ৰ’দালি — কনচেং বৰগোহাঁই
ৰ’দালি
— কনচেং বৰগোহাঁই
আন্ধাৰখিনিতে কিছু সেমেকা সময়,
সন্ধিয়াটোৱে মোৰ পদূলিত এসোঁতা চকুলো থৈ
পাহৰিব খোজে যোৱা ৰাতিৰ দুখ
হে’ সন্ধিয়া,
তুমি জানো দেখিছা
স্নিগ্ধতাত ডুবি থকা শেৱালিৰ
পুৱতিৰ কেচাঁ দুখ,
কান্দিবৰ বাবে কোনো কাৰণ নালাগে-বন্ধু,
পুৰণি কবিতাইও তোমাৰ দুচকুক সিক্ত কৰিব পাৰে
হাঁহি আৰু চকুলো
জীৱনৰ আংশিক সত্যৰ মেচমেৰিজিম,
নিজক জুমি চোৱা
দেখিবা, তোমাৰ বাবে ৰৈ আছে
অন্য এখন পৃথিৱী,
পাহৰি নাযাবা-
তুমি আছা বাবেই সকলো আছে
পৃথিৱী আছে বাবেই বৰষুণ
আৰু বৰষুণতেই গজালি মেলে ৰ’দালি
এতিয়া ব’লা,
আশাৰ আচিয়ানাত
হৃদয় খুলি ভগাই লওঁ এপিয়লা সুখ ।