২৬ জানুৱাৰীৰ চিত্ৰকল্প(মুকুল পাঠক )

২৬ জানুৱাৰীৰ সন্ধীয়াৰ ব্যস্ত মহানগৰী
পদপথত নাই চলমান চ্ন্তৰি
নাই গাড়ীৰ অনুজ্ঞাপত্ৰ বিচৰা খাকী পোচাকধাৰী
ৰঙা চকুবোৰ শুইছে
অথবা কোনোবা জিলা সদৰত
প্ৰতিশ্ৰুতিৰ বন্যা বোৱাইছে
নিচান উৰুৱাই গাইছে জন গন মন….
পদপথত নাই মানুহৰ কোলাহল
নাই সমাগম বা সমদল
সভাঘৰত মিঠাই দিছে
ৰঙাঘৰতো বিয়পিছে আপেলৰ সুবাস
কাছাৰীঘৰত অকলে অকলে নিচানবোৰে গাইছে
‘অকল শৰীয়া মইক এটি ছাঁয়া…’ জয়ন্তৰ গান
আধুনিকাই সাধাৰণ জ্ঞান বঢ়োৱাৰ সুবিধা লৈছে
সৰস্বতী পূজাত টি ভিৰ মানুহে সুধিব পাৰে
ৰাষ্ট্ৰপতি ইংৰাজ অথবা মুখ্যমন্ত্ৰী আদি
মুঠতে গণতন্ত্ৰৰ নাম হৈছে
আকাশত বতাহত কাগজত চিনেমা হলত
আজিৰ দিনটোত এসময়ত
শহুৰে বিনামূল্যে ৰেলত উঠি স্বাধীনতাৰ সোৱাদ লৈছিল
জোঁৱায়েকে আকৌ ৰেলৰ নামকে নলয়
বাপেকে চৰকাৰী চাকৰীৰ দোহাই দি ঘৰৰ বাহিৰ হয়
পিতেকে টি ভিত বোমা ফুটাৰ খবৰ লয়
লাডেনৰ জন্ম দিনতো এই দেশত পাঁচোটাকৈ মেছেজ আহে
গণতন্ত্ৰ দিৱসত আহে মাথো দুটা
তিনিটা ৰঙ দেখুৱাই চাৰিটা লুকুৱাই
স্বাধীনতাৰ কচৰৎ চলি থাকে
অলি-গলি পথ-উপপথ অথবা লালকিল্লাত……
 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!