ৰাধিকা – কুসুমাঞ্জলি শৰ্মা
( ষোল্ল)
হাতী নিখোঁজ৷ নাই! নাই যে নাই, ক’তো শুংসূত্ৰ এটা নাই৷ বিভাগীয় চোৰাংচোৱাৰ হাততো তিনিমাহ ধৰি কোনো খবৰ নাই৷
’বিপদ আগুৱাই আহিলে, তুমি পিছুৱাই যাবা ’
-গেৰিলা যুঁজাৰুৰ অন্যতম সূত্ৰ৷
অত্যন্ত সচেতন তথা বুদ্ধিমত্তাৰ গৰাকী হাতীৰ নিখুঁত আত্মগোপন৷ সেনাবাহিনীৰ হাতত থকা শক্তিশালী বেঁতাৰ যন্ত্ৰটো কোনো ধৰণৰ বাৰ্তা ধৰা পৰা নাই৷ হাতী আন্তৰাষ্ট্ৰীয় সীমা পাৰ হোৱাৰো খবৰ সেনা বাহিনীৰ হাতত নাই৷ আৰক্ষীৰ হাতত নাই৷
ওহো, মেজৰ ৰঞ্জয় হাতীবৰুৱাৰ নিজা অনুসন্ধানো বিফল হৈছে৷
মাজতে দুবাৰমান চাহাব নিজৰ ঘৰলৈয়ো গৈছে৷ পিতৃ-মাতৃক লগ কৰিছে৷ মৰমৰ বৰপুত্ৰৰ কথা শুনি তেওঁলোক মুক হৈ গৈছে৷
নাই, তেওঁলোকেও নাজানে৷ আজি অতবছৰে মৰমৰ বিজু ক’ত হেৰাই গ’ল৷ তাৰ বিষয়ে মানুহৰ কোৱা কথাবোৰে তেওঁলোকক ব্যথিত কৰিছে৷ বহুবাৰ থানাৰ মানুহ আহি তেওঁলোকক সোধপোচ কৰিছে৷
সেনাবাহিনীৰ লোকে আহি কেইবাবাৰো ঘৰ লণ্ড-ভণ্ড কৰিছে৷ বোধহয় মেজৰৰ পিতৃ-মাতৃ বুলি শাৰীৰিক ভাবে অপদস্থ কৰা নাই৷
চাহাবে মন কৰিছে পিতৃ-মাতৃ দুয়োগৰাকীৰ যেন অকালতে বাৰ্দ্ধক্য আৰু জড়তা আহি পৰিছে৷
ইফালে অ’ত ত’ত বিক্ষিপ্ত ঘটনা ঘটিয়েই আছে৷
মেজৰ হাতীবৰুৱাৰ ওপৰত সকলো ফালৰ পৰাই মানসিক হেঁচা আহি পৰিছে৷
**********
পাহাৰ আৰু ভৈয়ামৰ সমীপত অৱস্থিত অৰুনাচলৰ সীমান্তবৰ্তী এখন ঠাই৷ উজনিৰ তামোল উৎপাদনৰ বাবে বিখ্যাত সেই স্থান৷
মুলত: স্থানীয় নেপালী লোকৰ ব্যক্তিগত মালিকানাৰ অন্তৰ্গত সেই তামোলৰ বাগান সমূহ৷ তাৰপৰা বেপাৰীয়ে লট হিচাপে তামোল লৈ যায়৷ দ্বিতীয় মহাযুদ্ধৰ সময়ৰ সৈন্যবাহিনীৰ চলাচলৰ বাবে সজা প্ৰখ্যাত ষ্টিলৱেল ৰাস্তাৰ সমীপবৰ্তী সেই ঠাইৰ সৌন্দৰ্য্য অতি মনোমোহা৷ বিশেষকৈ দুপৰীয়াৰ তামোলৰ বাগানৰ ছাঁ পোহৰৰ দৃশ্য অতি মনোৰম৷
আবেলি পৃষ্ঠভূমিত অৰুনাচলৰ সেউজ নীলপাহাৰ লৈ তামোলৰ আগত জিলিকা হেঙুলীয়া ৰ’দে অনন্য স্বৰ্গীয় অনুভূতি আনি দিয়ে৷
তাৰপৰা দহ কিলোমিটাৰ মান দুৰৈত আছে আলিবাট নোহোৱা এখনি হাবিতলীয়া ঠাই৷ মানুহৰ বসতি নাই বুলিবই পাৰি৷ ক’ৰবাত দুই এঘৰ মাকৈৰ খেতি কৰা নেপালী মানুহৰ চালি ঘৰ৷ হাতী-বাঘৰ স’তে কেনেদৰে সহবাস কৰে তেওঁলোকেহে জানে৷
কবি ডিম্বেশ্বৰ নেওগৰ ভাষাৰে তাক ব্ৰহ্মাণ্ডৰ ক্ষুদ্ৰ তাঙৰণ বুলিবও নোৱাৰি আৰু আমাজানৰ কুমাৰী অৰণ্যৰ দৰে নহলেও ইয়াতো অতি সীমিত নৰ মনিচৰহে পদাৰ্পণ ঘটিছে৷
তাৰেই এটি পঁজাঘৰত ফটাকাণিৰ মাজৰ সোণ জিলিকা দি জিলিকি আছিল প্ৰকৃতিৰ জিয়ৰী মায়াৰানী নেৱাৰ৷
তাইৰ জন্ম আৰু বিচৰণৰ কথা যেনেকৈ মুষ্টিমেয় কেইজন মানুহৰ মাজতহে সীমাবদ্ধ আছিল তেনেকৈয়ে
হয়তো তাইৰ শান্ত সমাহিত জীৱন পাৰ হ’লহেঁতেন৷
যদিহে সেই দুপৰীয়াটো মায়াৰ জীৱনলৈ নাহিলহেঁতেন৷
মায়া!
মায়া!
মায়াঃ উনৈশ বছৰীয়া মায়া
মায়াঃ দাৰিদ্ৰ্য আৰু কামৰ ভৰত কুঁজা হোৱা বিষ্ণুলাল নেৱাৰৰ একমাত্ৰ পুত্ৰী৷
মায়া: শুকান কাঁহৰ ভৰত জুৰুলা হৈ অকালতে বৃদ্ধ হোৱা বচন্তীৰ পুত্ৰী৷
মায়া: জাগুনৰ মালিকৰ ঘৰৰ তামোলৰ গছৰ পৰা পৰি মৰা কৈলাসৰ ভগ্নী ৷
********
লেফটেনেণ্ট কৰ্ণেল ৰঞ্জয় হাতীবৰুৱাৰ নথিপত্ৰত সন্নিবিষ্ট থকা পত্নী মায়াৰাণীক ফোন কৰিব নেকি ৰাধিকাই? কিন্তুু মুখেৰে এষাৰিও কথা নোকোৱা মায়াৰ হাতত ফোন নাথাকে৷
টি ভিত এটাৰ পিছত এটা চেনেল ঘূৰাই গৈছে ৰাধিকাই৷ কি লাগে তাইক! !
নাম লাগে৷ নিহত সেনাবাহিনীৰ বিষয়াৰ নাম লাগে৷
কিয় বিচাৰিছে ৰাধিকাই! !
পিছদিনা ৰাতিপুৱাই ৰাধিকা পাহাৰৰ পৰা নামি মালিগাঁৱৰ চাৰিআলিত ৰৈছিলগৈ৷ হকাৰৰ পৰা কেবাখনো কাকত কিনি তাতেই ৰেলিঙত আউজি বাতৰিৰ পৃষ্ঠা খুলিছিল৷ তাইৰ বাবে যিটো সৰ্ববৃহৎ বাতৰি, সেইটো আনৰ বাবে চুকত পৰি থকা অসংখ্য তেনে খবৰৰ মাজৰ খবৰ ৷
দুখনমানত মাত্ৰ টি ভিৰ দৰেই উল্লেখে কৰিছে৷ এখনত পালে তাই বিচৰা বাতৰিটো৷ বিচাৰিছিলনে চাহাবৰ নাম?
নাই তাত থকা সিং, মাথুৰ, চাক্সেনা, মুথুস্বামী আদিৰ মাজত হাতীবৰুৱা উপাধি নাছিল৷
আনন্দ কৰিব নেকি ৰাধিকাই? হাতীবৰুৱাৰ নাম নাই বাবেই তাই ‘ইয়াহু’ বুলি চিঞৰ এটা মাৰিব নেকি? নামাৰে৷
ৰাধিকাই আনন্দ কৰিব নোৱাৰে৷ তাই পাহাৰ বগাই থাকোঁতে ভাবি গ’ল সেই সকলৰ কথা৷
কোনোদিনে নেদেখা সেই সিং, শ্ৰীবাস্তৱহঁতৰ মাক, পত্নী অথবা প্ৰেয়সীৰ কথা৷ তাইৰ দৰে কোনোবাই উজাগৰী নিশা কটোৱা পৰিয়ালৰ কথা৷
*************
বহু বছৰ আগৰ এটি দুপৰীয়াত ৰাধিকাৰ আকাশ হেৰাই যোৱাৰ আৰম্ভণি হৈছিল৷
চ’ত মাহৰ এটি ৰিঙা দুপৰীয়া, অৰণ্যৰ মাজৰ ঘৰটোৰ চোতাললৈও আহিছিল৷ চোতালৰ কাষৰ টকৌ ’কুঁহিয়াৰ পাতেৰে চোঁওৱা সৰু পঁজাটোৰ বাৰান্দাৰ চালিখনত এখন মৈ আওজাই থোৱা আছিল৷ সেই মৈখনৰ দুটা ঢাপত উঠি গাভৰু মায়াই চালত ডলা এখনত শুকাবলৈ থোৱা মূলাখিনি লৰাই-মেলি আছিল৷
মুখৰ ভিতৰতে তাই গুণগুণাই আছিল কিবা এটি নেপালী গীতৰ কলি৷ তাৰে ঘাছেৰা শব্দটোহে বুজি পোৱা গৈছিল৷
হয়, তেতিয়া মায়াই গুনগুনাইছিল, কেতিয়াবা চিঞৰ চিঞৰিও গান গাই হাবিৰ পৰা গৰু গাই ঘৰলৈ খেদি আনিছিল৷
“ অই কাঞ্চী, ঘৰত কোন আছে? “
নিজান দুপৰীয়াটো চাৰ খাৰ কৰি কোনে মাত দিয়ে?
থতমত খাই মায়াই উভতি চাই দেখে যে সেনাবাহিনীৰ পোছাকত পিঠিত মৰণাস্ত্ৰ লৈ দুজন ৰাইদাং চেহেৰাৰ ডেকাল’ৰা৷ সিহঁতৰো চকুত জলক-টবক লাগিল৷
চ’তৰ দুপৰীয়া এই হাবিতলীয়া পঁজাত সেন্দূৰীয়া গালৰ কোন অপেচৰী! !
“ ভাত ৰান্ধিব পাৰিবি? “
ইতিমধ্যে চাপৰ বাৰন্দাৰ চালিৰ তলেৰে মাক আহি চোতালত ভৰি দিছিল৷ তেওঁ স্পষ্টকৈ দেখিছিল ডেকা দুজনৰ পিঠিৰ ভয়ংকৰ মৰণাস্ত্ৰ৷
ভয়তে পেঁপুৱা লাগি থকা জীয়েকে উত্তৰ নিদিওতেই মাকে নিজেই দিলে,
“ পৰিব চাৰ, দুইজন মানুহৰ কি ভাত বনাব নোৱাৰিব? “
এজনে তেওঁৰ ফালে চাই গৰগৰাই ক’লে,
“দুইজন নহয়, পাঁচজন৷ চাউল, মাংচ আমি দিম৷ “
এজনে কৰবালৈ গৈ অলপ পাছতে চাউল, মাংস আৰু কিবাকিবি আনি দি মাক জীয়েকক কৈ গ’ল _
“ ভালকে বনাবি, চাৰে খাব৷“
দুপৰীয়াৰ পৰা ভাত, ডাইল, মাংস ৰান্ধি ৰৈ আছে মাক, দেউতাকৰ স’তে মায়া৷
কাৰো দেখাদেখি নাই৷
গধূলি চাকি জ্বলোৱাৰ পিছত দংদংকৈ পাঁচজন জংগী ডেকা আহিল৷ দুপৰীয়া অহা ডেকা দুজনৰ স’তে আৰু তিনিজন৷ তাৰে ভিতৰত আটাইতকৈ সুন্দৰ চেহেৰা আৰু গহীন ডেকাজনক বাকীবোৰে সম্ভ্ৰমেৰে চাৰ বুলি সম্বোধন কৰিছে৷
সেই চাৰে চাপৰ বাৰন্দাত মুৰ হাওলাই গৈ বাঁহৰ বেঞ্চত বহি এলুনিয়ামৰ থালত ভাত খাইছে ৷ বাকী দুজনে বাহিৰত থিয় দি খাইছে আৰু দুজনে পিছফালে পহৰা দিছে৷ (আগলৈ)
**************