হেৰাই গ'ল (গুণকৃষ্ণ কোচ)
শাওণৰ পথাৰখন
বুকুত সাবতি
সপোন দেখাৰ দিনবোৰ
হেৰাই গ’ল ক’ৰবাত…
নাঙলৰ মুঠিত সপোন খামুচি
শাওণৰ সপোনবোৰ
আঘোণলে’ থুপাই থোৱা দিনবোৰ
হেৰাই গ’ল ক’ৰবাত
একাঁঠু বোকাত চেলাপেটী জোক গুচাই
ভূঁই ৰোৱাৰ দিনবোৰ
হেৰাই গ’ল ক’ৰবাত
কংক্ৰিটৰ নগৰীত এতিয়া
মিলাই থাকো মাথোঁ
জীৱনৰ হিচাপ…