হেৰাবলৈ ধৰা ইতিহাস – ৰামখাপীঠ দেওশাল ( ভাস্কৰজ্যোতি দাস)
অসমৰ ইমুৰৰপৰা সিমুৰলৈ হাবি-জঙ্গল, নদী, বিল, পিতনি ইত্যাদিবোৰৰ মাজত শ-শ বছৰ ধৰি লুকাই থকা বা ওলালেও লেখৰ বাহিৰৰ বহুখিনি ঐতিহ্যক্ষেত্ৰ এতিয়ালৈকে ৰাইজৰ চকুত তেনেকৈ পৰা নাই বা যেনেকৈ পোহৰলৈ আাহিব লাগিছিল তেনেকৈ অহা নাই৷ এইসমুহৰ সম্বন্ধে অসমৰ ইতিহাসৰ কিছুমান ধুসৰিত পৃষ্ঠাৰ বাদে এতিয়ালৈকে ইয়াৰ ভাস্কৰ্য্য, জড়িত সমাজ তথা সভ্যতাৰ কথা স্পষ্টকৈ দেখিবলৈ পোৱা হোৱা নাই৷ অসমত আহোম ৰাজত্বকালৰ সময়ৰ বা তাতকৈ বহু আগৰ ভালেখিনি ঐতিহাসিক সমল চাহাবী শাসনৰ আওকণীয়া নীতিৰ বাবেই জহি খহি গ’ল৷ স্বাধীনোত্তৰ কালত এইসমুহৰ সংৰক্ষণৰ বাবে নীতি কিছুমান যুগুতোৱা হ’ল যদিও এইবোৰো কাৰ্য্যত: এলাগি হৈয়েই ৰ’ল৷ এতিয়া এইসমুহৰ কলেবৰ বিচাৰিলে একো পাবলৈ নাই যদিও যি আছে তাকে গৱেষণাৰ বিষয় হিচাবে ল’লে হয়তো এই ধুসৰিত পৃষ্ঠাসমুহৰ কিছু আখৰ স্পষ্ট হ’বগৈ৷ ৰাইজে ঢুকি নোপোৱা এনে এখন প্ৰাচীন ক্ষেত্ৰ হ’ল শিৱসাগৰ জিলাৰ দিখৌমুখৰ দেওঘৰীয়াস্থিত “ৰামখাপীঠ দেৱালয় বা দেওশাল৷
জনশ্ৰুতি মতে কালিকা পুৰাণ, দেৱী পুৰাণ আদিত উল্লেখ কৰা সতীৰ শৱদেহ খণ্ড-খণ্ড কৰাৰ ফলত এই শৱদেহৰ ৫১ টা খণ্ড ভাৰতৰ ৫১ খন ঠাইত পৰি যিসমুহ শক্তিপীঠৰ সৃষ্টি হৈছিল তাৰে এখন হ’ল ৰামখাপীঠ৷ পিচে পুৰাণত উল্লেখ কৰা ৫১ খন শক্তিপীঠত ৰামখাপীঠৰ কোনো উল্লেখ নাই৷ কিন্তু বিশ্বনাৰায়ণ শাস্ত্ৰী দেৱৰ “কালিকা পুৰাণ আৰু প্ৰাচীন অসম” নামৰ প্ৰৱন্ধত উল্লেখ কৰামতে দেৱীৰ দিক্কৰ বাসিনীৰ পীঠস্থলেই হ”ল ৰামখা পীঠ৷ আন এক তথ্যমতে “ভাটিৰ কামাখ্যা, উজানৰ তাম্ৰেশ্বৰী আৰু মাজৰ ৰামখা একেজনাই দেৱী”৷ সঠিকভাৱে ঐতিহাসিক সমল নোহোৱাৰ বাবেই এই কথা প্ৰমাণ কৰিবলৈ অসুবিধা আছে যে এইখন আচলতে সেই ৫১খন শক্তিপীঠৰ মাজৰে এখন হয়নে নহয়৷
