ৰঙানদী (প্রতুল কুমাৰ ভাৰধৰা)
ৰঙানদী
প্রতুল কুমাৰ ভাৰধৰা
ৰঙানদী,
তই বৰ নিষ্ঠুৰ অ’,
তোৰ নিষ্ঠুৰতাৰ হাঁতোৰাত
সর্বস্বান্ত মই ।
মোৰ সেউজীয়া শস্যডৰাত
তোৰ অনাহুত উপস্থিতিয়ে
থপিয়াই নিলে
বুকুৰ একঠা সপোন ।
খৰালিৰ দৰে তই যদি
শান্ত হৈ থাকিলিহেতেন,
আজি ঘৰ গচকালোঁহেতেন
মোৰ লখিমীজনীক ।
ৰঙানদী
তই থমকি ৰ’,
নেদেখুৱাবি আৰু
তোৰ তাণ্ডৱ নৃ্ত্য ।
তোৰ বাৰু উন্মাদনাৰ শেষ ক’ত ?
কোনে নিৰ্ধাৰন কৰিব ক’,
পৰা হ’লে তোকো বন্দী কৰি থলোঁহেঁতেন,
তেজপুৰৰ পগলা ফাতেকত ।
মাত্র তোৰ বাবেই
মই আজি নিঃস্ব আৰু
এটা বাটৰ ভিকহু ।
ৰঙানদী,
তই বৰ নিষ্ঠুৰ অ’ ।
———————-