ৰবীন ছ’ডাৰলিঙক কোনোবাই মনত ৰাখিছেনে?
লেখক--দীপাঞ্জন কাশ্যপ
ৰবীন ছ’ডাৰলিং মোৰ দৰেই হয়তো টেনিছপ্ৰেমী বহুতৰ বাবে এক পাহৰিব নোৱাৰা নাম। টেনিছ বুজি পোৱাৰ পৰাই পিট ছাম্প্ৰাছ আছিল ‘ফেভাৰিট’। উইম্বলডনৰ ‘কিং’ খ্যাত ছাম্প্ৰাছৰ দুৰ্বলতা আছিল ক্লে ক’ৰ্টত। ইমানেই দুৰ্বল আছিল যে ১৯৯৬ চনৰ ছেমি ফাইনেলত প্ৰৱেশ আছিল তেওঁৰ ফ্ৰেন্স অ’পেনৰ শ্ৰেষ্ঠতম প্ৰদৰ্শন। চৈধ্যটাকৈ গ্ৰেণ্ড শ্লাম বঁটা বিজয়ী ছাম্প্ৰাছৰ দৰে খেলুৱৈ এজনৰ এনে প্ৰদৰ্শন মুঠেও কল্পনা কৰিব নোৱাৰি। ফ্ৰেন্স অ’পেনৰ বিফলতাৰ বাবেই ইমান সফলতাৰ পিছতো ছাম্প্ৰাছে সম্পূৰ্ণ কৰিব পৰা নাছিল ‘কেৰিয়াৰ গ্ৰেণ্ড শ্লাম’ (অষ্ট্ৰেলিয়ান, ফ্ৰেন্স, উইম্বলডন, আৰু ইউ এছ অ’পেন অন্ততঃ এবাৰকৈ হ’লেও জয় কৰা খেলুৱৈক ‘কেৰিয়াৰ গ্ৰেণ্ড শ্লাম’ সম্পূৰ্ণ কৰা বুলি কোৱা হয়)। ছাম্প্ৰাছৰ কথাটোৱে সেই সময়ত হৃদয়ৰ কোনোবাখিনিত বিন্ধিছিল। কিন্তু প্ৰায় সমসাময়িক আন্দ্ৰে আগাছীয়ে নিজৰ খেলুৱৈ জীৱনত মাত্ৰ আঠটা গ্ৰেণ্ড শ্লাম জিকিলেও সফলতাৰে সম্পূৰ্ণ কৰিছিল ‘কেৰিয়াৰ গ্ৰেণ্ড শ্লাম’।
ছাম্প্ৰাছ-আগাছীহঁতক যিকোনো ক’ৰ্টতে দুৰ্দান্ত প্ৰত্যাহ্বান জনাব পৰা এক সুদৰ্শন তৰুণৰ আৱিৰ্ভাৱ হৈছিল। কি দৃষ্টিনন্দন ক্ৰীড়াশৈলী… ছাৰ্ভ-ভলী, নেট প্লে, ছিংগল বেকহেণ্ড ষ্ট্ৰ’ক… অপূৰ্ব…। নিজ চকুৰে নাচালে কল্পনা কৰাই কঠিন! নাম ৰ’জাৰ ফেডেৰাৰ। পিছৰছোৱা বহলাই লিখাৰ তেনেকৈ প্ৰয়োজন নাই; সকলো স্বৰ্ণিল ইতিহাস। বিশটাকৈ গ্ৰেণ্ড শ্লাম খিতাপ জয় কৰা ফেডেৰাৰে ‘কেৰিয়াৰ গ্ৰেণ্ড শ্লাম’ সম্পূৰ্ণ কৰিব পাৰিব নে নাই, তাক লৈও কিন্তু এটা সময়ত যথেষ্ট জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল। ইয়াৰ অৰ্থ এইটো নহয় যে ফেডেৰাৰ ছাম্প্ৰাছৰ লেখীয়াকৈ ক্লে ক’ৰ্টত দুৰ্বল আছিল। ফেডেৰাৰে নিজৰ খেলুৱৈ জীৱনৰ ৭৬.১ শতাংশ ক্লে ক’ৰ্ট খেলত জয়লাভ কৰাটোৱেই তাৰ প্ৰমাণ, যিটো সফলতাৰ হাৰ বহুতো বিশ্ববিখ্যাত খেলুৱৈৰ সামগ্ৰিক পৰিসংখ্যাৰ বাবেই আছিল (অথবা বৰ্তমানেও হৈ আছে) এক অলীক কল্পনা। কিন্তু এটা কথা স্বীকাৰ কৰিব লাগিব যে ক্লে ক’ৰ্ট ফেডেৰাৰৰ প্ৰিয় নাছিল।
