ৰঙ (প্রিয়ঙ্কা দাস)

(১)
 
সেউজীয়া, অসম্ভৱ ধৰণে গাঢ় সেউজীয়া৷ যেন কোনো নিপুণ শিল্পীৰ নিপুণ হাতেৰে কেনভাছত বোলোৱা সেউজীয়াখিনি৷ মাজে মাজে চিলনীৰ দৰে চোঁ মাৰি মৃদু বতাহজাকে খুন্দিয়াই থৈ যায় সেউজীয়াখিনিত৷ সেউজীয়াখিনি কঁপি উঠে৷ মুকলি পথাৰখনৰ মুকলি সেউজীয়াখিনি অলপ বলিয়া৷ অকণমান দূৰত সেউজীয়াখিনি সামান্য চুঁচৰি যোৱা৷ সেইখিনিৰ সেউজীয়াখিনি থিয় হৈ থকা নাই ৷ মূৰ পোলোকা মাৰিছে সেউজীয়াখিনিয়ে৷ তাৰ আৰু অলপ দূৰত সেউজীয়াখিনি সেউজীয়া হৈ থকা নাই৷ ৰঙা অলপমান ছিটিকি পৰিছে সেউজীয়াখিনিত৷ যেন ফাকুৱাৰ ফাকু৷ সেইখিনিৰ পৰা দীঘলীয়াকৈ আৰম্ভ হৈছে ৰঙা আঁচ এডাল৷ ৰঙাখিনিৰ তলৰ সেউজীয়াখিনি বেৰঙী, থেতেলা খোৱা, চুঁচৰি যোৱা৷ ৰঙাখিনিৰ মূৰত এখন ভৰি৷ সুঠাম৷ ডাঠ কলাফুল৷ কলাফুলৰ ঠিক তলতেই ৰঙা ফোঁৱাৰা৷ অবিৰতভাৱে নিৰ্গত হৈ আছে জুলীয়া ৰঙা৷ কেচেমা-কেচেম গোন্ধৰ ৰঙা৷ চুঁচৰি গৈছে ভৰিখন৷ তড়িৎ গতিৰে পুনৰ তামবৰণীয়া কিবা এটাই খুন্দিয়ালে ৰঙাখিনিত৷ আকৌ ফাটি পৰিল এসোপা ৰঙা৷
 
কেঁচা তেজ !!
সেউজীয়া ঘাঁহখিনি আকৌ ৰঙীন হৈ পৰিল ৰঙা ৰঙেৰে !!
ভৰিখন টানিব নোৱাৰা হৈ গ’ল সি৷ বাগৰি পৰিল ঠাইতে৷ উলম্বভাৱে৷
চকুত ভাঁহি উঠিল কিছু খণ্ড-বিখণ্ড ছবি৷
হেঁপাহৰ !
আৱেগৰ !
অতদিনে ভাৰ বৈ থকা বোজা এটা জাৰি-জোকাৰি পেলাই দিয়া সন্তোষৰ !
অস্পষ্ট হৈ তাৰ কাণত বাজি থাকিল টুকুৰা-টুকুৰ শব্দ কিছুমান৷ হাতেৰে খেপিয়াই চালে কঁকালত৷ আছে, ধাতৱ সঁজুলিটো তাৰ কঁকালৰ খোচনিতে আছে৷
 
উলিয়াব নেকি??
 
ওহো…অস্তাচলৰ হেঙুলীয়া ৰঙ তাইৰ প্ৰিয়৷ এই ৰঙে তাই এদিন কপালত আঁকি লৈছিল, ডাঙৰকৈ৷ বৈ যাওক ৰঙাবোৰ ৷ বাস্তৱমূখী সময়খিনিত সি পলৰীয়া হ’ব নোৱাৰে৷ ঘাঁহনিত পৰি ৰ’ল সি৷
 
 
(২)

: কোন আপুনি ??
অপ্ৰত্যাশিতভাবে সি মুখামুখি হৈছিল প্ৰশ্নটোৰ৷ জনা-বুজা হোৱাৰে পৰা সি এইখন ঘৰত আছে৷ কেনেকৈ, ক’ৰ পৰা কোনে তাক ইয়ালৈ আনিলে সি নাজানে৷ জানিবও নোখোজে৷ তেজৰ সম্পৰ্ক ন’হলেও এইখনেই তাৰ ঘৰ৷ সি নিজে অন্ততঃ তেনেকৈয়ে ভাবে৷ বেলেগে যি ভাবিলেও তাৰ খেদ নাই৷ সি এনেকৈয়ে সুখী৷ ত্ৰিদিৱ দাদা, আশা বৌ আৰু চাৰিবছৰীয়া ৰিণিয়েই তাৰ আপোন৷ হওঁতে তাৰ নিজৰ গাঁও এখন নথকা নহয়৷ কেতিয়াবা ত্ৰিদিৱ দাদাৰ দুপেগমান বেছি হ’লে তাক কাষত বহুৱাই লৈ কয় – “শুনিছ…হেমো, তই ইয়াতে থাকিবি৷ দৰকাৰ নাই তোৰ মাহীমাৰৰ পুতেককেইটাক আৰ্জি খুৱাবলৈ৷ বাপেৰে আমাক কোঁচত লৈ ডাঙৰ কৰিছিল৷ তই ইয়াতে থাকিবি৷ বাপেৰে আদবাটতে এৰি গ’ল বুলিয়েই তই কেও-কিছু নোহোৱা বুলি নাভাবিবি৷”
 
সৰুতে মাত্ৰ দেউতাকে এদিন শিকাইছিল, কোনোবাই তোৰ কি নাম বুলি সুধিলে ক’বি – “মোৰ নাম শ্ৰী হিমান কলিতা৷” ত্ৰিদিৱৰ কথা শুনি শুনি কিবা ভাবিবলৈ মন গ’লে এইখিনিয়ে মনত পৰে তাৰ৷ দোৰোল খোৱা জিভাৰে অলপসময় বিৰবিৰাই থাকি ত্ৰিদিৱৰ কেতিয়া নাক বাজিবলৈ ধৰে সি গম নাপায়৷ গৰমৰ দিনত ত্ৰিদিৱৰ বিছনাখনৰ কাষতেই পকীত ডাঠ চাদৰ এখন পাৰি সি শুই পৰে৷ পুৱালেই তাৰ যুদ্ধ আৰম্ভ৷ বৌয়েকক শাক-পাচলি যুগুতাই দিয়া, ছাদৰ ওপৰত কাপোৰ মেলি দিয়া, ফুলৰ টাববোৰ চিজিলকৈ থোৱা, ফুলৰ গুৰি চাফা কৰা, ইটো-সিটো ভিতৰৰ-বাহিৰৰ কাম কৰা, বজাৰলৈ যোৱা…ইত্যাদি ইত্যাদি৷ ঘৰৰ পিছফালে নতুনকৈ কৰা শাক-পাচলিৰ বাগিছাখন তাৰ কৰ্মঠ হাত দুখনৰে প্ৰমাণ৷ মুঠতে ঘৰখন হেমো নহ’লে নচলে৷ হেমোয়ো এইখন ঘৰ অবিহনে চলিব নোৱাৰে। অৱশ্যে মাজে মাজে তাৰো মন কোঁচ নোখোৱা নহয়৷ বৌয়েকৰ মাকজনী আহিলে যেতিয়া হেমোৰ ‘ডিমোছন’ ঘটি সি বুঢ়ীৰ বাবে তামোল খুন্দিব লগা হয়, বিয়াই-সবাহে গ’লে যেতিয়া ত্ৰিদিৱহঁতৰ সম্পৰ্কীয়বোৰৰ “হেমো, টৌ কেইটা আনি দে৷ হেমো, পাতখিনি পিছফালে পেলাই থৈ আহ” ইত্যাদিবোৰ শুনিবলগা হয়, তাৰ মনটো অলপ কোঁচ খাই যায়৷ কিন্তু দাদা-বৌ-ৰিণিৰ মৰমৰ তুলনাত সেইবোৰ নগণ্য৷ তেওঁলোকৰ বাবে হেমো সদায় হেমোয়ে৷ ঘৰখন নিমাত হেমো অবিহনে৷ সেইজন হেমোয়েই আজি বজাৰৰ পৰা আহি পোৱাৰ পিছত ছাদৰ ওপৰত তাৰ পছন্দৰ ছাৰ্টটো মেলি দিবলৈ গৈ সম্পূৰ্ণ অপ্ৰত্যাশিতভাৱে মুখামুখি হ’ল সজল চকু এযোৰৰ৷ কুঁচিমুচি বহি থকা কুমলীয়া বয়সৰ ছোৱালীজনী যেন সচকিত হৈ উঠিল৷
 
