হোম-অগ্নিহোত্ৰ জৈৱিক কৃষি : এক নতুন অপবৈজ্ঞানিক প্ৰচেষ্টা (বৰ্ণালী বৰুৱা দাস)

আপোনাৰ শস্যৰ পথাৰৰ কাষত তামৰ চৌকা এটা সাজি তাতে শুকান গো‌ৱৰৰ জুই একুৰা জ্বলাই, সেই জুইত চাউল আৰু ঘিঁউ ঢালি পুৱা গধুলী মন্ত্ৰ মাতক- “ফুঃ, পোক-পতংগ আঁতৰ হ, ফুঃ মাটি সাৰুৱা হ, ফুঃ শস্য বাঢ়ি উঠ…….”‌। দেখিব এই পদ্ধতি অৱলম্বন কৰি আপুনি আপোনাৰ শস্যৰ উৎপাদন দুই-তিনিগুণ বঢ়াব পাৰিছে বা আপোনাৰ বাগিছাত ফুলা ফুলকেইপাহৰো আকাৰ বঢ়াব পাৰিছে‌।

কেনে লাগিছে বাৰু ওপৰৰ কথাখিনি পঢ়ি? আপোনাৰ যদি বিজ্ঞানৰ ধ্যান-ধাৰণাৰ প্ৰতি অকণমানো শ্ৰদ্ধা আছে কথাখিনি আপোনাৰ মনত পাগলৰ প্ৰলাপ যেনেই লাগিব। পিছে এই কথাখিনিত যদি আৰু অকণমান ৰং সানি,মন্ত্ৰোচ্চাৰণত সৃষ্টি হোৱা শব্দ-তৰংগ জাতীয় দুই এটা বিজ্ঞানৰ প্ৰতিশব্দৰে সজাই পৰাই কোনোবাই কয়? আৰু কোৱাজন যদি এজন বৃত্তিধাৰী কৃষিবিজ্ঞানী হয়? লগতে যদি এইবোৰ গৱেষণালব্ধ তথ্য বুলি কোনোবা গৱেষণা আলোচনীৰ সূত্ৰ এটাও দিয়ে? তেতিয়া আপুনি কি কৰিব? নিশ্চয় পোনচাতেই অগ্ৰাহ্য কৰিবলৈ আপোনাৰ সাহস নহ’ব‌।

শেহতীয়াকৈ আৰম্ভ হোৱা তেনে এটা প্ৰচেষ্টাৰ কথা ক’বলৈকেএই পাতনি মেলিছো। শেহতীয়াভাবে‘হোম অগ্নিহোত্ৰ জৈৱিক কৃষি’ নামেৰে এক বৈদিক কৃষি পদ্ধতিক জনপ্ৰিয় কৰাৰ চেষ্টা পৰিলক্ষিত হৈছে কোনো কোনো কৃষি বিজ্ঞানীৰ তৰফৰ পৰা‌। কিনো আছে এই কৃষি পদ্ধতিত?অসমৰ এখন আগশাৰীৰ অনলাইন আলোচনী সাহিত্যডট অৰ্গৰ (১৫ জুলাই ২০১৪সংখ্যা) সম্পাদকীয়ত

কৃষি বিজ্ঞানী অতিথি সম্পাদকজনে জনাইছে যে কৰ্ণাটকৰ ধাৰোৱাৰ কৃষি বিশ্ববিদ্যালয়ত হেনো এটা পৰীক্ষাত এই কৃষি পদ্ধতি অৱলম্বন কৰি ছয়াবিন শস্যৰ উৎপাদন বৃদ্ধি পোৱা দেখা গৈছে, পোক-পতংগও নিয়ন্ত্ৰণ হৈছে আৰু মাটিত সাৰৰ পৰিমাণো বাঢ়িছে‌। সম্পাদকজনে এই বৈদিক কৃষিৰ সফল পৰীক্ষাৰ দুটামান গৱেষণা সূত্ৰও দিছে‌।

