৭৬ বছৰীয়া আকাশবাণী গুৱাহাটী
লেখক- তপন দত্ত
ঐতিহ্যমণ্ডিত আকাশবাণী গুৱাহাটী কেন্দ্ৰই যোৱা ১ জুলাইৰ দিনা ৭৭ বছৰত ভৰি দিলে। ব্যক্তি বিশেষৰ ক্ষেত্ৰত এই সংখ্যা মৃত্যু পথযাত্ৰাৰ ইংগিত হৈ পৰাৰ বিপৰীতে অনুষ্ঠান-প্ৰতিষ্ঠানৰ ক্ষেত্ৰত ই শৌৰ্য বীৰ্যৰ প্ৰতীক হৈ ধৰা দিয়ে। মূৰত কঢ়িয়াই লৈ ফুৰা ঐতিহ্যৰ কষটি শিলত ঘহনি খাই ই হৈ পৰে অধিক উজ্জ্বল। জাতিৰ সম্পদ। ঐশ্বৰ্যশালী ঘৰৰ বুঢ়াজনৰ দৰে।
অসমীয়া জাতিৰ সাংস্কৃতিক পৰিচয়ৰ ৰূপকাৰ তথা ইয়াৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে অহৰহ জড়িত হৈ থকা এই অনুষ্ঠানটোৰ বয়ঃসন্ধিৰ এই ক্ষণত মনলৈ স্বাভাৱিকতেই আহিব পাৰে অস্বস্তিকৰ বিভিন্নটা প্ৰশ্ন। বিনোদন মাধ্যমৰ আজিৰ এই আধিক্যৰ দিনত আকাশবাণীয়ে পূৰ্বৰ দৰে নিজৰ গৰিমা অটুত ৰাখি থাকিব পাৰিবগৈনে? আকাশবাণীৰ পৰম্পৰাগত অনুষ্ঠান নিৱেদনৰ পদ্ধতিটোৰ পুনৰীক্ষণৰ প্ৰয়োজন হৈ পৰিছে নেকি? আকাশবাণী নীৰস হৈ পৰিছে নেকি? এনেবোৰ প্ৰশ্ন উত্থাপনৰ আঁৰত আছে নতুন প্ৰজন্মৰ মাজলৈ অহা আশংকা আৰু উদ্বেগ। নতুন নতুন বিনোদন মাধ্যমবোৰৰ আগমনে লৈ অনা শ্ৰোতাৰ অভিৰুচিৰ সৈতে মিলি যোৱা নতুন নতুন মনোৰঞ্জনমূলক পৰিৱেশন শৈলীৰ লগতে নতুন নতুন চিন্তা, ঘটনাৰ ক্ষিপ্ৰ প্ৰচাৰণৰ নিত্য নতুন টেকনলজি, কথকতাৰ নতুন আকৰ্ষণীয় ষ্টাইল আদি সুলভ হৈ পৰাৰ প্ৰেক্ষাপটত স্বাভাৱিকতেই এনেবোৰ প্ৰশ্ন আহিবই। গণ মাধ্যমৰ অধিক্যই আজি আমাক এক গ্লৱেল ভিলেজৰ বাসিন্দা কৰি তুলিছে। আমাৰ মাজলৈ দ্ৰুতভাৱে আহি পৰা পৰিৱৰ্তনৰ ধামখুমিয়াত এই ধৰণৰ তুলনামূলক বিচাৰধাৰা এটা আহিবই।
সামাজিকভাৱে সংঘটিত সাংস্কৃতিক মানসিকতাৰ পৰিবৰ্তনৰ এই সংক্ৰমণশীল সময়ছোৱাৰ আলিদোমোজাত থিয় হৈ আমাৰ দৰে লোকে এতিয়াও ভাবোঁ – বজাৰৰ এই ৰংচঙীয়া বাণিজ্যমেলাৰ ভিৰত হেৰাই নগৈ, মাটিক খামুচি এতিয়াও আমাৰ আকাশবাণীয়ে প্ৰাচীন সম্ভ্ৰন্ত ঘৰৰ বোৱাৰী এগৰাকীৰ দৰে পৰম্পৰাৰ বুকুতে জীৱনৰ প্ৰমূল্যৰ জেউতি বিলাব লাগিছে। কিন্তু সাংস্কৃতিক চেতনাৰ ধূৰাডালত কৰা অহৰহ আক্ৰমণে পৰম্পৰাক অচিৰেই যে এক অচল মুদ্ৰা কৰি পেলাব পাৰে তাৰ আশংকাতে আহি পৰিছে এই নতুন সংশয় আৰু সংঘাত।
ভাৰতবৰ্ষত অনাতাঁৰ প্ৰচাৰণ সেৱাৰ শুভ আৰম্ভ হৈছিল ১৯২৭ চনৰ ২৩ জুলাইৰ দিনা। মুম্বাইত সেই দিনা Indian Broadcasting Limited নামৰ এটা ব্যক্তিগত খণ্ডৰ উদ্যোগত দেশখনৰ প্ৰথমটো অনাতাঁৰ কেন্দ্ৰ প্ৰতিষ্ঠা কৰা হৈছিল। সেই বছৰৰে ২৬ আগষ্টৰ পৰা কলকাতাৰ পৰাও সংগঠিত ৰূপত অনাতাঁৰ প্ৰচাৰণ কাৰ্য আৰম্ভ হৈছিল। এই ক্ষেত্ৰখনৰ বিপুল সম্ভাৱনীয়তাৰ প্ৰতি লক্ষ্য কৰি কেন্দ্ৰীয় চৰকাৰে ব্যক্তিগত খণ্ডত অনাতাঁৰ প্ৰচাৰ সেৱা প্ৰথাৰ বিলোপ ঘটাই ৯ বছৰৰ পিছত (১৯৩৬) আনুষ্ঠানিকভাৱে চৰকাৰৰ এটা বিভাগ হিচাপে All India Radio অৰ্থাৎ আকাশবাণীৰ সূচনা কৰে ( পিছলৈ অৱশ্যে পৰিৱৰ্তিত পৰিস্থিতিৰ সৈতে খাপ খুৱাই ব্যক্তিগত খণ্ডত বিনোদন মাধ্যমৰ প্ৰতি থকা হেঙাৰ উঠাই লোৱা হয়)। ভাৰতে স্বাধীনতা লাভ কৰাৰ এঘাৰ মাহৰ পিছত ১৯৪৮ চনৰ ১ জুলাই তাৰিখে তেতিয়াৰ অবিভক্ত অসমত প্ৰথম অনাতাঁৰ কেন্দ্ৰ স্থাপন কৰা হয় আৰু এই তাৰিখটোৱেই আকাশবাণী গুৱাহাটীৰ জন্মদিন।
আজিৰ তাৰিখত সমগ্ৰ দেশৰ সৰ্বমুঠ জনসংখ্যাৰ ৯৯.১৪ শতাংশ লোককে সামৰি লোৱা সীমাৰেখাৰ ভিতৰত অবিৰতভাৱে অনুষ্ঠান প্ৰচাৰ হৈ থকা আকাশবাণী কেন্দ্ৰৰ সংখ্যা হ’ল ২২৯টা। ২৪টা প্ৰধান ভাৰতীয় ভাষাৰ লগতে ১৪৬টা দোৱানত অহৰহ অনুষ্ঠান প্ৰচাৰ হৈ থকা আকাশবাণীয়ে লগতে সামৰি লৈছে বিদেশৰ ১৭খন দেশত দৈনন্দিন ১০টা বিদেশী ভাষাত অনাতাঁৰ প্ৰচাৰণ সেৱাৰ কাৰ্যসূচী।
আকাশবাণীৰ শুভাৰম্ভৰ যোগেদি আৰম্ভ হোৱা আমাৰ দেশৰ অনাতাঁৰ প্ৰচাৰণ সেৱাৰ মূল তিনিটা খুটা অথাৰ্ৎ মূল তিনিটা দৰ্শন হ’ল, শ্ৰোতাক সুস্থ মনোৰঞ্জন দিয়া, জনসাধাৰণক শিক্ষিত কৰি তোলাত সহায় কৰা আৰু শেহতীয়া বাতৰি তথা ঘটনাপ্ৰবাহৰ সৈতে পৰিচিত হৈ থকাত সহায় কৰা। এই মূল তিনিটা উদ্দেশ্যক সাৰোগত কৰিয়েই আকাশবাণীৰ অনুষ্ঠান সমূহ ঘাইকৈ প্ৰচাৰ হৈ আহিছে। চুটিকৈ এই দৰ্শন হৈছে ‘বহুজন সুখায়, বহুজন হিতায়’। কোৱা বাহুল্য মাথোঁন যে অনাতাঁৰ অনুষ্ঠান প্ৰচাৰৰ যিটো মূল কৰ্ম সেয়া হৈছে এক সৃষ্টিশীল সাংস্কৃতিক কৰ্মৰ নামান্তৰ আৰু আকাশবাণীৰ বাবে এয়া এক সামাজিক সেৱা। এই সেৱা আকাশবাণীয়ে দীৰ্ঘদিন ধৰি নিষ্ঠাৰে পালন কৰি আহিছে। বৰ্তমান আকাশবাণী আৰু দূৰদৰ্শন ‘প্ৰসাৰ ভাৰতী’ নামেৰে এক স্বতন্ত্ৰ সংস্থাৰ অধীন। ইয়াৰো এক ইতিহাস আছে। এই বৰ্ড গঠনৰ জন্ম যন্ত্ৰণাৰ ইতিহাস পৰ্যালোচনা কৰি চালে দেখা পোৱা যায় যে, চৰকাৰী বিভাগৰ চৰিত্ৰ আঁতৰাই আমাৰ দেশৰ ৰাজহুৱা অনাতাঁৰ প্ৰচাৰণ সেৱাক (আকাশবাণী আৰু দূৰদৰ্শন) মুক্ত, স্বাধীন আৰু গতিশীল চিন্তাধাৰাৰ মাৰ্গ দৰ্শন দি প্ৰকৃত অৰ্থত Public service broadcaster হিচাপে গঢ়ি তুলিবলৈ স্বায়ত্ত শাসন প্ৰদান কৰিব লাগে বুলি স্বাধীনতা-উত্তৰ কালৰে পৰা দেশজুৰি এটা দীঘলীয়া বিতৰ্ক চলি আছিল। আদৰ্শগতভাৱে গণ মাধ্যমসমূহৰ প্ৰকৃত চৰিত্ৰ হ’ব লাগে ৰাষ্ট্ৰ ক্ষমতা আৰু জনগণৰ মাজৰ এজন বাৰ্তা বাহক। নিৰপেক্ষতা আৰু সমালোচনা কৰাৰ অধিকাৰ হৈছে ইয়াৰ মূল চৰ্ত। আকাশবাণীকে ধৰি গণতন্ত্ৰৰ চতুৰ্ত স্তম্ভ বুলি অভিহিত এই মাধ্যমসমূহৰ ৰাইজৰ প্ৰতি এটা নিস্বাৰ্থ দায়িত্ব থকা উচিত। সংবিধানপ্ৰদত্ত অধিকাৰ – Fredom of expression-ক প্ৰেক্ষাপটতলৈ চলা এই বিতৰ্কৰ প্ৰতি বিজ্ঞ বহুলোকেই সহমত পোষণ কৰিছিল যদিও দীৰ্ঘদিন ক্ষমতাত থকা কংগ্ৰেছ দলে এই মাধ্যম দূটাক স্বায়ত্ত শাসন প্ৰদান কৰাৰ পক্ষপাতী নাছিল। ৰাষ্ট্ৰীয় বিতৰ্কত সেও মানি ১৯৬৪ চনত তেতিয়াৰ তথ্য আৰু সম্প্ৰচাৰ বিভাগৰ মন্ত্ৰী ইন্দিৰা গান্ধীয়ে বিষয়টো চালি জাৰি চাবলৈ ‘‘চান্দা কমিটি” নিয়োগ কৰিছিল। এই কমিটিয়ে ১৯৯৭ চনত দাখিল কৰা প্ৰতিবেদন অনুসৰি মাধ্যম টোক অৰ্ধ-চৰকাৰী মৰ্যদা দিয়াৰ পোষকতা কৰিছিল যদিও চৰকাৰে সেয়া মূলতঃ অগ্ৰাহ্য কৰে। অৱশ্যে প্ৰতিবেদনত উল্লেখ থকা দুটা পৰামৰ্শ ৰেডিঅ’ আৰু দূৰদৰ্শনৰ বাবে দুটা পৃঠক সঞ্চলকালয় খোলা আৰু বাণিজ্যিক প্ৰচাৰ সেৱা ( বিবিধ ভাৰতী) খোলাৰ পৰামৰ্শ পাছত কাৰ্যকৰি কৰা হয়। ইন্দিৰা গান্ধীৰ প্ৰধানমন্ত্ৰীত্ত্বৰ কালৰ ইমাৰ্জেন্সিৰ সময়ত এই মাধ্যমটোক চৰকাৰে নিজৰ মুখপত্ৰ হিচাপে অত্যধিক ব্যৱহাৰ কৰাৰ অভিযোগ তুলি জনতা পৰ্টিয়ে নিজৰ নিৰ্বাচনী ঘোষণাপত্ৰত স্বায়ত্ত্ব শাসনৰ বিষয়টোক অগ্ৰাধিকাৰ দিয়ে। ১৯৭৭ চনত জনতা পাৰ্টিয়ে চৰকাৰ গঠন কৰি বিষয়টোৰ প্ৰতি গুৰুত্ব দি নতুনকৈ সাংবাদিক বি. জি. ভাৰ্গিজৰ তত্ত্বাৱধানত আকৌ এখন কমটি (Vergese committee) গঠন কৰি দিয়ে। এই কমিটিৰ প্ৰতিবেদনৰ পৰমাৰ্শ সমূহ সামান্য সালসলনি কৰি ১৯৯৭ চনত অৰ্থাৎ দেশে স্বাধীনতা লাভ কৰাৰ ৫০ বছৰৰ পিছত সংসদত Prasar Bharati Act উত্থাপন কৰে। দুৰ্ভাগ্য যে জনতা চৰকাৰৰ আচম্বিতে পতন ঘটাৰ বাবে সেই বিল পৰিত্যক্ত হৈ থাকে। পিছৰবাৰ কংগ্ৰেছ চৰকাৰৰ ক্ষমতালৈ আহে যদিও সেই বিল পুনৰ উত্থাপন কৰাৰ প্ৰতি সেই চৰকাৰে কোনো আগ্ৰহ নেদেখুৱালে। ১৯৮৯ চনত National Front-এ চৰকাৰ গঠন কৰি প্ৰচাৰ ভাৰতী বিল পুনৰ উত্থাপন কৰে আৰু এনেকৈয়ে ভি.পি.চিং চৰকাৰৰ দিনত ১৯৯০ চনত সংসদে এই বিলৰ প্ৰতি অনুমোদন জনায় আৰু ক্ৰমে ১৯৯৭ ৰ ২৩ নভেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ আকাশবাণী আৰু দুৰদৰ্শনক Prasar Bharati Act-ৰ অধীনলৈ আনি বহু চৰ্চিত স্বায়ত্ত্ব শাসন প্ৰদান কৰা হয়। কিন্তু লাখটকীয়া প্ৰশ্নটো হ’ল – যি অৰ্থত স্বায়ত্ত্ব শাসনৰ বিষয়টো অনা হৈছিল সেয়া বাস্তৱত প্ৰতিফলন ঘটিলনে? বা প্ৰচাৰ ভাৰতীয়ে এই মাধ্যমটোৰ উৎকৰ্ষ সাধনৰ প্ৰতি যোৱা সময়ছোৱাত কিবা উল্লেখযোগ্য অৰিহণাা যোগাব পাৰিছেনে? কেন্দ্ৰীয় চৰকাৰৰ অঘোষিত নীতি অনুসৰি ৰাজহুৱা নিকায় নিগমসমূহক ব্যক্তিগত খণ্ডৰ হাতত কেৱল মুনাফা লাভৰ বাবে গটাই দিয়াৰ নিছিনাকৈ প্ৰচাৰ ভাৰতীয়েও প্ৰভুক সন্তুষ্ট কৰিব খোজাৰ পথেৰেই বাট বুলিব নেকি? এই প্ৰশ্নবোৰ সচেতন ৰাইজৰ মনত উদয় হৈছে। ভাৰতীয় জনগনৰ আশা-আকাংক্ষাৰ প্ৰতীক সংসদৰ অনুমোদন ক্ৰমে ক্ষমতাৰ চকিত বহা প্ৰচাৰ ভাৰতীৰ বিষয়ববীয়াসকলে জনগনৰ হিতৰ বিপৰীতে মাজে মাজে লোৱা কিছুমান হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে জনগণ সচেষ্ট হৈ থকাৰ বাহিৰে উপায় নাই।
গুৱাহাটী অনাতাঁৰ কেন্দ্ৰ স্থাপনৰ আৰম্ভণিৰ সেই দিনবোৰৰ কথা ক’বলৈ হ’লে প্ৰথমতেই ক’ব লাগিব যে ১৯৪৮ চনৰ ১ জুলাই তাৰিখে আনুষ্ঠানিকভাৱে উন্মোচন কৰা অবিভক্ত অসমৰ এই অনাতাঁৰ কেন্দ্ৰক নামকৰণ কৰা হৈছিল All India Radio Shillong-Guwahati. বুলি। তেতিয়া আকাশবাণী শব্দটো ব্যৱহাৰ কৰা হোৱা নাছিল। পিছত ১৯৫৩ চনৰ পৰাহে ‘অল ইণ্ডিয়া ৰেডিঅ’ৰ ঠাইত ‘আকাশবাণী শব্দটো ব্যৱহাৰ কৰিবলৈ লোৱা হয়। ‘অল ইণ্ডিয়া ৰেডিঅ’ চিলং-গুৱাহাটী’ বুলি কোৱাৰ কাৰণটো হ’ল তেতিয়া চিলং আৰু গুৱাহাটী এই দুয়োখন ঠাইতে দুটা পৃথক কেন্দ্ৰ স্থাপন কৰি একে সময়তে একেবোৰ অনুষ্ঠান উমৈহতীয়া ভাৱে প্ৰচাৰ কৰা হৈছিল। চিলং আৰু গুৱাহাটী দুয়োখন ঠাইতে দুটা পৃথক প্ৰেৰক যন্ত্ৰ স্থাপন কৰি টেলিফোন লাইনেৰে সংযোগ ৰাখি যুটীয়াভাৱে অনুষ্ঠান প্ৰচাৰৰ ব্যৱস্থা কৰা হৈছিল বাবেই ইয়াৰ নামকৰণ কৰা হৈছিল তেনেদৰে। সেই সময়ত যিহেতু চিলং আছিল অসমৰ প্ৰশাসনিক ৰাজধানী আৰু গুৱাহাটী আছিল অসমৰ সাংস্কৃতিক ৰাজধানী। অনাতাঁৰ প্ৰচাৰণৰ বাবে প্ৰয়োজন হোৱা অনুষ্ঠানসমূহ যুগুতোৱাৰ ক্ষেত্ৰত দুয়োখন ঠাইৰে গুৰুত্ব অনুধাৱন কৰিয়েই এনেদৰে যুটিয়া প্ৰচাৰণসেৱা আৰম্ভ কৰিবলৈ সিদ্ধান্ত লোৱা হৈছিল। এতিয়াৰ গুৱাহাটী প্লেনেটৰীয়ামৰ কাষৰ নদী পাৰৰ মনোমোহা পৰিৱেশত তেতিয়াৰ কমিচনাৰ বঙলাত অস্থায়ীভাৱে ষ্টুডিঅ’ সাজি তৈয়াৰ কৰি লোৱা হৈছিল গুৱাহাটী অনাতাঁৰ কেন্দ্ৰ।
অল ইণ্ডিয়া ৰেডিঅ’ চিলং-গুৱাহাটী কেন্দ্ৰৰ যোগেদি অসমীয়া অনুষ্ঠানসূচী প্ৰচাৰ কৰিবলৈ লোৱাৰ আগতে কলকাতা কেন্দ্ৰযোগে অসমীয়া ভাষাত অনুষ্ঠান প্ৰচাৰ কৰাৰ ব্যৱস্থা আছিল আৰু এই কাৰ্যৰ বাবে দুজন চৰকাৰী বিষয়া ক্ৰমে ওবেইদুল লতিফ বৰুৱা আৰু পুৰুষোত্তম দাসে কলিকতাত কাৰ্যনিৰ্বাহ কৰিছিল। এই দুয়োজন ব্যক্তি প্ৰথম অসমীয়া বিষয়া হিচাপে গুৱাহাটীলৈ আহে। এওঁলোক দুজনৰ লগতে কেন্দ্ৰটোৰ নিদ্দেৰ্শিকা হিচাপে হেড্কোৱাৰ্টাৰৰ পৰা আহিছিল মেহেৰা মাছানী। পহিলা জুন তাৰিখৰ পৰা ভূপেন হাজৰিকা, ফণী তালুকদাৰ আৰু বীৰেন্দ্ৰ কুমাৰ ফুকনক অস্থায়ীভাৱে কাৰ্যক্ৰম সহায়ক হিচাপে নিযুক্তি দিয়া হৈছিল। মূলতঃ এইকেইজন ব্যক্তিৰ সহায়তে অসমৰ প্ৰথম অনাতাঁৰ কেন্দ্ৰ, “অল ইণ্ডিয়া ৰেডিঅ’ শ্বিলং-গুৱাহাটী”, আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। কেন্দ্ৰটো মুকলি হোৱাৰ পিছত নিয়মীয়া সাক্ষাৎকাৰৰ ভিত্তিত ভূপেন হাজৰিকা, ফণী তালুকদাৰ, বীৰেণ ফুকন, সত্যপ্ৰসাদ বৰুৱা, চৈয়দ আব্দুল মালিক, (শ্ৰীমতী) ৰৌছনাৰা খাতুন, নাৰায়ন বেজবৰুৱা, ৰঞ্জণ বৰা, মৃগেন্দ্ৰ নাথ ৰায়চৌধুৰী আৰু অৱনী কুমাৰ দাসক নিয়মিতভাৱে নিযুক্তি দিয়ে। গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ বাটকটীয়া বুলি ক’বলৈ হ’লে আমি এইকেইজন ব্যক্তিৰ নামেই ল’ব লাগিব। অল ইণ্ডিয়া ৰেডিঅ’ শ্বিলং-গুৱাহাটী কেন্দ্ৰৰ আৰম্ভণিতে ঘোষক-ঘোষিকাসকল আছিল লব্ধপ্ৰতিষ্ঠ সাহিত্যিক পদ্ম বৰকটকী, যশস্বী