ৰসগোল্লা(দিগন্ত কুমাৰ ভট্টাচাৰ্য্য)
ৰসগোল্লা(দিগন্ত কুমাৰ ভট্টাচাৰ্য্য)
মানুহজন আমাৰ ঘৰৰ ওচৰৰে| কলেজ শিক্ষক। খুব কম কথা কয় আৰু যথেষ্ট শান্ত প্ৰকৃতিৰ। এবাৰ তেওঁ গুৱাহাটীলৈ গ’ল বিয়া এখন খাবলৈ। তাত গম পালে বিয়াঘৰৰ ওচৰতে তেওঁৰ কলেজীয়া জীৱনৰ বন্ধু এজনৰ ঘৰ। প্ৰায় পোন্ধৰ বছৰমানৰ পিছত বন্ধুক লগ পোৱাৰ আনন্দ বুকুত বান্ধি তেওঁ উপস্থিত হ’ল বন্ধুৰ ঘৰ। পিছে বন্ধু ঘৰত নাই। বন্ধুপত্নীৰ লগত চা-চিনাকি হ’ল। বন্ধুপত্নীয়ে চাহ নোখোৱাকৈ আহিব নিদিয়ে. প্ৰথমবাৰৰ বাবে গৈছে তেওঁলোকৰ ঘৰ।
‘প্লিজ, সুদা চাহ একাপ দিব হা। মই এইমাত্ৰ বিয়াঘৰত খায়েই আহিছো। ভাত দিয়াৰও সময় হৈছে।’
বাহিৰৰ বাৰান্ডাত বন্ধুৰ চাৰি-পাঁচমান বয়সৰ পুত্ৰই কিবা খেলি আছে। খেল মানে হাতত ৰঙৰ বটল আৰু ব্ৰাছলৈ ছৱি অকাঁৰ চেষ্টা দিছে কিজানি।
লিভিং(দ্ৰয়িং)ৰূম আৰু পাকঘৰ একেলগে। মাজত ডাঠ পৰ্দা এখন। বন্ধুপত্নীয়ে এখন হাতত প্লেট আৰু আনখন হাতত পানী এগিলাছ লৈ তেওঁৰ সন্মুখত থলে। প্লেটত তিনিখনমান বিস্কুট আৰু টেনিছ বলটোৰ দৰে প্ৰকাণ্ড ৰসগোল্লা এটা।
‘এহ্, বহুত কিবাকিবি আনিলে’।
‘নাই… মই চাহ কাপ লৈ আনো’ বুলি কৈ বন্ধুপত্নীয়ে ঘূৰি দিয়াৰ লগে লগে হঠাতে ধুমুহাৰ দৰে বাহিৰত খেলি থকা বন্ধুৰ কণমাণি পুত্ৰই চিলনীয়ে মাছ থপিওৱাৰ দৰে ৰসগোল্লাটো লৈ পলাল আৰু কৈ গ’ল ‘খা, এতিয়া মিঠাই খা’। ‘যদি মাই গম পায়, কথা বিষম হ’ব কিন্তু!’, লগতে সি চকুৰ চাৱনিৰে কৈ যাব নাপাহৰিলে।
অধ্যাপকৰ মনত পৰিল প্ৰাইমেৰী স্কুলত পঢ়োতে লগৰ অঘাইটংবোৰে কোৱা কথাষাৰ, ‘ছাৰক কৈ দিলে, ছুটীত ফটাম’!
ইফালে বন্ধুপত্নীয়ে চাহ লৈ আহি দেখে প্লেটত ৰসগোল্লা নাই! তেওঁ গৈ চাহ লৈ আহিবলৈ বোধকৰো দহ ছেকেণ্ডৰ বেছি সময় লগা নাছিল। এই দহ ছেকেণ্ডত ইমান ডাঙৰ ৰসগোল্লা এটা খাই মানে গিলি থৈ দিব পাৰে জানো কোনোবাই, ভাবি হতবাক হ’ল। মুখেৰে নক’লেও তেওঁৰ মুখৰ ভাব ঠিক বুজি পালে মানুহজনে। মানুহজন এতিয়া এনে এটা পৰিস্থিতিত সোমাই পৰিল যদি কৈ দিয়ে পুত্ৰৰ কাণ্ডৰ কথা, বন্ধুপত্নীয়ে তাক ভাল এশিকনি দিব। পৰিৱেশটো বেয়াৰ ফালে ঢাল খাব। লগতে তাৰ চাৱনিটোও মনত পৰিল। যদি নকয়, মানুহজনীয়ে তেওঁক যে বকাসুৰৰ বংশধৰ বুলি নাভাবিব তাৰ কোনো মানে নাই।
‘লুচী ভাজি অলপেই কৰি দিম নেকি?’, বন্ধুপত্নীৰ প্ৰশ্নটোৱে তেওঁক বেজীয়ে বিন্ধা দিলে।
খৰধৰকৈ তেওঁ বিদায় ল’লে।