৫’ জুন– বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি (কুলেন্দু বৰদলৈ)

৫’ জুন– বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি
– (কুলেন্দু বৰদলৈ)

চাইকেল খন লৈ ৰাস্তাইদি গৈ থাকোতে এজাক প্রায় ১০-১৩ বছৰীয়া ল’ৰা-ছোৱালী চিঞৰ-বাখৰ বোৰ কাণত পৰিলহি। সিহঁততকৈ সৰু লৰা-ছোৱালী জাকে গাই ফুৰিছে –
“আজি স্কুল বন্ধ
গোলাপ-গোলাপ গোন্ধ;
হে’ড মাষ্টৰ নাহিলে
তলা-চাবি বন্ধ…”

চাইকেলখনৰ পৰা নামি পোনে-পোনেই গৈ সিহঁতৰ কাষ পালোগৈ।
“হেৰৌ, তহঁত আজি স্কুললৈ নগ’লি যে?”
“আজি আমাৰ স্কুল বন্ধ”, গোটেই কেইটাই একেলগে উত্তৰ দিলে।
“কিয়? তহঁতৰ স্কুল আজি কিয় বন্ধ হা?”
“নাজানো। আজি আমাক স্কুললৈ কিতাপ লৈ যাব দিয়া নাই! কিন্তু এনেই যাব দিছিলে, গতিকে আমি নাযাওঁ।”
“তাকেতো! তহঁতকনো আজি কিয় কিতাপ নোলোৱাকৈ স্কুল যাব দিছিল গম নাপাৱ নে?”
“নাপাওঁ। অবশ্যে গছ পুলি ৰুম বুলি কৈছিল।”
“অ’, তহঁতে তাৰমানে একো নাজান ন? আহ-আহ, মোৰ লগত আহচোন তহঁত! ঐ ঐ, বকুল-বুবুহঁত ঐ, তহঁত কেইটাও এইফালে আহ, এনে এনেই তহল দি থাকিব নালাগে আহ”।

সকলো অহাৰ পিছত………

“অ, আজি ৫’ জুন। আজিৰ দিনটোক বিশ্ব পৰিবেশ দিৱস বুলি জনা যায়। আমি আমাৰ চাৰিও ফালৰ পৰিৱেশৰ বাবে আটাইবোৰ দিনতেই কাম-কাজ ৰূপায়ন কৰো যদিও, প্রতি বছৰে এই ৫’ জুন দিনটোক আমি ইয়াৰ মূল দিন হিচাপে মানি আহিছো।”

“এই দিনটোত আমি কি কি কাম কৰিব লাগেনো, দাদা? আৰু আজি যে গছ পুলি ৰুব লাগে কিয়?”

“উ, ভাল প্রশ্ন! আচলতে আজি আমি আমাৰ সকলো স্তৰৰ মানুহেই একেলগ হৈ আমাৰ চাৰিওফালৰ পৰিৱেশ পৰি্স্কাৰ, সেউজীয়া আৰু উজ্জল কৰিবলৈ চেষ্টা কৰো। সেয়েহে এই পৰিৱেশ দিৱসক আগত ৰাখিয়েই আমি নিজেই আমাৰ ওচৰ-পাজৰ পৰিষ্কাৰ কৰি ৰখাৰ পণ কৰিব লাগিব, আৰু তোমালোকে জানানে? আমি ব্যৱহাৰ কৰা প্লাষ্টিকৰ মোনা বোৰেও বহুল পৰিমানে আমাৰ পৰিৱেশ বিনষ্ট কৰিছে। গতিকে আমি প্লাষ্টিকৰ মোনা আঁতৰাই ৰখাৰ পণ কৰিব লাগিব, লগতে আনকো এইবোৰ বস্তু পৰিহাৰ কৰবলৈ উৎসাহিত কৰিব লাগিব আৰু পেলনীয়া বস্তু-জাৱৰ আদি পুনৰ্ব্যৱহাৰৰ ব্যৱস্থা গ্রহণ কৰিব লাগিব”।

“তেন্তে দাদা, প্লাষ্টিকৰ মোনা ব্যৱহাৰ কৰিলেও বেয়া তাৰমানে? আমাৰ ঘৰত চোন যি কোনো কামতেই প্লাষ্টিকৰ মোনা হে ব্যৱহাৰ কৰো!”

“অ, হয়। গতিকে আমি এই বস্তুবোৰ পৰিহাৰ কৰি চলাটো ভাল বুজিছ? আজিকালি দিনে দিনে বায়ুত থকা হানিকাৰক কণাসমুহ বাঢ়ি গৈ আছে, যাৰ ফলত নানা বেমাৰ-আজাৰে আমাক জুৰুলা কৰিবলৈ ধৰিছে। কেতিয়াবা হঠাতে অহা মাত্রাধিক বৰষুণজাকে একোটা অঞ্চল মষিমূৰ কৰি নিছে বা কেতিয়াবা অনিয়মীয়া বৰষুণে আমাৰ খেতি-বাতিৰ উৎপাদনৰ ঋণাত্মক প্রভাব পেলাইছে। তহঁতে দেখিছই নহয়, দিনে দিনে মানুহৰ সংখ্যা বাঢ়ি অহাৰ লগে লগে হাবি-বন মোকোলাই, পাহাৰ-পৰ্বত কাটি ঘৰ সাজিবলৈ লৈছে আৰু বৰষুণৰ পানীয়ে মাটি কঢ়িয়াই নি নৈ-বিল-জলাশয় আদি বাম কৰিছে নাইবা পুতি পেলাইছে। আমাৰ ভূ-গৰ্ভৰপৰা যধে-মধে পানী উলিয়াই পানীৰ স্তৰ তললৈ নমাই নিছে। ফলত গছ-বন, খেতি-বাতিত ইয়াৰ প্রভাব পৰিছে। তহঁতে চাগৈ গম নাপাৱ, ইয়াৰ ফলত আমাৰ নৈ বোৰ শুকাই গৈছে। তহঁতে এই নানান কোম্পেনী বোৰ যে দেখিছ, ইয়াৰ পেলনীয়া ৰাসায়নিক দ্ৰৱ্যই মাটি বা পানী দূষিত কৰিছে আৰু বহু সম্পদ ধ্বংস কৰিছে| নগৰ বা চহৰাঞ্চলত প্লাষ্টিকৰ অবাধ ব্যৱহাৰে প্ৰদূষণ বঢ়াই গৈছে আৰু সময়ে সময়ে নলা-নৰ্দমাত আৱৰ্জনাই কৃত্ৰিম বানৰ সৃষ্টি কৰা আমিতো দেখিছোয়েই, নহয় জানো? আৰু চা, আমাৰ চাৰি-লেন ৰাস্তাটো বনাবলৈকে কিমান গছ-গছনি কাটিলে নহয়নে?”

“অ’ অ’। আমি টি.ভি.-ৰ বাতৰিত দেখো নহয় মাজে মাজে, গুৱাহাটী মহানগৰীত যে অলপমান কিনকিনীয়া বৰষুণতে বানপানী হয়, ন?”

“অ, সেয়াই। এতিয়া আহো, আমিনো আজিৰ দিনটোত কি কৰিব পাৰো। আমি এতিয়া গোটেইকেইটা লগ-লাগি গছৰ পুলি, ফুল, নিম গছ আদিৰ পুলিকে ৰুব পাৰো লগতে আমাৰ ৰাস্তা-ঘাটত অপৰিষ্কাৰ হৈ থকা জাবৰ-জোথৰ বিলাককে চাফ-চিকুণ কৰিব পাৰো। এতিয়া আমাৰ চাৰিও ফালে গমাৰি গছৰ পুলি, নিম গছৰ পুলি আদিবোৰ হাততে পোৱা অবস্থাতে আছে। গতিকে এই পুলিবোৰ নি আমি ৰুৱ পাৰো। তহঁতে শুনি ভাল পাবি, এই গছ বোৰ আমাৰ বিভিন্ন কামত ব্যৱহাৰৰ লগতে জীৱ-জন্তুৰ শ্বাস-প্রশ্বাসৰ লগতো সম্পৰ্ক আছে। আমাৰ ঘৰ, অন্যান্য আচবাব আদি সজাৰ পৰা খৰি আদি আমি গছৰ পৰাই পাও। এই গছ-গছনিয়েই আমাৰ পৰিৱেশ আৰু জলবায়ুক সন্তুলিত কৰি ৰাখে। কিন্তু এতিয়া এই গছ-গছনি ভয়াবহ ভাবে কমি গৈছে। যাৰ ফলত আগতেই কৈ অহাৰ দৰে বৰষুণৰ ওপৰত যথেষ্ট প্রভাব পৰিছে। আকৌ কিছুমান গছ যে আমাৰ ঔষধৰ কামতো লাগে। গতিকে আমি সকলোৱে মিলি এই গছ-গছনি কেনেদৰে বৃ্দ্ধি কৰিব পাৰি সেই কথা চিন্তা কৰিব লাগে। সদায় এই কাম বিলাক কৰিবলৈ মানুহৰ আহৰি নাথাকে বা থাকিলেও নকৰে, কিন্তু এই ৫ জুনতে আমি সকলোৱে মিলি বছৰত অন্তত এদিন হ’লেও আমাৰ পৰিৱেশৰ প্রতি সজাগতা সৃষ্টি কৰিব লাগে। তাতে এই কাম বিলাক স্কুল বিলাকত বেছিকৈ কৰা হয়, কাৰণ স্কুল বিলাকত সৰহ সংখ্যক ছাত্র-ছাত্রী একেলগে পোৱা যায় আৰু একেলগ হৈ এই কাম কৰিলে ভাল লাগে, বুজিলি”।

“গতিকে এতিয়া মোৰ লগতেই গোটেই কেইটা যাওঁ ব’ল। ওচৰৰ হাবিডৰাতে বহুতো গমাৰী, নিমগছৰ পুলি আছে, সেই বোৰ নি পথৰ দাঁতিয়ে দাঁতিয়ে ৰুই দিওগৈ, অন্তত ডাঙৰ হ’লে তহঁতে কব পাৰিবি; এই গছ বিলাক তহঁতেই ৰুইছিলি বুলি! কিন্তু তাৰ বাবে তহঁতে মাজে-মাজে গছ কেইজোপাৰ যতনো লব লাগিব দেই। ঐ বকুল, তই ধনীৰামৰ দোকানৰ পৰা কেঁচা বুট আৰু বিস্কুত লৈ আহগৈ যা”… বুলি ১০০ টকীয়া নোট এখন উলিয়াই দিলো আৰু গোটেই মখাই গছ পুলি ৰুবলৈ আগবাঢ়ি গ’লো।

(ধ্রুৱজ্যোতি শৰ্মাৰ প্ৰৱন্ধ “বিশ্ব পৰিৱেশ দিৱস : কি আৰু কিয়?”ৰ পৰা অলপ তথ্য লোৱা হৈছে)

Subscribe
Notify of

2 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
5 years ago

বহু ত ভাল লাগিল।

দৰ্শনা
4 years ago

সচাই বহুত ভাল লাগিল পঢ়ি । আগলৈও লিখি যাব বুলি আশা কৰিলো ।

Copying is Prohibited!