আমি পৰ্যায়ক্ৰমে উক্ত সম্পাদকীয়ৰ ভিত্তিতেই কৃষি পদ্ধতিটোৰ বিষয়ে অকণমান ফঁহিয়াই চাওঁ‌। পদ্ধতিটো জানিবলৈ সম্পাদকজনৰ লেখাটোৰ পৰাই উদ্ধৃত কৰি দিছোঁ-
“তামেৰে তৈয়াৰী অগ্নিহোত্ৰ পিৰামিদত শুকান গোবৰ আৰু ঘীঁ জ্বলাই নিম্নোক্ত মন্ত্ৰক সূৰ্যোদয় আৰু সূৰ্যাস্তৰ সঠিক সময়ত পবিত্ৰ মনেৰে উচ্চাৰণ কৰি ঘী-চাউল আহুতি দিয়াৰ ফলত উৎপন্ন হোৱা তৰংগই ঠাইখিনি বিশুদ্ধ কৰে৷ ধনাত্মক শক্তিক সক্ৰিয় কৰে৷ তাৰোপৰি, হোমৰ ছাইৰ ৰোগমুক্তিৰ ক্ষমতা বৃদ্ধি পায় ৷

(১) সূৰ্যোদয়ৰ সময়ত অগ্নিহোত্ৰ মন্ত্ৰ
সূৰ্যায়ে স্বাহা সূৰ্যায়ে ইদম না মম
(এই মন্ত্ৰ কোৱাৰ পাছত প্ৰথমাংশ ঘি/ চাউল জুইত দিব লাগে)
প্ৰজাপতয়ে স্বাহা প্ৰজাপতয়ে ইদম না মম
(এই মন্ত্ৰ কোৱাৰ পাছত দ্বিতীয়াংশ ঘি/ চাউল জুইত দিব লাগে)
(২) সূৰ্যাস্তৰ সময়ত অগ্নিহোত্ৰ মন্ত্ৰ
অগ্নায়ে স্বাহা অগ্নায়ে ইদম না মম
(এই মন্ত্ৰ কোৱাৰ পাছত প্ৰথমাংশ ঘি/ চাউল জুইত দিব লাগে)
প্ৰজাপতয়ে স্বাহা প্ৰজাপতয়ে ইদম না মম
(এই মন্ত্ৰ কোৱাৰ পাছত দ্বিতীয়াংশ ঘি/ চাউল জুইত দিব লাগে)”

