১৬ পেশ্বাৱৰ (নিশাংক মিলন)
১৬ পেশ্বাৱৰ
A-ৰ পৰা B-লৈ এখন ওমলা অলং
C-ৰ পৰা D-লৈ এখন ওলোমা দলং
এই অলঙেৰে, সেই দলঙেৰে
যিসকল আৰু ওভতি নাহিল
তেওঁলোকৰ বাবে নুমুৱাই থোৱা হওঁক
প্ৰতিখন উলম্ব পতাকা,
ক’বলৈনো আৰু কি থাকিল,
ছিঙি পৰা আঙুলিবোৰৰ কুঁহিপাত কুমলীয়া
এথোপা তেজত ডুবি
সেই শৈশৱ যি ধুনীয়া
বুটলি বুটলি বুকুবোৰ এতিয়া
বাউলী হোৱা প্ৰাৰ্থনা এটা ;
মাথো এই ঘটনাৰ বাবেই
তোমালোকে খুলি থোৱা তোমালোকৰ পোছাকবোৰ,
হাতবোৰ, নিহত হাড়বোৰ ;
মাথো তোমালোকৰ বাবেই উন্মুক্ত হওঁক
নৰকৰ শেষখন দুৱাৰ,
অন্ধ চকুবোৰত জ্বলি উঠক
ছাই হোৱা তোমালোকৰ আত্মাৰ এঙাৰ !
মাথো এই ঘটনাৰ বাবেই
বোবা হৈ পৰক
প্ৰতিজন অবাক দৰ্শক,
বধিৰ হৈ পৰক
প্ৰতিজন মৰ্মান্তিক ঘোষক,
কোমল কফিনবোৰৰ সেমেকাত
এই মাটিয়েই সামৰণি শিল্প হওঁক
চকুপানীৰ অন্তিম টোপাল প্ৰশংসাৰ !
এই দিনটোৰ পিছতেই
কাটাতাঁৰৰ কাপোৰ খুলি উলংগ হৈ পৰক
ৰাষ্ট্ৰ নামৰ প্ৰতিজনী বেশ্যা,
লাইট প’ষ্টত ওলোমাই থোৱা হওঁক
ভেকোভাওনাৰ প্ৰতিখন সংবিধান;
যি ঈশ্বৰৰ ইচাৰাত
মাটিৰ চিলেটত গজি উঠে
কান্দোনৰ তুমুৰুলি উদ্যান,
সেই ঈশ্বৰৰ হাড়ত লিখা হওঁক
নতুনকৈ আন এখন
গীতা, বাইবেল অথবা কোৰাণ !
ক’বলৈ আৰু কিয়েইবা থাকিল
এটা তৰা বিচাৰি মেলা জোনবাইৰ দুহাতত
তোমালোকে গুজি দিলা
বুলেটৰ অন্ধ অমাৱস্যা,
তেজত তিতা ৰঙাফিটাৰ পখিলা খেদি
সময়েও চকুদুটা খুলি থৈ ফেঁকুৰে…
স্বাধীনতা মানে হয়তো এতিয়া
মৃত শিশুৰ কপালত
পৃথিৱীয়ে খাই যোৱা শেষটো চুমা !!