ৰাতি দূৰ্ঘটনাত এজন নিচাসক্ত কবিৰ মৃত্যু হ’ল — নৱাকাশ

ৰাতি দূৰ্ঘটনাত এজন নিচাসক্ত কবিৰ মৃত্যু হ’ল
— নৱাকাশ

ৰাতি এক দূৰ্ঘটনাত এজন নিচাসক্ত কবিৰ মৃত্যু হ’ল

ছাইৰ মাজত এখন হাতে লিখা চিঠিৰ বাদে আন একো উদ্ধাৰ হোৱা নাই
চিঠিত লিখিছে তেওঁৰ মৃত্যুৰ বাবে
আন কোনো দায়বদ্ধ নহয়
আনকি তেওঁ নিজেও
যিহেতু সকলোবোৰ কথা তেওঁ ভবা ধৰণে
হোৱা নাছিল

তেওঁ মৃত্যু জী চাব খুজিছিল এবাৰ
জীৱনৰ নিচাত মাতাল কবি

তেওঁৰ কবিতাৰ নায়িকা
ছাইবোৰৰ মাজতে কৰবাত সোমাই আছে

কবিৰ মৃত্যুত
চৰাই আৰু পখিলা
আকাশ আৰু সাগৰ
নদী বৰষুণ আৰু অৰণ্যৰ বাদে
আন কোনো ম্ৰিয়মান হোৱা নাই
আনকি কবিতাৰ নায়িকাও

আজিৰ বাতৰি ইমানতে শেষ
এই পৃথিৱীত
আজি আৰু অন্য একো ঘটনাই ঘটা নাই

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!