ৰংমন গ'লগৈ (ৰক্তিম গোস্বামী)

ৰংমন গ’লগৈ

নতুন প্রজাপালকে এপাট কাণতলিয়া চৰ দি জধামূৰ্খ ব্রহ্মাক কাণ্ডজ্ঞানহীনতাৰ দোষত দোষাৰোপ কৰি দিলে গ্রহমুক্তি। নতুন গ্রহত Head-Creative Designer পদটিৰ লগত ডিপাৰ্টমেন্টটিওঁ লগতে চিৰকালৰ বাবে উঠাই দিয়া হ’ল।
ব্রহ্মাৰ এই দশাত হৰ্ষোল্লাহত বিভোৰ হোৱা প্রজাগণে “হেইল প্রজাপালক, হেইল প্রজাপালক”বুলি চিঞৰি উঠিল।
সাহিত্য প্রীতিৰ বাবে সৰ্বগ্রহে বিখ্যাত এই প্রজাপালকে ক্রোধেৰে চিঞৰি ক’বলৈ ধৰিলে-
“ব্রহ্মাৰ ভুল, অতি ভয়ংকৰ। সৃষ্টিৰ আদিতে কৰা ভুলে সৰ্বত্র বিনাশ সৃষ্টি কৰিলে। সময়ে শোকৰ সাজেৰে তেজৰ,জুইৰ, মৃতকৰ…একাষাৰত নৃশংসতাৰ বন্যা বোয়ালে। এক আকাংশিত প্রত্যুস, অন্তহীন উৎকন্ঠা আৰু সৰ্বত্র প্রবিষ্ট এক অপ্রতীয়মাণ বাৰ্মুডা।”
প্রজাগণে প্রজাপালকৰ কথা শেষ হোৱাৰ আগতেই চিঞৰ, জয় ধ্বনিৰে আকাশপাতাল এক কৰিলে। মুঠতে এক যুদ্ধ সদৃশ পৰিস্থিতি।
প্রজাপালকে উদাত্ত কন্ঠেৰে আকৌ আৰম্ভ কৰিলে-
“Science is the criminal. History is weapon. সেয়ে প্রলম্পিত ঢৌৰ দৰে সময়ৰ ৰথত বহু কৌটি আলোকবৰ্ষৰ অন্তত পুনঃআৰম্ভ নতুনৰ। আমি প্রথম,আমাৰ অধিকাৰ সৰ্বত্র, আমি সেউজ, আমি উদাৰ, আমাৰ হাতত প্রমাদমুক্ত প্রকৃতি। ব্রহ্মা তোৰ ক্ষমা নাই জিঘাংসাৰ বোক্ বোকনিৰে অক্সিজেনবোৰ টক্সিক কৰা ষড়যন্ত্র তোৰ আছিল বুলি এতিয়া প্রমাণিত। এতিয়া এডাল মাধৈলতাওঁ তোক আৰু তোৰ সৃষ্টিক চুব নিদিওঁ।  আমাৰ আইন এতিয়া কঠোৰ, কাঢ়া, মানবীয়।”
প্রজাপালকে এইবাৰ সেনাপতিলৈ চাই আদেশসূচক ভাবে ক’লে
“সেনাপতি,পলম নকৰাকৈ কৈ যোৱা তুমি কি কি ব্যবস্থা হাতত লৈছা।”
যি আজ্ঞা প্রজাপালক বুলি সেনাপতিয়ে আৰম্ভ কৰিলে-
“এই আকাশত আমি দিম কেৱল তেজ মঙহৰ পক্ষী উৰাৰ আদেশ। মাতংগৰ জাকক নোৱাৰিব মাৰিব কোনো লোৰ অজগৰে। পিন্ধোৱা ন’হব কাকো লোৰ শৃংখল।”
সেনাপতিয়ে এইবাৰ আক্ষেপ আৰু ক্রোধমিশ্রিত দৃষ্টিৰে ব্রহ্মালৈ চাই ক’লে-
“দুষ্ট ব্রহ্মা, আমালৈ চকু দিয়াহতঁক তোৰ দৰে গ্রহান্তৰ কৰিম অথবা মৃত্যুদণ্ডৰে দণ্ডিত কৰিম নাইবা শূলত দিম । মই দৃঢ় প্রতিজ্ঞ প্রতিটো অন্যায়ৰ প্রতিশোধ লবলৈ। জাতিংগা, ডেনমাৰ্ক, চীন, চিংগাপুৰ, কাজিৰঙা, মানাহ, হত্যাকাৰী খেলুৱৈবোৰ, তপত কেঁচা তেঁজ বৈ থকা পবিত্র পূঁজাবোৰ, ডাঙৰ ডাঙৰ চহৰৰ ওখ ওখ অট্টালিকাত আমাৰ ছাল নিজৰ ছালত বিলীন কৰি আমাৰ হৈ মাত মতাজাঁক তোৰেই জানো সৃষ্টি নাছিল, চণ্ডাল ব্রহ্মা? আলহী খাবলৈ অহাহঁতক, পেটমঁচাহতক এনে জ্ঞান বুদ্ধি দিলি যে এসমত প্রেমত ঘুৰা সেই ভূ-মণ্ডল,সেই শতদল সকলো ফাই চিটিকা মাৰিলে,চাৰখাৰ হ’ল।”
তেনেতে মহামন্ত্রী উঠি ক’বলৈ ল’লে-
“সকলোৱে এতিয়াৰ পৰা  এটা কথা মনত ৰাখিব লাগিব যে সৃষ্টিৰ পুনঃআগমণ হৈছে। এইয়া আমাৰ নতুন গ্রহ, নতুন প্রকৃতি আমাক এইবাৰ এই গ্রহত কোনো দুঠেঙীয়া বুদ্ধি দীপ্ত জীৱৰ প্রয়োজন নাই। এই কথাওঁ লগতে ক’লো যে কোনোৱে যদি কৰোবাত কেনেবাকৈ এনে বিৰ্বতনৰ উমান পায় ততাতৈয়াকৈ তাক যাতে বিনাশ কৰে ভুলৰ পুণৰাবৃত্তি নকৰাকৈ। সিহত থাকিলেহে প্রতিশোধৰ কথা আহিব। আমি সিহতৰ অস্বিত্বই বিলীন কৰিম এইবাৰ।”
এই কথাত দশোদিশ আনন্দত তালফাল লাগিল। গান-বাজনা, ঢোল-তাল, জয়ধ্বনি ইত্যাদি ইত্যাদি। মুঠতে এইবাৰ এই নতুন গ্রহত মানবজাতিৰ বিৰুদ্ধে এক ভয়ানক অভ্যুথ্থান। পৃথিবী নামৰ গ্রহটিত কেনেকৈ মানুহে জীৱজন্তু আৰু প্রকৃতিৰ ওপৰত বৰ্বৰতাৰে আক্রমণ চলাই সকলোকে নিঃশেষ কৰি শেষত নিজৰেই ভয়ানক দুতৰ্  মাতিছিল, সেই কথা সকলোৰে ভালকৈ জ্ঞাত গতিকে একে কাহিনীৰ পুণৰাবৃত্তি এই গ্রহত হ’বলৈ দিয়া ন’হব। মানব বৰ্জিত বা মানবলুপ্ত বা ইংৰাজীত ‘Humanfree Planet’ হব এইটো।
প্রতিশোধ, প্রতিশোধ,প্রতিশোধ, ঘোৰ প্রতিশোধ..
সু…ই…ট….
নতুন গ্রহৰ ৰজা হৈ মানবমুক্ত সমাজৰ সপোনত বিভোৰ হৈ থকা ৰংমনৰ কাণৰ কাষেৰে প্রচণ্ড শব্দ কৰি পাৰ হৈ যোৱা বুলটোৰ উমান পায় তাৰ থৰকাচুটি হেৰাল। এনে  প্রতিটো শব্দৱে তাক প্রতিবাৰে নিথৰুৱা কৰি আহিছে। প্রাণৰ মায়াত ৰংমন আন্ধাৰ ভেদি যেনিতেনি পলাবলৈ চেষ্টা কৰিলে যদিওঁ দ্বিতীয় বুলেটৰ খোচত সি ঢলি পৰিল। মৃত্যু হোৱাৰ পূৰ্বেই তাৰ মুখমণ্ডলৰ এফালচোৱা কাটি মানুহকেইটা উধাওঁ হল।
বাতৰিকাকত,টিভিত ৰংমন এফাল মুখ মণ্ডলসহিতে সম্পূৰ্ণ এটা দিন জিলিকি থাকিলে।
ৰংমনে হেনো দেশৰ নাম উজলাইছিল। তাৰ মূৰ্ত্তিটো সেয়েহে এতিয়াওঁ  হেনো চৰকাৰে ৰাজধানী চহৰত সঁজাই থৈছে। ৰংমনক আৰু তাতেই চাব লাগিব, ৰংমনৰ মানবমুক্ত পৃথিৱীযে অসম্ভৱ……..
 

Leave a Reply

Your email address will not be published. Required fields are marked *

Copying is Prohibited!