হোলীগীত_ ভূপেন নাথ

(১)

আজি ফাগুন নামিছে বনে বনে মনে মনে
কুকিলৰ কুহু কুহু গুঞ্জৰে গগনে
আবিৰৰ ৰঙ লাগিল উতলা পৰাণে

ৰঞ্জিত দশোদিশ ৰক্তিম বৰণে
পলাশৰ ডালে ডালে সাৰ পালে সপোনে
পুলকিত তন- মন বসন্তৰ আগমনে ।
আজি ফাগুন নামিছে …

আৰে চোৱা কেনে বিতোপন অৱনীৰ ৰংগ
উল্লাসে গগনৰ হয় তপ ভংগ
আজি মাতোৱাল পৱনে নাচে ঘনে ঘনে ।
আজি ফাগুন নামিছে …

(২)

আবিৰ সিঞ্চৰে শ্যাম কানাই
ব্ৰজবাসী সমে ফাকু খেলে গোঁসাই
তনু মন ৰঙে উপচাই
খেলে হোলী জগতৰ গোঁসাই

নন্দেৰ নগৰে আনন্দ মিলিছে
হোলীৰ ৰঙ্গে ৰঙ্গে সৱেও নাচিছে
(হোলী হে আমাৰ প্ৰাণৰ হোলী হে)
সৰগৰ দেৱগণে থৰ হুয়া চায়
খেলে হোলী জগতৰ গোঁসাই …

দেখা কেনে বিমোহন নন্দেৰ নন্দন
ফাগুৰসে খেলা কৰে কমললোচন
হৰষি তন মন ৰঙ্গে উপচাই
খেলে হোলী জগতৰ গোঁসাই …

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!