ৰাইজ শুনা কথাহে, দায় দোষ নধৰিব আকৌ (গগন কলিতা)

Gagan Kalita

ৰাইজ শুনা কথাহে, দায় দোষ নধৰিব আকৌ

,,কি ঐ আপা, এই ৰাতিপুৱাই ক’ক যাবাক গেলি ওলছা?
,,এ বুঢ়া দিলি না মাতটো পিছোৰ পৰা,,
কি সুধলো নো তোক টেমা গৰম হবাক গেলি?
এ যাও আৰু গুহেটীক,,
হাও তোৰ পঢ়া শুনা নাই? সোম বাৰোৰ পৰা বোলে পৰীক্ষা এ,,
কি হ’বো পঢ়ি শুনি,,দেশ খান জলবা ধৰছি,, চৰকাৰে টাৰবাইন আনছি আমাক মাৰবাক লেগি,,,
কি টাৰবাইনৰ কথা ক’ছা নো? খায় নে পিন্ধে ?,,,
এ কি নো বোৰ্ কৰা এ প্ৰশ্ন সুধি,,নাজনো আৰু কি বচটো,,ছাত্ৰ সনঠাৰ মিটিঙ আছে,,যাবা লাগে,সমদল কৰবা লাগে,,খাবা লাগে,,পাৰলি টিভিত উঠবা লাগে,,
এ বাপা তেন্তে ঘুৰবা হে যা,,
অ হয় দে, যাও দে এথান,,দেৰী এ কৰলি,,টিভিত চাই থাকবি,,ওলবাও পাৰো,,

 

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!