ৰজা আৰু ভাঁটৌ চৰাই (ৰাজু শইকীয়া)

ৰজা আৰু ভাটৌ চৰাই
– ৰাজু শইকীয়া

‘১’

আমাৰ সমাজখনৰ শিক্ষাৰ মাপকাঠী নিৰূপণ কৰিবলৈ গৈ ৰজা আৰু ভাঁটৌ চৰাইৰ কাহিনীটোৰ লেখীয়া অনুভৱ হ’ল । সংক্ষেপে উল্লেখ কৰিলোঁ । আমাৰ মহাবিদ্যালয়বোৰত আজি কিছুবছৰ ধৰি ভাঁটৌ চৰাইৰ লেখীয়া ছাত্ৰ-ছাত্ৰীৰে ভৰি পৰিছে । ইয়াৰ বাবে দায়ী কোন ? নিশ্চয় ৰজায়ে দায়ী । সেই ৰজাসকলক আজিৰ অধ্যাপকৰ ৰূপত দেখিবলৈ পাওঁ । তেওঁলোকে কেইটামান বছা-বছা নিৰ্দিষ্ট টোকা (notes) কোন কাহানিতে এবাৰ কষ্ট কৰি সৃষ্টি কৰে আৰু যুগ-যুগ ধৰি নিজৰ শিক্ষাৰ কাৰখানা চলাই যায় । প্রমাণ হিচাপে আপুনি যিকোনো এজন অধ্যাপকে শিকোৱা দুই-তিনিবছৰ আগৰ ছাত্ৰ-ছাত্ৰীৰ টোকা (প্রশ্ন-উত্তৰ) বৰ্তমানৰ শিকাই থকাজনৰ লগত মিলাই চাওক । যেন বৰ্তমানৰ জনে প্রশ্ন-উত্তৰৰ ছবিহে আঁকিছে । যেতিয়ালৈকে পাঠ্যক্ৰম পৰিবৰ্তন নহয় তেতিয়ালৈকে ৰজাঘৰীয়া ভাঁটৌৰ জন্ম হৈ থাকে । ইয়াৰ বাবে দায়ী কোন বিচাৰ কৰাতকৈ কিয় শিক্ষা পদ্ধতিটোত জ্ঞানৰ তেনেকৈ মূল্যাংকন কৰে সেইটোহে চিন্তনীয় । নে বিষয়-বস্তুবোৰৰ লগত সমিল থকা কোনো আনুসংগিক কিতাপ (Reference Book) বজাৰত পোৱা নাযায় । দেশী-বিদেশী কিতাপেৰে বজাৰ ভৰি থাকে আৰু অধ্যাপক সকলক কিতাপ কিনাৰ বাবে আছুতীয়াকৈ ভাট্টাও (allowance) দৰমহাৰ লগত প্রদান কৰা হয় । তেনেহ’লে কিহৰ বাবে সমাজত ভাঁটৌ চৰাইৰ লেখীয়া ছাত্ৰ-ছাত্ৰীৰে ভৰি পৰে ? ভাল ডিগ্রী লৈ টোকাবহীৰে ভাঁটৌ সৃষ্টি কৰাই কাম নেকি ? পাঠক সকলে কথাটো দ-কৈ ভাবি চোৱাৰ উপৰিও নিজস্ব দূষ্টিভংগীৰে মন্তব্য আগবঢ়ালে ভাল পাম ।

ধ্ৰুৱজ্যোতি শৰ্মা……….সঁচা কথা । কিছু ক্ষেত্ৰত ছাত্ৰ সকলো দোষণীয় । পাঠ্যক্ৰম বুজোৱা শিক্ষকজন তেওঁলোকৰ বাবে বেয়া শিক্ষক । কিয়নো “ক্লাছত আহি তেওঁ কেৱল কিবা-কিবি এসোপা বকিহে যায় । ছাত্ৰসকল কিদৰে পাছ কৰিব সেইটোলৈ ভ্ৰূক্ষেপেই নাই” জাতীয় কথা-বতৰা আৰু ব্যক্তিগত টিউশ্যনৰ চাহিদাই শিক্ষকজনক ভাবিবলৈ বাধ্য কৰায় যে ছাত্ৰ‍ই আচলতে তেওঁৰ পাঠদান পদ্ধতিৰ লগত মিলিব পৰা নাই । তেনে এটি ধাৰণাৰ ফলতেই টোকা তৈয়াৰ কৰিব লগা হয় । তাৰ ফলত শ্ৰেণীকোঠাত ছাত্ৰ-ছাত্ৰীৰ সংখ্যাও বাঢ়ে, নামো ভাল হয়, ছাত্ৰ-ছাত্ৰীৰ কামো সিজে, লগতে কেই বছৰমানলৈ শিক্ষকজনৰ নিজৰ কামো কমে । তাৰ বাহিৰেও কিছু “একো নজনা” শিক্ষকে নিজকে ছাত্ৰ-ছাত্ৰীৰ প্ৰশ্নবাণৰপৰা বচাবলৈও এইটো পদ্ধতি অৱলম্বন কৰা দেখা যায় । এই ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱক সকলেও সজাগ হ’লেহে শ্ৰেণীকোঠাত টোকা লিখন পদ্ধতিটোৰ অৱসান ঘটিব বুলি ভাবিব পাৰি ।

‘২’

ৰাজু শইকীয়া……… আগৰ খণ্ডত ভাঁটৌৰ মাত-কথা কেনেকৈ সৃষ্টি হয় কলোঁ । এতিয়া আহোঁ ভাঁটৌবোৰৰ কথালৈ । ডেকাৰ পৰা বুঢ়ালৈকে সকলোৰে চৰকাৰী-বেচৰকাৰী কাৰ্যালয়ত কাম থাকে । নানান ওজৰ- আপত্তি । কিন্তু দুটামান কথাই বৰকৈ আমনি কৰে আৰু প্ৰায় সকলো কাৰ্যালয়তে দেখা যায় । সকলো কাৰ্যালয়তে এটা নুশুনিবলগীয়া প্রশ্নৰ সম্মুখীন হ’ব লাগে, “দৰখাস্তখন ইংৰাজীত লিখি আনক ।” যিসকল ভাঁটৌৰ দৰে নহয় (ইংৰাজী নাজানে ?) তেওঁলোকে কেতিয়াবা বিষয়াজনক সোধে – “অসমীয়াত লিখিলে নহয়নে ?” বিষয়াজনে কাৰোবালৈ আঙুলিয়াই দিব যিয়ে ইংৰাজীত লিখি দিব আৰু বিনিময়ত কিবা এটা ল’ব ।ইংৰাজীত লিখোঁতাজনেও কোনোবাই কাহানিতে লিখি দিয়া দৰখাস্তখনকে সাগৰৰ মাণিকৰ দৰে ৰাখে আৰু ফটো-ক’পি কৰি যায় । পিছে আমাৰ শিক্ষিত(ভাঁটৌ)সকলেও তেওঁলোকৰ ওচৰতেই কামফেৰা কৰে । সময়ৰ অভাৱ নে বিষয়বস্তু ভালদৰে লিখিব নাজানে । আৰু যদি নিজেও লিখে, দহবছৰ আগতে লিখা দৰখাস্ত এখনৰ কথাখিনিয়ে আজিলৈকে লিখি আছে । মাত্ৰ মাজৰ দুটামান শাৰীত বিষয়বস্তুখিনি ভৰাই দিয়ে ।(শিক্ষিতসকলে অসমীয়াত লিখা মানে ঢেঁকীয়াৰ ফুল দেখা) সুন্দৰ হাতৰ আখৰেৰে সাৱলীলভাবে অসমীয়াত লিখিলে কি ক্ষতি হয় ? নে আপুনি লিখিব নাজানে ? দাক্ষিণাত্যত তেওঁলোকে নিজৰ ভাষাত লিখা দেখা যায় । যদিহে শিক্ষিত সমাজৰ গণ্য-মান্য ব্যক্তিৰ পৰা সাধাৰণলৈকে আমি নিজকে পৰিবৰ্তন নকৰোঁ তেনেহ’লে সাহিত্য-সভা, বিভিন্ন দল-সংগঠনে টেঁটুফালি কিবা লাভ আছে জানো । টেঁটুফালিলেও সাহিত্য-সভা, বিভিন্ন দল-সংগঠনৰ ব্যক্তিসকলেও অসমীয়াত নিলিখে ।

পিছে আপুনি অসমীয়াত দৰখাস্ত লিখা বুলি কেতিয়াবা মনত পৰেনে আৰু যদি নপৰে কিয় নিলিখে । আহক আজিৰ পৰা অসমীয়াত লিখোঁ । বিচাৰ-বিবেচনা আপোনাৰ নিজস্ব আৰু অসমীয়া অসমীয়া বুলি চিঞৰিও লাভ নাই কাৰণ বাহিৰে ৰংচঙীয়া ভিতৰে কোৱা-ভাতুৰীৰ লেখীয়া আমিবোৰ হৈছোঁ নেকি ?

প্ৰতিম প্ৰতাপ বৰুৱা…….দৰখাস্তখন ইংৰাজীত কিয় লিখিব লাগে, কথাটো মই বুজি নাপাওঁ ।

ধ্ৰুৱজ্যোতি শৰ্মা……….দৰখাস্ত এখন অসমীয়াত লিখা সম্পৰ্কত আমি এটা কথা মন কৰিব লাগিব, যে যিটো কাৰ্যালয়ত আমি দৰখাস্তখন দিম, তাত প্ৰচলিত “কাৰ্যকৰী ভাষা” (Official Language) কি !! যদিহে সেইটো বিভাগত প্ৰচলিত নিয়ম অনুযায়ী অসমীয়া ভাষাটো কাৰ্যকৰী ভাষাসমূহৰ ভিতৰত নাথাকে, তেন্তে সংযোগী ভাষা হিচাপে ইংৰাজী লিখাটো বাঞ্ছনীয় হৈ পৰে । এইখিনিতে উল্লেখ কৰাটো প্ৰয়োজনীয় বুলি ভাবোঁ যে অসম চৰকাৰৰ গৃহ বিভাগৰ বাহিৰে আন কোনো বিভাগে চাগে’ অসমীয়া ভাষাটো কাৰ্যকৰী ভাষা হিচাপে মানি লোৱা নাই । অৱশ্যে অসমীয়াক ৰাজ্যিক ভাষা হিচাপে মানি লোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰক অসম চৰকাৰৰ তৰফৰপৰা আবেদন কৰাৰ কথা কাগজে-পত্ৰই শুনিছিলোঁ যদিও অনুমোদন প্ৰক্ৰিয়া কিমানদূৰলৈ আগবাঢ়িছে সেয়া মোৰ জ্ঞাত নহয় । যদি সেয়া অনুমোদন হয়, সকলো বিভাগতে অসমীয়া কাৰ্যকৰী ভাষা হিচাপে ব্যৱহাৰ কৰাত কোনো বাধা নাথাকিব ।  কিছু ক্ষেত্ৰত দেখা যায় যে, দৰখাস্ত এখন লিখিব জানিলেও বিষয়টোৰ ওপৰত সম্যক জ্ঞান নথকাৰ বাবে আমি বেলেগৰ হতুৱাই সেইখন লিখাব লগা হয় । যেনে ধৰক, এজাহাৰ এখন লিখাৰ ওপৰত নিৰ্ভৰ কৰে তাৰ গুৰুত্ব, কিয়নো লিখনশৈলীৰ লগত সম্যক আইনী জ্ঞানৰ সংমিশ্ৰণেৰে লিখা এজাহাৰ এখনেহে বিষয়টো থানাত উপস্থাপন কৰে আৰু সেই মতে আদালতত গুৰুত্ব লাভ কৰে । ঠিক তেনেদৰে মাটি-বাৰী সংক্ৰান্তীয় কথাবোৰতো আমাৰ জ্ঞান সীমিত হোৱা বাবে মহৰিৰ হতুৱাই দৰখাস্তখন লিখোৱা হয় যাতে দৰখাস্তখনে আমি ক’ব বিচৰা ঘটনাটোৰ বাহিৰেও বিষয়াজনক ভৌগলিক অৱস্থানটোৰো পৰিচয় কৰাই দিব পাৰে ।  তেনেকুৱা নিৰ্দিষ্ট কিছুমান পৰিস্থিতিৰ বাহিৰে দৰখাস্তখন আমি নিজে লিখিব নোৱাৰাৰ কাৰণ নেদেখোঁ । অৱশ্যে বিভিন্ন দল-সংগঠনে অসমীয়াত চিঠি-পত্ৰ নিলিখা বা লিখিব নোৱাৰাৰ কাৰণ নেদেখোঁ, যদিহে সেইখন অ’ফিচিয়েল নহয় বা ওপৰোক্ত অসুবিধাবোৰৰ ভিতৰত নপৰে । এই কথাখিনি মই মোৰ ব্যক্তিগত অভিজ্ঞতা আৰু চিন্তাধাৰাৰেহে লিখিছোঁ ।

ৰাজু শইকীয়া……..আপোনাৰ মন্তব্যই সুন্দৰ ছবি এখন দাঙি ধৰিছে । প্রথমে ৰাজ্যিক, তাৰ পিছতহে অন্য ৰাষ্ট্রীয় স্বীকৃত প্রাপ্ত ভাষাৰ প্রয়োগ, চৰকাৰী নীতি মতে সকলোতে প্রযোজ্য । কিছু ভাষিক অনুবাদৰ অভাৱৰ বাবে কিছুমান দৰখাস্তত ইংৰাজী প্রয়োগ কৰা হয় । সেইবুলি সকলোতে ইংৰাজীত লিখিবই লাগিব বুলি কোনো বাধ্যতামূলক নীতি নাই । গতিকে আহক আজিৰ পৰা আমাৰ নিজস্ব ভাষাত লিখোঁ ।

অঞ্জল বৰা……..ইয়াত (ভোপালত) কিবা এটা কামত থানালৈ দৰখাস্ত এখন ইংৰাজীত লিখি নিছিলোঁ । পিছে মই হে কামোৰ খালোঁ । বোলে হিন্দীত লিখি আনক; শেষত অ’ফিচৰ মানুহ এজনৰ হতুৱাই হিন্দীত লিখাতহে হ’ল৷ ইয়াত দেখিছোঁ বেঙ্কৰ পৰা টকা উলিয়াবলৈ বা জমা দিবলৈ হ’লে সকলোৱে হিন্দীতে লিখে৷ আমাৰ তাত আকৌ ইংৰাজী নজনাজনে বেংকত গৈ আনক খাতিৰ কৰিব লাগে ইংৰাজীত লিখি দিবলৈ৷ আনহাতে নিজেও কেতিয়াও বেংকত অসমীয়াত লিখা দেখা নাই ! দেখিব কেনেকৈ ? গুৱাহাটী বিশ্ববিদ্যালয়ৰ ষ্টেট বেংকটোলৈ গৈ দেখা পালোঁ গ্ৰাহক সমন্বয় বিষয়াজনীয়ে অসমীয়া নাজানেই ! ইংৰাজী আৰু হিন্দীহে জানে৷ গাঁৱৰ পৰা যোৱা লোক এজনে বাৰু কেনেকৈ কথা পাতিব তেওঁৰ লগত । আকৌ লাগিল এজন তৃতীয় ব্যক্তি ! দেখিলোঁ দুই এজন ল’ৰাই হিন্দী-ইংৰাজী জানে যদিও খঙতে তাইক অসমীয়াতে কৈ আছে আৰু তাই ভেবা লাগি চাই আছে ৷ আচলতে আমাৰ এই চিষ্টেমবোৰতে কেনা আছে ৷ গ্ৰাহক সমন্বয়ৰ দৰে বিভাগত যে স্থানীয় ভাষা জনা এজন ব্যক্তিক দিব লাগে সেই সৰু কথাটোকো গুৰুত্ব নিদিয়ে ৷

দেৱব্ৰত গগৈ……সিদিনা গুৱাহাটীত অৱস্থিত পশু-চিকিৎসা মহাবিদ্যালয়ৰ অসম কৃষি বিশ্ববিদ্যালয় কৰ্মী সন্থা, খানাপাৰা চৌহদৰ দ্বাৰা প্ৰকাশিত তেওঁলোকৰ বছেৰেকীয়া মুখপত্ৰ “কৰ্ম প্ৰবাহ” খন পঢ়িবলৈ পালোঁ । দুটা ইংৰাজী কবিতাৰ বাদে আটাইখিনি লেখাই অসমীয়াতে লিখা, কিন্ত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আৰু বিজ্ঞান গুৰুৱে মুখপত্ৰখনলৈ বাৰ্তা পঠিয়াইছে ইংৰাজীত । দুয়োজন আকৌ খাৰখোৱা অসমীয়াই হয় ।

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!