৮০ ৰ পৰা ৮০০ কোটি – তৃষ্ণাক্ষী স্ৱৰ্গীয়াৰী

৮০ ৰ পৰা ৮০০ কোটি ভাতৰ কাঁহীখনত মাছ মাংস যিকোনো আঞ্জা থাকিলেও কুৰুককৈ চোবোৱা পাপড়খনে কাঁহীখন শুৱনি কৰে৷ ঘৰলৈ আলহী আহিলে ভাতৰ কাঁহীখনত আঞ্জাৰ সৈতে পাপড় এখন, আচাৰ অকণমান, নেমু এডোখৰৰ সৈতে সজাই দিবলৈ পালে ৰান্ধনীগৰাকীৰ মনটোৱেও শান্তি পায়৷

পাপড় বুলি ক’লে সাধাৰণতে আমাৰ মনলৈ অহা আটাইতকৈ চিনাকি ছবিখন হ’ল পাপড় চোবাই থকা এটি কণমানি শিশু আৰু এটি গুলপীয়া অকণমানি শহাপহু৷ পিছে এই ছবিখন আমাৰ সন্মুখত সহজলভ্য হোৱাৰ বিনিময়ত আছে কেইগৰাকীমান গৃহিনীৰ অদম্য উৎসাহ, যথেষ্ট কষ্ট, আশাশুধীয়া প্ৰচেষ্টা আৰু বছৰযোৰা সংগ্ৰাম৷

আৰম্ভণিটো হৈছিল বিংশ শতিকাৰ ৫০ দশকমানৰ সময়ত৷ বোম্বাইৰ (বৰ্তমান মুম্বাই) গিৰগামৰ লহানা নিৱাসত বাস কৰিছিল ৭ গৰাকী গুজৰাটী গৃহিনীয়ে৷ তেওঁলোকে সদায়ে মনত নিজাববীয়াকৈ কিবা এটা কৰাৰ অদম্য হেঁপাহ পুহি ৰাখিছিল৷ কিন্তু কিবা কৰিবলৈ তেওঁলোকৰ ওচৰত ৰন্ধা- বঢ়া কৰিব জনাৰ বাহিৰে বেলেগ কোনোধৰণৰ কাৰিকৰী শিক্ষা নাছিল৷ এদিন তেওঁলোকে সমাধান বিচাৰি চ্চাগানলাল কাৰামচি পাৰেখ ওৰফে চ্চাগানবাপ্পা নামৰ সমাজসেৱকজনৰ কাষ চাপিলে৷ চ্চাগানবাপ্পাই তেওঁলোকক সহায় সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে৷ বিনিময়ত তেওঁ মহিলাকেইগৰাকীক কাম আৰম্ভ কৰিবলৈ ৮০ টকা ধাৰলৈ দিয়ে৷ সেয়াই আছিল আৰম্ভণি৷ সেই টকাৰে তেওঁলোকে পাপড় বনোৱাৰ সামগ্ৰীবোৰ ক্ৰয় কৰি আনি ১৯৫৯ চনৰ ১৫ মাৰ্চৰ দিনা তেওঁলোক বাস কৰা ঘৰটোৰ চাদত গোট হৈ ৪ পেকেট পাপড় প্ৰস্তুত কৰি এই যাত্ৰাৰ শুভাৰম্ভ কৰে৷ পোনপ্ৰথমে তেওঁলোকে ভোলেশ্বৰৰ এজন চিনাকি ব্যৱসায়ীৰ ওচৰত পাপড়সমূহ বিক্ৰী কৰিছিল৷ প্ৰথমবৰ্ষত তেওঁলোকৰ উপাৰ্জন হৈছিল ৬১৯৬ টকা৷ পিছে প্ৰথমটো বছৰতে তেওঁলোকে বৰষুণৰ বাবে ৪ মাহ ব্যৱসায় স্থগিত ৰাখিবলগীয়া হয়৷ পৰৱৰ্তী বৰ্ষত তেওঁলোকে খাট আৰু ষ্টভৰ যোগাৰ কৰি ঘৰৰ ভিতৰতে পাপড় শুকুওৱাৰ ব্যৱস্থা কৰে৷ ইতিমধ্যে তেওঁলোকৰ এই ক্ষুদ্ৰ প্ৰচেষ্টাৰ কথা বিভিন্ন স্থানীয় কাকতে পত্ৰ‌ই প্ৰকাশ পায়৷ তেওঁলোকৰ পৰা বহু স্থানীয় মহিলা অনুপ্ৰাণিত হয় আৰু সেইসূত্ৰে তেওঁলোকৰ সদস্যৰ সংখ্যা দ্বিতীয় বৰ্ষত ১০০ ৰ পৰা ১৫০ আৰু তৃতীয় বৰ্ষত ৩০০ৰো ওপৰ হয়গৈ৷ ১৯৬২ চনত তেওঁলোকৰ অনুষ্ঠানটিৰ এটি নাম ৰাখিবলৈ প্ৰয়াস কৰি এটি প্ৰতিযোগিতাৰ আয়োজন কৰা হ’য়৷ ফলশ্ৰুতিত ধিৰজবেন ৰুপাৰেলক ৫ টকা মাননিৰে বিজয়ী ঘোষণা কৰি তেওঁ প্ৰস্তাৱ কৰা নামটিৰে অনুষ্ঠানটোৰ নামকৰণ কৰে, “ শ্ৰী মহিলা গৃহ উদ্যোগ লিজ্জত পাপড়“ ( গুজৰাটী ভাষাত লিজ্জত শব্দৰ অৰ্থ সুস্বাদু) বুলি৷ ১৯৬২-৬৩ চনত তেওঁলোকৰ বাৰ্ষিক উপাৰ্জনে ১৪২, ০০০ টকা অতিক্ৰম কৰে৷ ১৯৬৬ চনত অনুষ্ঠানটো চচাইটীজ ৰেজিষ্ট্ৰেচন আইনৰ অধীনত পঞ্জীয়ন কৰা হয়৷ একেটা বৰ্ষতে খাদী উন্নয়ন আৰু গ্ৰাম উদ্যোগ কমিচনে(KVIC) লিজ্জতক ক্ষুদ্ৰ সমবায় সংস্থাত অন্তৰ্ভুক্ত কৰি ৮ লাখ টকাৰ অনুমোদন মূলধন হিচাপে আগবঢ়ায়৷ ইয়াৰ পাছৰছোৱা তেওঁলোকৰ বাবে সোণালী সময়৷ ১৯৬৮ চনত তেওঁলোকে প্ৰথমটো মহাৰাষ্ট্ৰৰ বাহিৰৰ শাখা ভালোড়, গুজৰাটত স্থাপন কৰে৷ লাহে লাহে তেওঁলোকে পাপড়ৰ লগতেও অন্য কিছুমান খাদ্য সামগ্ৰী যেনে খাখৰা, থেপলা, মছলা, ঘেঁহুৰ আটা, বেকাৰী প্ৰস্তুত কৰি ব্যৱসায়ত অন্তৰ্ভুক্ত কৰে৷ ১৯৮৯-৯০ সময়চোৱাত উদ্যোগটো বিদেশী পৰ্যটকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰে। ফলস্বৰূপে পৰৱৰ্তী সময়ত তেওঁলোকৰ সামগ্ৰীসমূহ বিভিন্ন দেশলৈ যেনে ব্ৰিটৈন, আমেৰিকা, মধ্যপূব, চিংগাপুৰ ইত্যাদিলৈ ৰপ্তানি কৰিবলৈ সক্ষম হয়৷ ২০০১ চনলৈকে তেওঁলোকৰ বাৰ্ষিক ৰপ্তানিৰ পৰা হোৱা উপাৰ্জনে ২.৪ মিলিয়ন ডলাৰ অতিক্ৰম কৰে৷ ২০১৮ চনলৈকে তেওঁলোকে ভাৰতৰ বিভিন্ন চহৰত ৬২টা শাখা স্থাপন কৰিছে আৰু ৪৩, ০০০ তকৈও বেছি মহিলাক কৰ্মসংস্থাপন দিছে৷ ২০১৮ চনত তেওঁলোকৰ বাৰ্ষিক উপাৰ্জনে ৮০০ কোটি টকা অতিক্ৰম কৰে৷ লিজ্জতৰ এই সফলতাত আৰম্ভণিৰ সেই মহান ৭ গৰাকী মহিয়সীৰ নাম হৈছে জছৱন্তিবেন জামনাদাস পপাট, পাৰ্বতীবেন ৰামদাস থড়ানি, উজামবেন নাৰানদাস কুন্দলিয়া, বানুবেন তানা, লাগুবেন অমৃতলাৰ গোকানি, জয়াবেন ভিঠালানি আৰু ছোটাৰবেন অমিষা গাৱাৰে৷ বৰ্তমান উদ্যোগটোৰ অধ্যক্ষা হৈছে স্বাতি পাৰাড়কাৰ৷ নিঃসন্দেহে লিজ্জত পাপড় উদ্যোগটো নাৰী সবলীকৰণৰ এক উৎকৃষ্ট উদাহৰণ৷ তেওঁলোকে বৰ্তমানলৈকে এক বুজনসংখ্যক নাৰীক কৰ্মসংস্থাপন দিয়াৰ উপৰিও নাৰী আৰু শিশু শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট পদক্ষেপ হাতত লৈছে৷ ১৯৮০ চনৰ পৰা তেওঁলোকৰ সদস্যাসকলৰ জীয়ৰীসকলক শিক্ষা-দীক্ষাৰ ক্ষেত্ৰত আগুৱাই নিয়াৰ হেতুকে “ছগনবাপা স্মৃতি জলপানি দি আহিছে৷ তেওঁলোকে নিজৰ কৰ্মনিষ্ঠাৰ বাবে বহুসময়ত বহু সন্মান, পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে৷ ১৯৭৯ চনত তেওঁলোকে UNICEF ৰ সহযোগত মুম্বাইত “শিশুৰ যতন আৰু মাতৃৰ কল্যাণ“ শীৰ্ষক এখন চেমিনাৰ অনুষ্ঠিত কৰে৷ ১৯৮৪ চনত ভদ্ৰাবেন ভাটে UNESCO এ NITIE, পোৱাইত অনুষ্ঠিত কৰা “The role of women in assimilation and spread in technological innovation“ শীৰ্ষক কৰ্মশালাত লিজ্জতৰ হৈ প্ৰতিনিধিত্ব কৰে৷ তেওঁলোকে বিভিন্ন সময়ত সমাজসেৱা আগবঢ়াই থকাও পৰিলক্ষিত হৈছে৷ ১৯৭৯ চনত ভালোড় অঞ্চলৰ প্ৰথমটো পকী পথ লিজ্জত উদ্যোগৰ ভালোড় শাখাৰ প্ৰত্যক্ষ সহযোগত নিৰ্মাণ কৰা হৈছিল৷ ১৯৯৩ চনৰ লাথোৰ, মহাৰাষ্ট্ৰত হোৱা ভয়ঙ্কৰ ভূমিকম্পত তেওঁলোকে ক্ষতিগ্ৰস্ত পৰিয়ালৰ বাবে ৫৮টা বাসগৃহ নিৰ্মাণৰ হকে সাহায্য আগবঢ়ায়৷ ২০০১ চনৰ গুজৰাটৰ ভূমিকম্পত ক্ষতি হোৱা লোকসকললৈ বুলি ৪৮, ০০, ০০০ টকা আগবঢ়ায়৷ তেওঁলোকে এটি সমবায় বেংক খুলিছিল যদিও তাত আশানুৰূপ ফল লাভ কৰিব নোৱাৰিলে৷ লিজ্জত উদ্যোগে লাভ কৰা কিছুমান সন্মান উল্লেখ কৰা হ’ল-
১। KVICৰ শ্ৰেষ্ঠ গ্ৰাম উদ্যোগী প্ৰতিষ্ঠান (চাৰি বাৰ বিজয়ী ১৯৯৮-৯৯,২০০০-০১, ২০০৩-০৪, ২০১২-১৩)

২। দ্য ইক’নমিক টাইমচ কৰ্পৰেট শ্ৰেষ্ঠতা, ২০০২ৰ বছৰটোৰ ব্যৱসায়ী মহিলা বঁটা

৩। PHDCCI ব্ৰ্যাণ্ড ইকুইটী বঁটা, ২০০৫

৪। উদ্যমী বঁটা, ২০১৪

নাৰী সবলীকৰণত নাৰী স্বাৱলম্বী হোৱাটো আটাইতকৈ গুৰুত্বপূৰ্ণ অংশ৷ এগৰাকী মানুহে আন এগৰাকীক তেতিয়াহে আগুৱাই নিব পাৰিব যেতিয়া তেওঁ নিজে সবল হয়৷ গতিকে স্ব-নিৰ্ভৰশীল হোৱাটো আমাৰ প্ৰাথমিক কৰ্তব্য৷ ৮০ টকাৰ আৰম্ভণিৰে ৮০০ কোটি টকা অতিক্ৰম কৰা লিজ্জত পাপড় উদ্যোগটো আমাৰ সকলোৰে বাবে এক উল্লেখযোগ্য অনুপ্ৰেৰণা৷ অনুষ্ঠানটিৰ সফল জয়যাত্ৰালৈ আমাৰ তৰফৰ পৰা অভিবাদন জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকৰ জয়যাত্ৰা এনেদৰেই অব্যাহত ৰখাৰ কামনা কৰি লেখাটি ইয়াতেই সমাপ্ত কৰিছোঁ৷

তথ্যসূত্ৰ-

১। www.lijjat.com

২। https: //en.m.wikipedia.org/wiki/Shri_Mahila_Griha_Udyog_Lijjat_Papad

৩। “The amazing Lijjat Papad story: from Rs 80 to Rs 800 crore“. Yahoo Finance.

৪। September 2017. Retrieved 2 October 2018.

Subscribe
Notify of
3 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
nastalina
1 year ago

সুন্দৰ বিষয়ৰ লেখনি, ধন্যবাদ । আত্মনিৰ্ভৰশীল কেনেকৈ হ’ব পাৰিঃ আজিৰ দিনতো লিজ্জত পাপড়ৰ উত্থানৰ কাহিনীয়ে উৎসাহ যোগায়!

nastalina
1 year ago

সুন্দৰ বিষয়ৰ লেখনি, ধন্যবাদ!লিজ্জত পাপড়ৰ উত্থানৰ কাহিনীয়ে আজিৰ দিনতো মহিলা সবলীকৰণ আৰু আত্মনিৰ্ভৰশীল হ’বলৈ উৎসাহ যোগায়!

Biplob
1 year ago

ধুনীয়া।।।