ৰজা গাড়ীত ৰাজকীয় চফৰ – প্ৰমথ হাজৰিকা

চিন্তা কৰকচোন এই ৰজা গাড়ী কি হব পাৰে – মাৰ্চিডিছ, মাইবাক অথবা ৰোলছ ৰয়েছ?

ওহোঁ নো নেভাৰ। ইটছ পিয়ৰ ইণ্ডিয়ান, ভি আই পিৰ প্ৰথম পছন্দ, চুপাৰ লাক্সাৰীয়াছ – ‘দ্য এম বে ছেডৰ’

হয় বন্ধুসকল, জনমত উঠি পাইছেনে কেতিয়াবা!

সৌভাগ্য লাগিব বুজিছে সৌভাগ্য। মোৰ দৰে হাতৰ তলুৱাত দ’ কৈ থকা যাত্ৰা ৰেখাডাল ত’ ত’ কৈ জিলিকি থাকিব লাগিব।

কৰ’নাৰ ভয়ত হে এইকেইদিন হাত ভৰি নিজেই বান্ধি থৈছোঁ। নহ’লে মাহী-মহা, পেহী-পেহা, মামা-মামী, খুড়া-খুড়ী, বাই-ভিনি এনেকুৱা কোনো নাই যাৰ ঘৰত মই ভাতৰ কাঁহী উদিয়াই থৈ অহা নাই অথবা ‘তই ঘৰলৈ যাগৈ বুজিছ’ বুলি বুজাই নিদিয়ালৈকে তেওঁলোকৰ ঘৰত থাকি পোৱা নাই।

মোৰ চৰি ফুৰা স্বভাৱৰ এটা প্লাছ পইণ্ট মণি-মুকুতাৰ দৰে জিলিকি উঠে তেতিয়া, যেতিয়া পৰিয়ালৰ বিয়া-সবাহ বা কেক কটা অনুষ্ঠানবোৰত ঘৰৰ হৈয়ো কোনেও কাকো চিনি নাপাই জোপোকা লাগি বহি থাকে আৰু ত্ৰাণকৰ্তা ৰূপে আবিৰ্ভাৱ হৈ মই গৌৰৱেৰে চিনাকি কৰি দিওঁ এইজনা অমুক, এইজনা তমুক, এইটো ভুচুক আৰু এইটো ইয়াৰ ভায়েক পুচুক।

মোৰ দৰে পদূলিশুঙা বোৰৰ যে এটা ঋণাত্মক দিশো আছে মই সেইদিনা হে অনুভৱ কৰিলো যিদিনা বঙহৰ এজনে মই চিনাকি কৰি দিয়া আনজনক বাৰে বাৰে কৈছিল,

”এহ যাবিচোন যাবি, নাযাৱনো কিয়? বোকা গছকিব নালাগে নহয়, এতিয়া আমাৰ পদূলিলৈকে ৰাস্তা পকী হ’ল।”

আৰু লগে লগে মোৰ ফালে চাই কৈছিল, “এইটোৱে দেখোন গৈয়ে থাকে।”

হয়তো ক’বলৈ বিচাৰিছিল “চাঞ্চতে তইয়ো লগত ওলমি নিদিবি কিন্তু।”

ডিব্ৰুগড়ত থকা বাইজনী আৰু একোব চৰা। লগ পালেই কয়,

”যাবিচোন যাবি হাঁহ মুৰ্গীবোৰ থবলৈ ঠাই নাইকিয়া হৈছে খাই থৈ আহিবি।”

কিন্তু গৈ পোৱাৰ পাছত –

”আজি দিনটো বৰ বেয়া পৰিল নহয়। আমাৰ মাজনীয়ে আক’ সন্তোষীমাক মানে, গতিকে তাইৰ লগতে আজি আমাৰো নিৰামিষ।”

পিছদিনাখন- “আঃ পাহৰিছিলোঁৱে ক’বলৈ। ভিনিহিৰ একেবাৰে আপোন বৰদেউতাক এজন ঢুকাল বুজিছ’। দহা নোযোৱালৈকে উপায় নাই”

