ৰান্ধনীৰ বিলৈ – ৰাজীৱ সন্দিকৈ
সৰুৰে পৰা আমাৰ ৰন্ধা-বঢ়াত চখ আছে৷ স্কুলত পঢ়া কালত সেয়েহে প্ৰায়ে মায়ে ৰান্ধি থকা অৱস্থাত পঢ়া টেবুলৰ পৰা উঠি গৈ পাকঘৰত এপাক মাৰি আহোগৈ৷ গেছ ষ্টভ’ত বহাই থোৱা কেৰাহিখনৰ ওচৰে পাজৰে মা নাথাকিলে ঢাকোনখন ডাঙি সিজাই থকা আঞ্জাখন চোৱা, হেতাৰে এবাৰ লৰাই থৈ অহা আমাৰ বৰ প্ৰিয় কাম আছিল৷ একেদৰেই প্ৰেচাৰ কুকাৰটো জুইৰ ওপৰত বহি থকাৰ সময়ত তাৰ হুইছেলটো এবাৰ ডাঙি “চু..ই…ট”শব্দটো এবাৰ শুনাটো আমাৰ একপ্ৰকাৰ অভ্যাস হৈ পৰিছিল৷
সময়ৰ লগে লগে ৰন্ধন বিদ্যাত আমাৰ বুৎপত্তি বাঢ়িছিল৷ সৰু সুৰা ঘটনা কিছুমানো ঘটিছিল লগে লগে৷
বাদুলিৰ মাংসত হেনো বহু ঔষধি গুণ থাকে৷ ক’ৰবাত পঢ়িছিলো৷ আমাৰ বন্ধু এজনেও পঢ়িছিল৷
এদিন মা-দেউতা নথকা অৱস্থাত বিদ্যুত পৰিবাহী তাঁৰত লাগি মৰা বাদুলী এটা লৈ বন্ধু আমাৰ ঘৰত হাজিৰ৷ কাটি বাছি অলপ পাছতে বাদুলীক কেৰাহীত তুলিলো৷ অথন্তৰ আৰম্ভ তেতিয়াৰে পৰাই৷ বাদুলী মাংসৰ বৰ অদ্ভুত গন্ধ এটা থাকে যি গন্ধ যিমান মা-মছলা দিলেও নাযায়৷ সিদিনাও গন্ধ মাৰিবলৈ ওচৰত থকা মচলাৰ পেকেটকেইটা শেষ কৰিও সেই গন্ধ আঁতৰ নহল৷ শেষত যি হলে হ’ব আৰু বুলি দুই বন্ধুৱে মহা তৃপ্তিৰে বাদুলী খাই চৰু কেৰাহী ধুই নিজ জাগাত সুন্দৰকৈ থৈ দিলো৷
গধূলি পাকঘৰত সোমায়েই বাদুলী মাংসৰ অকটা গন্ধ পাই ৰণচণ্ডী মূৰ্তি ধৰা মা’ৰ ৰূপ দেখি বুজিছিলো কিছুমান বস্তুৰ গোন্ধই জন্মদাত্ৰী মাতৃকো কেতিয়াবা পুত্ৰৰ মহাশত্ৰু কৰি তোলে!
প্ৰথম চাকৰিৰ সময়ত কেইজনমান লৰাৰ লগত মেছ কৰি থাকো এঠাইত৷ তাতো অমুকাই মূল ৰান্ধনী৷
এদিন দেখো সস্তাতে পাই কেইদিনমান পূৰ্বে সৰহকৈ কিনি অনা জলকীয়া এগাল গেলিবলৈ ধৰিছে৷ আমিও নিজৰ সুবুদ্ধি প্ৰয়োগ কৰি সম্পদৰ সদব্যৱহাৰ্থে জলকীয়া বোৰৰ গেলা অংশবোৰ কাটি পঞ্চাচটামান জলকীয়া বাছি লৈ সেইবোৰ দি সুন্দৰকৈ আলু- লাওৰ ভাজি এখন বনাই পেলালো৷ সেইৰাতি চকুপানী, চাফা পানীকে আদি কৰি কেইবাবিধো পানী আৰু মনৰ জোৰত আটাইয়ে ভাজিখন বৰ তৃপ্তিৰে খালো৷
নিশা একমান বজাত আৰম্ভ তীব্ৰ পেটৰ বিষ৷ দুহাতেৰে পেটটো হেঁচি বাথৰুমলৈ গৈ দেখো, দুৱাৰখন ভিতৰৰ পৰা বন্ধ৷ তাৰমানে এজন ভিতৰত৷ শেষত যি হলে হ’ব বুলি পানীৰ বটল এটাকে লৈ পাচ চোতাললৈকে যাও বুলি ভাত খোৱা টেবুললৈ চাওতে দেখো এটাও বটল নাই তাত! ৰ’বলৈ ধৈৰ্য নথকাত এইবাৰ কুঁজা হৈ শুদা হাতেৰেই পাচফালৰ অন্ধকাৰৰ ফালে ঢপলিয়াবলৈ লওতেই দেখো আন এজন বন্ধু অন্ধকাৰৰ মাজৰ পৰা হাতত দুটা খালী পানীৰ বটল লৈ ওলাই আহিছে!
সিদিনা বুজি পাইছিলো কেতিয়াবা “সম্পদৰ সদব্যৱহাৰো” বিশেষকৈ জলকীয়াৰ, কিমান বিপদজনক হ’ব পাৰে৷ ■■