হেমাঙ্গ বিশ্বাসলৈ মঘাই ওজাৰ চিঠি

ৰীতা দত্ত চৌধুৰী

বিষয়: হেমাঙ্গ বিশ্বাসলৈ মঘাই ওজাৰ চিঠি।
নাওশলীয়া গাঁও,
পোঃ অঃ চৌতাং
বাহানা, যোৰহাট
১০/৯/৭৮
শ্রীযুক্ত পূজ্য হেমাঙ্গদা,
পত্ৰ পাঠে মোৰ মৰম ল’ব। বৰ্তমান আমাৰ সকলোৰে ভাল। এটা কথা।অন্তৰৰ বৰ দুখৰ বিষয়, হঠাৎ কামকাজ কৰি থাকোতেই আমাৰ ল’ৰাহঁতৰ মাকৰ মৃ্ত্যু হ’ল। আজি আসামত এনে অনাতন চলিছে। চাউলৰ কিলোত চাৰি টকালৈকে হৈছে। মোৰ এতিয়া কোনো পিনে এক পইচা ওলোৱাৰ বাট নাই। মৃতকৰ কাম-কাজ কৰাৰো উপায়েই পোৱা নাই। আজি প্রায় দুবছৰমানৰ খেতিও ভাল নাই খোৱাৰো অভাৱ। চিঠিৰ দ্বাৰা জনোৱা বাবে ক্ৰুটি-দোষ মাৰ্জনা কৰিব। আপোনাৰ বাধ্যতা।
ইতি
মঘাই ওজা
মোৰ কোনো ব্যাধি নাই। মোৰ শৰীৰ ভালেই আছে। চিঠি পালেই উত্তৰ দিব।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!