হেলিক’বেক্টৰ পাইল’ৰি (ভূপেন শইকীয়া)
হেলিক’বেক্টৰ পাইল’ৰি
ডা০ ভূপেন শইকীয়া
আজিৰ স্বাস্থ্য বিষয়ৰ আলোচনাত পাঠকসকলক এটি সঘনাই ভূগি থকা ৰোগৰ বিষয়ে কিছু লাগতিয়াল কথা অৱগত কৰাব খুজিছোঁ। আপোনালোকৰ বহুতৰে পেটৰ বিষ, ভোক নলগা, পেট ফুলা, ওকালি অহা, বমি হোৱা, বুকু জ্বলা-পোৰা কৰা, টেঙাপানীৰ উগাৰ অহা আদিৰ অনুভৱ নিশ্চয় হৈছে। এইবিলাকৰ ওপৰিও কোনোজনৰ ওজন হ্ৰাস হোৱা, শৰীৰ দুৰ্বল হোৱা, ভাগৰ লগা, ক’লা বৰণৰ পায়খানা হোৱা আদি লক্ষণো থাকিব পাৰে। কিন্তু এইবিলাকৰ কাৰণ হয়তো আপুনি নাজানিবও পাৰে। দুই চাৰিটা পিল খাই অসুখটো হয়তো কমাই থয় নাইবা মনতে ভাবি লয় বিশেষ চিন্তনীয় ৰোগ নহয়, সাধাৰণ “গেষ্ট্ৰিক” ৰোগহে হৈছে।
১৯৮২ চনত মানুহৰ পাকস্থলীত থকা এবিধ গ্ৰাম নিগেটিভ বেক্টেৰিয়া চিনাক্ত কৰে অস্ট্ৰেলিয়াৰ পাৰ্থৰ ডা° বেৰী মাৰ্শেল আৰু ডা০ ৰবীন ৱাৰেনে। সেইবিধ বেক্টেৰিয়াৰ নামকৰণ হয় – কেম্পাইল’বেক্টৰ পাইলৰি। পাছলৈ ইয়াক হেলিক’বেক্টৰ পাইল’ৰি নাম দিয়া হয় (চমুকৈ এইচ. পাইলৰি বোলা হয়)। গ্ৰীক শব্দ হেলিক’ৰ অৰ্থ হ’ল দুৱাৰৰখীয়া। পাক প্ৰণালীৰ দুৱাৰ মুখত ইয়াৰ অৱস্থান বাবেই বোধহয় নতুন নামটো দিয়া হ’ল। এই বিধ বেক্টিৰিয়াই মানুহৰ শৰীৰত আগতে উল্লেখ কৰা লক্ষণসমূহ উৎপন্ন কৰিব পাৰে। পাকস্থলীত ইনফ্লেমেচন (গেষ্ট্ৰাইটিচ), ঘা (গষ্ট্ৰিক আলচাৰ) আৰু পাকস্থলীৰ কেঞ্চাৰৰ কাৰক হব পাৰে এই বিধ বেক্টেৰিয়া। এই উল্লেখনীয় আবিস্কাৰৰ বাবে চিকিৎসকদ্বয়ক ২০০৫ চনত মেডিচিনৰ ন’বেল বঁটা প্ৰদান কৰা হয়। এসময়ত ভবা হৈছিল যে পাকস্থলীৰ অৱস্থা গাড়ীৰ বেটেৰিৰ নিচিনা এচিডিক আৰু তেনে অৱস্থাত কোনো বেক্টেৰিয়া তিষ্ঠিব নোৱাৰে। কিন্তু এই ধাৰণাক ভুল প্ৰতিপন্ন কৰি হেলিক’বেক্টৰ পাইলৰিয়ে নিজৰ অস্তিত্ব প্ৰমাণিত কৰিলে। এইবিধ বেক্টেৰিয়াই পাকস্থলীৰ কোমল মিউকাচ মেমব্ৰেনৰ ভিতৰত প্ৰৱেশ কৰি পাকস্থলীৰ সুৰক্ষা ব্যৱস্থাক বিঘ্নিত কৰে। যাৰ ফলত গেষ্ট্ৰিক এচিডে ইনফ্লেমেচন কৰি গেষ্ট্ৰাইটিচ আৰু পৰৱৰ্তী পৰ্য্যায়ত ঘা বা আলচাৰ আৰু কিছুমানৰ ক্ষেত্ৰত পাকস্থলীৰ কেঞ্চাৰ কৰিব পাৰে।
আপোনালোকে জানি আচৰিত হব বিশ্বৰ জনসংখ্যাৰ ৫০ শতাংশৰ পৰা ৭৫ শতাংশ লোকৰ পাকস্থলীত হেলিক’বেক্টৰ পাইলৰি উপস্থিত থাকে। আকৌ আক্ৰান্ত হলেও ৮০ শতাংশ লোকৰ ৰোগৰ একো লক্ষণ দেখা নাযায়। ৫০ শতাংশ গেষ্ট্ৰিক কেঞ্চাৰ ৰোগীৰ ক্ষেত্ৰত হেলিক’বেক্টৰ পাইলৰি উপস্থিতি ধৰা পৰিছে। পশ্চিমৰ উন্নত দেশসমূহৰ তুলনাত উন্নয়নশীল দেশসমূহত হেলিক’বেক্টৰ পাইলৰি আক্ৰান্ত লোকৰ সংখ্যা বেছি। ইয়াৰ কাৰণ ঘন জন-বসতি, পেয় জলৰ অব্যৱস্থা, পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ অভাৱ আৰু হেলিক’বেক্টৰ পাইলৰিৰ দ্বাৰা আক্ৰান্ত লোকৰ সৈতে সহ অৱস্থান।
অনুমান কৰা মতে প্ৰদূষিত পানী আৰু খাদ্যৰ জৰিয়তে ল’ৰালি কালতেই মানুহৰ দেহত হেলিক’বেক্টৰ পাইলৰিৰ প্ৰৱেশ ঘটে। কিন্তু ৰোগৰ লক্ষণ সমূহ প্ৰাপ্তবয়স্ক হলেহে দেখা যায়। আকৌ হেলিক’বেক্টৰ পাইলৰি থকা স্বত্বেও কিছুমানৰ শৰীৰত ৰোগৰ লক্ষণ কিয় দেখা নাযায় – সেই বিষয়ে বিজ্ঞানীসকলে কাৰণ বিচাৰি পোৱা নাই।
ৰোগ চিনাক্ত কেনেকৈ কৰিব?
১) গেষ্ট্ৰিক আলচাৰ বেৰিয়াম মিল এস্কৰেৰ দ্বাৰা চিনাক্ত কৰিব পাৰি।
২) এণ্ডোস্কোপি আৰু বায়প্সিৰ দ্বাৰা।
৩) তেজ পৰীক্ষাৰ দ্বাৰা – তেজত থকা এইচ পাইল’ৰি এন্টিবডিৰ যোগেদি।
৪) শৌচত থকা এইচ পাইল’ৰি এন্টিজেনৰ দ্বাৰা।
৫) ইউৰিয়া ব্ৰেথ টেষ্ট – ৰেডিঅ’এক্টিভ কাৰ্বন আইচোটপ খাবলৈ দি পেটৰ পৰা ওলোৱা গেছৰ পৰিমাণ জুখি এই পৰীক্ষা কৰা হয়। পেটত থকা এইচ পাইল’ৰিৰ পৰা ‘ইউৰেজ’ এনজাইম ওলায় যি ভাঙিলে এম’নিয়া আৰু কাৰ্বন ডাই অক্সাইড নিৰ্গত হয়।
চিকিৎসা কেনেকৈ কৰা হয় ?
তিনিবিধ বা চাৰিবিধ ঔষধ সাধাৰণতে একেলগে ১০ ৰ পৰা ১৪ দিনলৈ দিয়া হয়। ব্যৱহৃত এন্টিবায়িক সমূহ হ’ল -এমস্কিচিলিন, ক্লেৰিথ্ৰমাইচিন, টেট্ৰাইক্লিন আৰু মেট্ৰনিডাজল। ব্যৱহৃত প্ৰটন পাম্প ইনহিবিটৰ সমূহ হ’ল -অমিপ্ৰাজল, লেন্সপ্ৰাজল, ডেস্কলেন্সপ্ৰাজল, ইচমোপ্ৰাজল, ৰেবিপ্ৰাজল আদি। আকৌ কিছুমানক বিচমাথ চাবচেলিচাইলেট দিও চিকিৎসা কৰা হয়। বিচমাথৰ পাৰ্শ্বক্ৰিয়া হ’ল- ইয়াৰ ৰঙ দাঁতত ধৰে আৰু শৌচ কচা কৰে। ক্লেৰিথ্ৰমাইচিন আৰু মেট্ৰনিডাজলৰ পাৰ্শ্বক্ৰিয়া হ’ল মুখত মেটেলিক স্বাদ অনুভৱ কৰা। কিছুমান ৰোগীয়ে সামান্য পাৰ্শ্বক্ৰিয়া হলেই ঔষধ বন্ধ কৰি দিয়ে। তেওঁবিলাকে নিজৰ চিকিৎসকৰ কাষ চাপিলে বিকল্প ব্যৱস্থা কৰা হয়। আকৌ ড্ৰাগ ৰেজিচটেন্স কিছুমান ৰোগীৰ ক্ষেত্ৰত সমস্যা হৈ দেখা দিয়ে। ২০শতাংশ ৰোগীৰ ক্ষেত্ৰত দেখা যায় যে এবাৰ দৰব খালেই ৰোগ নিৰাময় নহয়। তেনে ৰোগীক ঔষধ সালসলনি কৰি পুনৰ দ্বিতীয় পালি খাবলৈ দিয়া হয়। শৌচ পৰীক্ষা নহলে ব্ৰিথ টেষ্টৰ দ্বাৰা ৰোগ নিৰাময়ৰ পৰীক্ষা কৰা হয়। তেজত এন্টিবডি ৰোগ নিৰ্মূল হোৱাৰ পিছতো বহু মাহলৈ থকিব পাৰে বাবে ফোলো-আপত তেজ পৰীক্ষা কৰা নহয়। ঔষধ ব্যৱহাৰৰ সময়ত মদ্যপান আৰু ধুম্ৰপান অৱশ্য বৰ্জনীয়। এই দুবিধৰ আসক্তিয়ে এইচ পাইল’ৰিয়ে আলচাৰ কৰাৰ সম্ভাৱনা বহুগুণে বৃদ্ধি কৰে।
মোখনিত কম যে আমি সাধাৰণ বুলি গণ্য কৰা ৰোগৰ পৰাই এইবিলাক জটিলতাই দেখা দিব পাৰে: গেষ্ট্ৰাইটিচ্, ডিঅ’ডিনাইটিচ, গেষ্ট্ৰিক আলচাৰ, পাকস্থলীৰ ৰক্তক্ষৰণৰ ফলত হেমাটইমেচিচ-মেলিনা, শৰীৰ শুকাই ক্ষীণাই যোৱা আৰু পাকস্থলীৰ কেঞ্চাৰ আদি জটিল ৰোগ হব পাৰে। আনহাতে হেলিক’বেক্টৰ পাইল’ৰিৰ চিনাক্তকৰণ আৰু চিকিৎসা বেছ সহজ আৰু ফলপ্ৰসু। পৰিস্কাৰ পৰিচ্ছন্নতাকে ধৰি স্বাস্থ্য ৰক্ষাৰ সাধাৰণ বিধিসমূহ মানি চলক আৰু বিশুদ্ধ খোৱা পানী আৰু সুখাদ্য ব্যৱহাৰ কৰক, ৰাগিয়াল দ্ৰব্যৰ সংগ ত্যাগ কৰক- সমাজত স্বাস্থ্যৱানলোকৰ সংখ্যা নিশ্চয় বৃদ্ধি পাব।