প্ৰথমেই আমি উল্লিখিত পদ্ধতিটোলৈ মন কৰোঁ‌। যিকোনো বৈজ্ঞানিক পৰীক্ষাতে পদ্ধতিটোৰ প্ৰতিটো কথা স্পষ্ট হোৱাটো বা‌ঞ্চনীয়‌। পদ্ধতিৰ স্বচ্ছতা ইয়াত আছে নে? চাউল আৰু ঘীঁউ অগ্নিত আহুতি দিয়াৰ সময়ত পবিত্ৰ মনেৰে মন্ত্ৰকেইটা উচ্চাৰণ কৰাৰ যে কথা কোৱা হৈছে তাক নিৰূপন কৰা যায় কেনেকৈ? মনটো পবিত্ৰ কৰি লোৱাৰ কিবা বৈজ্ঞানিক পদ্ধতি আছে নেকি? নাইবা মনৰ পবিত্ৰতাৰ মাত্ৰা জোখা কিবা পদ্ধতি? মানে ধৰক মনত ইমান ডিগ্ৰী পবিত্ৰতা থাকিলে মন্ত্ৰোচ্ছাৰণ কৰিব পাৰিব- এই জাতীয়? আকৌ যিহেতু এই হোমৰ এটা অন্যতম উদ্দেশ্য হ’ল পোক-পতংগৰ নিধন, সেই ক্ষেত্ৰত মনটোক বাৰু পবিত্ৰ হৈ আছে বুলি মানি ল’ব পাৰি নে নাই? শত্ৰুৱেই হওক, মিত্ৰয়েই হওক কাৰোবাক তো নিধন কৰাৰ উদ্দেশ্য এটা তাত লুকাই আছেই‌। গতিকে পবিত্ৰতাৰ মাপত দুই ডিগ্ৰীমান কমি নাযাবনে? প্ৰথমেই লাগিল এটা খেলি মেলি‌।
দ্বিতীয় কথা হ’ল শুকান গোবৰ পুৰিলে বা সেই জুইত ঘীঁউ আৰু চাউল পুৰিলে সৃষ্টি হোৱা ধোঁৱাই ঠাইখিনি বিশুদ্ধ কৰিব নে প্ৰদূষিত কৰিব? গোবৰ পুৰিলে বতাহত যি কাৰ্বন-মন’ক্সাইড উৎপন্ন হ’ব সি সেই ঠাইৰ বায়ু দূষিত কৰে বুলিহে বৈজ্ঞানিক তথ্যই কয়‌‌। ঘীঁউ পুৰিলেও তাৰ পৰা উৎপন্ন হোৱা বিভিন্ন গেছীয় প্ৰদূষক (এ’ক্ৰলিন, এক্ৰাইলেমাইড, ফৰ্মেলডিহাইড, এচিটেলডিহাইড) ৰ দ্বাৰা বায়ু দূষিত হয় আৰু সি মানুহৰ শৰীৰত নানাবিধ বিসংগতিৰ সৃষ্টি কৰাৰ সম্ভাৱনা থাকে‌। মন্ত্ৰৰ দ্বাৰা সৃষ্ট তৰংগই ধনাত্মক শক্তিক সক্ৰিয় কৰা কথাটোৰো কোনো বৈজ্ঞানিক ভিত্তি নাই‌। অৱশ্যে ধোঁৱাই সৃষ্টি কৰা এই প্ৰদূষণে পোক-পতংগৰ মৃত্যু ঘটাব পাৰে‌। সেই ধোঁৱাৰ সতে মন্ত্ৰোচ্চাৰণ হওক বা নহওক‌।
এতিয়া উক্ত সম্পাদকজনে উদ্ধৃত কৰা বৈজ্ঞানিক গৱেষণাসমূহলৈ এবাৰ চকু দিয়া যাওক‌। তামিলনাডু কৃষি বিশ্ববিদ্যালয়ত কৰা এটা গৱেষণাৰ সূত্ৰ দিয়া হৈছে‌ -(http://homafarming.com/content/effect-agnihotra-yield-and-quality-horticulture-crops