চিত্ৰাভিনেত্ৰী জ্ঞানদা কাকতী, সুৰকাৰ শিৱ ভট্টাচাৰ্য্য আৰু পাছলৈ চাহ উদ্যোগত যোগ দিয়া প্ৰমোদ বৰদলৈ। আকাশবাণীৰ বিভিন্ন অনুষ্ঠানৰ পৰিচালক আছিল অসমৰ কলা-সংস্কৃতি, শিক্ষাৰ লগত জিড়িত আৰু সুপ্ৰতিষ্ঠিত ব্যক্তিসকল। বৰ্তমানৰ কৃষিজগত অনুষ্ঠান সেই সময়ত ‘গাঁৱলীয়া ৰাইজলৈ বুলি’ প্ৰচাৰিত আছিল — সেই অনুষ্ঠান প্ৰথমে পৰিচালনা কৰিছিল স্বৰ্গীয় মহেশ্বৰ নেওগে, তাৰ পিছত ক্ৰমে কীৰ্তিনাথ হাজৰিকা, মিহিৰ কুমাৰ বৰুৱা (পাছলৈ আই.পি.এছ বিষয়া) আদিয়ে। অকনিৰ মেল অনুষ্ঠানৰ প্ৰথম পৰিচালক আছিল ডঃ বিৰিঞ্চি কুমাৰ বৰুৱা। ১৯৪৮চনত প্ৰথমতে গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগটোৰ কাম আৰম্ভ হয়। বাতৰি সম্পাদনাৰ দায়িত্বত থকা প্ৰথমজন বিষয়া আছিল কীৰ্তিনাথ হাজৰিকা। এনেকৈয়ে আকাশবাণীৰ শ্বিলং-গুৱাহাটী কেন্দ্ৰত সমকালীন অসমৰ সাহিত্য-সংস্কৃতি জগতৰ কৃতবিদ্য লোকসকল আকাশবাণীৰ মজিয়াত গোট খালেহি। এখেতসকলৰ পিছৰ চামৰ বিশিষ্ট অনাতাঁৰ প্ৰচাৰকসকল হ’ল — কুলদা কুমাৰ ভট্টাচাৰ্য্য, অৰুণ শৰ্মা, দুৰ্গেশ্বৰ শৰ্মা, মহেন্দ্ৰ বৰঠাকুৰ, নিৰ্মল কুমাৰ দত্ত ইত্যাদি। এইসকল প্ৰতিভাশালী অক্লান্ত কৰ্মীৰ চেষ্টাত আকাশবাণী গুৱাহাটী কেন্দ্ৰই অসমৰ ৰাইজৰ মাজত এখন সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হ’ল।
১৯৫৩ চনত শ্বিলং-গুৱাহাটী কেন্দ্ৰৰ সদৰ অফিচ গুৱাহাটীলৈ স্থানান্তৰ কৰা হয় আৰু জালুকবাৰীত উচ্চ ক্ষমতা সম্পন্ন প্ৰেৰক যন্ত্ৰ (transmitter) স্থাপন কৰা হয়। ফলত শ্বিলং কেন্দ্ৰৰ গুৰুত্ব ক্ৰমে হ্ৰাস পাই আহে আৰু সকলোবোৰ অনুষ্ঠান গুৱাহাটী কেন্দ্ৰ যোগে প্ৰচাৰ হ’বলৈ ধৰে। শ্বিলঙক কেৱল মাত্ৰ ষ্টুডিঅ’ হিচাপে ৰাখি তাত বাণীবদ্ধ কৰা সকলোবোৰ অনুষ্ঠান গুৱাহাটীলৈ পঠিয়াই দিয়াৰ ব্যৱস্থা কৰা হ’ল আৰু ঠিক তেতিয়াৰ পৰাই অল ইণ্ডিয়া ৰেডিঅ’ শ্বিলং-গুৱাহাটী বুলি কোৱাৰ পৰিবৰ্তে নামকৰণ কৰা হ’ল “আকাশবাণী গুৱাহাটী।” মিছ মেহৰা মাছানী আছিল আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ প্ৰথম সঞ্চালক। প্ৰথম অসমীয়া সঞ্চালক আছিল উবেইদুল লতিফ বৰুৱা (এখেত পিছলৈ আকাশবাণীৰ সঞ্চালক প্ৰধান পদত অধিষ্ঠিত হৈছিলগৈ আৰু এতিয়ালৈকে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ পৰা এই পদত অধিষ্ঠিত একমাত্ৰ ব্যক্তি)।
ইতিমধ্যে উজানবজাৰৰ লতাশিল ফিল্ডৰ উত্তৰত থকা পুৰণি কমিছনাৰৰ বঙলাৰ পৰা দূৰৈত নিজা মাটিত কেন্দ্ৰৰ নিজা ঘৰ সজাৰ বাবে প্ৰস্তুতি চলিছিল। এই স্থান হ’ল চান্দমাৰীৰ বৰ্তমানৰ কেন্দ্ৰটো থকা ঠাইখিনি। ১৯৫৭ চনৰ মে মাহত এই নিৰ্মিয়মান স্থানলৈ আকাশবাণী গুৱাহাটী কেন্দ্ৰ স্থায়ীভাৱে স্থানান্তৰ কৰা হয়। ১৯৫৮ চনত ১০ কিলোৱাট শক্তিসম্পন্ন শ্বৰ্টৱেভ ট্ৰেন্সমিটাৰ স্থাপন কৰা হয় গুৱাহাটীত আৰু তেতিয়াৰ পৰা অসমৰ প্ৰায় সকলো অঞ্চললৈ ৰেডিঅ’ৰ সেৱা বিস্তৃত হ’ল।
বয়সৰ পিনৰ পৰা বৰ্তমান আকাশবাণী গুৱাহাটী কেন্দ্ৰই ৭৬ বছৰ অতিক্ৰম কৰি গৈছে। যোৱা সময়ছোৱাত এই কেন্দ্ৰই অসমীয়া সাহিত্য-সংস্কৃতিৰ ক্ষেত্ৰলৈ ভালেখিনি বিশিষ্ট বৰঙণি আগবঢ়াবলৈ সক্ষম হৈছে। এই কেন্দ্ৰৰ পৰা প্ৰচাৰিত ভালেমান অনুষ্ঠানে বিভিন্ন সময়ত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় খ্যাতি বুটলি আনিবলৈ সক্ষম হৈছে। ‘অৰুণ শৰ্মা’ই ৰচনা আৰু প্ৰযোজনা কৰা “All Buds to bloom”নামৰ Documentaryখনে ১৯৭৯ চনত দ্বাদশ জাপান আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল। এনে আৰু বহুতো উদাহৰণ আছে। সঙ্গীতৰ ক্ষেত্ৰত বিশেষকৈ অসমীয়া আধুনিক গীতক প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত আকাশবাণী গুৱাহাটী কেন্দ্ৰই নৱজাগৰণৰ সূচনা কৰিছে। এই প্ৰচাৰ সেৱাই অসমীয়া ভাষাৰ লগতে স্থানীয় কাৰ্বি বড়ো, নেপালী আদি ভাষাকো আৰু চাহ শ্ৰমিক প্ৰমুখ্যে বিভিন্ন সম্প্ৰদায়কো সামৰি লৈ সমন্বয়ৰ ক্ষেত্ৰত প্ৰভুত অৰিহণা আগবঢ়াবলৈ সক্ষম হৈছে। নানা প্ৰান্তৰ পৰা বৈ অহা জান-জুৰি, নৈ-উপনৈৰ সঙ্গমস্থলী বৰ লুইতৰ দৰেই আকাশবাণী গুৱাহাটী কেন্দ্ৰইও উত্তৰ-পূৱ ভাৰতৰ বৰ্ণাঢ্য সাংস্কৃতিক প্ৰবাহৰ ধাৰক তথা বাহকৰূপে অঞ্চলটোৰ বৈচিত্ৰ্যপূৰ্ণ সমাজ জীৱনলৈ নিজৰ অৰিহনা আগবঢ়াই আহিছে।
এটা কথা সত্য যে আজিৰ তাৰিখত এটা সমৃদ্ধ অতীত গৰকি ৭৭ ৰ দুৱাৰডলিত ভৰি থৈ এই কেন্দ্ৰটোৱে ভৱিষ্যৎলৈ বিশেষ দৃষ্টি দি এতিয়া দেখিছে এক জটিল পৰিক্ৰমা। মুক্ত বিশ্ব বাণিজ্যৰ ধাৰণাটোৱে পোখা মেলাৰ লগে লগে একে ৰাতিতে ৰাজহুৱা ব্যৱস্থাপনাৰ মূল সূত্ৰটোৱেই হঠাৎ সলনি হৈ গৈছে। ‘বহুজন সুখায়, বহুজন হিতায়’ এই জনমুখি দৰ্শনৰ স্থানত এতিয়া আগমন ঘটিছে এটা নতুন শব্দ ‘মুনাফা’। আগতেই উল্লেখ কৰা হৈছে যে চৌপাশৰ দ্ৰুত পৰিৱৰ্তিত সামাজিক-সাংস্কৃতিক মনন পৰিৱৰ্তনৰ এই সংক্ৰমনশীল সময়ছোৱাৰ আলি দোমোজাত থিয় হৈ নতুন পুৰুষৰ কোনোৱে বিতৰ্ক জুৰিছে— আকাশবাণী মানুহে কিয় নুশুনা হৈছে? দৃশ্য মাধ্যমৰ আগ্ৰাসনৰ সন্মুখত আকাশবাণীৰ স্থিতিক লৈও কোনোৱে উপেক্ষাৰ আঙুলি টোঁৱাইছে।
আনহাতে এই কথাও সঁচা যে আজিকালিৰ ইণ্টাৰনেট ৰেডিঅ’ৰ যুগত, মিডিয়াম ৱেভ ট্ৰেন্সমিটাৰ যোগে ৰেডিঅ’ৰ অনুষ্ঠান প্ৰচাৰ কৰাৰ কৌশল ক্ৰমে আওপুৰণি হ’বলৈ লৈছে। তেনে প্ৰেক্ষাপঁটত ন ন প্ৰযুক্তিগত কৌশল ব্যৱহাৰ কৰি প্ৰচাৰণৰ মানদণ্ড উন্নত কৰিবলৈ চেষ্টা কৰাটো অত্যন্ত জৰুৰী। বিকল্প কৌশল হিচাপে শেহতীয়াকৈ প্ৰচাৰ ভাৰতীৰ উদ্যোগত ‘ফেইচ-বুক লাইভ, DRM, Live streaming, You tube বা App আদিৰ নিছিনা কম খৰচী platform বোৰৰ আশ্ৰয় লৈ ৰেডিঅ’ৰ অনুষ্ঠান সম্প্ৰচাৰৰ দিহা লোৱা দেখা গৈছে। এইবোৰ আদৰণীয় হ’লেও সাময়িকহে মাথোঁ। ৰেডিঅ’ৰ মূলতঃ যটো চৰিত্ৰগত অৱস্থিতি সেইটোক অস্বীকাৰ কৰি শেষ বিকল্প হিচাপে এচামে ফেইচ-বুক লাইভ কৰি বৈতৰণী পাৰ হ’ব পাৰিব বুলি যদি ভাবিবলৈ লৈছে তেনেহ’লে সেয়া নিতান্তই বালসুলভ। ৰেডিঅ’ কেতিয়াও ফেইচ-বুক্ লাইভ হ’ব নোৱোৰে।
এই ধামখুমীয়াৰ দোমোজাত মাথোঁ এটা কথাই ক’ব পাৰি যে, আকাশবাণীৰ বাবে এনেবোৰ সমস্যা একেবাৰে নতুন। কাৰণ আকাশবাণীয়ে ইয়াৰ দীঘলীয়া পথ পৰিক্ৰমাত আগেয়ে সমগোত্ৰীয় এনেবোৰ প্ৰতিদ্বন্দ্বিতাৰ সন্মুখীন হ’বলগীয়া হোৱা নাছিল। এফালে ৰং-চঙীয়া বাণিজ্যমেলাৰ ভিৰ আনফালে পৰম্পৰাৰ বুকুত খামুচি জীৱনৰ সম্ভ্ৰান্ত প্ৰমূল্যৰ জেউতি বিলোৱা আকাশবাণী। এই সংশয় আৰু সংঘাতৰ পাৰাকাষ্ঠাত উত্তীৰ্ণ হৈ ওলাই আহিবলৈ আৰু কিছু অতিৰিক্ত সময়ৰ প্ৰয়োজন আছে যদিও এটা কথা জোৰ দি হ’লেও ক’ব লাগিব — সস্তীয়া মনোৰঞ্জনৰ পিছত দৌৰা প্ৰৱণতাৰ বিৰুদ্ধে চলা যুঁজখনৰ নিঃসঙ্গ নায়ক আকাশবাণী। আকাশবাণীৰ ভাগ্যলিপিত মৃত্যু নাই।
( লেখক আকাশবাণী, গুৱাহাটীৰ কেন্দ্ৰৰ প্ৰাপ্ত অনুষ্ঠানৰ অৱসৰ্প্ৰাপ্ত কাৰ্য্যবাহী বিষয়া, দূৰভাষ নং -৯৮৬৪০৭৫১৯২)