ৰাতিৰ শেষ প্ৰহৰৰ কবিতা – পৰী পাৰবীন

 

“অই লাহে লাহে চলানা, লাহে লাহে চলা। ইমান ওফৰাই নি আছ কেলেই?”
“ওহো, তই ক’ কথাটো, নহ’লে বাইকখন এনেকৈয়ে ওফৰি থাকিব।“
“ৰ’ ৰ’ কথাটো ক’ম বাৰু, প্ৰথমে ঘৰ গৈতো পাবলৈ দে।”
“বাৰু ঠিক আছে, শ্ল’ কৰি দিলো, একদম শ্ল’ অ অ।”

তাই খিলখিলাই উঠে তাৰ ভংগীমা দেখি। খিলখিলনিটো ৰয় মানে আকৌ এপাকত তাই চিঞৰি উঠে, “অই অই ৰখাচোন ৰখা। বাইক ৰখা।“

“কি হ’ল আকৌ?”
“সেই ঘৰটোত ওলমি আছে যে টাবটো, দেখিছ?”
“দেখিছো, কি হ’ল তাতে?
“মোক লাগে ৰে এই গছজোপা। বহুতদিনৰ পৰা বিচাৰি ফুৰিছিলো”।
“নেটত কিনি ল’বিনা। কিনো ব’ৰ কৰি থাক”।
“নাম জানিলেহে নেটত বিচাৰিম। ৰৈ থাক দেই। দুইমিনিটত আহিম”, বুলি কৈয়ে অচিনাকী ঘৰটোৰ বাৰাণ্ডাত ভৰি দিলে তাই। অলপ পাছতে ওপৰৰ চাদঁৰ পৰা তাক হাত বাউলি মাতিলে,

“অই আণ্টিয়ে চাহ খাই যাবলৈ কৈছে, তই ওপৰলৈ উঠি আহচোন।”

সি বিতৃষ্ণাৰে তাইলৈ চাই সি দাঁত কামুৰি উঠি আহে, “কাম নাই তোৰ? অচিনাকী মানুহৰ ঘৰত চাহৰ টেবুলত বহিছহি।“

“হেই আন্টিয়ে ভালহে পাইছে। অ’ আণ্টি, ইয়াৰ কথা শুনকনা।”
“চুপ” বুলি সি তাইৰ মুখখনত সোপা মাৰি ধৰিলে।

চহৰৰ কিছু আঁতৰলৈ সদায়ৰ দৰেই উদ্দেশ্যবিহীনভাবে দুয়োটা ঘূৰি ফুৰিছিল।
কিছু দূৰ যোৱাৰ পাছতে বাগানৰ এলেকাটোত সোমাই পৰিছিল দুয়োটা। শাৰী শাৰী শিৰীষ গছ, কাঁটা তাৰত ওলমি থকা হালধীয়া, সেউজীয়া বগেনভেলিয়াবোৰ আৰু তাৰ পিছতে দীঘল পাতৰ চিত্ৰনলা গছবোৰ। বাগানখন পাৰ হৈয়ে দুই এটা পকাঘৰ। হয়তো বৌদ্ধ গাঁওখন ইয়াতে আৰম্ভ হৈছে। তাৰে এটা দুমহলীয়া ঘৰত ওলমি আছিল বিৰল প্ৰজাতিৰ লতা এবিধ। আৰু সেই লতাবিধৰ পম খেদি নীলাঞ্জনা সেই ঘৰৰ চাহৰ টেবুলত। খং উঠিলেও খং কৰি লাভ নাই বুলি জানে অংকুশে। তাইৰ স্বভাৱেই সেইটো। উন্মুক্ত, বনৰীয়া পখিলা এটিৰ দৰেই উৰন্ত, পৰিধিৰ বাহিৰত যাৰ চিন্তাৰ দৌৰ, সেই ছোৱালীজনীয়ে হৈছে নীলাঞ্জনা। সি নিৰৱে চাহৰ কাপত চুমুক দিয়ে।

“তোৰ লাজ নালাগে নীলা?”, বাইকৰ হেণ্ডেলডালত গছৰ ডালৰ পেকেটটো ওলোমাই সি নীলাক উদ্দেশ্যি কৈ উঠে।
“কি কাৰণে লাজ লাগিব অংকুশ?”
“এই যে অচিনাকী মানুহৰ ঘৰত গৈ চাহ পকৰি মাৰি আহিব পাৰ।“
“সেইটো মোৰ বাহাদুৰি। লাজ কিয় লাগিব আক?”

অৱশ্যেই সেইটো তাইৰ বাহাদুৰি। অচিনাকী মানুহক আপোন কৰি ল’ব পৰাটো তাইৰ বাহাদুৰি। মাত্ৰ সেই বাহাদুৰি তাই তাৰ ক্ষেত্ৰতহে নেদেখুৱায়। ইমানখিনি আপোন হোৱাৰ পাছতো আপোন কৰি লোৱা নাই তাক। মুখখন ফুলি আহে তাৰ।

এদিন সিও বাহাদুৰি মাৰিছিল, “মই যি বস্তু নিজৰ বুলি ভাবো, সেয়া কাঢ়ি লওঁ”। আৰু কথাষাৰৰ লগে লগে তাইৰ হাতখন সি থাপ মাৰি ধৰিছিল।

“আৰু মই কাঢ়ি ল’ব খোজাজনৰ ওচৰত ধৰা নিদিওঁ”, হাতখন তাৰ হাতৰ মুঠিৰ পৰা এৰুৱাই লৈছিল তাই। তথাপি ক’ৰবাত স্নেহৰ সূতা এডাল আছিল, দুয়োকে বান্ধি ৰাখিছিল যি।

“বিয়া নহৱ বুলি ভাবি লৈছ নেকি?”
“নিশ্চয় তেনেকৈ ভাবি লোৱা নাই, কিয় সুধিলি”?
“ত্ৰিশ বছৰ হ’বৰ হ’ল। কেতিয়া ভাবিবি”?
“ধেত মইতো এতিয়া ষোল্লবছৰীয়া”।
“ধেমালি নকৰ। তোৰ মাক মই কথা দিয়া আছিল”।

নীলাঞ্জনাৰ মাকৰ শেষ সময়খিনিত সি কাষতে আছিল। অতি কম দিনৰ ভিতৰতে সি নীলাঞ্জনাৰ ঘৰখনৰ বিশ্বাসী সদস্য হৈ পৰিছিল। ঘৰখন মানেনো কি? নীলাঞ্জনা আৰু তাইৰ মাকহে। দেউতাক তাই সৰু থাকোতেই ঢুকাল। সেই সময়তে সিহঁতৰ দুকোঠলীয়া ভাৰাঘৰটোলৈ আহিছিল অংকুশ চলিহা। বিয়াৰ বাবে জোৰ কৰি ভাগৰি পৰা মাকে শেষ সময়খিনিত অংকুশৰ দৰে দায়িত্বশীল ল’ৰা এজন পাই বৰকৈ সকাহ পাইছিল। শয্যাগত অৱস্থাত তাৰ লগত মাকে কি কথা পাতিছিল সেয়া তাই নাজানে, কিন্তু মৃত্যুৰ সময়ত যে মাকৰ মুখখন প্ৰশান্তিত ভৰি আছিল, সেয়া তাই দেখিছিল। বাউলীজনী হোৱা নীলাজনীক অকলে এৰি সি নীলাৰ মাকৰ শেষকৃত্যত যোগ দিছিল। আৰু মাকৰ চিতাৰ জুইখিনিক সাক্ষী কৰি কথা দিছিল সি, কোনো কাৰণতে এই বাউলীজনীৰ হাতখন এৰি নিদিয়ে।

সেয়াও আজিৰ পৰা দুবছৰৰ আগৰ কথা। এই সময়খিনিত তাইৰ আৰু তাৰ সম্পৰ্কটো এক উচ্চ স্তৰলৈ গতি কৰিলে যদিও পৰিধি ভাঙিব নোৱাৰিলে। বহুতবাৰ সি তাইৰ ওচৰত প্ৰেম নিবেদন কৰিছে, বহুতবাৰ সি তাইৰ ওচৰত লেউসেউ হৈছে, তাই খিলখিলকৈ হাঁহি হাঁহি কথাবোৰ উৰুৱাই দি অকলশৰীয়া ৰূমটোৰ দুৱাৰখন ভিতৰৰ পৰা বন্ধ কৰি দিছে। প্ৰত্যেকবাৰেই সি হতাশ হৈ নিজৰ ৰূমৰ ফালে আগবাঢ়ি গৈছে, কোনোবাদিনা চিৰিকেইটাত বহি ৰৈছে, চিগাৰেটৰ ধোঁৱাৰে কুণ্ডলী পকাই দুখ উজাৰিছে, পিছদিনা চিগাৰেটৰ টুকুৰাবোৰ দেখি তাই তাক প্ৰচণ্ড ধমক দিছে, ‘চিগাৰেট খোৱা ল’ৰা মই ভাল নাপাওঁ, মই ভাল পোৱা-নোপোৱাটো বাৰু বেলেগ কথা, কিন্তু চিগাৰেটৰ ধোঁৱাই মোৰ গছবোৰ মাৰিব লাগিলে একেদিনাই ঘৰ খালী কৰিব লাগিব, কৈ দিলো”।

সি চিগাৰেটৰ বাকচটো সিদিনাই ডাষ্টবিনলৈ দলিয়াই চুইংগামৰ টেমা এটা কিনি আনিছিল। ৰাতি এপৰলৈকে তাইৰ ৰূমৰ লাইট জ্বলি থাকে। “ভয় লাগে নে কি”, এই প্ৰশ্নটোৰ উত্তৰ বিচাৰি সি আকৌ এদিন ছটফটাইছিল। অকলশৰীয়া চৌহদটোত সিয়েই একমাত্ৰ পুৰুষ। তাক লৈ জানোচা তাই নিৰাপত্তাহীনতাত ভূগে। কথাটোৱে তাক বিন্ধি আছিল। সুধি পেলাইছিল সি।

জোৰেৰে হাঁহি হাঁহি তাই তাক দবিয়াবলৈ এৰা নাছিল, “হেৰৌ সেই ৰূমটোত ছোৱালী এজনী অকলে থাকে। ৰাতি সেইফালে ইমান চকু নিদিবি।”

আহত। আহত। তাৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰত তাই কোৱা কথাবোৰত তাৰ কলিজাখন নেফানেফ হৈ যায়।

তাইৰ এই বেপৰোৱা স্বভাৱটোৰ আঁৰৰ স্বভাৱটো তেতিয়ালৈ সি দেখা নাছিল। খিলখিল হাঁহি, অসংলগ্ন কথা-বতৰা, উশৃংখল চাল-চলনৰ বিপৰীতে যে বুকুৰ মাজত হিমশীতল নিজৰা এখনি বৈ থাকে অহৰহ, সেই কথা সি নাজানে। নাজানে বাবেই তাইৰ হাঁহিটোৰ উদ্ধতালিয়ে তাক জ্বলাই মাৰে।

বতৰ ডাৱৰীয়া হ’লে অৰ্ণামেণ্টেল এৰামৰ পাতখিলাত পানী এটোপাল বিৰিঙি উঠে। একেই পানী এটোপাল বিৰিঙি উঠে তাইৰ চকুহালতো। সিদিনাও বতৰ ডাৱৰীয়া আছিল। তাইৰ বাউসি ভেদি পাৰ হৈ যোৱা শীতল জুলীয়া পদাৰ্থখিনিয়ে মুহূৰ্ততে তাইক অজ্ঞান কৰি পেলাইছিল। ৰাজপথত বাগৰি পৰিছিল তাই। তাৰ পাছৰ কথাখিনি তাইৰ অৱচেতন মনৰ। এজুম মানুহ, এগাল হৈ চৈ, চিঞৰ-বাখৰ, লগৰ দুজনী বান্ধৱীৰ কন্দা কটা। তাৰ মাজতে সুযোগ বুজি ভিৰৰ মাজত বিলীন হৈ যোৱা সেই উন্মাদ চৰিত্ৰ, এম্বুলেন্স, হস্পিতেল, বিষ, আৰ্তনাদ ইত্যাদি ইত্যাদি। ভালৰো ভাল ডাক্তৰৰ তত্বাৱধানত তাইৰ চিকিৎসা চলিছিল।

“ভাল হ’বলৈ আৰু কিমানদিন লাগিব ডাক্তৰ, মোৰ পৰীক্ষালৈ বেছিদিন নাই”,

ইমানৰ মাজতো তাই মনোবল হেৰুওৱা নাছিল। সম্পূৰ্ণ তিনিমাহৰ পিছত তাই পুনৰ হোষ্টেললৈ ঘূৰি আহিছিল। লগৰখিনিৰ কিছু আচহুৱা আচৰণ, পুতৌ, সহানুভূতি, ইচআচবোৰ হজম কৰিবলৈ তাই স্বভাৱৰ পৰিৱৰ্তন কৰাটো জৰুৰী হৈ পৰিছিল। ছমাহ ক্ষতি হৈছিল তাইৰ, ভগৱানক ধন্যবাদ জনাইছিল

তথাপি, জীৱনটো যে শেষ হৈ যোৱা নাছিল। মনৰ ঘাঁ টুকুৰাতকৈ দ্ৰুতগতিত বাউসিৰ ঘাঁটুকুৰা শুকাইছিল। ডাক্তৰে কৈছিল, প্লাষ্টিক চাৰ্জাৰী কৰিলে সেইটুকুৰাও নোহোৱা হৈ যাব। প্ৰাইভেট কলেজখনে গোটেই ঘটনাটো গাপ দিলে, তাইৰ লগত চিকিৎসাৰ সমুহ খৰচ কৰিলে, সংবাদ মাধ্যমো মেনেজ কৰিছিল, তথাপি কাকতত সৰুকৈ খবৰ এটা নোলোৱাকৈ থকা নাছিল,

“এচিড আক্ৰমণৰ বলি বিইচি কলেজৰ ছাত্ৰী।”

কাকতত খবৰটো পঢ়িয়েই দূৰৈত থকা মাকে ধৰফৰাইছিল, “তোমালোকৰ কলেজত কাৰ কি হ’ল মাজনী?”

হস্পিতেলৰ বিচনাৰ পৰা তাই পাৰেমানে কণ্ঠৰ আড়ষ্টতা আঁতৰাই ফোন উঠাইছিল,
“নহয় মা, প্ৰেক্টিকেল ক্লাছতহে কাৰোবাৰ হাতত এচিড পৰিল। জানাইতো কাকতত কথাবোৰ ওলোটাকৈ ওলায়।“

“বৰ ভয় লাগে মাজনী। সাৱধানে চলিবা।“

ফোনটো কাটি তাই গাৰুত মুখ গুজি কান্দোনটো চেপা মাৰি ধৰিছিল। তাইৰ কষ্টৰ আৰ্তনাদ পৃথিৱীয়ে নুশুনক, নুশুনক মাকে। মাকজনী বাউলী হ’ব। অকলশৰীয়া মাকজনী চূৰমাৰ হৈ যাব।“

তাইৰ দুখৰ কাহিনীৰ সতে টাবৰ পাতখিলাও ওমলি আছিল যেন। পাতখিলাই ভৰ ল’ব নোৱৰা পানী এটোপাল পৰি গৈছিল মজিয়াত।

তেনে সময়তে সি সোমাই আহিছিল, “যা নীলা, চাহ একাপ কৰ”।

“চাহ একাপ খাবলৈ ইমান পৰ ৰ’ব লাগে অংকুশ। সোনকালে আহিব নোৱাৰনে অফিচৰ পৰা?”
“নোৱাৰো অ। হেড অফিচৰ পৰা বচ আহিছে। অডিট চলি আছে। বহুত কাম”।
“ৰৈ ৰৈ আমনি লাগি গৈছে”, মাগটোত চাহ বাকি বাকি কৈ থাকে তাই।
“বাঃ মোলৈ ৰৈ আছিলি তই। মন গলিছে নেকি অ? ৰাতি দুৱাৰ খোলা ৰাখিবি তেন্তে”।

ঘোপাকৈ চাই পঠিযায় তাই, “যা হোটেলত চাহ খাই আহগৈ যা। মই একাপ চাহ বেচিনত
ঢালিম এতিয়া”।
“হাঃ হাঃ হাঃ!”
“হুহ!”, কৃত্ৰিম খং দেখুৱায় তাই।
“হেই ৰ’বি অ। আজি বতৰটো দেখা নাই কি ৰোমান্তিক।“
“বতৰ ৰোমান্তিক যদি মই কি কৰিব লাগে। কবিতা লিখগৈ যা।”
“কবিতা বোলোতেই মনত পৰিল কথা এটা, তই বিইচিত পঢ়িছিলি নহয়, কোন বেটচৰ আছিলি?”
“২০০৮ ৰ। কিয় সুধিলি?”
“২০০৮ ত আমাৰ অঞ্চলৰ কেবাজনো আছিল তাত।“
“কোন কোন? নাম ক’লে চিনি পাম।“
“ইলোৰা, হেমেন, ভাস্কৰ।”
“ইলোৰা বৰ ভাল ছোৱালী। বিয়ালৈ মাতিছিল তাই। যোৱাহে নহ’ল মোৰ।
“আৰু আছিল ৰহ, মনত পেলাওঁ। অভিমন্যুক চিনি পাইছিলিনে? বৰ ধুনীয়া কবিতা
লিখিছিল। পিছে সি বিইচি এৰি গুচি আহিছিল শেষলৈ।“
“নাই মোৰ মনত পৰা নাই। ল’ৰাবোৰৰ স’তে মোৰ অলপ কম চিনাকী আছিল।