)‌।
এই গৱেষণাটোত দেখুওৱা হৈছে যে অগ্নিহোত্ৰ জৈৱীক কৃষিৰ দ্বাৰা গোলাপ, জাৰ্বেৰা, বন্ধাকবি, আলু আদিৰ উৎপাদন বাঢ়িছে‌। আমি তাৰ পৰীক্ষা পদ্ধতিলৈ চকু দিলে দেখোঁ- উক্ত পৰীক্ষা চাৰিটা গোটত কৰা হৈছে‌।
T1= জৈৱিক পদ্ধতি (Organic farming system)
T2= জৈৱিক +অগ্নিহোত্ৰ (Organic farming system + Agnihotra)
T3=পৰম্পৰাগত পদ্ধতি (Conventional)
T4= সম্পূৰ্ণ নিয়ন্ত্ৰিত পদ্ধতি (Absolute control)
এইখিনি উল্লেখ কৰাৰ পাছতে গৱেষণাৰ ফলাফলসমূল তালিকা আকাৰে দিয়া হৈছে‌। আৰু তাত দেখুওৱা হৈছে যে গোটেইকেইটা শস্যৰে T2 অৰ্থাৎ জৈৱিক + অগ্নিহোত্ৰ পদ্ধতিত সুফল পোৱা গৈছে‌।
বৈজ্ঞানিক গৱেষণাপত্ৰ পঢ়াৰ বা লিখাৰ অভিজ্ঞতা থকাসকলে ভালদৰেই জানে যে ইয়াত কৰ্ম-পদ্ধতিটো(Materials and Method)ৰ সবিশেষ বিস্তৃতভাবে উল্লেখ কৰা দৰকাৰ‌। এই পত্ৰখনত কিন্তু তাৰ উল্লেখ সঠিকভাবে কৰা নাই‌। উদাহৰণ স্বৰূপে T1 (কেৱল জৈৱিক কৃষি) ত নো কি কৰা হৈছে, জৈৱীক(T1) আৰু পৰম্পৰাগত(T3)ৰ মাজত বা কি পাৰ্থক্য, আকৌ সম্পূৰ্ণ নিয়ন্ত্ৰিতত (T4) নো কি কৰা হৈছে তাক নজনোৱাকৈ কেৱল এটা ট্ৰিটমটন্টত ভাল ফল দেখুওৱাটো গ্ৰহণযোগ্য নহয়‌। এনেকুৱা বিসংগতিপূৰ্ণ গৱেষণা পত্ৰ উচ্চ মনদণ্ডৰ গৱেষণা পত্ৰিকাত ছপা নহয়‌। বহুতে যথেষ্ট ব্যক্তিগত খৰচ বহন কৰি অৱশ্যে নিতৌ এনেকুৱা গৱেষণা পত্ৰ প্ৰকাশ কৰি থাকে‌। গতিকে গৱেষণা পত্ৰিকাত প্ৰকাশিত হ’লেও সেই পত্ৰিকাৰ উৎসটো বিশ্বাসযোগ্য হয় নে নহয় তাক বিচাৰ কৰা প্ৰয়োজন‌।
গৱেষণাৰ নাম দি যিটো ধাৰণা জনসাধাৰণৰ মনলৈ নিক্ষেপ কৰাৰ চেষ্টা কৰা হৈছে- সেইটো হৈছে বৈদিক যুগৰ কৃষি কৰ্ম অতি উন্নত আছিল‌‌। আনকি বৰ্তমানতকৈ সেই সময়ৰ কৃষি পদ্ধতিত উৎপাদনো আছিল অধিক‌। বৈদিক সাক্ষ্যই কথাটো সমৰ্থন কৰে নে? সদ্য প্ৰয়াত সংস্কৃত পণ্ডিতা সুকুমাৰী ভট্টাচাৰ্যই তেওঁৰ “বেদেৰ যুগে ক্ষুধা ও খাদ্য” নামৰ কিতাপখনত বৈদিক সাহিত্যৰ সাক্ষ্যৰ পৰা প্ৰত্যক্ষ উক্তিৰ সহায়ত তৰ্কাতীতভাবে প্ৰমাণ কৰিছে যে সেই যুগত ক্ষুধা আৰু খাদ্যৰ মাজত প্ৰচুৰ ব্যৱধান আছিল‌। বৈদিক সাহিত্যৰ পাতে পাতে ইন্দ্ৰ, অগ্নি, বৰুণ, বায়ু প্ৰভৃতি দেবতাক সকাতৰে অন্নৰ বাবেই অজস্ৰ প্ৰাৰ্থনা কৰা হৈছে‌। অন্নৰ সংকটৰ পৰা উদ্ধাৰ পাবলৈ যিটো উপায় তেওঁলোকে উদ্ভাৱন কৰিছিল সেইটো হ’ল যজ্ঞত আহুতি দি দেৱতাক সন্তুষ্ট কৰি ৰখা‌। ইয়াৰ পাছতো কিন্তু ক্ষুধা আৰু খাদ্যৰ ব্যৱধান যে কমিছিল তাক ক’ব নোৱাৰি‌। কিমান নিৰ্মম আছিল সেই ক্ষুধাৰ যন্ত্ৰণা তাক বুজিবলৈ ঋগ্বেদৰ এটি সূক্তৰ আশ্ৰয় আমি ল’ব পাৰো‌।-“অবৰ্ত্যা শুন আম্ত্ৰাণি পেচে, ন দেবেষু বিবিদে মৰ্ডিতাৰম‌। অপশ্যং জায়ামহীয়নামধ্য মে শ্যেনো মধ্বা জভাৰ‌।‌। (ঋগ্বেদ ৪‌।১৮‌।১৩)”‌। চণ্ডালসকল আছিল আৰ্যসমাজৰ দ্বাৰা ঘৃণিত এটি গোষ্ঠী‌। কাৰণ তেওঁলোক আছিল শ্বপাক বা শ্বপচ অৰ্থাৎ শ্বন্ বা কুকুৰৰ মাংস ৰান্ধি খোৱা জাতি‌।চৰম দাৰিদ্ৰই তেওঁলোকক এই কাম কৰিবলৈ বাধ্য কৰিছিল‌। ওপৰত বৰ্ণিত শ্লোকটিত ঋগ্বৈদিক ব্ৰাহ্মণ বামদেবে কৈছে- “ অভাবৰ বাবে মই কুকুৰৰ নাড়ি-ভুঁড়ু ৰান্ধি খাইছো‌, দেবতাসকলৰ পৰাও কোনো সহায় পোৱা নাই‌, নিজৰ স্ত্ৰীক অপমানিত হোৱা দেখিছো, পাছত এটা শেন চৰাইৰ দ্বাৰা আহৰিত মৌ খাব লগা হয়‌”‌। নক’লেও হয় কিমান অভাৱৰ ফলত সেই যুগৰ এজন ব্ৰাহ্মণে চণ্ডালৰ খাদ্য কুকুৰৰ মাংসও নাপাই তাৰ উচ্চিষ্ট খাব লগা হয়,বা শেণ চৰাইৰ সঞ্চয়ৰ মৌ খাই প্ৰাণ ৰক্ষা কৰিব লগা হয়‌।
তেন্তে কিয় এই অপচেষ্টা? অপবৈজ্ঞানিক প্ৰচাৰেৰে অতীতৰ গৌৰৱ গাঁথা? এই কাম কোনো কোনোৱে অতি সচেতনভাবে কৰে, কোনো কোনোৱে অৱচেতন মনত লুকাই থকা অন্ধবিশ্বাসী প্ৰৱণতাৰ বাবে কৰে‌। অৱশ্যে কাৰোবাৰ ক্ষেত্ৰত দুয়োটাৰে সংমিশ্ৰণো ঘটিব পাৰে‌। যিসকলে সচেতনভাবে এনে প্ৰচাৰ কৰে তেওঁলোকক আমি পৰম্পৰা পুণৰোত্থানৰ প্ৰৱক্তা বুলিব পাৰোঁ‌।নিজৰ প্ৰাচীন ধৰ্ম তথা সংস্কৃতিক আন সকলোতকৈ আৰু বৰ্তমানতকৈ শ্ৰেষ্ঠ বুলি প্ৰমাণ কৰাটো এওঁলোকৰ এটা মূল উদ্দেশ্য‌। কোৱা বাহুল্য যে সাধাৰণ জনতাৰ মাজত এই অতীত ঐতিহ্যৰ গৌৰৱৰ সুৰসুৰনি তুলি ৰাজনৈতিক স্বাৰ্থ পূৰণ কৰিব পাৰি‌। আকৌ ধৰ্মীয় সাম্প্ৰদায়িক শক্তিৰ উত্থানৰ সময়ত এনে পচ্ছাদমুখী চিন্তাই ব্যক্তি এজনৰ ব্যক্তিগত জীৱনত বৃত্তিগত উত্থানো নিশ্চিত কৰিব পাৰে‌। উদাহৰণ স্বৰূপে ক’ব পাৰি যে বৰ্তমানৰ সাম্প্ৰদায়িক শক্তিৰ আগ্ৰাসনৰ সময়ত এনেকুৱা গৱেষণা প্ৰকল্প আদিৰ বাবে বিত্তীয় সাহাৰ্য লাভ কৰাটো সহজ হ’ব পাৰে‌‌। এনে বিষয়ৰ প্ৰচাৰ প্ৰচাৰত ব্ৰতী ব্যক্তিক বিভিন্ন উচ্চ পদবীত উপবিষ্ট কৰাৰ উদাহৰণো বৰ কম নহয়‌।
আমাৰ সমাজখন অন্ধবিশ্বাসৰ বীজ বপন কৰাৰ বাবে এখন বৰ উৰ্ব্বৰ পথাৰ‌। ইয়াত আনুষ্ঠানিক শিক্ষাৰ উচ্চ ডিগ্ৰীধাৰী এজনেও নিৰ্দ্বিধাই আকাশৰ গ্ৰহ নক্ষত্ৰক সন্তুষ্ট কৰিবলৈ দহো আঙুলিত ৰত্ন পিন্ধে, কোনোবা বাবাজী-গুৰুজীৰ গোৰ খাই ককাল বিষ ভাল হ’ল বুলি দাবী কৰে। মুঠতে তেওঁলোকৰ মনে যিকোনো কথাকে বিনাপ্ৰশ্নে মানি ল’বলৈ সদা প্ৰস্তুত‌। তেওঁলোকৰ বাবে বিজ্ঞানৰ প্ৰলেপ সানি প্ৰচাৰ কৰাৰো প্ৰয়োজন নাই‌। তথাপি সেই প্ৰলেপ অলপ থাকিলে সোণত সুৱগা চৰে‌।
সেয়েহে এই নতুন অপবৈজ্ঞানিক প্ৰচেষ্টাৰ কুছ-কাৱাজ আৰম্ভ হৈছে- ‘হোম-অগ্নিহোত্ৰ জৈৱিক কৃষি’ৰ ৰূপত‌। আশাকৰোঁ কৃষি বিজ্ঞানীসকলে এনে অপবিজ্ঞানৰ সোঁতত গা এৰি নিদিব‌।
http://www.dainikjanambhumi.co.in/current/images/p4/p4-big_04.gif

