয়া ভাবিবলৈ আজি কোনো এজন ব্যক্তিৰে আহৰি নাই তাৰ পৰিবৰ্তে এচামে বন্ধ সফল কৰাৰ নামত ৰাষ্টাই ঘাটে ভণ্ডামি আৰু আন এচামে মোৰ দৰে ঘৰৰ ভিতৰত আবদ্ধ ৰাখি বন্ধ পালন কৰাৰ ,প্রতিযোগীতাত হে নামি পৰিছে | নিজৰ ওপৰতেই খং এটি উঠি আহিল মোৰ |টিভিটো বন্ধ কৰি বাহিৰ ওলাই আহিলো|
নামঘৰীয়াই বেগা-বেগি কৈ মোৰ ঘৰলৈআহিছে |তেখেতৰ মুখত গভীৰ চিন্তাৰ ৰেখা স্পষ্ট হৈ পৰিছে |সৰ্বশৰীৰ ঘামিছে | তাকে দেখি শ্রীমতীয়ে পানী এগিলাচ আনি দিলে |নামঘৰীয়াৰ বিবাহিত ছোৱালী জনী অন্ত:সত্বা৷ চিকিৎসকৰ মতে আৰু ১৫দিন মান দেৰি হব লাগে যদিও আজি পুৱাৰেপৰা অসুখ আৰম্ভ হৈছে |নামঘৰীয়াৰ নাম উদয়শঙ্কৰ কাকতি |থেলা এখন চলাই জীৱন নিৰ্বাহ কৰিছিল | সংসাৰ বুলিবলৈ ছোৱালী এজনী আৰু পত্নী কিন্তু ছোৱালী জনী জন্মৰ দিনাখনেই প্রসুতিৰোগত আক্রান্ত হৈ পত্নী ধুকাল ৷ কনমানি জনীক লৈ থেলা চলাবলৈ অসুবিধা হ’ব বুলি পঞ্চায়তে গাৱঁৰ সোঁমাজত থকা বৰনামঘৰৰপুৱা-গধুলিৰ প্রসঙ্গ কৰাৰ লগতে নামঘৰটিক চাফ-চিকুনকৈ ৰখাৰ দায়িত্ব উদয়শঙ্কৰক দিলে, বিনিময়ত মাহেকীয়া মজুৰি দিয়াৰ সিদ্ধান্ত ল’লে পঞ্চায়তে |লাহে লাহে ছোৱালীজনীৰ বুকুত লাজবোৰ থুপ খাই ডাঙৰ হ’বলৈ ধৰিলে ৷ উন্নৈছটা বহাগক আদৰাৰ পিছত এদিন তাইক বিয়া দিয়া হ’ল যদিও তাইৰ সংসাৰ খনত আউল লাগিল |যৌতুকৰ নামত তাইৰ শৰীৰটোত আৰম্ভ হ’ল গিৰীয়েকৰ অমানুষিক অত্যাচাৰ , উপাই-বিহীন হৈ তাই দেউতাকৰ ঘৰলৈ উভতি আহিল ৷সেইসময়ত তাই সন্তানসম্ভৱা আছিল আৰুআজি তাই প্রসৱ বেদনাত চটফটাই আছে |নামঘৰীয়া নিৰুপায় হৈ মোৰ ওচৰলৈআহিছে,৷ খুৱ কম সময়ৰ ভিতৰতে ছোৱালীক চিকিৎসালয়ত ভৰ্তি কৰাবলাগে ৷কিন্তু আজি অসম বন্ধ হোৱা হেতুকে মোৰ গাড়ীখনেই একমাত্র সম্বল ৷ মই মহা সমস্যাত পৰিলো, বন্ধৰ দিন তাতে আকৌ বন্ধ সমৰ্থকৰ উপদ্রৱ চলি আছে তথাপিটো মৰ সাহ কৰি গাড়ীখন উলিয়াই ৰোগীক লৈ জিলা চিকিৎসালয়লৈ ঢাপলি মেলিলো |ৰাজপথ জনশূণ্য মাঁথো দুই এঠাইত চেঙেলীয়া কিছুমানে ক্রিকেট আৰু জুম পাতি কেৰাম বোৰ্ড খেলাত ব্যস্ত |ৰাজপথ উদং হৈ থকা বাবে কম সময়তে আমি জিলা চিকিৎসালয় গৈ পালো কিন্তু আমাৰ দুৰ্ভাগ্য যে প্রসুতি বিভাগৰ চিকিৎসক জন আজি অনুপস্থিত , ঘৰতে বহি অসম বন্ধৰ আমেজ লোৱাত ব্যস্ত |মোবাইল নাম্বাৰ ট্রাই কৰিলো যদিও আউত অফ কাভাৰেজ |আচলতে আমাৰ সোনৰ অসম খনত ধুমকেতুৰ দৰে হঠাৎ আবিৰ্ভাৱ হোৱা এই অসম বন্ধবোৰে অসমৰ প্রতিজনকে আউত অফ কাভাৰেজ কৰি ৰাখে |আনহাতে ছোৱালীজনীয়ে প্ৰসৱ বেদনাত চটফটাই আছে তাইৰ এই যন্ত্রনা দেখি মোৰ দুচকু সেমেকি উঠিল |কি কৰো ভাবি থাকোতেই আমাৰ লগত যোৱা শ্রীমতীয়ে ক’লে “ভাবি থাকিলাভ নাই সোনকালে গুৱাহাটী চিকিত্সা মহাবিদ্যালয়লৈ ব’লক ইয়াৰ বাহিৰে বেলেগ উপায় নাই” | কথাখিনি শুনি মোৰ মুখলৈ আশাৰ হাঁহি এটি আহিল , জিলা মেডিকেলৰপৰা প্রায় দুঘন্টাৰ দুৰত্ব গুৱাহাটী চিকিত্সা মহাবিদ্যালয় | সময়ৰ অপচয় নকৰি আমি গুৱাহাটী অভিমুখে ৰাওনা হ’লো | সময়ৰ অগ্রগতিৰ লগে লগে প্ৰসব বেদনাও বাঢ়িবলৈ ল’লে আৰু তাই চিৎকাৰ কৰিবলৈ ধৰিলে | নামঘৰীয়াৰ মুখৰ মাতবন্ধ হৈ গৈছে চিন্তাত |তেখেতে ভগৱানক প্রাৰ্থনা কৰিবলৈ ধৰিলে আৰু কান্দোনমিশ্রিত কণ্ঠৰে গাবলৈ ধৰিলে “মোৰে দয়াৰ ঠাকুৰ হৰি…..”|মইয়ো ভাবিলো হয় এতিয়া ভগৱানেই আমাৰ একমাত্র সাৰথি, তেখেতৰ সুদৃষ্টি থাকিলে ৰাজপথত একো এটি অঘটন নঘটাকৈ আমি সঠিক সময়তে চিকিৎসালয়ত উপস্থিত হ’ম|কিন্তু কিছু দূৰ অতিক্রম কৰাৰ পিচতেই আন এটি সমস্যাই আমাক লগ দিলে |বন্ধ সমৰ্থকে পথ অৱৰোধ কৰিছে তাৰে এচাম উত্তেজিত সমৰ্থকে হাতে হাতে জাঠি জেং লৈ আমাক আক্রমন কৰিবলৈ খেদি আহিল |আমি বিবুদ্ধিত পৰিলো যদিও কিছু সাহস গোটাই শ্রীমতীক গাড়ীৰ পৰা নামি যাবলৈ দিলো কিয়নো মহিলা দেখিলে অকনমান সকলোৱে নম্র হয় আৰু আমি সুযোগ বুজিতে তেওঁলোকক আমাৰ সমস্যা বিৱৰি ক’লো ,প্রায় এঘন্টা পিছত তেওঁলোকে আমাক ৰাষ্টা এৰি দিলে |
গুৱাহাটী প্রায় পাওঁ পাওঁ, শৰাইঘাট দলং অতিক্রম কৰিছো |আৰু কিছু সময় পিছতেই চিকিৎসালয় পাম | পথ অৱৰোধ কৰা বন্ধ সমৰ্থক সকলক অতিক্রম কৰি অহাৰ পিচত মই ঠায়ে ঠায়ে আন কিছু সমৰ্থকক দেখা পাইছিলো |তেওঁলোকে গাড়ী ৰাখিবলৈ ইঙ্গিত দিছিল যদিও মই ৰখোৱা নাই,দুজনমানে আমাৰ গাড়ীলৈ লক্ষ্য কৰি শিলগুটি দলিয়াইছিল যদিওঁ আমাৰ একো অনিষ্ট সাধন কৰিব নোৱাৰিলে | আনহাতে প্ৰসৱ বেদনাই চৰম পৰ্য্যায় পাইছে,তেওঁৰ কেকনিটো বাঢ়িআহিছে |অভিজ্ঞতাৰ ফালৰ পৰা শ্রীমতীয়ে নিজৰ সাম্যৰ্থানুযায়ী সহায় কৰি আহিছে তেওঁক |আমি গুৱাহাটীত প্রৱেশ কৰি আদাবাৰী পাইছোহে মাত্র শ্রীমতীয়ে পিছপিনৰ পৰা চিঞৰিউঠিল “গাড়ী ৰখাওঁক গাড়ী ৰখাওঁক” |গাড়ী ৰখাই পিছৰপিনে চাই দেখিলো ছোৱালীজনীয়ে চিৎকাৰ কৰি আছে প্ৰসৱ বেদনাত আৰু শ্রীমতীয়ে এক অজান শংকাত ভিতিগ্রস্ত হৈ আছে যদিও তেওক বল দিবলৈ কোৱাৰ মাজতে আমাকো গাড়ীৰ পৰা নামি যাবলৈ আদেশ দিলে, আমি গাড়ীৰ পৰা বাহিৰ ওলাই কি হৈছে বুজিবলৈ চেষ্টা কৰিথাকোতেই গাড়ীৰ ভিতৰত কেচুৱাৰ কান্দোন শুনিবলৈ পোৱাগ’ল……….উঙা…..উ….উ…..উ…..ঙা…..উঙা |
বিদ্রঃ– বৰ্তমান পুত্র সন্তান আৰু মাক দুয়ো সুস্থ ৷ সন্তান হোৱা বাবেই নেকি ছোৱালীজনীৰ গিৰীয়েকেও এদিন তাইৰ ওছৰত ক্ষমা বিচাৰি লৈ যাবলৈ আহিছিল যদিও নামঘৰীয়াই যাবলৈ নিদিলে তাৰ সলনি ঘৰজোৱাঁই কৰি ৰাখি থ’লে আৰু মোৰ শ্রীমতীয়ে মাজে মাজে সেইদিনটোত তেওঁ দিয়া অৰিহনা খিনিৰ বাবে গৌৰৱ কৰি থাকে আৰু মই ফেচবুকত হেপ্পী অসম বন্ধ নামেৰে গ্রুপ এটি খোলাৰ পৰিকল্পনা কৰি আছো৷৷