হেপ্পী নিউ ইয়েৰ: মঞ্জুশ্ৰী শৰ্মা

(ব্যক্তিগতভাৱে হয়তো বহুতে বহুতো সুখৰ মুহূৰ্ত লাভ কৰিছে বছৰটোত। কিন্তু কেৱল ব্যক্তিগত সুখেই জানো সকলো, যদি আমি প্ৰতিটো মুহূৰ্তই ভয়ে ভয়ে কটাব লাগে অজান আশংকাত! “যদি দানৱ কাহানিবা হয় মানৱ, লাজ পাব কোনেনো কোৱা”-মানুহবোৰেই দানৱ।)

আকৌ সময় পালেহি “হেপ্পী নিউ ইয়েৰ” বুলি কোৱাৰ| দুৰ্ভাগ্যজনক, হতাশাজনক, বেদনাদায়ক, লজ্জাজনক তথা খং-ক্ষোভেৰে ভৰা কিছুমান ঘটনাৰ অবাঞ্চিত বোজা কঢ়িয়াই ২০১২ বছৰটোৱে বিদায় ল’লে। ২০১৩ বছৰটোক আদৰাৰ সময় সমাগত|
“মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে, ভাবিব কোনেনো কোৱা”-হয়, মানুহে মানুহৰ কথা নভবা নহয়, ভাবে| নিজৰ স্বাৰ্থত কাক কেনেকৈ ব্যৱহাৰ  কৰিব পাৰি, কাক কেনেকৈ নীচ প্ৰতিপন্ন কৰি নিজকে বৰ মানুহ বুলি জহাব পাৰি, কাৰ কেনেকৈ উপকাৰতকৈ অপকাৰ কৰিব পাৰি আৰু কেৱল ভবাই নহয়, আজিৰ সমাজত অধিকসংখ্যক মানুহে যেন তাকেই কৰি আছে নিতে-নিতে|
ব্যক্তিগতভাৱে হয়তো বহুতে বহুতো সুখৰ মুহূৰ্ত লাভ কৰিছে বছৰটোত। কিন্তু কেৱল ব্যক্তিগত সুখেই জানো সকলো, যদি আমি প্ৰতিটো মুহূৰ্তই ভয়ে ভয়ে কটাব লাগে অজান আশংকাত! “যদি দানৱ কাহানিবা হয় মানৱ, লাজ পাব কোনেনো কোৱা”-মানুহবোৰেই দানৱ। হয়, পৰিছে আজিকালি। লাজ পাবলৈ মানুহ মানুহ হৈ থাকিবওটো লাগিব! কিয় আমি মানুহ হ’ব পৰা নাই আজিও! মানুহৰ ভিতৰৰ অমানুহটোৱে কিয় চৌপাশে দপদপাই ফুৰিছে আজি! আমাৰ প্ৰত্যেকৰে ভিতৰত থকা মানুহটোক আমি কেতিয়া জগাই তুলিমনো!
২০১২ বছৰটো বিদায় দিয়াৰ সময়ত আমি সকলোৱেই মানুহ হোৱাৰ সংকল্প ল’ব নোৱাৰো নে! হয়, মানুহ হোৱাৰ| আহক, আমি সকলোৱে সংকল্প লওঁ প্ৰকৃতাৰ্থত জীৱশ্ৰেষ্ঠ মানুহ হোৱাৰ|
২০১৩ই যেন হাঁহি কঢ়িয়াই বিদায় ল’ব পাৰে, তাৰেই কামনাৰে সকলোকে জনালো “হেপ্পী নিউ ইয়েৰ”|

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!