২০০৬ চন। সেই বৰ্ষৰ ফ্ৰেন্স অ’পেনত অৱতীৰ্ণ হোৱাৰ পূৰ্বে ফেডেৰাৰে সাতটাকৈ গ্ৰেণ্ড শ্লাম ইতিমধ্যে জয় কৰিছে। ‘কেৰিয়াৰ গ্ৰেণ্ড শ্লাম’ সম্পূৰ্ণ কৰিব পৰা নাই ফ্ৰেন্স অ’পেনৰ বিফলতাৰ বাবে। বিফলতা মানে তেতিয়ালৈ এবাৰো ফাইনেলৰ মুখেই দেখা নাই। বহু বছৰৰ অপেক্ষাৰ অন্তত মোৰ নিচিনা ফেডেৰাৰ-প্ৰেমীৰ বাবে আহিল আশাৰ বতৰা। বহু চেষ্টাৰ অন্তত অৱশেষত ফেডেৰাৰ উপনীত হ’ল ফাইনেলত। কিন্তু সন্মুখত এক সুবিশাল পাহাৰ… ‘ক্লে ক’ৰ্টৰ বাদশ্বাহ’ ৰাফেল নাডাল। নাডালৰ ‘পাৱাৰ গেম’ আৰু দীৰ্ঘ সময় ধৰি অবিৰতভাৱে দৌৰি থাকিব পৰা ক্ৰীড়াশৈলী ক্লে ক’ৰ্টৰ বাবে একেবাৰে ‘সোণত সুৱগা’ স্বৰূপ। ফাইনেল আৰম্ভ হ’ল। আশাত চেঁচা পানী পৰিল। দুৰ্দান্ত আৰম্ভণিৰে প্ৰথম ছেটটো ৬-১ ব্যৱধানত ফেডেৰাৰে জয় কৰিলে, যদিও পিছৰ তিনিটা ছেট জয় কৰি নাডালে দ্বিতীয় বাৰলৈ জয় কৰিলে ফ্ৰেন্স অ’পেনৰ খিতাপ (সৰ্বমুঠ গ্ৰেণ্ড শ্লাম বুলিবলৈও তেতিয়ালৈ সেই দুটায়েই আছিল)। ২০০৭ চনতো অনুৰূপ ঘটনা। চাৰি ছেটৰ যুঁজত পুনৰ ফেডেৰাৰ নাডালৰ বিপক্ষে পৰাস্ত হ’ল। ২০০৮ চনতো পূৰ্বৰ দুবাৰৰ দৰেই ফাইনেলত উপনীত হ’ল ফেডেৰাৰ আৰু নাডাল। এইবাৰৰ পৰাজয় ফেডেৰাৰৰ গ্ৰেণ্ড শ্লাম ফাইনেল ইতিহাসৰ লজ্জাজনক তথা চৰম হতাশাজনক; তিনি ছেটৰ যুঁজত সহজ আত্মসমৰ্পণ ফেডেৰাৰৰ। উল্লেখ্য যে ২০০৬-০৮ৰ সময়ছোৱা কিন্তু ফেডেৰাৰৰ খেলুৱৈ জীৱনৰ অন্যতম উল্লেখযোগ্য বৰ্ষ আছিল। তাৰ পিছতো নাডালৰ বিপক্ষে সন্মুখীন হোৱা শোচনীয় পৰাজয়ে নাডাল ক্লে ক’ৰ্টত কিমান ভয়ংকৰ তাকে সূচায়। উক্ত তিনিখন ফাইনেলৰ এটা শ্বটো ‘মিছ’ কৰা নাছিলোঁ- আশা এটাই… ফেডেৰাৰে সগৰ্বেৰে তুলি ধৰিব ফ্ৰেন্স অ’পেনৰ সুদৃশ্য ট্ৰফী। কিন্তু বুজিবলৈ বাকী নাথাকিল যে নাডাল থাকে মানে ফেডেৰাৰৰ ফ্ৰেন্স অ’পেন জিকাটো প্ৰায় অসম্ভৱ, লগতে ‘কেৰিয়াৰ গ্ৰেণ্ড শ্লাম’ সম্পূৰ্ণ কৰাটো। কাৰণ নিজৰ বুদ্ধিমত্তা, নেট প্লে আৰু ভলী, আৰু কাট শ্বটেৰে বিপক্ষ খেলুৱৈক শল’ঠেকত পেলোৱা ফেডেৰাৰ ক্লে ক’ৰ্টত নাডালৰ সন্মুখত হৈ পৰে তেনেই নিষ্প্ৰভ।
