হয়গ্ৰীৱ – সিদ্ধাৰ্থ শংকৰ কলিতা

 

অশ্বত্থামাৰ হেঁহনি
অশ্বগোষ্ঠৰ আত্ৰানি

দ্ৰোণপত্নীৰ
টোপনিৰ আমনি

সামাজিকত হেঁহায়
মোৰ কণমানিজনীয়ে
ফলিত চক মাটিৰে
ঘঁহাই

ঘোঁৰাৰ ডিঙি দীঘল!
মেলি দিলে ওপৰলৈ
আৰু ওপৰলৈ

পানী
পানী
পানী

এটা বোকাত
লুতুৰি ঘোঁৰা

মুখত চিপ লৈ
ওলমি আছে
এপাহ পদুম

কণ-মন দাইটিহঁতে
ঘোঁৰাৰ মুখাসজ্জাত
মন দিছে

এইবেলি বোলে
উদ্ধাৰিব বেদ

ঘোঁৰাচোৱাৰীহে আমি

কান্ধত ওলোমাই
এহাত এমুঠন খোল

দহো আঙুলিত
হয়গ্ৰীৱ অসুৰৰ
প্ৰৱেশৰ বোল

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!