ৰঙা-নীলা বেলুন (মাখনলাল দাস)

তেতিয়া আমি তিতাবৰত থাকো৷ ক-খ শ্ৰেণীমানত পঢ়ি আছো৷
পূজাৰ সময়ত বৰপেটাৰোডলৈ আহিছিলো, মোমাইদেউহঁতৰ ঘৰলৈ৷ আমি পাচোঁজন ভাই-ককাই আৰু প্ৰায় সমনীয়া সৰু মোমাইদেউ দুজন , বয়সত গোটেই কেইজন সৰু সৰু আছিলো৷ বৰপেটাৰোডত তেতিয়া খুব ডাঙৰকৈয়ে দুৰ্গা-পূজা পতা হৈছিল৷ পুজাৰ সময়ত ৰং-বিৰঙৰ বেলুন কিনাটো এটা ডাঙৰ আকৰ্ষণ আছিল আমাৰ বাবে৷

এদিন সৰু মোমাইদেউৰ মূৰত এটা বুদ্ধি খেলালে, অলপ ব্যৱসায় কৰাৰ৷ পূজাৰ বজাৰত বেলুন বেচি দুপইচা উপাৰ্জন কৰাৰ৷ কথামতে কাম৷ আমি সকলোৱে নিজৰ নিজৰ হাতত থকা পাঁচ পইচা, দহ পইচা আদি গোটাই বজাৰৰ পৰা দুপেকেটমান বেলুন কিনি আনিলো৷ তাৰ পাছত আটাইকেইজন লাগি পৰিলো বেলুন ফুলোৱাত৷ এজনে মৰাপাটৰ ঠাৰি দুডাল মান লগ লগাই ক্ৰচ এটাৰ নিচিনা ফ্ৰেম এটা সাজিলে আৰু আমি বেলুনবোৰ ফুলাই ফুলাই তাতে ওলোমাবলৈ ধৰিলো৷ প্ৰায় বিশটামান বেলুন ফুলোৱা হ’ল৷ নানা ৰঙৰ বেলুনেৰে ফ্ৰেমটো ভৰি পৰিল৷ আমিও উৎসাহেৰে আগবাঢ়িলো ওচৰতে থকা ৰেল-স্টেচনটোৰ পিনে, আমাৰ ক্ষুদ্ৰ বেলুন ব্যৱসায় আৰম্ভ কৰি দুপইচা ঘটিবলৈ৷

ষ্টেচন পাই আমি সুবিধাজনক ঠাই এডোখৰ বাছি লৈ, মাটিত গোজ মাৰি থিয় কৰি দিলো আমাৰ বেলুনৰ ফ্ৰেমটো৷ মৃদু বতাহত ৰং-বিৰঙৰ বেলুনবোৰ লৰ-চৰ কৰি থাকিল৷ আমিও ঘাঁহনিত বহিলৈ বেলুনৰ গ্ৰাহক অহালৈ অপেক্ষা কৰিব ধৰিলো৷

সৰু-সৰু ল’ৰা-ছোৱালী দুজন মান ওচৰ চাপি আহি বেলুন কেইটালৈ অলপ পৰ চাই থাকিল৷ আমিও আগ্ৰহেৰে সিহঁতলৈ চাই থাকিলো৷ অলপ পাছত সিহঁত আতৰি গ’ল৷ এটা বেলুনো নিকিনিলে৷ আমাৰ মনটো সেমেকি উঠিল৷

তেনেদৰে আধাঘন্টামান পাৰ হৈ গ’ল৷

অলপ দুৰৰ পৰা দুজন ডাঙৰ ডাঙৰ ল’ৰাই আমাৰ ফালে চাই আছিল৷ লাহে লাহে ল’ৰাদুজন আমাৰ ফালে আগুৱাই আহিল৷ আমি অলপ উৎসাহ অলপ উৎকন্ঠাৰে ল’ৰাদুজনলৈ চাই থাকিলো৷ ল’ৰাদুজন একেবাৰে ওচৰ পালেহি৷

“কি কৰিছ তহঁতে? বেলুন বেচিবলৈ আহিছ?” এজনে সুধিলে৷

আমি মূৰ দুপিয়াই সঁহাৰি দিলো৷

“এই ৰঙা বেলুনটোৰ দাম কিমান?” বুলি ল’ৰা এজনে ৰঙা বেলুন এটা হাতেৰে ধৰিলে৷ লগে লগে প্ৰচন্ড শব্দ এটা কৰি বেলুনটো ফাটি থাকিল৷ আমাৰ বুকুবোৰ বিষাই উঠিল৷

“ধেৎতেৰি, এইটো ফাটিল৷ এই হালধীয়াটোৰ দাম কিমান?” বুলি মিচিকিয়া হাঁহি মাৰি ল’ৰাজনে এইবাৰ হালধীয়া বেলুন এটা হাতেৰে ধৰিলে৷ লগে লগে হালধীয়া বেলুনটোও ফাটি থাকিল৷

আমি অস্থিৰ হৈ পৰিলো৷ ল’ৰাজনে হাঁহিমাৰি ক’লে, ” কি কথা? চব বেলুন দেখোন হাতেৰে ধৰিলেই ফাটি থাকে?” তাৰপাছত তৃতীয়টো হাতেৰে ধৰিলে ল’ৰাজনে৷ সেইটোৰো একেই অৱস্থা৷ হাততে ফাটি থাকিল৷

হঠাতে আমাৰ মাজৰ এজনে লক্ষ্য কৰিলে, ল’ৰাজনে হাতত ভঙা গ্লাচৰ টুকুৰা এডোখৰ লৈ আছে আৰু বেলুন কিনাৰ ভাও ধৰি আমাৰ বেলুনবোৰ আচলতে ফুটাবলৈহে আহিছে৷ আমাৰ বুজিবলৈ অসুবিধা নহ’ল৷

বাধা দিয়াৰ সাহস গোটোৱাৰ আগতেই ল’ৰা দুজনে আমাৰ চকুৰ আগতে এটা এটাকৈ গোটেই কেইটা বেলুন ফটাই দি ধেকধেকাই হাঁহি হাঁহি আতৰি গ’ল৷ আমি অসহায় ভাবে মাথোন চাই ৰ’লো৷ আমাৰ ব্যৱসায়ৰো কৰুণ পৰিসমাপ্তি ঘটিল৷

অলপ দুৰৈত থকা পূজা-মণ্ডপখনলৈ চাই পঠিয়ালো৷ চকুত পৰিল মহিষাসুৰৰ মূৰ্ত্তিটো৷ মনত এনে ভাব হ’ল যেন এইমাত্ৰ বেলুন ফটাবলৈ অহা ল’ৰাদুজন সেই মহিষাসুৰতকৈও ভয়াবহ৷

আমাৰ মাজত এগৰাকী দুৰ্গাৰ অভাৱ বাৰুকৈয়ে অনুভৱ হৈছিল সেই সময়ত৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments