ৰক্তদান আৰু ব্লাড বেংকৰ বিষয়ে জানিবলগীয়া লাগতিয়াল কথা (ডা০ ৰামকান্ত হাজৰিকা)
( মোৰ সহপাঠী আৰু বাল্যবন্ধু ডা০ ৰামকান্ত হাজৰিকাক মই এই “ৰক্তদান” লেখাটো অসমীয়া কথা বতৰা আৰু সাহিত্য ডট অৰ্গত প্ৰকাশিত হব বুলি খুজি আনিছো৷ পাঠকসকলৰ সমাদৰ পালে তেওঁ আগলৈও বিভিন্ন চিকিৎসা বিষয়ক লিখনি আগবঢ়াব – ডা০ ভূপেন শইকীয়া )
ইতিহাসৰ আৰম্ভণীৰ পৰাই মানুহে তেজক শৰীৰৰ প্ৰাণশক্তি বুলি গণ্য কৰি আহিছে৷ প্ৰাচীন কালত গ্ৰীক আৰু ৰোমানসকলে যুদ্ধত মৃত্যুবৰণ কৰা সৈনিকৰ ৰক্তপান কৰিছিল৷ আনকি প্ৰাচীন কালত মহিলাসকলে সৌন্দৰ্য বৃদ্ধিৰ বাবে শৰীৰত তেজৰ প্ৰলেপ ঘঁহিছিল৷ মহাভাৰতত ভীমেও দু:শাসনৰ ৰক্তপান কৰাৰ কথা আমি জানিবলৈ পাওঁ৷ চিকিৎসা বিজ্ঞানেও মানুহৰ তেজক ঔষধ হিচাপে গণ্য কৰি আহিছে৷ অৱশ্যে ষোল্ল শতিকাৰ শেষলৈকে তেজক মানৱ দেহত ইনফিউজন কৰাৰ কথা ভবা হোৱা নাছিল৷ চিকিৎসা বিজ্ঞানৰ অগ্ৰগতি আৰু সাফল্য অনেক ৰোমাঞ্চকৰ ঘটনাৰে সমৃদ্ধ৷ ১৬৬৭ চনত প্ৰথমবাৰৰ বাবে মানুহৰ শৰীৰত জন্তুৰ (ভেড়াৰ)তেজ পৰীক্ষামূলকভাবে সঞ্চৰণ কৰাৰ কথা জনা যায়৷ অৱশ্য নানান প্ৰতিক্ৰিয়াৰ বাবে এই প্ৰচেষ্টা সফল নহ’ল৷ ইয়াৰ পিছত ১৮১৮চনৰ ২২ ডিচেম্বৰত জেমচ ব্ৰুচেল নামৰ চিকিৎসা বিজ্ঞানীয়ে মানুহৰ গাত মানুহৰ তেজ সফলতাৰে প্ৰদান কৰিবলৈ সক্ষম হ’ল৷ ১৯০১ চনত কাৰ্ল লেণ্ডষ্টেইনাৰ আৰু ডা০ উইনাৰে তেজৰ বিভিন্ন গ্ৰুপ সমূহ (এ,বি,এবি,অ’ আৰু আৰ এইচফেক্টৰ) আবিস্কাৰ কৰাৰে পৰা এজনৰ তেজ আনজনলৈ দিওঁতে হোৱা প্ৰতিক্ৰিয়াৰ সমস্যা বহু পৰিমানে সমাধান হ’ল৷ এই যুগান্তকাৰী আবিস্কাৰৰ ফলত ৰক্তদান প্ৰায় নিৰাপদ হৈ পৰিল৷চিকিৎসা বিজ্ঞানৰ অগ্ৰগতিৰ লগে লগে ৰক্তৰ ব্যৱহাৰ অপৰিসাৰ্য হৈ পৰিল৷ কিন্তু কৃত্ৰিম ৰক্ত এতিয়াও আবিস্কৃত হোৱা নাই, সেয়ে মানুহৰ ৰক্তৰ কোনো বিকল্প নাই৷
ৰক্তৰ বাবে ৰক্তদাতাৰ প্ৰয়োজন আৰু প্ৰয়োজন ব্লাডবেংকৰ৷ সাধাৰণতে তিনিধৰণৰ দাতাৰ ওপৰত ব্লাডবেংক নিৰ্ভৰশীল৷
১)পৰিপূৰক দাতা – ৰোগীক প্ৰয়োজন হোৱাৰ লগে লগে ব্লাডবেংক ত সংৰক্ষণ কৰি ৰখা নিৰ্দিষ্ট গ্ৰুপৰ তেজ ১৫৷৩০ মিনিটৰ ভিতৰত ৰোগীক দিয়া হয় আৰু বিনিময়ত পৰিয়ালৰ লোকৰ পৰা সম পৰিমানৰ যি কোনো গ্ৰুপৰ তেজ সংগ্ৰহ কৰা হয়৷ সংগৃহীত তেজ সকলো পৰীক্ষা কৰাৰ পিছত ব্লাডবেংক ত অইন ৰোগীৰ বাবে সাজু কৰি ৰখা হয়৷
২) প্ৰত্যক্ষ দাতা – ৰোগীক প্ৰয়োজন হোৱা নিৰ্দিষ্ট গ্ৰুপৰ তেজ ব্লাডবেংকত নাথাকিলে সেই গ্ৰুপৰ ৰক্তদাতাৰ প্ৰয়োজন হয়৷ এইজন ৰক্তদাতা পৰিয়ালৰ আত্মীয় বা শুভাকাংক্ষী হোৱাটো বাঞ্চনীয়৷ এই পদ্ধতিত ৰক্ত দিবলৈ ২৷৩ঘন্টা সময়ৰ প্ৰয়োজন হয়৷ পৰিয়ালৰ লোকে বাধ্যতা মূলকভাবে সেইখিনি সময় অপেক্ষা কৰিবলগীয়া হয়৷
৩) স্বেচ্ছা ৰক্তদাতা – এইসকল নিৰোগীদাতাই বিনিময়ত কাৰো পৰা একো নোলোৱাকৈ ৰক্তদান কৰে৷ এওঁলোকৰ তেজত এইচ আই ভি, হেপাটাইটিচ-বি, হেপাটাইটিচ -চি, মেলেৰিয়া,চিফিলিচ আদিৰ বীজাণু নাথাকে৷ স্বেচ্ছা ৰক্তদাতাৰ তেজ সেয়ে ৰোগীৰ বাবে আটাইতকৈ নিৰাপদ৷ ব্যৱসায়িক দাতাৰ তেজৰ পৰা এনে ৰোগৰ বীজাণু বিয়পাৰ সম্ভাৱনা থাকে৷
ভাৰত চৰকাৰে ১৯৯৮ চনৰ জানুৱাৰী মাহৰ পৰা ব্যৱসায়িক দাতাৰ পৰা তেজ সংগ্ৰহ কৰা নিষিদ্ধ কৰিছে ৷ “ড্ৰাগছ এণ্ড কচমেটিক এক্ট-১৯৪০” ৰ অধীনত ভাৰত চৰকাৰে ৰক্তক ঔষধ হিচাবে গণ্য কৰিছে আৰু সকলো ব্লাড বেংকৰ অনুজ্ঞা পত্ৰ হোৱতো বাধ্যতামূলক কৰিছে৷
ৰোগীক যি কোনো সময়তে,যি কোনো গ্ৰুপৰ, যি কোনো পৰিমাণৰ ৰক্তৰ প্ৰয়োজন হব পাৰে৷কেতিয়াবা ব্লাডবেংকত প্ৰয়োজন হোৱা গ্ৰুপৰ তেজ নাথাকিবও পাৰে – তেনে অৱস্থাত প্ৰত্যক্ষ দাতাৰ ওপৰত নিৰ্ভৰ কৰিব লগীয়া হয়৷ আগতে উল্লেখ কৰা হৈছে – এনেদৰে ৰক্তৰ যোগান ধৰোতে ২৷৩ ঘন্টা সময় লাগে৷ সংকটাপন্ন