ৰং দিয়া বসন্ত (বিচিত্র বৰদলৈ)

ৰং দিয়া বসন্ত
বিচিত্র বৰদলৈ
ৰং দিয়া বসন্ত , ৰং দিয়া
কিমান সহ্য কৰিম কোৱা
ফাগুনৰ এই বেত্ৰাঘাত
আগলে’ যাব নোৱাৰোঁ
সৰাপাতৰ পোতাশাল
পিছলে’ চাব নোৱাৰো
ধূলি ধুমুহাৰ হাহাকাৰ
কিমান শুনিম অকলে অকলে লঠঙা আকাশৰ বিৰহী গান
কিমান বন্ধ কোঠাত সোমাই থাকিম
আৰু আঙুলি মূৰত লিখি যাম দিন বাৰ
কুমাৰী পৃথিবীক সেউজীয়া দেখাৰ
ৰং দিয়া বসন্ত , ৰং দিয়া
তোমাৰ এধানি এধানি আঙুলিৰে চুই যোৱা আমাক
তোমাৰ চাৱনিৰ প্ৰেমিক দুহাতেৰে সাবটি ধৰা এবাৰ আমাক
ফুলাম ফাঁকুগুৰি বিয়পাই দিয়া আকাশত
সোণাৰুৰ হালধীয়া চতিয়াই যোৱা বতাহত
ৰং দিয়া বসন্ত , ৰং দিয়া
নঙলাৰ শলখা খুলি থৈছোঁ
পদূলিৰ দুবৰিবন চিকুণাই থৈছোঁ
খিড়ীকি খুলি ৰৈ আছোঁ
কিমান শুনিম অকলে অকলে লঠঙা আকাশৰ বিৰহী গান
কিমান বন্ধ কোঠাত সোমাই থাকিম
আৰু আঙুলি মূৰত লিখি যাম দিন বাৰ
কুমাৰী পৃথিৱীক সেউজীয়া দেখাৰ…………………
 
 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!