ৰাধাক বিচাৰি বৰসানেৰ বাটেদি এদিন (চনেট): সমুদ্র কাজল শইকীয়া
চকু চাৎ মাৰি ধৰাকৈ সৰিয়হ ফুলিছে
গধুৰ হৈ আহিছে মৌচাক
কাতিমহীয়া ৰ’দ, দেহা জুবুৰিয়াইছে
এঙেৰুৱা ম’হৰ এজাক
চাপৰিৰ কঁহুৱাবোৰে বেহা সামৰিলে
নিজম পৰে শাৰদী ঢাক
নীলাত অকলশৰীয়া এটা গঙাচিলে
বাৰে বাৰে খায় ঘূৰপাক
বিলখনত আহি সমাৰোহ পাতিছে
ক’ৰ অগণন বনহাঁহ
অকাই পকাই আগবাঢ়ে লাহী কঁকালে
নিচিনি চিনা দিকচৌ বাট
ৰাধা, তোৰ গাঁৱেদি এপাক মাৰিলোঁ, খৰি লুৰিবলৈ গৈছিলি হ’বলা
নে মাছলৈ গ’লি, নেদেখিলোঁ। আজি পূর্ণিমা। কাণখোৱাৰ অর্গল খোলা।