হেমোই মনৰ ভিতৰতে ডিঙিত চৰ্চৰণি খোৱা মানুহৰ দৰে থিয় হৈ ৰ’ল অলপ সময়৷ ‘আপুনি’!!! সম্ভৱতঃ জীৱনত প্ৰথমবাৰৰ বাবে কোনোবাই আপুনি বুলি সম্বোধন কৰিছে হেমোক৷ আঁৰ চকুৰে সি ছোৱালীজনীলৈ চালে৷ ধুনীয়া…ওহো ধুনীয়া বুলি পোনছাটেই ক’ব নোৱাৰি৷ চুলিখিনিও বিশৃংশল৷ অৱশ্যে ভাললগা কিবা এটা আছে চকুদুটিত৷ সেই ভাললগাখিনি বিয়পি পৰিছে মুখখনতো৷ কিন্তু গহীন, কিবা এটা উদাসীন,শূন্য দৃষ্টি৷
কি ক’ব, কি নক’ব ভাবি সি একেকোবেই বৌয়েকৰ কাষ পালে৷ বৌয়েকৰ মুখৰ পৰা সি গম পালে এইজনীয়েই ত্ৰিদিৱ দাদাৰ সেই সম্পৰ্কীয় ভনীয়েকজনী যিজনী ঘৰৰ পৰা আঁতৰত আশ্ৰম এখনত আছিল৷ এতিয়া আশ্ৰমখন চৰকাৰী মেৰপেচত সোমাই বন্ধ হোৱাৰ ফলত তাই ইয়াত মানে ত্ৰিদিৱহঁতৰ ঘৰত। দুদিনমান থাকি হয়তো ঘৰলৈ যাব। হেমোৰ মনটো সেমেকি উঠে। ‘আশ্ৰমত কিয়’, বুলি সুধিব খোজা কথাষাৰে ডিঙিটোত সোপা মাৰি ধৰে, ওলাই নাহে।
 
(৩)
 
এদিন দুদিনকৈ এমাহেই হ’বৰ হ’ল৷ ছোৱালীজনী যোৱা নাই৷ আছে৷ ঘৰতে আছে৷ বাজলৈ ওলোৱাও বৰকৈ দেখা নাই সি৷ ৰূমৰ ভিতৰত থাকি জানো কি পায় ! নামটোও নাজানে সি৷ জানিবলৈ মন যায়৷ সুধিব পৰা সাহস তাৰ নহয়গৈ। দাদা-বৌহঁতে ‘মাতু’ বুলি মতা শুনিছে যদিও আচল নামটো সি নাজানে৷
 
দুই-এদিন কিতাপ এখন হাতত লৈ খিৰীকিৰ কাষত বহি থকা দেখিছে। প্ৰথমদিনাখন ‘কোন আপুনি’ বুলি সোধা কথাষাৰৰ বাহিৰে আজিলৈ তাৰ লগত কোনোধৰণৰ কথা হোৱা নাই৷ হেমোৰ কেতিয়াবা মৰম লাগি যায় নিষ্পাপ মুখখনলৈ৷ সজল চকুকেইটালৈ৷ বেছিকৈ নাভাবে সি৷ সি জানে…ভাবিলে আউল লাগিব কথাবোৰ৷ সহজ-সৰল হৈ থকা কথাবোৰ জঁট লগাটো সি নিবিচাৰে৷ নজনাবোৰ নজনা হৈয়ে থাকক সদায়৷ হেমো সদায় হেমোয়েই হৈ থাকিব খোজে – ত্ৰিদিৱ দাদাৰ হেমো, আশা বৌৰ হেমো, ৰিণিৰ হেমো দাদা।
 
কাৰোবাৰ ‘হিমান’ হ’ব খোজাৰ হেঁপাহটো সি সামৰি-সুঁতৰি থয়৷ নিৰলে, কোনেও গম নোপোৱাকৈ৷
 
(৪)

কথাবোৰ সহজ হৈ থাকিলে ভাল – দেখাত, শুনাত৷ আচলতে সহজ বুলি ভবাবোৰেই জঁট লাগি থাকে৷ মনে মনে৷ কোনেও নেদেখাকৈ, নুশুনাকৈ !
 
হেমোৰ কথাবোৰো ইয়াৰ ঊৰ্দ্ধত নহয়৷ মনৰ আশাবোৰে উক দিবলৈ ধৰিলে৷ সপোনৰ অঁকৰা মৈ খন সি আওকাণ কৰিব নোৱাৰে৷ লাহে লাহে সি অনুভৱ কৰিবলৈ ধৰিলে সি যেন সহ্য কৰিব নোৱাৰিব তাইৰ অনুপস্থিতি৷ তাই ঘৰলৈ যোৱাৰ কথা ওলালেই সি অস্থিৰ হৈ পৰে৷ মনটো চটফটাই উঠে৷ আৰু তাই…?
 
তাই এখন মৰাসুঁতি৷ বন্ধ হৈ থকা পানীৰ ডোঙা৷ সি নাজানে তাইৰ বুকুৰ ঘাঁ টুকুৰাৰ কথা৷ তাই দেখিছে, তাৰ চকুত বিশ্বাসৰ চাৱনি এটা দেখিছে তাই৷ আৰু মৰমৰ৷ সি নক’লেও তাই বুজিব পাৰে বহুত কথা৷ কিন্তু সি জানেইবা কিমান তাইৰ কথা !! স্থিৰতা নোহোৱা ছোৱালী তাই৷ নিজে নাজানে তাই বিচাৰে কি৷ লগুৱা-লিকচৌৰে ঠাহ খাই থকা নিজৰ ঘৰখনত কিয় নিজকে বন্দী ৰাজকুঁৱৰীৰ দৰে লাগে তাই ভাবি নাপায়৷ কথাবোৰ তাই নিজেই নুবুজে, আনক বুজোৱাটো দূৰৈৰ কথা৷ জীৱনটো তাইৰ বাবে মূল্যহীন৷ উটুৱাই দিব খোজে বোৱতী নৈত৷ খোৱা, পিন্ধা, শোৱা, আত্মীয়, অনাত্মীয় একো নাজানে তাই৷ কেতিয়াবা যদি ছাদৰ ওপৰৰ ৰেলিঙত বহি আছে, অইন কোনোবাদিনা হয়তো ঘৰৰ পিছফালে কোনেও নেদেখাকৈ ঘণ্টাৰ পিছত ঘণ্টা একেঠাইতে বহি আছে৷ হাতবেগত কঢ়িয়াই লৈ ফুৰে জাপ-জাপ এলঝোলাম টেবলেট৷ একোৱেই ভাল নালাগে তাইৰ৷ ক্ষন্তেকতে যেন শেষ কৰি দিব জীৱনটো, জীয়াই থকাৰ অসহনীয় যন্ত্ৰণা৷ কিয় ?? নাজানে তাই৷ কিন্তু তাইযে জীয়াই থাকিবও বিচাৰে !! তাই যেন বেলেগ পৃথিৱীৰ বাসিন্দা৷ ইমান অস্থিৰ ছোৱালী কোনে চম্ভালিব বুলি মাক-দেউতাকৰ চিন্তাৰ আঁতডাল ছিঙি পঢ়া-শুনাৰ ইতি পৰাত তাই নিজে বাচি লৈছিল আশ্ৰমৰ মুক্ত জীৱন৷ মাক-দেউতাকৰ আভিজাত্যত যেন এক কাণতাল মৰা অট্টহাস্য৷
 
একেজনী তাই এতিয়া হেমোৰ বান্ধোনত সোমাব পাৰিব জানো ? নিজকে সোধে তাই৷ উত্তৰ – শূন্য।
ঘৰলৈ যোৱাৰ দিন ওচৰ চাপি আহিছে৷ তাই আকৌ অস্থিৰ হৈ পৰিছে৷ ঘৰ…তাইৰ বাবে বন্দীশাল৷ অস্থিৰতাবোৰ উকাব ধৰিছে তাইৰ মনত৷ হাতখন এলঝোলাম কেইটাৰ কাষলৈ গৈ ৰৈ যায়৷ মুখ এখন ভাঁহি উঠে তাইৰ চকুত৷ জিলমিলকৈ, অস্পষ্টভাবে৷ এলঝোলাম কেইটা ঠাইতে ৰয়।
 
ৰৌদ্ৰজ্জ্বল পুৱা৷ অনাকাংক্ষিতভাবে তাইৰ সন্মুখত হেমো৷ সোধোঁ নোসোধোঁকৈ হেমোৰ মুখেদি ওলাল —
: ঘৰলৈ যাবা ??
: মন নাই।
: কিয় ??
: ব’লা, দূৰলৈ গুচি যাওঁ৷
 
হেমোৰ মন ভৰি পৰে প্ৰশান্তিত৷ তাৰ সপোনৰ মৈখন নাচি উঠে৷ তাই পেলাই দিয়ে এলঝোলামকেইটা।
 
(৫)

কথাবোৰ ভবামতে নহয়৷ কেতিয়াবা হ’লেও আংশিক খেদ কৰিবপৰা অংশ এটা চকুত পৰেই৷ কথাবোৰ স্থিৰ হ’বলৈ লৈছিল। দিনবোৰ উজ্জল। তাইও লাহে লাহে স্থিৰতাৰ বাটত খোজ দিছিল…তাৰ হাতত ধৰি৷ ৰঙা ৰঙ তাইৰ প্ৰিয়৷ নিজান দুপৰীয়া এটি ক’ৰবাৰ পৰা ৰঙা ফাকু এসোপা কপালত সানি লৈ তাৰ সন্মুখত থিয় হৈ কৈছিল,
: আৰু অকণ ৰঙা ঘঁহি দিয়াচোন৷
: কি কৰিবা ইমান ৰঙাৰে ?
: সপোনবোৰ যে “ব্লেক এণ্ড হোৱাইট” হৈ আছে, তাত ৰঙ নিদিয়া জানো?
এৰা…ৰঙ দিব লাগিব — সি ভাবে৷
 
তাৰ প্ৰিয় সেউজীয়া৷ সপোনবোৰো সেউজীয়া৷ হয়তোবা ৰঙা৷ ৰঙবোৰ কিন্তু ৰঙ হৈয়ে পৰি ৰ’ল৷ ৰঙীন কৰাৰ হেঁপাহটো শেলুৱৈ পৰা চোতালখনতে লেটিপেটি হৈ পৰি ৰ’ল৷ তাৰ আৰু তাইৰ মাজৰ কথাবোৰ কেতিয়া ৰাজনীতি, ৰাষ্ট্ৰনীতি আদিৰ লগত জড়িত হৈ পৰিল সি তৰ্কিবই নোৱাৰিলে৷ আশ্ৰমখনৰ মৃত্যুত তাই যুঁজাৰ পণ লৈছিল। তাৰ সাহসত যুঁজ দিছিল৷ এজাক উদণ্ড, বিবেকহীন কোনাবা “প্ৰভু”ৰ গোলামৰ লগত৷ তাইৰ উদাস চকুত কিবা এটা লাহে লাহে উজলিছিল৷ কিন্তু স্থায়ী নহ’ল সেই উজ্জ্বলতা৷ ক’লা পৰা গাল, উখহি যোৱা মুখখনৰ সৈতে এদিন দুপৰীয়া কাঠ এছটাৰ দৰে তাইৰ দেহাটো ষ্ট্ৰেচাৰখনৰ পৰা চোতালত নমাই থোৱা হ’ল৷ কাৰণটো কোনেও নাজানিলে৷ হয়তো জানিও নজনা হৈ থকাটোৱে ভাল বুলি ভাবিলে মানুহবোৰে।
 
এনেও তাইৰ নাম কিছুমান আছিল — অস্থিৰ, মেজাজী, খেয়ালি। নামবোৰে মানুহক কথাটো পাহৰিবলৈ সহজ কৰি তুলিলে৷ গুৰুত্বহীন কথা৷ মানুহ মৰেই —- কোনোবা আগত, কোনোবা পাছত !!
 
(৬)

সম্ভৱ নাছিল৷ তাৰবাবে কথাবোৰ অইনে ভবাৰ নিচিনাকৈ ভবাটো সম্ভৱ নাছিল। তাইৰ অবিহনে সময় তাৰবাবে বিহ৷ তাইৰ পুৰণি অস্থিৰতাৰ বেমাৰটো লাহে লাহে তালৈ শিপালে। তাইৰ স্মৃতিৰ অত্যাচাৰত এই অস্থিৰতা অধিক পৰিপক্ক হ’ল, গাঢ় হ’ল৷ কথাটো মানুহে পাহৰি পেলোৱাৰ বাবে তাৰ মনত যন্ত্ৰণা দকৈ শিপালে৷ শৃংখল, কৰ্মঠ সহজ-সৰল হেমো ক্ৰমে পৰিৱৰ্তিত হ’ল চকুত একুৰা জুই জ্বলি থকা আত্মধ্বংসকাৰী প্ৰেমিকলৈ। এই আত্মনিধন যজ্ঞৰ আহুতি সি বিচাৰি ল’লে। অব্যৰ্থভাবে।
 
ত্ৰিদিৱৰ দ্ৰয়াৰটো খুলি সি ৰিভলভাৰটো উলিয়াই ল’লে, সংগোপনে৷ সি জানে সি উভতি আহিব নোৱাৰে৷ তথাপি এই আহুতি তাক লাগিবই৷ সি চিনি পোৱা বাটটোৰে খোজ ল’লে খৰকৈ৷ যিটো বাটেৰে তাই খোজ লৈছিল আশ্ৰমখন পুনৰ ঠন ধৰি উঠাৰ আশাত৷ সি ওভতাৰ কথা ভবা নাই৷ উভতি আহি ৰঙ ঘঁহি দিবলৈ তাই নাই৷ সেউজীয়া ঘাঁহনিখনৰ ওপৰত সম্পূৰ্ণ পেছাদাৰী ভাবেৰে সি কুকুৰনেচীয়া স্বভাৱৰ দানৱটোৰ মূৰত সুমুৱাই দিলে তিনিটা গুলী৷ ঠাইতে ঢলি পৰিল মানুহটো।
 
আৰু হেমো ??
 
সি নুগুচিল ঠাইৰ পৰা৷ প্ৰশান্তিৰ নিশ্বাস এটা এৰি সি থিয় হৈ ৰ’ল মুকলি পথাৰখনত৷ তৎমুহূৰ্ততে কিবা এটাই ফালি নিয়া যেন লাগিল তাৰ ভৰিখন৷ সি জানিছিল দানৱ বধৰ চক্ৰবেহুৰ পৰা সি ওলাব নোৱাৰিব৷ আক্ষেপ নাই তাৰ মনত। তিলমানো নাই৷ সিও একে পথেৰেই যাব — তাই যোৱা পথেৰে৷
 
 
পুনৰ — (১)
 
সেউজীয়া তাৰ প্ৰিয়৷ ৰঙা তাইৰ৷ হেমোৰ চকুৰ সন্মুখতে সেউজীয়াবোৰ ৰঙা হৈ পৰিল – তাৰ নিজৰ তেজেৰে৷
অতদিনে তাৰ মনত চলি থকা আত্মনিধনকাৰী যজ্ঞখনৰ আজি শেষ দিন৷ দুটা গুলী ভৰিত লৈ তৃতীয়টো বুকুত পাতি ল’বলৈ সি পৰি দিলে সেউজীয়াখিনিৰ ওপৰত। ৰঙা হৈ পৰক তাৰ প্ৰিয় সেউজীয়া। এই ৰঙেই তাইক উপহাৰ দিব খুজিছিল সি। সি পৰি দিলে ঠাইতে।
 
ধাতৱ আঘাত কেইটামানে ফুটা কৰি ৰঙা উলিয়াই দিলে তাৰ বুকুৰ পৰা।
দেখ-নেদেখ স্মিত হাঁহি এটা ওলমি ৰ’ল হেমোৰ ওঁঠত৷
সেই হাঁহিত ৰঙ আছিল৷
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments