ৰাজধানীলৈ যেতিয়া বান আহে ( নিবিড় অনুৰাগ মানস )
ৰাজধানীলৈ যেতিয়া বান আহে
ৰঙা লাইটে খলকনি তোলে
সৰু মানুহবোৰ ডাঙৰ হয়
ডাঙৰবোৰ ভিক্ষাৰী
কাঁইটৰ আচোৰত হাত কাটি
ৰাজপ্রাসাদত বহি সপোন গঢ়া মানুহবোৰ হৈ পৰে
পদপথৰ ভিক্ষাৰী…
গণতন্ত্রইতো আমাক মিছা ক’বলৈ শিকায়
দুর্নীতিৰ জোপোহাৰ তলত সুখৰ জখলাত গাঁঠি দিয়ে ভাল দিনৰ খৰিকাজাঁই
চকু মুদাৰ ভাও ধৰি শূণ্যত ওলমাই থয়
স্বাধীনতাৰ সংজ্ঞা
তেনেদৰেই ভাবিছিলোঁ
তেনেদৰেই শুনিছিলোঁ মই
এদিন ৰাজপথ এৰি পদপথত ডাঙৰ মানুহৰ চোলা পিন্ধা মানুহ এজন লগ পালোঁ
তেওঁ ডাঙৰ মানুহ
ওখ-পাখ মানুহ
কাষত দুজন বন্দুক লোৱা মানুহ নাছিল
আনদিনা থকাৰ দৰে
হয়তো বান অহাৰ উমান পাইছে ডাঙৰ মানুহজনে
ময়ো শুনিছিলোঁ ৰাজধানীলৈও বান আহে
দেখা নাই
দেখাৰ চেষ্টাও কৰা নাই
বন্ধুৰ মুখতহে শুনিলোঁ
পাঁচ বছৰৰ মূৰে মূৰে হেনো
ৰাজধানীলৈ বান আহে
বানত কাৰোবাৰ আসন ভাঙে
গান্ধী টুপিৰ চাহিদা বাঢ়ে
গান্ধীৰ ছবিৰে আসন কিনে
আসনৰ বাবে ঘৰ ভঙা মানুহবোৰো হৈ পৰে
পদপথৰ ভিক্ষাৰী
ৰাজপথৰ যাত্রী
গাড়ীৰ পৰা ভৰি দাঙিব নোখোজা মানুহবোৰে
ভৰিত ধৰি সেৱা কৰে
সৰু মানুহৰ দাম আৰু মান বাঢ়ে
নাজানো সিহঁতে কিয় ভৰিত ধৰে
কোনোৱে কয় ভুলৰ হালধীয়া আচোঁৰে তেজ কাঢ়ে
আন কোনোবাই কয়: বৰপীৰাত বহাৰ আপাহত…
নাঙলৰ মুঠিত ধৰি থাকোঁতে
কোনো দিনেই নাভাবোঁ
অথবা ভাবিব নোখোজোঁ
সিহঁতে ভৰিত কিয় ধৰে
মাথোঁ জানো, সিহঁতে ভৰিত ধৰে যেতিয়া
ৰাজধানীলৈ বান আহে তেতিয়া।