ৰামখা দেওশালখন আহোমসকল অসমলৈ অহাৰ আগৰেপৰা আছে৷ ১১৯০ শকত ৰজা হৈয়েই আহোম স্বৰ্গদেও চুতেওফা এই স্থানত ফুৰিবলৈ আহি এই দেওশালৰ আধ্যাত্মিকতা উপলব্ধি কৰি বৰ দেউৰী, সৰু দেউৰী, দেওঘৰীয়া, আঠপৰীয়া, তেলী, মালি, নাপিত, কমাৰ, বলিকটীয়া, বাৰিচোৱা, বেলিচোৱা, চাউলকৰা মানীতোলা ইত্যাদিবোৰ পদবীৰে দেওশালৰ ওচৰৰ মানুহখিনিক লৈ পুজা-অৰ্চনাৰ কাম পুণৰ আৰম্ভ কৰে (নাওবৈচা ফুকনৰ বুৰঞ্জী)৷ আহোমসকল অসমলৈ অহাৰ বহু আগৰেপৰা ভালেসংখ্যক দেওশাল অসমত আছিল৷ তাম্ৰেশ্বৰী, বৰগঞা, টেঙ্গাপনীয়া, দোৱন্ধিয়া ইত্যাদিসমুহ এনে দেওশালৰ উদাহৰণ৷
বহুতৰ মতে এই ৰামখা দেওশাল কছাৰী, চুতীয়া আৰু বৰাহীসকলৰ দিনতে স্থাপন হোৱা৷ তাৰ পাছৰ বুৰঞ্জীমতে কেইশমান বছৰৰ পাছত দিখৌ নৈয়ে সেই দেওশাল খহাই জলগৰ্ভলৈ সোমোৱাই লৈ যায় যদিও স্বৰ্গদেও লক্ষীসিংহৰ দিনত এই পীঠস্থান পুনৰ উদ্ধাৰ হয়৷ সেই বৰ্ণনা অনুযায়ী এদিন স্বৰ্গদেও লক্ষীসিংহই ৰংপুৰৰ কাৰেঙৰ পৰা ৰূপহীজানেদি দিখৌ নদী হৈ ব্ৰহ্মপূত্ৰ লৈ বুলি গৈছিল৷ কথিত আছে যে যি ঠাইত ৰামখা দেওশালখন জলগৰ্ভত আছিল সেই ঠাইৰপৰা ৰজাঘৰীয়া নাওঁবোৰ আগপিচ নোহোৱা হ’ল আৰু নাওবৈচাসকলৰ মাজত হাহাকাৰ লাগিল৷ সেইদিনা ৰাতি স্বৰ্গদেৱে সপোনত দেখিলে যে দিখৌৰ গৰ্ভত দেৱীৰ জাগ্ৰত বিগ্ৰহ আছে৷ পাছদিনা স্বৰ্গদেৱে পুজা-বলিবিধান উচৰ্গা কৰি দেৱীৰ বিগ্ৰহ উদ্ধাৰ কৰি নতুন মন্দিৰ এটা সজাৰ মানস কৰাত নাও লৰিল৷ জলগৰ্ভৰ সমলবোৰ উদ্ধাৰ কৰি এই ঠাইৰ ওচৰতে ৰজাই নতুনকৈ দেওশালখন প্ৰতিস্থা কৰি ১০ পুৰা মাটি নিস্কৰ কৰি দিয়ে৷ পিছে মোৱামৰা মৰাণৰ বিদ্ৰোহৰ সময়ত এই দেওশালখনৰ ভালেখিনি আচবাব নষ্ট হয় আৰু ইয়াৰ সকলোবোৰ ধন-সোণ মোৱামৰীয়াসকলে লুটি লৈ যায়৷ তাৰ পাছতো যি কিছু সম্পদ থাকি গ’ল সেইখিনি মানৰ আক্ৰমণৰ সময়ত ধ্বংস হ’ল৷ কিছুদিনৰ পাছতে এই দেওশালকে ধৰি এটা বৃহৎ এলেকা পুণৰ দিখৌৱে সামৰি লয়৷
এতিয়ালৈকে যিখিনি সম্পত্তি উদ্ধাৰ কৰা হ’ল সেইখিনিৰেই নতুনকৈ সজা মন্দিৰত ৰাইজে পূজা অৰ্চনা কৰি আছে৷ এইসমুহৰ ভিতৰত ১০ ফুটৰ এক শিলৰ গহ্বৰ য’ত দেৱীৰ পীঠ (জনস্ৰোতি মতে কঁকাল অংশ) আৰু শিৱলিঙ্গ আছে৷ ডেৰ-দুফুট উচ্চতাৰ বিষ্ণু, লক্ষী আৰু সৰস্বতীৰ তিনিটা মুৰ্তিও ইয়াত আছে৷ ইয়াৰ উপৰিও এতিয়ালৈকে উদ্ধাৰ হৈছে এটা তিনিফুট ওখ শিলৰ কলচী, শিলৰ খুটা আৰু ৪ খন বলি কটা দা৷ ইয়াৰোপৰি দা ধৰোৱা শিল, গণেশৰ মুৰ্তি থকা খুটা ইত্যাদিবোৰো শেহতীয়াকৈ উদ্ধাৰ হৈছে৷ আধুনিক প্ৰযুক্তিৰে দিখৌৰ গৰ্ভত বিচাৰিলে হয়তো এনেকুৱা বহুতো আচবাব আহিবলগীয়া সময়ত উদ্ধাৰ হ’ব৷
ৰামখা দেৱালয়খন এতিয়াও সকলোৱে জাগ্ৰত বুলিয়েই অভিহিত কৰে আৰু অশোকাষ্টমী, দুৰ্গাষ্টমী, শিৱৰাত্ৰি ইত্যাদিসমূহত যোৱা আঢ়ৈশ বছৰৰো অধিক কাল হাজাৰ হাজাৰ ভক্তই পূজা অৰ্চনা নিয়মিতভাৱে কৰি আছে৷
ছবিত:- বৰ্তমানৰ দেওশালখন, দা ধৰোৱা শিলটো, বলিকটা দা চাৰিখন আৰু মুল উপাসনাস্থলীৰ শিলৰ গহ্বৰত দেৱীৰ পীঠ আৰু শিৱলিঙ্গ৷
প্ৰসংগ পুথি:- ১/ ত্ৰিবেণী সঙ্গম (প্ৰবীন চন্দ্ৰ দত্ত)২/ দিখৌমুখ- প্ৰাচীন আৰু অৰ্বাচীনৰ অৱতৰণিকা (ড০ সৰ্বেশ্বৰ ৰাজগুৰু) আৰুবিষয় সন্দৰ্ভত প্ৰকাশিত কিছু প্ৰৱন্ধ-পাতি৷
(অসমৰ বিভিন্ন জিলাত এনে বহু ঐতিহাসিক সমল আছে যিসমুহৰ বিষয়ে ৰাইজে যিমান জানিব লাগিছিল সিমান জনা নাই৷ এক অৰ্থত এইবোৰৰ চৰ্চা হোৱা নাই বা ইয়াৰ কোনো তথ্যভাণ্ডাৰো আমাৰ হাতত নাই৷ এইসমুহ ৰাইজৰ মাজলৈ আহিলে ভাল হয় বুলি ভাবোঁ৷ গোটৰ সদস্যসকলক লৈ ভাষা সাহিত্য সন্মিলনী, অসমে এইসমুহ বিষয়ৰ ওপৰত জিলাভিত্তিক কিছু কাম কৰাৰ বিষয়ক এক প’ষ্ট কিছুদিনৰ পূৰ্বে অকবৰ সদস্য-প্ৰশাসক সত্যকাম দত্তদেৱে দিছিল৷ ই নিশ্চয় আদৰণীয়৷ সেয়ে লেখাটো দত্তদেৱৰ হাতত তুলি দিলোঁ)