ৰহীপাহ (বিলুপ্তপ্ৰায় এবিধ পৰম্পৰাগত অসমীয়া মিঠা খাদ্য) –নিবেদিতা ভূঞা ৰাজকুমাৰী
আজি আপোনালোকলৈ আগবঢ়াবলৈ লৈছোঁ এনে এবিধ মিঠা সম্ভাৰ, যি নেকি বৰ্তমান সময়ত বিলুপ্তিৰ পথত। পূৰ্বতে গাঁওসমূহত কুঁহিয়াৰ প্ৰচুৰ পৰিমাণে উৎপাদন কৰা হৈছিল। কুঁহিয়াৰ পেড়াৰ প্ৰথম দিনটোত এক প্ৰকাৰৰ উৎসৱমুখৰ পৰিৱেশ হয়। কুঁহিয়াৰ নকৈ পেড়া ৰসেৰে “ৰহীপাহ” প্ৰস্তুত কৰি ভগৱানলৈ প্ৰসাদ ৰূপত আগবঢ়োৱা আমাৰ আইতা, বৰমাহঁতক দেখিছিলোঁ। ‘ৰহ’ মানে ৰস। ৰহীপাহ মানে নতুনকৈ পেড়া কুঁহিয়াৰ ৰসত প্ৰস্তত কৰা এক প্ৰকাৰৰ পায়স। এই পায়সত বহুতে গাখীৰ ব্যৱহাৰৰ নকৰে। তেতিয়া দেখিবলৈ ক’লা বৰণৰ হয়। এতিয়া আহোঁ খাদ্য প্ৰস্তুতিলৈ।
উপকৰণ:
১) কুঁহিয়াৰ ৰস এক লিটাৰ
২) জহাচাউল (যিকোনো মিহি চাউল) ১০০গ্ৰাম,
৩) গাখীৰ দুকাপ,
৪) গৰু ঘিঁউ দুচামুচ,
৫) কাজুবাদাম কুটা এচামুচ,
৬) শুকান আঙুৰ এচামুচ।
প্ৰণালী:
চাউলখিনি ৩/৪ ঘণ্টা সময় পানীত তিয়াই থৈ টুকি ললোঁ। চচপেন এটাত কুঁহিয়াৰৰ ৰসখিনি গৰম কৰিলোঁ। ভালকৈ উতলাত চাউল যোগ কৰিলোঁ। ভালকৈ লৰাই দিলোঁ। গাখীৰ যোগ কৰি সিজাই থাকিলোঁ। চাউল সিজাত ( ৪৫/৬০ মিনিটৰ প্ৰয়োজন হয়) গৰু ঘিঁউ যোগ কৰিলোঁ। কাজু, কিছমিছ চতিয়াই দিলোঁ। সামান্য ঠাণ্ডা হোৱাত পৰিৱেশন কৰিলোঁ।