একেবাৰে আপোন, বিৰাট ভালপাওঁ, কদাপি নকৰোঁ আদিত এই একেবাৰে, বিৰাট, কদাপি আদি অতিমাত্ৰা বুজোৱা শব্দবোৰৰ আঁৰত যে এটা নিগেটিভ চেঞ্চ থাকে তাক অভিজ্ঞতাৰ পৰা ইতিমধ্যে বুজি উঠিছোঁ।

ঘৰত এসপ্তাহমান থাকিলেই মোৰ ভৰি কুটকুটাই। এবাৰ যেনে তেনে এমাহ ক’লৈকো নোযোৱাকৈ থকাৰ পিছত দুলিয়াজানত থকা খুড়াৰ ঘৰলৈ ওলালোঁ একো খা-খবৰ নিদিয়াকৈ। খবৰ দিলে জানোচা খুড়ীয়ে আমি ঘৰত নাই বুলিয়ে কয়!

এবাৰ তেনেকুৱাই হৈছিল। ফোনত কথা পতাৰ মাজতে কাইলৈ মই গৈ আছোঁ দেই খুড়ী বুলি কোৱাৰ লগে লগে খুড়ীয়ে ক’লে, “তোমাৰ খুড়া এসপ্তাহ হ’ল ৰিগত আছেগৈ। আমিও কাইলৈ গাঁৱৰ ঘৰলৈ যাম।”

খুড়ীয়ে জানে যে একমাত্ৰ খুড়াকৰ মৰমক নেওচা দিব নোৱাৰিহে মই তেওঁলোকৰ ঘৰলৈ যাওঁ।

তেনেতে বেক গ্ৰাউণ্ডত খুড়াৰ মাত শুনিলোঁ, “হেৰা, তোমালোকৰ লেডীজ ক্লাবৰ প্ৰেছিডেণ্টজনী আহিছে। কালি যে তাই কাম কৰা ছোৱালীজনীক আধা মৰা কৈ মাৰিছিল তাৰেই কেছটোত তোমাৰ চাপৰ্ট বিচাৰি আহিছে চাগৈ যখিনীয়ে।”

খুড়ীয়ে লগে লগে থৈছোঁ দেই বুলি ফোনটো কাটি ক্ৰেডেলত ইমান জোৰকৈ থলে যে ….।

হয় ঠিকেই ধৰিছে – এইজনী খুড়ীৰ ঘৰলৈকে ওলাইছোঁ আজি একো গম নিদিয়াকৈ।

”ৰজা গাড়ীত যাম ৰজাৰ নিচিনাকৈ”

“আপোন ক’ ক্যা ভাবতা হাই হা!”

কাহিনীটো এতিয়াৰ নহয় দেই বন্ধুসকল। লেণ্ড ফোনে ৰাজত্ব কৰি থকা দিনৰে কথা। “মই এটি মুকলি পখী …” বুলি মই গাই থাকিব পৰা দিনৰ কথা। বুজাই বুজিছেই চাগে যে এইবোৰ গান এটা বয়সত স্তব্ধ হৈ যায়। গালেও ওলাই নাহে ডিঙিত লাগি ধৰে। কেনেবাকৈ ওলালেও বেসুৰা হৈ ওলাই।

প্লেনিংতো আছিল এনেকুৱা – বাছত ডুমডুমাৰ পৰা তিনিচুকীয়া আৰু তাৰ পৰা ৰজা গাড়ীত দুলিয়াজান।

ভবা মতেই কাম। ডুমডুমাৰ পৰা বাছেৰে তিনিচুকীয়া পালোঁগৈ। তাৰ পিছত বাওঁহাতে ৰেলৰ চিৰি পাৰ হৈ পুতি গন্ধময় গলিটোৰে চৰ্ট কাট মাৰি দুলিয়াজান/নাহৰকটিয়া বাছ আস্থান পালোহি। সোধা-পোচা কৰি গম পালোঁ যে ৰাজকীয় টেক্সি সেৱা তাৰ পৰা নহয়, এক কিলোমিটাৰ আঁতৰত থকা পেট্ৰল পাম্প এটাৰ ওচৰৰ পৰাহে আৰম্ভ হয়। কান্ধত ফিতা লগা কুকিল গগৈ বেগটো লৈ বিচাৰি পালোগৈ মোৰ সপোনৰ ৰথখন। অৰিজিনেলি বগা ৰঙৰ গাড়ীখন আইৰণ যুক্ত পানীৰে ধুৱাৰ বাবে এতিয়া ক্ৰীম ৰঙী হল যেন লাগিল। হেণ্ডিমেন টাইপৰ পোৱালিটোৱে গাড়ীৰ ৱিণ্ড শ্বিল্ডখন কাপোৰেৰে মচি থকাৰ পৰাই মাত লগালে, ”দুলিয়াজান যাব? বহক।”

প্লেনিং মতেই ড্ৰাইভাৰৰ কাষৰ ছিটটো দখল কৰি পিছলৈ হেলান দি মূৰটো পেলাই সুখৰ অনুভৱকণ সামৰি লোৱাৰ মানসেৰে চকু দুটা মুদি দিলোঁ। কেঁচা চানা, নাৰিকল বিক্ৰী কৰিবলৈ অহা হকাৰৰ মাতত মোৰ তন্দ্ৰা ভাঙিল। চকু ফুৰাই দেখিলো যে গাড়ীখনৰ ভিতৰ ভাগ নানা কাৰোকাৰ্য খচিত। চিলিংখন নোমাল। আগফালে আৰু পিছফালে থকা দীঘলীয়া ছিট দুটা প্ৰকাণ্ড আৰু সুকোমল ৰেক্সীনেৰে আৱৰা।

তেতিয়ালৈকে পেচেঞ্জাৰ অকল মই। বহি বহি আমনি লগাত উঠি আহি মানুহৰ আলেখ লেখ চাবলৈ ধৰিলোঁ। দহমিনিট মানৰ পাছত ঠেলাগাড়ী এখনে এগাল মান টোপোলা লৈ আমাৰ গাড়ীখনৰ কাষত ৰ’লহি। ভাবিলোঁ আজি চাগৈ বেলেগ যাত্ৰী নাই বাবে বস্তুখিনিহে নিব।

হেণ্ডিমেনে পিছফালে ডিকিতো খুলি দি অসম্ভৱ যেন লগা কাৰ্যক সম্ভৱ কৰি গোটেইখিনি বস্তু ভৰাই দিলে। অলপ পিছতে মোক আচৰিত কৰি পেচেঞ্জাৰ এজনে লগত অনা কাপোৰৰ দুটা বৃহৎ টোপোলাও ভৰাই দিলে। সৰ্বশেষত মোক স্তম্ভিত কৰি চাইকেল এখন সুমুৱাই জাপ নোখোৱা ডিকিৰ মুখখন ৰচীৰে বান্ধি পেলালে।

গন্তি কৰিলোঁ মোৰ সৈতে পেচেঞ্জাৰ পাঁচ জন। ড্ৰাইভাৰৰ তেতিয়াও দেখাদেখি নাই। হেণ্ডিমেনক ক’লো বোলো যাওঁ ব’ল। সি মোক একো উত্তৰ নিদি মানুহ মাতিবলৈ ধৰিলে আৰু মাজে মাজে গাড়ীৰ হৰ্ণ বজোৱা জেগাত ওলাই থকা তাঁৰ এডাল ষ্টিয়েৰিঙত লগাই পিত পিত কৰি গাড়ীখনো যে ৰেডী আছে তাকেই বুজাই থাকিল।

মোৰ চীটতো আনে লোৱাৰ আশংকা কৰি পুনৰাই ড্ৰাইভাৰৰ কাষৰ আগৰ ঠাইটুকুৰাত বহি ললোঁ। এইবাৰ মোৰ সৈতে পেচেঞ্জাৰ হলগৈ ছয়জন পিছফালে চাৰি, আগফালে দুই। ড্ৰাইভাৰৰ তেতিয়াও দেখা দেখি নাই। অলপ পিছতে আহিল এজন বয়স্ক মানুহ আৰু এটি সৰু ল’ৰা। হেণ্ডিমেনে লাই শাকৰ মাজে মাজে লফা শাক থকাৰ দৰে বয়স্কজনক পাছফালে বহুৱাই আগফালে সৰু লৰাটোক থিতাপি লগালে।

