ৰংপুৰৰ ৰঙামণি পিন্ধাই দিয়া সৰু ভনী/ আমি বিহু মাৰিব যাও ঐ/ গোবিন্দাই ৰাম…।। ( ঘনশ্যাম ডেকা )
ৰাতিপুৱাৰে পৰা মনটো ভাল নহয়। ক’ৰ পৰা জানো আহিছিল কুলি চৰাইজনী! কুউ কুউ কৈ বিনাই দি গ’ল মোক গাঁৱৰ বতৰা, বিহুৰ বতৰা, জাতিৰ বতৰা। গাত বয়সৰ চাপ পৰিলেও মনটো এতিয়াও বিচৰণ কৰে শৈশৱৰ সেউজ পথাৰ খনত। চিলা উৰুৱোৱা সমনীয়াবোৰৰ উকিবোৰ আজিও ভাহি আহে ৰিণি-ৰিণি কৈ। কিছু কথাৰ প্রতিধ্বনি এতিয়াও শুনোঁ মিজো পাহাৰত; ঠেকা খাই উজাই আহে বুকুলৈ। হুমুনিয়াহবোৰ চেপি ৰাখিব নোৱাৰোঁ কেতিয়াবা। কালি ৰাতি ফোন কৰোঁতে আইয়ে শুধিলে, ‘বাবা, তই নাহিলে বছৰেকৰ বিহুটিত গৰু কেইটাৰ গাত পানী দিব কোনে?’ উত্তৰ দিবলৈ চকু দুটা সেমেকি উঠিল। মই একো নক’লোঁ। অলপ সময় পিছত আইয়ে ক’লে, “দুখ নকৰিবি, তই নাহিলেও আমিবোৰ সুখতেই আছোঁ। বিহুৰ যা-যোগাৰ ভালদৰেই কৰিছোঁ।“ কৈয়েই ফোনটো ৰাখি দিলে। বুজিছিলোঁ, একমাত্র পুতেক নোযোৱা কথাষাৰত আইয়ে চাগৈ চকুদুটা মোহাৰিছে।
দেউতাই পঘা বটিব নোৱাৰে এতিয়া আগৰ দৰে। মৰাপাটৰ খেতিও নাই আজিকালি। কেঞাৰ বাকী খোৱা দোকানৰপৰা প্লাস্টিকৰ পঘা কেইডালমান কিনি অনা ডাঙৰ খুৰাৰ ল’ৰাটোক হেনো দেউতাই বাৰুকৈ ভোৰভোৰালে। এৰা, খং উঠাৰে কথা। তাঁতশাল, মাঁকো আজিকালি খুব কমেই ব্যবহাৰ হয় আমাৰ গাঁৱত। কিবা বোলেনে ‘চেমি-আৰবান’, তাতেই আকৌ ‘নিউক্লিয়াৰ ফেমিলি’। মেক্সিৰ ভিৰত মেখেলা পলাল। মানুহৰ গাত দিবলৈকে গামোচা এখন নাই, তাতে আকৌ গৰুলৈ বিহুৱান।
মোৰ কাষতে থকা ‘ঝলুটা বিল্ডিং’ৰ অসমীয়া ল’ৰা কেইটাই এইকেইদিন প্রায় উচ্চ সুৰত বিহু গান লগাই ৰাতিলৈকে হুলস্থূল কৰে। মাজে মাজে সিহঁতৰ লাডেন পেদেল মাৰি মাৰি পলায়, তাকো ঢলং-ঢপং কৈ। সিহঁতৰো পৰীক্ষা আহিছে বাবে ঘৰ যাব নোৱাৰে। উপায় নাই বাবেই মোৰ দৰেই তাহাঁতৰো হুমুনিয়াহবোৰ চাগৈ সঁপি দিছে গানৰ কোলাহলত। এইকেইদিন লগৰ বেছিভাগেই ফোন কৰিলেই সোধে ঘৰত কেতিয়া যাম। হতাশ হৈ উত্তৰ দিওঁ, প্রেক্টিকেল পৰীক্ষাৰ এক্সটাৰ্নেল ডিউটি আছে, গতিকে যাব নোৱাৰোঁ। উপায়হীন হৈ হুমুনিয়াহবোৰ মেলি দিওঁ ফেচবুকৰ পৃষ্ঠাত। হেডফ’নত বাজি উঠে ‘মৰম ঐ চিন্তা হ’ল এবস্তা, মৰম ঐ চিন্তা হ’ল দুবস্তা, মৰম ঐ …………………’
এতিয়াও মনত পৰে, গাঁৱৰ কথাবোৰ। গাঁওৰ সিমুৰে থকা শ্মশানৰ এটা চুকত এখন জাৰণি আছিল। তাতেই বেঁত, তৰা আৰু মাখিয়তী উভৈনদী আছিল। আমি কেইবাজনো একেলগে যাওঁ সেইবোৰ আনিবৰ বাবে, তাকো ভয়ে ভয়ে। আহোতে নৈত গা ধুই ৰাইজৰ গোঁসাই ঘৰত মূৰ দোৱাই লগত অহা ভুতবোৰ তাতেই ইশ্বৰক শোধাই আহোঁ। বিহুৰ দুদিনমান আগৰ পৰাই খুউব ফুর্তি আমিবোৰৰ। তর্ক-বিতৰ্ক, কাজিয়া-পেচাল চলে কোনে একমাত্র ঢোলটো বাব, কাৰ ঘৰত কোন নাচনি নাচিব, কাৰ লগত কাৰ যোৰ মিলিব আদি অনেক কথা। তাতে আকৌ মই আছিলো দলপতি। কাৰণ দেউতা নটৰাজ থিয়েটাৰত কাম কৰা মানুহ। গতিকে তেতিয়াৰ দিনৰ দুজনমান অখ্যাত কিন্তু তীক্ষ্ণ প্রতিভা সম্পন্ন ব্যক্তি যেনে ৰজনী খুৰা, মিলিক বৰদেউতা, কৈলাশ (তালুকদাৰ) পেহা আদি আমাৰ ঘৰলৈ প্রায়েই আহে। সেইবাবেই চাগে মই গান-বাজনা আদিৰ প্রতি অলপ ৰাপ থকা বিধৰ আছিলোঁ। মোৰ ঘৰত থকা ঢোলটো আৰু তালযোৰ মোৰ বাবে দলপতি হোৱাৰ গৌৰৱৰ কাৰণ আছিল।
আমাৰ দলটোৰ গান আছিল চাৰিটামান, তাকো সম্পূর্ণ নাজানিছিলোঁ। এতিয়াও দুচকুত ভাহি উঠে কনকলতা, সোণপাহী, ঊষা হতৰ কঁকাল ভাঙিব নজনা বিহু। মনে মনে এতিয়াও বিচাৰি চাওঁ বুকুৰ গভীৰত হেৰাই যোৱা তেতিয়াৰ দিনৰ ৰুমাল দিয়া ধুনীয়া লাহৰীজনীৰ স্মৃতিবোৰলৈ। ময়েই হেনো তাইৰ (সৰুকালৰ) ৰংমন। তাই নাচিলেই গাঁওবুঢ়াৰ চোতালত বুকু ফিন্দাই মই গাইছিলোঁ, ‘কুঞ্জলতা কপৌ ফুল ফুলি আছে, হালি জালি নাচনী নাচি আছে……. হেৰা বুলিম মাতিম মই বিয়াৰে ঐ পিচতে, চাগৈ কান্দিবা পথাৰৰ মাজতে…………..’
মেগি, ম’ম’ খাই খাই দেখোন পাহৰি গ’লো খুৰীহঁতে বনোৱা পচলাৰ জুতি। সাতবিহুৰ দিনা কৰা শাক-শাকতিৰ খিকিন্দালি মনে মনে বৰকৈ উপভোগ কৰিছিলো। সেইদিনা শাহু, বোৱাৰী, জীয়ৰীহঁতৰ কি চাব ফুর্তি, তাহাতৰ আধা কথা বুজিবলৈ আমি নাবালক গ্রুপৰ সাধ্যৰ বাহিৰ আছিল। কিন্তু এটা কথা তেতিয়াই বুজিছিলোঁ যে সেয়া বিভিন্ন ৰকমৰ (বদহজমৰ?) ফুচুৰি আছিল। নিথৰ হৈ যাওঁ ক্ষণিকৰ বাবে আজি। আইতাৰ সাধুকথাবোৰ, দেউতাৰ ঘোষাবোৰ, দুৰৈৰ পৰা হাত জোকাৰি বিদায় দিয়া মৰমৰ চকুহাল, বন্ধুৰ উকিবোৰ আজি দুখৰ পাহাৰ হৈ পৰিছে মোৰ বন্ধ কোঠাৰ বিলাসী চোফাত। মূর্খৰ বাকচটো (টিভিটো) খুলি বহি পৰো আবেগিক মনটোৰে। দুচকু সেমেকি যায় আজি বহাগৰ বাতৰিত। চিঞৰি চিঞৰি গাব মন গৈছে তাহানিতে গোৱা বিহুফাঁকি, ‘জানমণি ওখ পর্বত হিমালয়, মৰম লাগে তোমালৈ…………।’
শেষত আটাইলৈ মোৰ ফালৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আপোনালোকৰ মনবোৰ ৰঙেৰে পূর্ণ হওক, প্রেম-পীৰিতি, ভালপোৱাৰ বতৰাৰে মনবোৰ উপচি পৰক। তাৰেই কামনাৰে। একো নকৰিলেও বিহুৰ দিনা ভমকাফুলীয়া গামোচা এখন ডিঙিত লৈ মনে মনে হলেও বিহু এফাকি গুন-গুনাব। ঠিক মোৰ দৰেই…. “পর্বত বগালো, নদী পাৰে হ’লোঁ/ ভ্রমিলোঁ সাগৰৰ পাৰ/ বিচাৰি ফুৰিলোঁ, হৃদয়তে পালোঁ/ তইয়ে মোৰ কলিজাৰ এফাল…………………।”
Top of Form
Bottom of Form