হয় অমুক…সবিশেষ জনাওক (-দেবাংগ পল্ল‌ৱ শইকীয়া)

বিৰতিৰ পিছত পুণৰ স্বাগতম । এইখিনিতে দৰ্শকসকলক দিছোঁ এটা ব্রেকিং নিউজ। দিল্লীবাসী অসমীয়া যুৱকৰ টয়লেটত ওলাল দুদালকৈ বিষাক্ত চেলা । এই বিষয়ে আমাক .সবিশেষ জনাব তাত উপস্থিত থকা আমাৰ সংবাদদাতা অমুকে । অমুক-কি তথ্য আছে আপোনাৰ হাতত ?
:- হয় অমুকী । আজি পুৱা প্রাতঃকৰ্ম কৰিবলৈ যাওঁতেই দিল্লীবাসী অসমীয়া যুৱকৰ
টয়লেটত দুদালকৈ বিষাক্ত চেলা ওলোৱাৰ ঘটনাই তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে । আমি এতিয়া তেখেতৰ লগত কথা পাতিম । হয় শইকীয়া- কি জনাব এইবিষয়ে , কেনেকৈ এই বিষাক্ত চেলা আপুনি দেখিবলৈ পালে আৰু এতিয়া আপোনাৰ অনুভৱ কেনে ?

শইকীয়াঃ- ব্লা ব্লা ব্লা ব্লা
:- হয় অমুকী নিশ্চিতভাবে দৰ্শকে শুনিলে যে শইকীয়াই আজি পুৱা প্রাতঃকৰ্ম কৰিবলৈ যাওঁতে তেওঁ বাওঁ ভৰিত এটা সুৰসুৰণি অনুভৱ কৰে আৰু চাওঁতেই তেওঁ প্রত্যক্ষ কৰে সেই বিষাক্ত চেলা আৰু তেওঁ ভয়ত বিতত হৈ টয়লেটৰ পৰা ওলাব খোজোতেই প্রতক্ষ্য কৰে আন এদাল বিষাক্ত চেলা…
:- হয় অমুক, যিহেতু আপুনি কৈছে যে চেলাদাল বগাইছিল শইকীয়াৰ ভৰিৰে । চেলাদালৰ লক্ষ্যস্থান সম্পৰ্কত কিবা তথ্য আছে নেকি?
:-হয় অমুকী, নিশ্চিতভাবে শইকীয়াই কৈছে যে চেলাদাল শইকীয়াৰ ভৰিৰে বগাইছিল কিন্তু চেলাৰ লক্ষ্যস্থান সম্পৰ্কত তেওঁ অ‌ৱগত নহয় ।
:-হয় অমুক, চেলাদুদালৰ দৈৰ্ঘ্য সম্পৰ্কে শইকীয়াই কি কয় ? আৰু তেওঁৰ বৰ্তমান অনুভৱ কি ?
:-হয় অমুকী নিশ্চিতভাবে শইকীয়াই জানিবলৈ দিছে যে প্রথম চেলাদালৰ দৈৰ্ঘ্য আছিল আনুমানিক চাৰি ছেন্টিমিটাৰ আৰু দ্বিতীয়দাল তিনি ছেন্টিমিটাৰ । দুয়োদাল চেলা একেটা পৰিয়ালৰ বুলি শইকীয়াই অনুমান কৰিছে । নিশ্চিতভাবে শইকীয়াই দুখেৰে জানিবলৈ দিছে যে আজি তেওঁ টয়লেটলৈ কেমেৰা ফোনটো লৈ নোযোৱাৰ বাবেই সেই চেলাক তেওঁ কেমেৰাত বন্দী কৰিব নোৱাৰিলে আৰু ফেচবুকত আপলোড কৰিব নোৱাৰিলে । লগতে আমি শইকীয়াৰ ঘৰৰ চৌপাশ দেখুৱাবলৈ কেমেৰা পাৰ্চনক অনুৰোধ কৰিম । দৰ্শকে নিশ্চিতভাবে দেখিছে যে শইকীয়াৰ ঘৰৰ চৌপাশত বন জংঘল তেনেকৈ নাই । গতিকে দুদালকৈ চেলা ক’ৰ পৰা আহি শইকীয়াৰ টয়লেটত
প্রৱেশ কৰিলে সেয়াও এক ৰহস্য । অমুকী ।
:-হয় অমুক, নিশ্চিতভাবে এইটো ৰহস্যৰ কথা । এই বিষয়ে ফ্লেটৰ মালিকপক্ষৰ ভাষ্য কি ? কি জনাব আমাক ?
:-হয় অমুকী নিশ্চিতভাবে শইকীয়াই জানিবলৈ দিছে যে তেওঁ চেলাক হিন্দীত কি বুলি কয় নজনা বাবে এতিয়ালৈকে ফ্লেটৰ মালিকক বুজাব পৰা নাই আচলতে কি ওলাইছিল । আকাৰ, ইঙ্গিত আৰু বিৱৰণ শুনি আৰু জহৰীলা শব্দটো শুনি
ফ্লেটৰ মালিকে সৰু সাপ বুলি ভুল বুজা পৰিলক্ষিত হৈছে । এইখিনিতে আমি দৰ্শকক জনাওঁ যে শইকীয়াৰ ফ্লেটৰ মালিক হৈছে এজন চৰ্দাৰ ।
:-হয় অমুক ধন্যবাদ । আপুনি লাইনত থাকিব । এইবিষয়ে আমি পুনৰ কথা পাতিম ।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!