ৰগৰ (ধীৰাজ কলিতা)

ৰগৰ (ধীৰাজ কলিতা)

(ক)
সাগৰ দেখিছা?
দেখা নাই কেতিয়াও
ময়ো দেখা নাই
সাতুৰিব নাজানো
মায়ে পুখুৰীৰ ওচৰলৈকেই যাব নিদিয়ে।

(খ)
এটোপ এটোপকৈ ডাৱৰৰ পানীতে
ভৰি গ’ল বহল সাগৰ
ডবা পিটা বৰষুণত কিয়নো নভৰিব ?
আমাৰ ৰাজধানী চহৰ।

(গ)
শুৱনি আমাৰ দেশখন অতি
বাংলাদেশীৰে ভৰা,
ওপৰৰ পৰা কমিছন লাগে যদি
তুমিও চাপ্লাই কৰা।

(ঘ)
নোৱাৰো কথাটি হেৰা বেয়া কথা বৰ
কদাপি নহয় সিটো কথা, স্বাধীন নাগৰিকৰ।
বড়োই যদি পাইছে দেশৰ মাটি একডৰা
কোঁচ-কলিতা-ৰাভা, তোমালোকেও পাবা, মাথোঁ চেষ্টা কৰা।
সুবিধা পালেই ৰাস্তাত গাড়ী-মটৰ জ্বলাই দিয়া
একেদিনে নহলে এশ দিন বন্ধ দিয়া।

(ঙ)
দেখা নাপাওঁ আপোনাক, ক’ত আছা প্ৰভু
বিদেশৰ পৰা নুবুজিব জনতাৰ বেথা,
আপোনাক বিছাৰি প্ৰজাৰ হাহাকাৰ
প্ৰতিদিনে সলাইছে নিজৰ মুখা।

–**–

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!