২০০৯ চন। নাডালে পূৰ্বৰ বছৰবোৰৰ দৰেই কেইবাখনো ক্লে ক’ৰ্ট প্ৰতিযোগিতা জিকি ‘হট ফেভাৰিট’ হিচাপে ফ্ৰেন্স অ’পেনত ভৰি থৈছে। অসম্ভৱ যেন লগা ঘটনাটো ঘটিল আচম্বিতে। সকলোকে আচৰিত কৰি ছুইডেনৰ (প্ৰায়) অনামী খেলুৱৈ ৰবীন ছ’ডাৰলিঙে চতুৰ্থ ৰাউণ্ডৰ খেলত চাৰি ছেটৰ যুঁজত ‘ক্লে ক’ৰ্টৰ বাদশ্বাহ’ নাডালক পৰাজিত কৰি সেই বছৰৰ প্ৰতিযোগিতাৰ সৰ্ববৃহৎ অঘটন ঘটায়। লগে লগেই মোৰ দৰে অগণন ফেডেৰাৰ প্ৰেমীৰ লুপ্ত হ’বলৈ ধৰা আশাত সামান্য সাৰ-পানী পৰা যেন অনুভৱ হ’ল। মোৰ বুজিবলৈ বাকী নাথাকিল যে ফেডেৰাৰে এই সুযোগৰ ন্যূনতমো অপব্যৱহাৰ নকৰে। কাৰণ ফ্ৰেন্স অ’পেনত ফেডেৰাৰ নাডালৰ সন্মুখতহে তেনেই নিষ্প্ৰভ, বেলেগৰ সন্মুখত নহয়। ফেডেৰাৰে আশাহত নকৰিলে। ছেমি ফাইনেলত আৰ্জেণ্টিনাৰ জুৱান মাৰ্টিন ডেল পট্ৰ’ৱে আশাত চেঁচা পানী পেলাবই ওলাইছিল। কিন্তু ১-২ ছেটত পিছ পৰিও শেষৰ দুটা ছেট জয়েৰে ফেডেৰাৰ ফাইনেলত উপনীত হয়। ফাইনেলত প্ৰতিপক্ষ আছিল ছ’ডাৰলিঙেই। ফাইনেলত ফেডেৰাৰে বৰ বিশেষ কষ্ট কৰিবলগীয়া নহ’ল; তিনি ছেটতে ছ’ডাৰলিঙক পৰাস্ত কৰি ‘কেৰিয়াৰ গ্ৰেণ্ড শ্লাম’ সম্পূৰ্ণ কৰা বিশ্বৰ পঞ্চমজন পুৰুষ খেলুৱৈত পৰিণত হ’ল ফেডেৰাৰ (বাকী কেইজন একাদিক্ৰমে ডন বাড্জ, ৰড্ লেভাৰ, ৰয় এমাৰছন, আৰু আন্দ্ৰে আগাছী; পিছলৈ নাডাল আৰু ন’ভাক জ’ক’ভিচেও সম্পূৰ্ণ কৰে)। কথাতেই কোৱা হয় যে নিজৰ একাণপতীয়া সাধনাৰ লগতে মানুহৰ নিৰ্ভেজাল শুভেচ্ছা আৰু আৰ্শীবাদ থাকিলে অনেক সময়ত হেনো নিসিজা চাউলো সিজে। ফেডেৰাৰৰ দৰে মহান খেলুৱৈ এজনৰ লগতো যেন তেনেকুৱাই হ’ল! ফেডেৰাৰেও পিছলৈ ছ’ডাৰলিঙে নাডালক পৰাস্ত কৰা ঘটনাই ফ্ৰেন্স অ’পেন জয় কৰাত যে অৰিহণা যোগাইছিল তাক স্বীকাৰ কৰিছে। আৰু, আমাৰ নিচিনা ফেডেৰাৰ অনুৰাগীৰ বাবে… ছ’ডাৰলিং ২০০৯ চনৰ ফ্ৰেন্স অ’পেনৰ চতুৰ্থ ৰাউণ্ডৰ খেলখনৰ দিনাও হিৰ’ আছিল, আৰু আজিও হিৰ’।