বাহিৰত বিজুলী মাৰিছিল জোৰেৰে। লগতে মেঘে গাজি উঠা আকাশ। অংকুশক বিদায় দি তাই ৰূমত হুক লগাইছিল। আজি বতৰেও তাইৰ লগ দিব। বহুতদিনৰ মূৰত চিঞৰি চিঞৰি কান্দিব তাই। গাজনিৰ তালে তালে কান্দিব। পৃথিৱীৰ পৰা লুকুৱাই কান্দিব। এই দুখ পৃথিৱীক দেখুৱাই দুৰ্বল হোৱা নাযায়।

সমস্ত কাপোৰ তাই খুলি পেলালে। আৰ্চীখনৰ সন্মুখত ঠিয় হৈ বাউসিটো চালে।
আছে, তৰল পদাৰ্থই বগা কৰি যোৱা দাগটুকুৰা তেনেকৈয়ে আছে। ডাক্তৰ সুব্ৰমণিয়াম, চেন্নাইৰ এপলৰ পৰা অকল তাইৰ কাৰণেই হস্পিতেলত ভৰি থৈছিল, তাইক পৰামৰ্শ দিছিল, প্লাষ্টিক চাৰ্জাৰী কৰাই লওক।

তাই উত্তৰ দিছিল, “নালাগে।”

সন্ধিয়াতে তাই লাইটটো অফ কৰি বিছনা ল’লে। অভিমন্যু! বৰ ধুনীয়া কবিতা লিখা ল’ৰাজনৰ লগত অবধাৰিতভাবেই তায়ো চিনাকী হৈছিল। দুদিনমানৰ পিছতে প্ৰেমৰ প্ৰস্তাৱো আহিছিল তাইলৈ। আৰু সন্মতি প্ৰকাশ নকৰাৰ পাছতেই আৰম্ভ হৈ গৈছিল ঘটনাৰাজি। এদিন তাইৰ হোষ্টেলৰ ভিজিটিং ৰূমত বহি আছিল অভিমন্যুৰ ৰূমমেট অভিজ্ঞান।

“কিবা এটা কৰা নীলাঞ্জনা। সি পাগল হৈ যাব।“
“কি কৰো অভিজ্ঞানদা।“
“ভয় হয়, তোমাক কিবা কৰি পেলাব বুলি।”
“আসঃ! ভয়ৰ বাবেই মই তাৰ প্ৰস্তাৱ মানি ল’ম। ঘিণ লাগিছে অভিজ্ঞানদা।“
“তুমি সাহসী ছোৱালী। তথাপি ভণ্টিৰ দৰে ক’লো তোমাক, সাৱধানে থাকিবা।“

অভিজ্ঞানদা গুচি গৈছিল।
“কি কৰোঁ মই? কি কৰোঁ? ভগৱান ৰক্ষা কৰা মোক।
অভিজ্ঞানদা, তেওঁক বুজাওক প্লিজ। মই কিদৰে তেওঁৰ প্ৰস্তাৱ মানি লওঁ।
প্ৰেমৰ সলনি এসোপা ঘৃণা গোট খাই গৈছে তেওঁলৈ।“

ঘিণ কৰিছিল তাই তাক, যিদিনা তাইক পিচিওত আগভেটা দি গালত চৰিয়াই সুধিছিল,

“কালৈ ফোন কৰিলি তই? কাৰ লগত কি চলি আছে তোৰ?”

চকুপানীৰে বাট নেদেখা হৈ তাই মনতে আওৰাইছিল, “কালৈ ফোন কৰিলো মই? মাৰ লগতেতো কথা পাতিছিলো”। অটোষ্টেণ্ডটোৰ মাজৰ এখন অটোত বহি দিছিল তাই, আঙুলিয়াইছিল, “অভিপ্সা গাৰ্লচ হোষ্টেল”। সি আহি কিবা কৈছিল অটোৱালাজনক। অটোৱালাজনে তাইলৈ চাই উত্তৰ দিছিল, “নাই ভণ্টি, যাব নোৱাৰিম।“

নপুংসকৰ দলটোৰ মাজৰ পৰা তাই ওলাই আহিছিল। এইখন পৃথিৱীত এজনো পুৰুষ নাই। পুৰুষবোৰ চিনেমাৰ পৰ্দাতহে বন্দী কৰি থোৱা হৈছে। জীৱনটো চিনেমাৰ কাহিনী নহয়, জীৱন জীৱনেই, কঠিন, অনিমজ শিলনিৰে ভৰপূৰ।

অংকুশে খিৰিকীখন খুলি তলৰ বিশেষ ৰূমটোলৈ চাই পঠিয়ায়। কি কৰি আছে বাৰু নীলাঞ্জনাই? সদায় ৰাতি দেৰিলৈকে লাইট জ্বলি থকা ৰূমটো আজি অন্ধকাৰ। চক খাই উঠে সি। কি হৈছে নীলাৰ? নীলাৰ ৰূম ইমান আন্ধাৰ কিয়? মেঘে গাজিলে অকলে ভয় খায় চাগৈ বেচেৰীয়ে। জোখতকৈ বেছি বলীয়া হৈছে সি নীলাৰ নামত। সি জানে সেইটো কথা। কিন্তু পিছ হুঁহকিব নোৱাৰে। অভিমন্যু নামৰ ল’ৰাটোৰ কথা মনত পৰে। তাৰ খুব ঘনিষ্ঠ বন্ধুজন এদিন হঠাতে নোহোৱা হৈ গৈছিল। পিছত ঘুনুক ঘানাককৈ শুনিছিল তাৰ অপকৰ্মৰ কথা। আৰু সেই সত্যতাৰ প্ৰমাণ বিচাৰি সি অভিমন্যুক বিচাৰি উলিয়াইছিল,

“মই যি শুনিলো সেয়া সঁচানে অভিমন্যু?”

অভিমন্যু মনে মনে ৰৈছিল।

“তই এনে কাম কেনেকৈ কৰিব পাৰিলি অভিমন্যু?”

অভিমন্যু তেতিয়াও মৌন।
“ছিঃ তোক মোৰ বন্ধু হিচাপে চিনাকী দিবলৈ লাজ লাগিছে।“

সেইবাৰ সি মাত লগায়, “মই নাজানো অংকুশ, তাইক দেখিলে মোৰ কি হৈ যায়। মোক দেখিও নেদেখাৰ ভাও ধৰি তাই যেতিয়া গুচি যায়, মোৰ লগত কথা এষাৰ পাতিবলৈ নিবিচাৰে, মই নিজকে পৃথিৱীৰ আটাইতকৈ অপমানিত জীৱ যেন ভাব হয়। তেতিয়াই তাইক অত্যাচাৰ কৰি হ’লেও নিজৰ কৰি ল’বলৈ মন যায়।“

অভিমন্যুৱে কান্দিছিল, “তাই ক’ত আছে নাজানো মই। বিচাৰি দিবিনে অংকুশ, মই মাত্ৰ ক্ষমা খুজিম”। অংকুশে নাজানে, অভিমন্যুৰ এই চকুপানী সঁচা নে মিছা। তথাপি মনৰ মাজত এটা দায়িত্ব লৈ পেলাইছিল একালৰ ঘনিষ্ঠ বন্ধু অভিমন্যুৰ নামত। সেইকাৰণে বিইচি কলেজৰ কাৰোবাক পালেই সি অভিমন্যুৰ কথা উলিয়ায়, জানোচা কোনোবাই সেই ছোৱালীজনীৰ সন্ধান দিব পাৰে, যাৰ ওচৰত ক্ষমাৰ ধৰুৱা হৈ আছে তাৰ বন্ধু। নীলাঞ্জনাকো সুধিছিল তাৰ কথা, কিন্তু বেঙীজনীয়ে চিনি পালেহে!

পিছে বেঙীজনীৰ ৰূমৰ লাইট জ্বলা নাই কিয়? নে তাই ডাৱৰীয়া বতৰ পাই শুলেই? বেঙীজনীয়ে বুকুৰ এফাল লৈ ল’লে তাৰ। বিছনাত পৰিল যদিও বহু ৰাতিলৈকে টোপনি নাহিল তাৰ। তাই আচলতে মুক্ত বিহংগৰ দৰে থাকিব বিচাৰিছে, সেয়ে হয়তো বান্ধোনত সোমাব বিচৰা নাই। সিও আমনি নকৰে, নিজে আহি ধৰা নিদিয়ালৈকে তাইক তেনেকৈয়ে থাকিবলৈ দিব। কিন্তু ভালপোৱা নকমে। দিনে দিনে হয়তো বাঢ়িবহে।

আজিকালি সপোনতো আহে তাই। পিছৰাতিলৈ তাৰ খুব জ্বৰ উঠিল। ভ্ৰম বকিছিল সি। তেতিয়াই সি সপোন দেখিছিল, তাই আহি তাৰ কপালত হাতখন থৈছে। চুইছে, তাক চুই চাইছে। আসঃ কি ভাললগা এই প্ৰেম। শয়নত আহে, সপোনত আহে। ৰাতিপুৱা শুই উঠি ভাবিলে, হাজাৰনিশা এনেকৈ জ্বৰ উঠক, হাজাৰনিশা সি এই স্পৰ্শৰে চহকী হওক, হাজাৰনিশা তাইৰ সুগন্ধিৰে সুবাসিত হওক তাৰ চৌপাশ।

“অংকুশ।”
“ডাক্তৰৰ ওচৰলৈ যাওঁ ব’ল।“
“কিয় কি হ’ল তোৰ? গা বেয়া নে কি?”
“মোৰ গা বেয়া নহয়, তোৰহে বেয়া। সদায় ৰাতি ৰাতি তোৰ কেঁকনিত মই তোৰ ৰূম পাবগৈ লগীয়া হয়।“

আচৰিত হৈ যায় সি। কি কয় এইজনীয়ে? তাৰ সপোনটোৰ কথা তাইক আক’ কোনে ক’লে?
“ধুৰ! মোৰ ৰূমলৈ যাবি তই? মই মৰি গ’লেও ওচৰ নাপাৱগৈ, জনা আছে মোৰ।“

শেষৰাতিলৈ সিদিনাও তাৰ তমোময় জ্বৰ। আচলতে আজি সি অলপমান বৰষুণত তিতিও দিলে। জ্বৰটো লাগে তাক। এই জ্বৰটোৱে তাইৰ সান্নিধ্য দিয়ে তাক। এই জ্বৰটো লাগি থকাটো বিচাৰে সি।

“মই দিনতেই কোৱা নাছিলোনে অংকুশ, ডাক্তৰৰ ওচৰলৈ যাবলৈ?”

ৰুমালখন তিয়াই তাই তাৰ ওপৰত হাউলি কপালত লগাই জ্বৰ নমাবলৈ বিচাৰিছিল। মাজে মাজে চকুৰ পতা দুটাও মোহাৰি দিছিল তিতা ৰুমালখনেৰে। “পানী খাবি?”
“ও।”
পানী এচামুচ ওঁঠত বাকি গাৰুটো সলাই দিবলৈ মূৰটো ডাঙি লৈছিল। কোনোবা এপাকত তাইৰ বুকু স্পৰ্শ কৰিছিল তাৰ মুখখনে, সাৰ পাই গৈছিল সি।

“নীলা।”
“কোনফালেৰে আহিলি তই?”
“দুৱাৰ খোলা আছিল অংকুশ। তই বিৰবিৰাই আছিলি, ইমান জ্বৰ।“

সপোন নে দিঠক? চুই চালে সি, সঁচাকৈ হয়, তাৰ প্ৰিয় নাৰী তাৰ কাষত, তাকো ৰাতিৰ শেষ প্ৰহৰত।

“কি হ’ল অংকুশ?”
“চুই চাইছো, ভুত হয়নে তই হয় বুলি?”
“ধেমালি এৰ। ৰাতিপুৱাই ওলাবি, ডাক্তৰৰ ওচৰলৈ যাম।”
“তোৰ অফিচ খতি হ’ব নীলা। মই অকলে যাম দে।“
“নালাগে অকলে যাবলৈ। ময়ো যাম লগত। অফিচ ছুটি ল’ম দে।“

আজিকালি তাৰ মনটো ভাল লাগি থকা হ’ল। সেই উমকণ সি অনবৰতে অনুভৱ কৰি থকা হ’ল। ডাক্তৰৰ ঔষধ খাই জ্বৰ কমিল যদিও শেষ নিশাৰ অনুভৱটোৱে তাক আমনি কৰি থকা হ’ল। সেই অনু্ভৱটোৰ কথা ক’বলৈ গৈ সি কান্দি পেলালে তাইৰ ওচৰত। কান্দি পেলালে তাইও, তাৰ বুকু তিয়াই কৈ উঠিল, “একোতে মোহ নোহোৱা হৈ গ’ল মোৰ অংকুশ। তই এবাৰলৈ মোহত বন্দী কৰি পেলা মোক। মই তোৰ ওচৰত চিৰকৃতজ্ঞ হৈ থাকিম অংকুশ।”

যদিও অংকুশক কোৱা নহ’ল অভিমন্যু নামৰ অত্যাচাৰী প্ৰেমিকজনে তাইৰ বাউসিত লগাই যোৱা ঘাঁ টুকুৰাৰ কথা, তথাপি অলিখিতভাৱে এটা সিদ্ধান্ত লোৱা হৈ গ’ল। পিছদিনা ৰাতিপুৱাই তাই ছালৰ বিশেষজ্ঞজনক লগ কৰিলে, অংকুশক গম নিদিয়াকৈয়ে তাই বাউসিৰ দাগটো আঁতৰালে। আৰু তাৰপিছতেই এদিন তাৰ বুকুৰ কঁপি থকা নোমবোৰত ওঁঠযোৰ বুলাই তাই বিয়াৰ প্ৰস্তাৱত সন্মতি জনালে আৰু ক’লে,

“অভিমন্যুৰ কবিতাৰে আমাৰ বিয়াৰ নিশা উদযাপন কৰিব পাৰিনে অংকুশ?”
“আসঃ কিয় নোৱাৰি। অভিমন্যুৱে যে কিমান আনন্দ পাব!” একেষাৰতে মান্তি হৈছিল অংকুশ। তাৰ বিয়াৰ খবৰ পোৱাৰ লগে লগেই অভিমন্যু দৌৰি আহিছিল। আৰু কইনাৰ সাজত নীলাঞ্জনাক দেখি থৰ লাগিছিল। কুমজেলেকুৱাৰ দৰে সংকুচিত হৈছিল দুই হাত। কবিতা গোৱা নতুবা ক্ষমা খোজাটো দূৰৈৰ কথা, তাৰ মুখৰ পৰা শব্দ এটাও সৰি পৰা নাছিল।

ঠিকেই কৈছিল অভিমন্যুৱে, তাইক দেখিলেই জানো তাৰ কি হৈ যায়। তাইৰ হাঁহিয়ে ভ্ৰূকুটি কৰে তাক, পৃথিৱীৰ আটাইতকৈ অপমানিত জীৱ যেন বোধ হয় তাৰ। সেই অপমানৰ প্ৰতিশোধ ল’বলৈ পুনৰবাৰৰ বাবে হাতখন দাং খাই উঠে তাৰ, তেনে সময়তে অংকুশৰ বন্ধুসকলে সেই হাতখনত ধৰি নাচিবলৈ ধৰে। উচ্চপ্ৰাবল্যৰ শব্দযন্ত্ৰত বিয়াৰ সংগীত বাজি থাকে। তাইৰ বাউসিত হাত থৈ জীৱনৰ নিৰাপত্তা দিয়া তাৰ অভিন্ন বন্ধুক দেখি সি ওৰেটো নিশা আৰ্তনাদ কৰি থাকিল। তাইৰ শৰীৰত এচিড ঢালি দিওঁতেও হয়তো তাই সিমান আৰ্তনাদ কৰি উঠা নাছিল।

বন্ধৰূমৰ ভিতৰত তেতিয়া ৰাতিৰ শেষ প্ৰহৰৰ কবিতাটোৱে গুণগুণাই উঠিছিল। আৰু ৰাজপথত উন্মাদ কুকুৰৰ আৰাওত বিলীন হৈ গৈছিল উন্মাদ চৰিত্ৰৰ প্ৰলাপ।■■

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments