হেপ্পী মাডাৰছ ডে (প্ৰদ্যুতজ্যোতি শইকীয়া)
নগৰৰ মাজমজিয়াত নতুনকৈ লোৱা বৰুৱাৰ ঘৰটোত আজি পুৱাৰেপৰা উখল-মাখল৷ চাৰিবছৰীয়া পুতেকৰ কথা ক’বই নালাগে৷ তাৰ গা সাতখন আঠখন৷ বৰুৱানীৰ কথাতো নকলোৱেইবা৷ বৰুৱাৰ মাক মানে বৰুৱানীৰ শাহু আইক লগ ধৰিবলৈ যোৱাৰ কথা আজি৷ ইমান মৰমতো এই কেইবছৰত লগাই নাছিল৷ পুৱাই সুধিছে বৰুৱাক, ”মায়ে কি খায় ভাল পায় ডাৰ্লিং?”
“চিকেন কাৰী সোণ “, মিছাকৈয়ে ক’লে বৰুৱাই৷
আস্, মায়ে কি খায় ভাল পায়? বৰুৱাৰ মনটো অতীতলৈ উৰা মাৰিলে৷ পকা ঔটেঙা আৰু বৰালি মাছৰ আঞ্জা৷ বুটলি অনা বনৰীয়া ঔটেঙা আৰু লুকুমজানৰ বৰালি৷ মাকৰ হাতৰ সেইখন আঞ্জা বৰুৱাৰো প্ৰিয় আছিল৷ কিন্তু তেতিয়া কিনি বৰালি মাছ খোৱাটো এটা সপোন৷ স্কুলত পঢ়ি থকা সময়ত কেতিয়াবা বৰুৱাহঁতৰ দুবেলা দুমুঠিও নুজুৰিছিল৷ মাছৰ আঞ্জা সপোন হৈছিল৷ আবেলি খেলি খেলি ভাগৰি পৰা বৰুৱাক ভাত বাঢ়ি দি মাকে কৈছিল, “খা তই, মই পাছত খাম “৷ সেই পাছতটো কেতিয়া হৈছিল তেতিয়াৰ বৰুৱাই ধৰিবই পৰা নাছিল৷ কেতিয়াবা সেই পাছতটো দুদিন তিনিদিনলৈকেও বাগৰিছিল৷ কিন্তু বৰুৱা কোনোদিন ভোকত থাকিব লগা হোৱা নাছিল৷ বুজন হোৱাৰ পাছতহে কথাবোৰ গম পাইছিল বৰুৱাই৷
”বস্তুবোৰ বান্ধিলো৷ গাড়ীত ভৰাই দিছো”, বৰুৱাৰ শ্ৰীমতীৰ মাত সেয়া৷ ”জানু, মাৰ কাৰণে অলপ টকা …নহ’লে গিফট এটাকে ল’বা ..ভাল পাব মায়ে৷”
”অঁ, হ’ব”, বৰুৱাৰ চুটি উত্তৰ৷
টকা৷ এৰা টকা৷স্থানীয় বিদ্যালয়ৰ পৰা নাম কৰি পাছ কৰাৰ পাছত ইঞ্জিনিয়াৰিঙত চিট পাইছিল বৰুৱাই৷ ৰাতিলৈ মাকে মুৰত হাত ফুৰাই কৈছিল, ”যা, ভালকৈ পঢ়িবি .. টকা সিকাৰ কথা চিন্তা নকৰিবি .. বাপেৰৰ নাম ৰাখিবি”৷ বৰুৱাই মনপুতি পঢ়িছিল৷ ভদ্ৰেশ্বৰৰ দোকানৰ গ্ৰাম্য টেলিফোনটোত দেওবাৰে দেওবাৰে মাকৰ লগত কথা পাতিছিল বৰুৱাই৷ মাহৰ প্ৰথমটো দেওবাৰে বৰুৱাই মাকক কয়, ”টকা এহেজাৰ পঠাই দেচোন আই… হোষ্টেলৰ ফীজ দিবৰ হ’ল”৷ নদীৰ পাৰৰ মাটি কেইডৰা যে বগাধৰ মহাজনৰ নামলৈ মাকে তুলি দিছিল ঘৰলৈ আহিহে গম পাইছিল বৰুৱাই৷ শেষৰ ষান্মাষিকৰফালে মাকে গাঁৱতে ভুঁই ৰোৱা তোলাও কৰিবলগীয়া হৈছিল৷ ইঞ্জিনিয়াৰিং পাছ কৰাৰ পাছতেই বৰুৱাই চৰকাৰী বিভাগটোত সহকাৰী অভিযন্তা হিচাপে যোগদান কৰিছিল৷ তেতিয়াই চিনাকি হৈছিল স্থানীয় বিধায়কজনৰ লগত৷ প্ৰথমে চিনাকি তাৰ পাছতেই লেন-দেন৷ বহু কোটি টকাৰ ঠিকা দিছিল বিধায়কৰ পুতেকক৷ কৃতজ্ঞতাৰ চিন হিচাপে নগৰৰ মাজমজিয়াত হৈছিল বৰুৱাৰ ঘৰ-মাটি৷ কথাবোৰ মাকক ক’ব পৰা নাছিল বৰুৱাই৷ শেষলৈ বিধায়কৰ জীয়েকক বৰুৱাই পচণ্ড কৰিছিল (নে জীয়েকে নে বিধায়কে? বৰুৱা অলপ সন্দিহান আজিও এই বিষয়টোত)৷ মাকে হা না একো কোৱা নাছিল, ”তোৰ সুখতেই মোৰ সুখ বোপাই”৷ বিয়াখন হৈ গৈছিল৷ লাহে লাহে ভদ্ৰেশ্বৰ দোকানীৰ টেলিফোনত বৰুৱাৰ ফোন কমি আহিছিল৷ মাকেও অপেক্ষা নকৰা হৈছিল৷ চলি আছিল তেনেকৈয়ে৷
“ডি এচ এল আৰটো ল’লানে? নহ’লে সব চেটেপ হ’ব আৰু ….” বৰুৱানীৰ মাতত চিন্তাৰ পৰা উঠি আহিল বৰুৱা৷ ”অঁ ,ল’লো”৷ আজিকালি বৰুৱাই কথা কম কয়৷ মাজতে মাক বৰুৱাৰ লগতে আছিল৷ ঘৰ-মাটি সম্বন্ধীয় দদায়েকক চাবলৈ দি মাক নগৰলৈ আহিছিল৷ প্ৰথমতে সকলো ভালেই আছিল৷ লাহে লাহে বৰুৱাৰ মাকৰ কথা আৰু কামবোৰে যেন বিসঙ্গতিৰ সৄষ্টি কৰিছিল বৰুৱানীৰ ঘৰত৷ বৰুৱাৰ মাকৰ প্ৰাৰ্থনা কৰা ঠাইটুকুৰাই বোৱাৰীয়েকৰ ঘৰৰ ভিতৰখন “কনজেষ্টেড” কৰিছিল৷ লাহে লাহে বৰুৱাৰ মাকৰ “মেনাৰ্চো” কমি আহিছিল৷ “আন চিভিলাইজড” কথা কিছুমানেও হেনো ঠাই পাইছিল বৰুৱানীৰ “চিভিলাইজড” ঘৰখনত৷ পোনাকণেও হেনো ধেৰ কিবাকিবি “বেড হেবিট” শিকি পেলাইছিল আইতাকৰ পৰা৷ যদিও পোনপটীয়াকৈ কথাবোৰ কোৱা নাছিল বৰুৱানীয়ে বৰুৱাক, বৰুৱাই কিবা এটা চিন্তা কৰি পেলাইছিল৷ এদিন পুৱাই কোনো কথা বাৰ্তাৰ আৰম্ভণি নকৰাকৈ মাকক কৈছিল, ”আই, তই গাঁৱলৈকে যাগৈ যা”৷ মাকে কথাবোৰ বুজিছিল৷ গুচি গৈছিল মাক৷ কিন্তু…..
ঘ্ৰেছ……. নতুনকৈ লোৱা ফৰ্চুনাৰখনৰ ব্ৰেকত আকৌ এবাৰ খকমকাই চিন্তা সাগৰৰ পৰা উঠি আহিল বৰুৱা৷ বৰুৱানী নামিল গাড়ীৰ পৰা৷ বৰুৱাই গাড়ীৰ গ্লাছখন নমাই ঘৰটোলৈ চালে৷ নামটো ট’ ট’ কৈ জিলিকি আছিল, ” নিৰলা বৄদ্ধাশ্ৰম “৷ হেহোঁ নেহোঁকৈ আকৌ এবাৰ সোমাই গ’ল বৰুৱা৷ যদিও প্ৰায়ে আহে ইয়ালৈ৷ আইতাকক পাই পোনাকণ জঁপিয়াই কোলাত উঠিল৷ শ্ৰীমতীয়ে পোনেই সেৱা এটা কৰিলেগৈ৷ কথাটো বৰুৱাৰ অসহজ লাগিল৷ মাকলৈ চালে বৰুৱাই৷ বয়সে আঁচুৰিছে৷ গালত ভাঁজ পৰিছে৷ তামোল এতিয়াও এৰিব পৰা নাই৷ পোনাকণৰ গালত টপককৈ চুমা এটা পৰিল৷ তামোলৰ পিকৰ ৰঙা দাগ এটা পোনাকণৰ গালত৷ বৰুৱানীয়ে দেখিয়েই মোহাৰি দিলে৷ বৰুৱানীয়ে আকৌ অৰ্ডাৰ দিলে বৰুৱাক, ”সেৱা কৰি থকা ফ’ট একপি লোৱা আকৌ ফেচবুকত দিবলৈ …. আজি মাডাৰছ ডে’ বুলি নাজানা নেকি?”
ক্লিক্ ক্লিক্ ক্লিক্ ….. তিনিকপিমান উঠিল৷
ইফালে পোনাকণে আইতাকক কৈছে, ”আইতা, তোমাৰ দৰে বুঢ়ী হ’লে ময়ো মাক ইয়াতে ৰাখিম দেই৷ ইম্মান ভাল ন’ ইয়াত থাকিবলে”৷
বৰুৱাৰ মাকেও উত্তৰ দিলে, ”এৰা, ইয়াতে ৰাখিবি৷ বৰ ভাল লাগে অ’ পোণা ইয়াত থাকি”৷
পোনাকণলৈ চাই বৰুৱাৰ মনটো কিবা এটা অহৈতুক আত্মসন্তুষ্টিত ভৰি পৰিল৷ মাকক সেৱা এটা কৰি মনে মনে নিজকে ক’লে, ”হেপ্পী মাডাৰচ্ ডে’”৷