ৰোগীৰ বাবে এই বিলম্ব নিৰাশাজনক৷ সেয়ে স্বেচ্ছা ৰক্তদাতাৰ নিয়মীয়া ৰক্তদানৰ গুৰুত্ব অপৰিসীম৷ ব্লাডবেংকত ২৪ ঘন্টাই তেজ মজুত থকাটো অতীব প্ৰয়োজনীয়৷ স্বেচ্ছা ৰক্তদাতাৰ অবিহনে ইয়াৰ সমাধান অসম্ভৱ৷ ১৯৭১ চনত চণ্ডীগড়ত I.S.B.T নামেৰে স্থাপিত এটি সংস্থাই এই ক্ষেত্ৰত জন জাগৰণৰ আৰম্ভণী ঘটায়৷ ইয়াৰ পিছৰ পৰাই প্ৰতি বছৰে পহিলা অক্টোবৰৰ দিনটোক “স্বেচ্ছা ৰক্তদান দিবস” হিচাপে পালন কৰি অহা হৈছে৷
নিৰাপদ ৰক্তৰ যোগান নিৰ্ভৰ কৰে মূলত: স্বেচ্ছা ৰক্তদাতা আৰু বিজ্ঞান সন্মত ৰক্তভঁৰালৰ (ব্লাডবেংক) ওপৰত৷ অৱশ্যে আমাৰ দেশৰ বেচি ভাগ ব্লাডবেংক প্ৰত্যক্ষ দাতা আৰু পৰিপূৰক দাতাৰ ওপৰতহে নিৰ্ভৰশীল৷\পৃথিবীৰ প্ৰথমটো ৰক্তভঁৰাল ১৯৩৬ চনত ডা০ নৰ্মান বেথুনে স্পেইনৰ গৃহযুদ্ধৰ সময়ত মাদ্ৰিদ চহৰত স্থাপন কৰে৷আনহাতে ১৯৩৭ চনত চিকাগোৰ ক’ক কাউন্টি চিকিৎসালয়ত ডা০ বাৰ্নাৰ্ড ফেন্টাচে প্ৰথমটো বিজ্ঞানসন্মত ৰক্তভঁৰাল স্থাপন কৰে – য’ত তেজ জমা আৰু দিব পৰা ব্যৱস্থাৰ প্ৰচলন হৈছিল৷ দৰাচলতে ৰক্তভঁৰাল হ’ল এক পৰীক্ষাগাৰ – য’ত তেজৰ সকলো লাগতিয়াল পৰীক্ষা সম্পন্ন কৰি ট্ৰান্সফিউজনৰ বাবে সাজু কৰি দিয়া হয়৷ ৰক্তভঁৰালৰ উদ্ভাৱনে চিকিৎসা জগত এক আমূল পৰিবৰ্তনৰ সূচনা কৰিলে৷ ভাৰতবৰ্ষত ১৯৪২চনত কলিকতাৰ অলইণ্ডিয়া ইন্সিটিউট অৱ পাব্লিক হেল্থ এণ্ড হাইজিনত প্ৰথমটো ৰক্তভঁৰাল স্থাপিত হয়৷ আজিকালি ভাৰতবৰ্ষৰ প্ৰায় সকলো চিকিৎসা প্ৰতিস্থানতে ৰক্তভঁৰাল আছে – য’ত ২ৰ পৰা ৪ ডিগ্ৰী চেলচিয়াচত ৪০দিন পৰ্যন্ত ৰক্ত সংৰক্ষণ কৰি ৰাখিব পাৰি৷
চিকিৎসা বিজ্ঞানত আজিকালি ‘সম্পূৰ্ণ ৰক্ত’ (whole blood )ৰ সলনি তেজৰ বিভিন্ন কম্পনেন্ট (যেনে পেকড আৰ বি চি, প্লাজমা, ফ্ৰেচ ফ্ৰজন প্লাজমা, প্লেটলেট, গ্ৰেনুলচাইট)দিয়াটোহে বেচি বিজ্ঞানসন্মত বুলি বিবেচিত হৈছে৷ প্ৰায়বোৰ ৰক্তভঁৰালতে এনে কম্পনেন্ট থেৰাপিৰ সুবিধা উপলব্দ্ধ হব ধৰিছে৷ ভাৰত চৰকাৰৰ স্বাস্থ্য বিভাগেও ৰক্তভঁৰালসমূহক সমুদায়তেজৰ ৮০%ক কম্পনেন্টলৈ ৰূপান্তৰ কৰি ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ দিছে৷ আমাৰ দেশত প্ৰতি বছৰে যথেষ্ট পৰিমাণৰ তেজৰ প্ৰয়োজন হয় ৷ ২০০৭ চনৰ সমীক্ষামতে দেশত বছৰি প্ৰয়োজন হোৱা ১০মিলিয়ন ইউনিটৰ (এক ইউনিট = ৩৫০ মিলিলিটাৰ)অৰ্ধেকৰো কম তেজহে সংগ্ৰহ হয়৷ আন এক তথ্য মতে দেশখনৰ প্ৰাপ্তবয়স্কসকলৰ ৫০% জনেই ৰক্তদানৰ যোগ্য৷ কিন্তু অতি হতাশাৰ কথা আমাৰ দেশৰ প্ৰতি এহেজাৰজনৰ ভিতৰত মাত্ৰ ৪জনেহে ৰক্তদান কৰে৷ এহেজাৰজনৰ ভিতৰত যদি ২০জনে ৰক্তদান কৰিলেহেতেন তেতিয়া প্ৰয়োজন তকৈ বেচি তেজ সংগ্ৰহ হ’লহেতেন৷ অৰ্থাৎ ২ % ৰক্তদাতাই দেশখনৰ তেজৰ চাহিদা পূৰণ কৰিব পাৰে৷
ৰক্তদান কৰিবলৈ শৰীৰৰ ওজন ন্যুনতম ৪৫কিলোগ্ৰাম হব লাগে৷ তেজত হিমগ্লবিন ১২গ্ৰাম শতাংশৰ কম হব নালাগিব৷ ৰক্তদাতাজন আগতে উল্লেখ কৰা ৰোগ সমূহৰ পৰা মুক্ত হব লাগিব৷ এবাৰত এজন ৰক্তদাতাই শৰীৰৰ প্ৰতি কিলোগ্ৰাম ওজনৰ বিপৰীতে ৮মিলিলিটাৰ তেজ দিব পাৰে৷ অৰ্থাৎ ৪৫ কিলোগ্ৰাম ওজনৰ এজন লোকে এবাৰত ৩৬০ মিলিলিটাৰ তেজ দিব পাৰে৷ অৱশ্যে ৰক্তভঁৰালে ৩৫০ মিলিলিটাৰ তেজহে সংগ্ৰহ কৰে৷৷ ১৮ বছৰৰ পৰা ৬৫বছৰ বয়সলৈকে যি কোনো সুস্থ পুৰুষ বা মহিলাই নিসংকোচে ৰক্তদান কৰিব পাৰে৷ আকৌ লক্ষ্য কৰক এজন প্ৰাপ্তবয়স্ক পুৰুষৰ শৰীৰত প্ৰতিকিলো ওজনৰ বিপৰীতে ৭৬ মিলিলিটাৰ, মহিলাৰ প্ৰতিকিলো ওজনৰ বিপৰীতে ৬৬ মিলিলিটাৰ তেজ থাকে৷ কিন্তু শৰীৰক প্ৰয়োজন প্ৰতিকিলো ওজনত ৫০মিলিলিটাৰ তেজ৷ গতিকে আমাৰ ব্যৱহাৰৰ ওপৰঞ্চি (Extra Pool of Blood) পৰিমাণৰ পৰাহে তেজ সংগ্ৰহ কৰা হয়৷ সেয়ে ৰক্তদানৰ পৰা শৰীৰৰ সমূলিও ক্ষতি নহয়৷ ৰক্তদান কৰাৰ ৪৮ ঘন্টাৰ ভিতৰত প্লাজমা অৰ্থাৎ তেজৰ জুলীয়া অংশটোৰ সম্পূৰ্ণ ক্ষতি পূৰণ হয়৷ বাকী কণিকাসমূহৰ (চেলুলাৰ উপাদানসমূহৰ)ক্ষতি পূৰণ হয় ২১ দিনত৷ যিদৰে নাদৰ পৰা পানী তুলি থাকিলেও নাদৰ পানী কমি নগৈ আকৌ আগৰ সমান হয়, সেইদৰে মাত্ৰ ৩সপ্তাহত ৰক্তদাতাৰ তেজৰ পৰিমাণ পূৰ্বৰ দৰে হৈ পৰে৷ প্ৰত্যেক পুৰুষক ৩মাহত আৰু মহিলাক ৪মাহত পুনৰ ৰক্তদান কৰিবলৈ স্বাস্থ্য বিভাগে অনুমতি দিছে৷ শৰীৰৰ ওজন ৫৫কিলোগ্ৰামৰ অধিক হলে ৪৫০মিলিলিটাৰ তেজ অনায়াসে দান কৰিব পাৰে ৷
ব্লাড ট্ৰানসফিউজন চাৰ্ভিচ অবিহনে চিকিৎসা বিজ্ঞান অচল৷ উন্নত দেশসমূহ এশ শতাংশই স্বেচ্ছা ৰক্তদাতাৰ ওপৰত নিৰ্ভৰশীল৷ আমাৰ চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাৰ ৰক্তভঁৰাল ৮২% স্বেচ্ছা ৰক্তদাতাৰ ওপৰত নিৰ্ভৰশীল৷পশ্চিমবংগ, আহমেদাবাদ আদিৰ ৰক্তভঁৰালো স্বেচ্ছা ৰক্তদাতাৰ সহায়ত সুচাৰৰূপে চলি আছে৷ অসমত স্বেচ্ছা ৰক্তদাতাৰ সহযোগ ১০%ৰো কম৷
ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজৰ ৰক্তভঁৰালক দেশৰ মডেল ব্লাড বেংকসমূহৰ এটা হিচাপে স্থাপন কৰা হৈছে৷ প্ৰতিদিনে ৬০ইউনিট ৰক্ত আৰু ৫ইউনিট কম্পোনেন্ট এই ৰক্তভঁৰালৰ পৰা দিয়া হয়৷ জনসাধাৰণৰ সহযোগ আৰু সজাগতাৰ ৰক্তভঁৰালক সদায়েই প্ৰয়োজন৷ মুমূৰ্ষু ৰোগীৰ জীৱন ৰক্ষাৰ বাবে প্ৰয়োজনীয় ৰক্ত যথা সময়ত যোগান ধৰাই হৈছে ৰক্তভঁৰালৰ প্ৰধান লক্ষ্য৷ আমাৰ দেশৰ মাত্ৰ দুই শতাংশ লোকে স্বেচ্ছা ৰক্তদাতা হিচাপে আগবাঢ়ি আহিলেই ৰক্তভঁৰালসমূহ সকলো সময়তে ততালিকে সহায় কৰিব পৰাকৈ টনকিয়াল হব৷ ৰক্তদান মহান দান, ই অতুলনীয়৷ জীৱন কালত প্ৰত্যেকেই এবাৰলৈ হলেও এই ৰক্তদানৰ সুখানুভূতি লভিবলৈ আগবাঢ়ি আহিব লাগে৷ এয়া হ’ল সময়ৰ আহ্বান৷
Email : – [email protected]
প্ৰয়োজনী কথা জানিলো । লেখকলৈ বহু বহু ধন্যবাদ । এনেধৰণৰ লেখা আগলৈও পাম বুলি আশা থাকিল ।