 

বিষয়টো সন্দৰ্ভত জুলাই’২০১৪ সংখ্যাৰ সম্পাদক ৰুদ্ৰ নাৰায়ণ বৰকাকতিৰ সংযোজন:

“কৃষি পদ্ধতিৰ বিবৰ্তন আৰু বিষমুক্ত খাদ্যৰ প্ৰাসংগিকতা”

জুলাই’২০১৪ সংখ্যাৰ সাহিত্যৰ সম্পাদকীয় “কৃষি পদ্ধতিৰ বিবৰ্তন আৰু বিষমুক্ত খাদ্যৰ প্ৰাসংগিকতা” সম্পৰ্কত, ই-আলোচনীখন প্ৰকাশ পোৱাৰ পাছৰে পৰা যথেষ্ট বিতৰ্কৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছিল, লগতে সম্পাদকক বাক্যৰে ব্যক্তিগত আক্ৰমন কৰাও পৰিলক্ষিত হৈছিল৷ সম্পাদকীয় লেখাটোৰ উদ্দেশ্যটোনো আছিল কি? সেয়া যদি চাও, তেনেহলে দেখিম,- প্ৰাচীন কালৰ জৈৱিক কৃষি পদ্ধতি কিদৰে সময়ৰ দাবীত অজৈৱিক কৃষি পদ্ধতিলৈ ধাবিত হ’ল আৰু পৰৱৰ্তী সময়ত এইবোৰৰ পৰা সৃষ্ট বিভিন্ন পাৰ্শ্বক্ৰীয়াৰ বিষয়ে জ্ঞাত হোৱাৰ পাছত পুনৰ জৈৱিক পদ্ধতিৰ প্ৰতি ঘুৰি যাবলগীয়া পৰিস্থিতি আহি পৰিছে ৷ সেই ক্ষেত্ৰত সম্পূৰ্ণৰূপে জৈৱিক কৃষিৰ পৰিৱৰ্তে আন কি কি ধৰনেৰে বিষমুক্ত খাদ্য উৎপাদন কৰিব পাৰো তাৰ বাবেও অধ্যয়ন হ’ল৷ ইয়াৰে অংশৰূপে সমন্বিত “পতংগ নিয়ন্ত্ৰণ ব্যৱস্থাপনা “, “ইকলজিকেল ইঞ্জিনিয়াৰিং” আদিৰ বিষয়েও সৰ্বত্ৰে আলোচিত হ’ব ধৰিলে ৷ জৈৱিক কৃষিৰ বিষয়ে অবগত কৰিবলৈ যাওতে আমি অনুভৱ কৰিছিলো, এই বিষয়ত যিকোনো ধৰণৰ গবেষণাৰ বিষয়ে আমাৰ পঢ়ুৱৈক অবগত কৰাটো নিশ্চয় প্ৰয়োজন হ’ব ৷ তাৰ বাবে, আমি জ্ঞাত হোৱা, একধৰণৰ জৈৱিক কৃষি পদ্ধতি “হোমা আৰু অগ্নিহোত্ৰ জৈৱিক কৃষিৰ” বিষয়েও উল্লেখ কৰিছিলো ৷ আমি নিজেই এই পদ্ধতি অবলম্বন কৰি পোৱা নাই ৷ কিন্তু CSK Himachal Pradesh Krishi Vishavidyalya ত এই পদ্ধতিক Research Thrust Area হিছাপে লৈ কাম কৰি আছে ৷ এই পদ্ধতিৰ লগত কি ধৰণৰ ৰহস্য লুকাই আছে সেই বিষয়ত আমি নিজস্বভাৱে কোনো গৱেষনা কৰা নাই ৷ কিন্তু প্ৰত্যেকটো নহলেও প্ৰায়ভাগ থলুৱা কামৰ মাজত একোটা বৈজ্ঞানিক ভিত্তি লুকাই থাকে ৷ ধৰক নিশা “লাইট ট্ৰেপ”ত পোক ধৰিব বিচাৰিলে পূৰ্ণিমাৰ দিনা আৰু আঁওসীৰ দিনাৰ মাজত যথেষ্ট প্ৰভেদ দেখা যায়৷ ইয়াক অন্ধবিশ্বাসীয়ে(!) কথন ভংগীৰ জৰিয়তে এক ধৰনে প্ৰকাশ কৰিব পাৰে আৰু যুক্তিবাদীয়ে সম্পূৰ্ণৰূপে নস্যাৎ কৰি দিবও পাৰে ৷ কিন্তু প্ৰতিপদ, দ্বিতীয়া, তৃতীয়া আদিত পোহৰৰ উজ্জলতাৰ তাৰতম্য হোৱাৰ বাবেহে এই আচৰণ পৰিলক্ষিত হয়৷ আন এটা উদাহৰণ,- খেতি পথাৰত ৰবাব টেঙাৰ বাকলি দিলে পোক পতংগ বিকৰ্ষিত হয় ৷ এতিয়া প্ৰমানিত হৈছে যে, ৰবাব টেঙাটো কিছুমান পতংগ বিকৰ্ষক পসায়ন আছে৷ এতিয়া আমি মুল কথাৰ পৰা ফালৰি নকটাকৈ পুনৰ মুল কথালৈ আহো ।
CSK Himachal Pradesh Krishi Vishavidyalya ৰ বেবচাইটত গৈ organic agricultureত ক্লিক কৰক৷ তাৰ পাছত, Thrust area ক্লিক কৰক আৰু ৬ নম্বৰ পইন্টটো মন কৰক “Effect of Homa Farming and Homa Bhasam on crop yields and pest management” ৷ ইয়াৰ লগতে তাত অনুস্থিত “11-20জুন’১২” এক প্ৰশিক্ষণ ” ICAR Short course on Pest Management in High Value Crops under Protected Cultivation” ৰ হাতপুঠিৰ ৯১-৯৬ পৃষ্ঠাত প্ৰকাশিত লেখা “Disease management under organic agriculture” লেখাৰ ৯২ নম্বৰ পৃষ্ঠাত উল্লেখ কৰিছে,-Types of organic farming
1) Homa farming : Agnihotra, Tryambkam
2) Biodynamic farming
3) Vedic Krishi
4) Biofertilizers and Biopesticides
5) Agronomic practices etc.
(সম্পাদকীয়ত উল্লেখিত ছবিখন সেই সময়ৰ Organic Agriculture বিভাগৰ মুৰব্বী Dr. Y. S. Paulৰ সম্মুখত অগ্নিহোত্ৰ প্ৰদৰ্শন

উপৰোক্ত গবেষনা শুদ্ধনে ভুল ইয়াক সংশ্লিষ্ট বিশ্ববিদ্যালয়েহে কব পাৰিব ৷ আমি এইক্ষেত্ৰত মতামত দিবলৈ অপাৰগ৷

 

 

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!