ফুটপাথত বহি চিগাৰেট হুপি থকা চুলিত হাইলাইট কৰা লাফাংগা ল’ৰাটোৱে যেতিয়া আহি ড্ৰাইভিং চীটত বহিল মই তেৰাক সুঁৱৰি কৃপা প্ৰাৰ্থনা জুৰিলো। অৱশেষত গাড়ীয়ে গতি ললে। হেণ্ডিমেনে আমাৰ কাষতে চীট লৈ ৰচি এডালেৰে দুৱাৰখন টানি হুক এটাত বান্ধি পেলালে।

ড্ৰাইভাৰৰ মুখত তেতিয়াও সেই জ্বলন্ত চিগাৰেট। দেখিলো ওঁঠ ক’লা, বোধকৰোঁ চেইন স্মকাৰ। তাক যিমান পাৰি জেগা দি গিয়েৰ লিভাৰডাল দুই ঠেঙৰ মাজত লৈ মইও কোনোমতে বহিলোঁ।

অলপ অগা-পিছা কৈ বহক অগা-পিছাকৈ বহক তেতিয়া আৰাম পাব বুলি কোৱা হেণ্ডিমেনৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই আগ পিছ নুগুণি যি মাত্ৰেই অলপ আগলৈ গ’লো কাষৰ জনে চীনে ভাৰতৰ মাটি দখল কৰাদি মোৰ পিছফালে থকাকণ দখল কৰি মোক বিপদত পেলালে। এতিয়া চালকে যেতিয়াই চেকেণ্ড আৰু ফৰ্থ গিয়েৰ লগায় মোৰ জীৱতো ওলাই যাওঁ যেন কৰে। ভগৱানক মনে প্ৰাণে প্ৰাৰ্থনা কৰোঁ যাতে গাড়ীখন ক’তো ৰখাব লগা নহয় লগতে চাৰি নম্বৰ গিয়েৰত চলাব পৰাকৈ পথটোও যাতে মসৃণ নহয়।

গৈ গৈ বৰডুবি পোৱাৰ আগতেই গাড়ী ৰৈ গল। ড্ৰাইভাৰ হেণ্ডিমেনে নামি গৈ বনেট খুলি দেখিলে যে ইঞ্জিনলৈ তেল অহা নাই। হেণ্ডিমেনক দুচাটমান দিবলৈ ড্ৰাইভাৰ উদ্যত হোৱাত সি লাহেকৈ চীটৰ তলৰ পৰা দুবটল কনডেনচেত তেল উলিয়াই টেংকীত ঢালি দিলে। পিছে গাড়ী ষ্টাৰ্ট নহয়। কি হ’ল সোধাত ক’লে বোলে গাড়ীয়ে এয়াৰ খালে। এইবাৰ ড্ৰাইভাৰে ইঞ্জিনলৈ তেল যোৱা পাইপডাল খুলি মুখেৰে তেল শুহি এয়াৰ উলিয়াই মুখলৈ অহা টেলখিনি এয়াৰ ফিল্টাৰতো খুলি কাৰ্বোৰেটৰত ঢালি দিলে। এইবাৰ চেল্ফ মৰাৰ লগে লগে ইঞ্জিনটোৱে পুনৰ গৰজি উঠিল।

ড্ৰাইভাৰে খঙতে এয়াৰ ফিল্টাৰটো দূৰলৈ দলিয়াই দিলে পিছে হেণ্ডিমেনে লগে লগে গৈ বুটলি আনিলেগৈ কাৰণ উৰহৰ খং ভগাঢাৰিত বুলি জানে চাগৈ সিয়ো। মইয়ো চাঞ্চ পাই ততাতৈয়াকৈ সহযাত্ৰীসকল বহাৰ আগতেই পিছফালৰ চীট এটা দখল কৰি বাকী চোৱা পথ ৰজাৰ দৰে মহা আৰামেৰে গৈ গন্তব্য স্থানত উপনীত হলোঁগৈ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments