ৰাভাসকলৰ মাজত প্ৰচলিত বিভিন্ন ধৰণৰ গীত-মাত- কলচুম বিবি

 

সংগীতৰ সৰ্বপ্ৰথম ৰূপ হৈছে লোকসমাজত মৌখিক ৰূপত প্ৰচলিত হৈ থকা লোকগীত বা লোককবিতা সমূহ। এটা জাতিৰ বুৰঞ্জীস্বৰূপ এই লোকসংগীতসমূহে সেই জাতিটোৰ সাংস্কৃতিক পৰিচয়ো বহন কৰে। ইয়াৰে কিছুসংখ্যক গীত পৰম্পৰাগতভাৱে মুখে মুখে এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ প্ৰবাহিত হৈ আহি এটা সময়ত লিখিত ৰূপ পাইছে, যিবোৰ বিভিন্ন ধৰণৰ ধৰ্মীয় বিশ্বাস, আচাৰ-আচৰণ তথা উৎসৱ-অনুষ্ঠানৰ অনুষংগত গঢ় লৈ উঠে। লোকসংগীত লোকগীত, লোকনৃত্য আৰু লোকবাদ্যৰ সমন্বয়ত সৃষ্টি হয়, যদিও নৃত্য আৰু বাদ্য সংগত নকৰা বহুতো গীত আমাৰ লোকসমাজত এতিয়াও সিঁচৰতি হৈ আছে। ড৹ নবীন চন্দ্ৰ শৰ্মাই সামাজিক স্তৰ অনুসৰি গীত-পদৰ কেইবাটাও ভাগত ভাগ কৰিছে। সেইবোৰ হৈছে— লোক, জনজাতীয় আৰু শাস্ত্ৰীয় বা মাৰ্গী বা ধ্ৰুপদী। লোকসমাজত মৌখিকভাৱে প্ৰচলিত হৈ অহা গীত-পদখিনি লোকগীত, জনজাতীয় সমাজত প্ৰচলিত গীতখিনি জনজাতীয় গীত আৰু শাস্ত্ৰ নিৰ্দেশিত পথ বা মাৰ্গৰ দ্বাৰা অনুশাসিত বা নিয়ন্ত্ৰিত গীতেই শাস্ত্ৰীয় বা মাৰ্গীয় গীত। মাৰ্গী সংগীতেই হৈছে ধ্ৰুপদী সংগীত। সহজ সৰলভাৱে ক’বলৈ গ’লে লোকগীতৰ পৰিমাৰ্জিত, পৰিশীলিত, সুগঢ়ী আৰু ৰীতিবদ্ধ ৰূপেই হৈছে মাৰ্গীয় সংগীত। অসম বিভিন্ন জাতি-জনগোষ্ঠীৰ বাসভূমি। প্ৰতিটো জাতি-জনগোষ্ঠীৰ নিজা নিজা কৃষ্টি-সংস্কৃতি আছে। এই কৃষ্টি-সংস্কৃতিৰ লগত জড়িত বিভিন্ন ধৰণৰ গীত-মাত আছে, যিয়ে বৃহত্তৰ অসমীয়া সমাজ গঠনত অৰিহনা যোগাইছে। ৰাভাসকল তিব্বত বৰ্মীয় ভাষা গোষ্ঠীৰ এটা শাখা অসম বৰ্মীৰ বড়োসকলৰ অন্তৰ্গত এটা জনগোষ্ঠী। তেওঁলোকৰ কেইবাটাও ভাগ থকা দেখা যায়। সেই ভাগসমূহ হৈছে— ৰাংদানী, পাতি, মাইতাৰী, বিটলিয়া, হানা, চোঙা, টোটলা, দাহাৰি, মদাহী ইত্যাদি। আন আন জনগোষ্ঠীৰ মাজত থকাৰ দৰে ৰাভা জনগোষ্ঠী লোকসকলৰ মাজতো পৰম্পৰাগতভাৱে বিভিন্ন ধৰণৰ গীত-মাত প্ৰচলিত হৈ আহিছে। ইয়াৰে কিছুমান লোক আৰু আন কিছুমান মাৰ্গী। বিভিন্ন উৎসৱ-অনুষ্ঠানত পৰিবেশন কৰা ৰাভা সকলৰ গীত-পদবোৰ হৈছে — মাৰে গান, জুনা গীত, ভাৰী গান, তুকুৰীয়া ওজাপালি, যোৰা গীত বা খিচা গীত, গিৰ্কায়, সাথাৰ, হয়মাৰু, কাতিপূজাৰ গীত, বাৰমাহী গীত, লাখৰ গীত বা গৰখীয়া গীত, কাহিনী গীত, ফাৰাকান্তি গীত ইত্যাদি। প্ৰাচীন কালৰে পৰা অসমত মনসা পূজাৰ প্ৰচলন হৈ আহিছে। অঞ্চলভেদে বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত প্ৰচলিত মনসা পূজা ভিন ভিন নামেৰে জনা যায়। পাতি ৰাভা সকলৰ মাজত অনুষ্ঠিত মনসা পূজাক মাৰে পূজা বোলা হয়। এই মাৰে পূজাত মাৰে গান গোৱা হয়। প্ৰাচীন কালৰে পৰা ৰাভাসকলে সৰ্পৰ অধিষ্ঠাত্ৰী দেৱী ‘মনসা’ ৰ পূজা কৰি আহিছে। গোৱালপাৰা আৰু কামৰূপৰ দক্ষিণাঞ্চলত থকা মাৰাই পূজাৰ থানবোৰ পোনতে ৰাভাসকলেই প্ৰতিষ্ঠা কৰিছিল। এই মাৰাই পূজাত গোৱা মাৰে গান মাৰ্গী সংগীতৰ অন্তৰ্গত। এই গীত এটি বন্দনা গীতৰ জৰিয়তে সূচনা হয়। ইয়াৰ পিছত ওজাই পৰৱৰ্তী পদৰ লগত সংগতি ৰাখি দিহা লগাই দিয়ে। দিহাৰ পিছতে ওজাই পদ গায়। পদৰ পিছত জুনা গীত পৰিৱেশন কৰি সামৰণিলৈ আগবাঢ়ে। মাৰে গানৰ পদৰ বিষয়বস্তু সমূহ বিভিন্ন ধৰণৰ —সৃষ্টি পাতন, দুৰ্গাজনম, মালঞ্চা কামানি, দুৰ্গা ফুলজাৰি, ফুলদঁক, দুৰ্গাৰ পৰীক্ষা, বাকী কামানি, গোহায়ৰ বিয়া, পদ্মাৰ জন্ম, কপিলী মথন অইৰাণ বাস সাগৰ মন্থন গোহাঁয় দঁক পদ্মাৰ বিয়া লাখৰ পূজা, ঝালো-মালোৰ কাহিনী, চান্দৰ বণিজ, লখাইৰ জন্ম, লখাইৰ বিয়া, ভেলভাসানি, নাট মন্দিৰ, দেওনামানি, বৰমানী-পূজা, লংদেও পূজা, মজু ভাসানি, আৰু ডুমুনি মায়া।

দিহাঃ সৰপে বোলেৰে সুন্দৰী আছে কোলে,
কিমতে দাঁকিম বাচাক দয়া লাগয়ৰে।
দঁকিম দঁকিম বাচাক ছুতা লৈয়াৰে। ।

পদঃ কেশতে দাঁকিবা নৰং হাৰিয়া চোঙৰ
মুণ্ডতে দাঁকিবা নৰং ঝুনা নাৰিকল। ।
কপালতে দাঁকিবা নৰং দ্বিতীয়াৰ চান।
কাণতে দাঁকিবা নৰং মৰেঙুৰি পান। ।
চকুতে দাঁকিবা নৰং স্বৰগৰ তাৰা।
মুখতে দাঁকিবা নৰং গুঞ্জৰে ভোমোৰা। ।

পাতিৰাভাসকলৰ মাজত অতীতৰে পৰা মুখে মুখে প্ৰচলিত হৈ অহা আন এবিধ জনপ্ৰিয় অনুষ্ঠান হৈছে ভাৰী গান। এইবিধ অনুষ্ঠান পাতি ৰাভাসকলৰ স্বকীয় অনুষ্ঠান, যদিও বৰ্তমান আন আন জাতি-জনগোষ্ঠীৰ মাজতো জনপ্ৰিয়তা লাভ কৰিছে। ভাৰী গান এবিধ নাট্যানুষ্ঠান। ইয়াত নৃত্য-গীত আৰু অভিনয়ৰ সমাবেশ ঘটে। ভাৰীগানৰ বিষয়বস্তু ৰামায়ণ আৰু মহাভাৰত আশ্ৰিত। ই বিভিন্ন ধৰণৰ পূজা, উৎসৱ-অনুষ্ঠান আদিত পৰিবেশন কৰা হয়। ভাৰীগানৰ অভিনয় দুইপ্ৰকাৰৰ– মুখাযুক্ত আৰু মুখাবিহীন। ভাৰী গান অনুষ্ঠানত পাঁচ বিধ গীত-পদ লক্ষ্য কৰা যায়। প্ৰথম হৈছে বন্দনা। বন্দনা গীত নাটকৰ আৰম্ভণি আৰু সমাপ্তিত গোৱা হয়। দ্বিতীয় বিধ গীত চৰিত্ৰসমূহক মঞ্চত প্ৰৱেশ কৰাৰ সময়ত মূল গায়ক আৰু পাইল সকলে পৰিবেশন কৰে। যুদ্ধ বিগ্ৰহৰ বৰ্ণনা কৰি গোৱা গীতবোৰক ‘যুদ্ধৰ গীত’, শোক-দুখ, বিৰহ-বেদনা আদি বৰ্ণনা কৰি গোৱা গীতবোৰক বিলাপ-গীত বোলা হয়। আন এবিধ গীতৰ জৰিয়তে নাটকৰ অগ্ৰগতি সম্পৰ্কে বৰ্ণনা কৰা হয় যাক সৰা বা পদ বোলা হয়। ভাৰী গানৰ সময়ত মাজে মাজে মূল গায়কজনে হাস্য ব্যংগ সৃষ্টিৰ বাবে গীত-পদ গোৱা দেখা যায়। এই গীতখিনিক জুনা বা ঝুনা গীত বোলা হয়। তলত বন্দনা গীতৰ এটি তুলি দিয়া হ’ল—

তুমি হৰি দিনময় ই তিনি ভুবনে কয়
কে জানে তোমাৰ মহিমা।
কৌটি কৌটি প্ৰজাপতি চতুৰ্মুখে কৰে তুতি
চাৰি বেদ নাহি পায় তাৰ সীমা। ।
ধন্য ধন্য ৰামচন্দ্ৰ সূৰ্য বংশে জন্মি ৰায়
দশৰথ তনয়ং দয়াল ৰঘুনাথ। ।

ওপৰত আলোচ্য মাৰে গান আৰু ভাৰী গানৰ প্ৰসংগত জুনা গীতৰ উল্লেখ কৰা হৈছে। এই জুনা গীতৰ এক সুকীয়া বৈশিষ্ট্য আছে। অনুষ্ঠানবোৰৰ সামৰণি পৰ্যায়ত সাধাৰণতে দৰ্শক শ্ৰোতাসকলৰ মনোৰঞ্জনৰ বাবে জুনা গীত গোৱা হয়। এই গীতসমূহ প্ৰেম আৰু হাস্যৰসেৰে পৰিপূৰ্ণ কাহিনীগীত। সাধাৰণতে জুনা গীতসমূহ দুটা ভাগত বিভক্ত— ধৰ্মীয় জুনা আৰু সামাজিক জীৱনৰ জুনা। ধৰ্মীয় বিষয়ৰ জুনাসমূহ কৃষ্ণ, শিৱ আৰু কৃষ্ণ-গোপী বিষয়ক। সামাজিক জুনাসমূহ বিবিধ বিষয়ৰ হোৱা দেখা যায়। কিছুমান জুনা গীত গাবৰ বাবে পূজাথলীত উপস্থিত থকা নাৰীসমাজৰ অনুমোদন লব লাগে।

১।
দিহাঃ অ-হ-ৰে শুন সভাৰ লোক
কং বহুত দিনৰ কথা
পদঃ আমাৰ বিজনী ৰাজাৰ দখিন কুল
অতি অল্প ছিল।
ৰূপা চৰ্দাৰ আসিয়া আৰো
কিছু দখল কৰিল। ।
ধন্য ধন্য ৰূপাৰ চৰ্দাৰ
বৰ বাহাদূৰ।
গাৰোৱানক দখল কৰিলা বহুদূৰ। । (ধৰ্মীয় জুনা)
২।
হুয়া টেটে, হুয়া টেটে, হুয়া টেটে
ভেন্ ভেন্ খেকুকক, কা-কা
নাচিয়া নাচিয়া মৰা তুলিয়া খা-খা
বাঃ বাঃ কি মজা কি মজা। (সামাজিক জীৱনৰ জুনা গীত)

পাতি ৰাভাসকলৰ মাজত ‘তুকুৰীয়া পূজা’ নামৰ এবিধ পূজা অনুষ্ঠিত হয়। এই পূজাত যিজন ওজাপালিয়ে গীত-পদ পৰিবেশন কৰে সেইজনক ‘তুকুৰীয়া ওজাপালি’ বোলা হয়। পুৰণি কালত তুকুৰা নামৰ বুঢ়া এজনে নাৰায়ণী ভাগৱতী বা ‘ঘৰদেৱতী’ৰ প্ৰথমে পূজা কৰিছিল সেইবাবে এই পূজাক তুকুৰীয়া পূজা বোলা হয়। এইবিধ পূজা বিভিন্ন ধৰণৰ মাৰি-মৰক, অপায়-অমঙ্গল নিৰাময়ৰ বাবে বছৰত এবাৰ অনুষ্ঠিত কৰা হয়। এইবিধ পূজাত কেইবাটাও স্তৰত ওজাপালিয়ে গীত পৰিবেশন কৰে। তুকুৰীয়া ওজাপালিৰ গীত মাৰ্গী সংগীতৰ শাৰীত পৰে। ইয়াৰ স্তৰসমূহ হৈচে আৰম্ভণি গীত, মংগলাচৰণ বা বন্দনা গীত, পদ আবৃত্তি আৰু সমাপ্তি। তলত পদ এটি দিয়া হ’ল—

বিহ চল্ চল্ কৰে নাৰায়ণীৰে
বিহ জনমিল গাৱে
কোন দুৱাৰে হ’ম নাৰায়ণীৰে। ।
মূৰ ফুটি বাইৰ হম
মূৰ বিহলি বুলিব।
কপাল ফুটি বাইৰ হ’ম,
কপাল বিহলি বুলিব।
মুখ ফুটি বাইৰ হম,
মুখ মিহলি বুলিব। । …..

পাতি ৰাভাসকলৰ মাজত প্ৰচলিত আন এবিধ আনন্দদায়ক লোকগীত হৈছে খিচা গীত বা খিজাগীত বা নিন্দা পদ। খিচা গীত বিবাহ অনুষ্ঠানত পৰিবেশন কৰা হয়। এই গীতখিনি একপ্ৰকাৰৰ বিয়া নাম। উজনিত এই গীতখিনিক যোৰানাম বুলি কোৱাৰ লগতে কোনো কোনো ঠাইত বহুৰঙী বা বহুৰাঙী বুলিও কোৱা হয়। এই গীতসমূহ এটাৰ পিছত এটা লগ লগাই বা যোৰা লগাই গোৱা হয় বাবে ইয়াক যোৰা গীত বোলা হয়। খিচা গীতত বিচিত্ৰ ভাবৰ সমাবেশ ঘটে। এনে গীতত দৰাঘৰীয়া আৰু কইনাঘৰীয়া মানুহৰ মাজত গীত-পদেৰে কথাৰ কটা-কটি হয়। আগতে এই গীতসমূহ বুঢ়া-বুঢ়ী আৰু বয়সীয়া পুৰুষ-মহিলা সকলে গাইছিল। পিছলৈ ডেকা-গাভৰু সকলেও গাবলৈ ল’লে। বৰ্তমান বিবাহ অনুষ্ঠানৰ বাহিৰেও অন্যান্য অনুষ্ঠান কিছুমানত খিচা গীত নাচি নাচি পৰিবেশন কৰা হয়। এই গীতসমূহ ব্যংগ তথা হাস্য ৰসাত্মক হোৱা বাবে সকলোৰে মাজত জনপ্ৰিয়।

১। মাকলা বাশেৰ তলে
পানী জিলমিল কৰে
সাথে থাইকা দয়াল বাবা
গৰু দান কৰে।
গৰু দিছি দানে দুধ
খাবাৰ কাৰণে
তবু জামাই সৰম দিলো
ভৰা সভাৰ মাজে। ।
২।
গাছ কাটং নাকাটং, গাছ বেকেৰা,
নাচিবাকে নাজানং, চোতাল বেকেৰা।
খেৰৰে পুজিৰে, খেৰৰে পুজি,
বুঢ়া-বুঢ়ী মেল কৰে, পালাবাৰে বুধি।
দুৱাৰ হেকং হেকংৰে, দুৱাৰ হেকং হেকং,
দুৱাৰখানি মিলি চালে, আৰো জোঙা দেখং।
বুন বাতালাৰে, বুল বাতালা,
তৰেং লাগা ভাতাৰগো, গাও পাতালা।
তিন দিনীয়া গোৰা মদ লাগিল কপালত,
যাইয়া হেনা পৰিলং, শাহুৰ চোতালত। ।
—————————————————-।

ৰাভাসকলৰ মাজত ব’হাগ মাহত অনুষ্ঠিত আন এবিধ গীতি-নৃত্যৰ অনুষ্ঠান হৈছে ‘গিৰ্কায়’। ‘গিৰ্কায়’ তেওঁলোকৰ প্ৰধান অনুষ্ঠান। এই উৎসৱত ৰাভা যুৱক সকলে মানূহৰ ঘৰে ঘৰে দান-দক্ষিণা বিচাৰি গৃহস্থৰ চোতালত ঘূৰি ঘূৰি গীত গাই নৃত্য কৰে। গৃহস্থই দান-দক্ষিণা হিচাপে ধান-চাউল-টকা আদি দিয়ে। ইয়াৰ দ্বাৰা তেওঁলোকে সামাজিক উন্নয়নৰ কাম কৰাৰ লগতে সকলোৱে মিলিজুলি এসাজ খায়। এই অনুষ্ঠানত কেৱল যুৱকসকলে অংশগ্ৰণ কৰে। যুৱতী সকলে অংশগ্ৰহণ কৰা দেখা নাযায়। কামৰূপৰ ‘মহোহো’ লগত গিৰ্কায়’ উৎসৱৰ সাদৃশ্য থকা পৰিলক্ষিত হয়।

গিৰ্কায় ৰাখু মায় ৰাখু
চিঙা ৰাখু চিঙা ৰাখু
গিৰ্কায় ৰাখু টাকা ৰাখু
চিঙা ৰাখু চিঙা ৰাখু
যা টোৱা উত্তন ৰাখু
চিঙা ৰাখু চিঙা ৰাখু
হেই হেই হেই —চা নিং থাম। ।

ৰাভাসকলৰ মাজত প্ৰচলিত বায়-খো এটা জনপ্ৰিয় উৎসৱ। বায়-খো উৎসৱত এবিধ কাহিনীগীত গোৱা হয়। এইবিধ গীতক হয়মাৰু বোলে। পূজাৰ আগদিনা চাৰি-পাঁচজন বয়স্কলোকে দল বান্ধি দেৱস্তুতি কৰে। তেওঁলোকে ৰাভাসকলৰ বীৰ-বীৰাংগনাসকলৰ স্মৃতি বিজড়িত কাহিনী গীতসমূহ গাই গাই মূল পূজাৰীৰ ঘৰৰ পৰা আৰম্ভ কৰি গাঁৱৰ প্ৰতিখন ঘৰতে যায় আৰু দান-দক্ষিণা সংগ্ৰহ কৰে। ‘হয়মাৰু’ গীতৰ লগত ঢাক, ডাইদি, ব্ৰাংচিং, খুটিতাল, সংগত কৰা হয়। দদাই, মাৰুক্ষেত্ৰী, চাম্পায়, দাদুৰী, চাচুৰী, জিমাৰী, ৰংবদী, নাকাতি, তামাই, আদিৰ কথা বা আখ্যানসমূহ কাহিনী গীত হিচাপে গোৱা হয়। এই অনুষ্ঠান অবিৰাম গতিত পিছদিনালৈকে চলি থাকে। ‘হয়মাৰু’ অনুষ্ঠানৰ সমাপ্তিৰ পিছত বায়-খো পূজা আৰম্ভ হয়। পূজাৰ পিছত ‘কিল্লা দিবিকায়’ পৰ্ব আৰু লতা টনা খেলৰ পিছতে বায়-খো ট্ৰক্কায় বা সাথাৰ নৃত্য-গীত আৰম্ভ হয়। সাথাৰ নৃত্য-গীতত অবিবাহিত ডেকা-গাভৰুসকলে অংশগ্ৰহণ কৰে। এই গীতসমূহ প্ৰেম-প্ৰণয়মূলক। ইয়াত ডেকা-গাভৰুসকলে অংগী-ভংগীসহ নিজৰ নিজৰ অন্তৰৰ গভীৰ অনুৰাগ পৰস্পৰৰ প্ৰতি পৰস্পৰে প্ৰকাশ কৰে। পূৰ্বতে বায়-খো চোতালত বাঁহৰ চুঙাৰে প্ৰস্তুত কৰা চাকি জ্বলাই নৃত্য-গীত কৰা হৈছিল যদিও কৃত্ৰিম পোহৰ নোহোৱাকৈ পূৰ্ণিমাৰ জোনৰ পোহৰত এই নৃত্য কৰা নিয়ম বাবে বৰ্তমান চাকিৰ ব্যৱহাৰ কৰা নহয়। এই অনুষ্ঠানত অংশ লবৰ বাবে বিভিন্ন অঞ্চলৰ পৰা ডেকা-গাভৰু আহে আৰু গীতৰ জৰিয়তে নিজৰ পৰিচয় দাঙি ধৰে।
ৰাভাসকলৰ ধৰ্মবিশ্বাসমতে এই গীতৰ অন্তৰালত আছে জনন শক্তিৰ বিকাশ। তেওঁলোকৰ মতে এই উৎসৱ প্ৰকৃতি আৰু পুৰুষৰ উৎসৱ। তেওঁলোকে বিশ্বাস কৰে যে যিদৰে বসুমতীৰ গৰ্ভভেদ কৰি শস্যৰ অংকুৰ সঞ্চাৰিত হয় সেইদৰে পুৰুষ শক্তিৰ সংস্পৰ্শ অবিহনে কেৱল নাৰী শক্তিৰ দ্বাৰা জনন কাৰ্য সম্ভৱ নহয়। এই নৃত্য-গীত ওৰে ৰাতি পৰিবেশন কৰা হয়। নৃত্য-গীত পৰিবেশনৰ সময়ত ডেকা-গাভৰুৰ কোনো অংগ স্পৰ্শ হ’ব নোৱাৰে, যদিও কোনো ডেকা-গাভৰুৰ মাজত প্ৰণয় ভাব জন্মিলে ৰাতিপুৱাই সামাজিক ৰীতি-নীতিৰে মিলন হোৱাত কোনো বাধা নাই।

ডেকাদলঃ বছৰ পিদান ৰিবিদং
বায়খো মনি কিয়া
নাঙি কাথা মনি কিদং ছালে
আমে টঙা জাংছাৰে
আমে টঙা জাংছা। ।

গাভৰুদলঃ অ চেংৰা গাবুৰকায়
আতো ইনা নানা
আং নাঙো নুকবাৰা-ছালে
কানি দংকায় কথাৰে
কানি দংকায় কথা।

ৰাভাসকলৰ আন এটা ঠাল হানা ৰাভাৰ মাজত ব’হাগ মাহত হানা-ঘোঁৰা নামে এবিধ জনজাতীয় অনুষ্ঠান অনুষ্ঠিত হয়। দোমাহীৰ সময়ত লাঙা পূজা কৰি হানা-ঘোঁৰা অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানৰ উদ্দেশ্য হৈছে সামাজিক বাধা-বিঘিনি, অপায়-অমঙ্গল দূৰীকৰণ। ভৈয়ামৰ ৰাভাসকলৰ মাজত হানা-ঘোঁৰাৰ সৈতে মিল থকা জাৰীঘোঁৰা নামৰ অনুষ্ঠান এটি হয়। সতীৰ আত্মহুতিৰ পিছত শিৱ যজ্ঞস্থলীত উপস্থিত হৈ দক্ষৰ মুণ্ড ছিঙি পেলায়, পিছত ছাগলীৰ মুণ্ড এটি স্থাপন কৰে আৰু দক্ষৰ দেহটো ঘোঁৰাৰ দৰে কৰে। এই আখ্যানৰ আলম লৈয়ে হানা-ঘোঁৰাৰ উৎপত্তি হয়। হানা ৰাভাই সেই ঘোঁৰাটো নচুৱা বাবে হানা-ঘোঁৰা নাম হয় বুলি কথিত আছে। দুয়োটা অনুষ্ঠানৰে উদ্দেশ্য একে। একেৰাহে সাত দিন চলে। জনজাতীয় গীত হিচাপে হানা-ঘোঁৰাৰ গীতৰ কলি এটি তলত দিয়া হ’ল—

হৰ হৰ হেই, হৰ হৰ হেই,
হায়ৰু হায়ৰু দায়াহে হেই
অহায় অহায় কিহৰ খুলিল কায়
হায় হায় কিহৰ বুলি কায়–
হানা-ঘোঁৰা নাচিছে তেল খুজিছে
অ’ হায় হায় তেল খুজিছে
অ’ হায় হায় তেল খুজিছে
আমাৰ ঘোঁৰা নাচিছে ডিমা খুজিছে …
হায় হায় সেন্দূৰ খুজিছে…। ।

ৰাভা লোকসমাজত অনুষ্ঠিত কাতি দেৱতাৰ(কাৰ্তিক) পূজা এবিধ নাৰীকেন্দ্ৰিক অনুষ্ঠান। এইবিধ পূজাত পৰিৱেশন কৰা গীতসমূহক কাতি পূজাৰ গীত বোলা হয়। শস্য বৃদ্ধিৰ উদ্দেশ্যৰে তথা নিঃসন্তান মহিলাই সন্তান লাভ কৰাৰ আশাৰে কাতি পূজা উদযাপন কৰা হয়। কাতি মাহৰ সংক্ৰান্তিত এই অনুষ্ঠান পতা হয় যদিও আঘোন মাহৰ যিকোনো এটা দিনত কৰিব পাৰি। কাতিৰ দোমাহীত কৰা পূজা ‘বতৰেৰ কাতি’ আৰু আঘোণ মাহত কৰা পূজাক ‘নমলা কাতি’ বোলা হয়।
কাতি পূজাৰ গীতসমূহ দুভাগত বিভক্ত। কাতিৰ জন্ম বিষয়ক গীত আৰু শৃংগাৰ ৰসাত্মক বা প্ৰেমলীলা বিষয়ক গীত। কাতিৰ জন্মবিষয়ক গীত শুনাত পুৰুষসকলৰ বাধা নাই যদিও শৃংগাৰ ৰসাত্মক গীতবোৰ শুনা একেবাৰে নিষিদ্ধ। এই পূজাত প্ৰথমতে সৃজন গীত গোৱা হয়। সৃজন গীতত কাতি ঠাকুৰৰ জন্ম বৃত্তান্তৰ পিছত কাতি ঠাকুৰৰ বৰ্ণনা কৰা হয়। ইয়াৰ পিছত কাৰ্তিক সিজ্জন, কাতি ঘমোৱা গীত পৰিবেশন কৰা হয়।
পূজাৰ অন্তত সন্তান কামনা কৰি পূজা পতা নাৰীজনীৰ কোলাত তামোল-পাণ, আৰু দুটামান কল দি বহুৱাই থয় আৰু সমবেত আন আন নাৰীয়ে শিৱ-পাৰ্বতীৰ বিবাহ, পাৰ্বতীৰ স্নান, শিৱ-পাৰ্বতীৰ সহবাস, পাৰ্বতীৰ মাতৃত্ব প্ৰকাশ, কাৰ্তিক বা কাতিৰ জন্ম আদি বিষয়ক গীত গাই নৃত্য কৰে। এই গীতসমূহৰ উপৰিও হাস্য ৰসাত্মক গীতো গায়।

হাঠু পানীত নামিল চণ্ডী, হাঠু কইল্লো শুধ।
কোমৰ পানীত নামিল চণ্ডী, কোমৰ কইল্লো শুধ। ।
হিয়ে পানীত নামিল চণ্ডী, দিলো পঞ্চ ডুব।
কুঘাটে নামিয়া চণ্ডী সুঘাটে উঠিলো। ।
ভিজা বস্ত্ৰ ফেলেয়া চণ্ডী শুকনা পৰিলো।
উত্তম গঙ্গাৰ জল দিয়া শিবেৰ পাও কচলাইলো। ।
বুঢ়া শিৱেৰ চণ্ডী মাও মন্দিৰ সোণ্দাইলো।
সোণ্দেয়া শিৱেৰ সাথ পাণ-তাম্বোল খাইলো। ।
… …

অসমীয়া লোকগীতত বাৰমাহী গীতৰ এটি বিশেষ স্থান আছে। অঞ্চলভেদে এই গীতসমূহৰ বৈশিষ্ট্যৰ তাৰতম্য দেখা পোৱা যায়। আন আন জাতি-জনগোষ্ঠীৰ দৰে পাতি ৰাভাসকলৰ মাজতো এইবিধ গীতৰ প্ৰচলন থকা দেখা যায়। এই গীতবোৰত বাৰটা মাহৰ বিৱৰণ থাকে বাবে ইয়াক বাৰমাহী গীত বোলা হয়। একোটা গীতত তেৰটা কলি বা স্তৱক থাকে। প্ৰতিটো কলিয়েই একো একোটা স্বয়ংসম্পূৰ্ণ কবিতাৰ দৰে। এই গীতবোৰ কেইটিমান উল্লেখযোগ্য উদাহৰণ হ’ল— ৰাধা-বাৰমাহী, ৰাম-বাৰমাহী, সীতা-বাৰমাহী, কন্যা( ফুলৱতী, মধুমতী), শান্তি বাৰমাহী আদি। বাৰমাহী গীতসমূহত প্ৰণয় ভাব নিহিত হৈ থাকে। প্ৰিয়াৰ অন্তৰৰ বিৰহ বেদনা এই গীতবোৰত ফুটি উঠে। প্ৰতিটো কলিতে সেই বিৰহ পৃথক পৃথক ৰূপত প্ৰতিফলিত হয়। প্ৰায়বোৰ গীত আঘোন মাহৰ পৰা আৰম্ভ হয় যদিও কিছু সংখ্যক বহাগ মাহৰ পৰা আৰম্ভ হোৱা দেখা যায়।
ৰাভা লোকসবিশ্বাস যে মৃত্যুৰ পিছত শৱ দাহনৰ সময়ত এই গীত জনা মানুহৰ মুখমণ্ডল পোৰা নাযায়। সেই সময়ত বাৰমাহী গীত জনা আন কোনো লোকে এফাঁকি গীত গাই দিলেহে মুখমণ্ডল অগ্নিত বিলীন হয়। এই ভয়তে ৰাভা সকলে বাৰমাহী গীত সংৰক্ষণ নকৰে বুলি কথিত আছে।

আঘোণৰ মাহতে নাকাটিলা পাত।
খাবা নাপালা প্ৰভু নৱান ধানৰ ভাত। ।
আঘোনৰ মাহতে নাৰীৰ উতপতি।
হাতত তাম্বুৰা লৈ নামিল সৰস্বতী। । (শান্তি বাৰমাহী)

ব’হাগ মাহতে নিতে নানা পুষ্পময়।
ৰাম ৰাজা হ’ব বুলি সৰ্বলোকে কয়। ।
তাহাতে দাৰুণ বিধি দৈৱৰ লিখন।
ভৰতক ৰাজ্য দিয়া ৰাম গৈলা বন। । (সীতা বাৰমাহী)

অতীতৰে বিভিন্ন অঞ্চলত গৰু, ম’হ, হাতী চৰাই থাকোঁতে ৰখীয়াসকলৰ মাজত বিভিন্ন শ্ৰেণীৰ গীতৰ সৃষ্টি হৈছিল। এই লোকগীতখিনিক অঞ্চল বিশেষে ভিন্ন নামেৰে জনা যায়। কোনো কোনো অঞ্চলত গৰখীয়া গীত, কোনো কোনো অঞ্চলত নাঙেলী গীত কোনো কোনোৱে আকৌ এই গীতখিনিক অঘাইতং গীত, হাবিয়লীয়া গীত, মৈষালী গীত, লাইলাং গীত বুলি কৈছে। পাতি ৰাভা আৰু দাহৰি লোকসমাজত এই গীতখিনিক লাখৰ গীত নামে জনা যায়। পথাৰলৈ গৰু চৰাবলৈ গৈ গৰখীয়া সকলে ইজনে সিজনৰ লগত ঠাট্টা-মস্কৰা, কৌতুক কৰাৰ ছলেৰে গীত গায়। এই গীত গাঁৱতে এবিধ বাঁহী বজোৱা হয়। এই বাঁহীক লাখৰ বাঁহী বোলা হয়। লাখৰ বাঁহী দেওবাঁহেৰে তৈয়াৰী দুফুটমান দীঘল। চুঙাটোৰ এফালে গাঁঠি থাকে, লগতে দুটা ফুটা থাকে। এটা গাঁঠিটোৰ ওচৰত, আনটো সোঁমাজত। এই গীতবোৰ প্ৰেমগন্ধী হোৱাৰ লগতে যৌনগন্ধী।
বয়স্ক সকলৰ লগতে সৰু ল’ৰাবোৰেও পথাৰত গৰু চৰাওঁতে গীত গাই আনন্দ কৰে। এই গীতবোৰ কৈশোৰৰ চিন্তা-চেতনাহে প্ৰকাশ পায়। গীতবোৰক ‘বাং’ বুলিও কোৱা হয়।

ডাঙৰ নদী উকূল-থুকুল
ভাসি যায় লৰু,
তোৰ বাবেৰ দুটা তিৰি
একেটা চাৰায় গৰু।
শাল গছৰ নাঙল-যুঙল
গামিৰী গছৰ পীৰা
কোন ছালাই বাং দিছে
বৰ-মানিৰ কিৰা।

‘দাহৰি’ ৰাভাসকলে তেওঁলোকৰ ‘তৰঙা’ বা শ্ৰাদ্ধৰ সময়ত মৃতকৰ গুণানুকীৰ্তন কৰি এবিধ শোক গীত গায়। এই শ্ৰাদ্ধ অনুষ্ঠানটোক ফাৰাকান্তি বা ফাৰ্কান্তি বোলা হয়। প্ৰথমে মৃতকৰ আত্মাৰ সদ্গতি আৰু তেওঁৰ পুনৰ্জন্ম কামনা কৰি স্তুতি আকাৰে গীত গোৱা হয়। ইয়াৰ পিছত ৰাভা জনগোষ্ঠীৰ প্ৰাচীন বীৰ পুৰুষসকলৰ যেনে— ৰন্দন-চন্দন আদিৰ কাহিনী গীত গাই ফাৰাকান্তি নৃত্য পৰিবেশন কৰে। এই নৃত্যত ডেকা-গাভৰুসকলে অংশগ্ৰহণ কৰিব পাৰে। তেওঁলোকে হাতত ঢাল-তৰোৱাল লৈ বীৰ ৰস প্ৰকাশক নৃত্য কৰে। এই নৃত্য-গীতৰ অনুষ্ঠানত বাঁহ আৰু কাঠেৰে নিৰ্মিত এটি বাদ্যযন্ত্ৰ সংগত কৰা হয়। মৃতকৰ আত্মীয়, গঞা ৰাইজ আদি সকলোৱে এই অনুষ্ঠানত উপস্থিত থাকে। তলত এটি গীতৰ নমুনা দাঙি ধৰা হ’ল—

ডেকাদলঃ ঝাকে উৰে, ঝাকে পৰে, কাণ কৰালী চাৰুক
কাপুৰতে বান্দিয়া দিম মন ভুলানী দাৰুক।

গাভৰুদলঃ ছোট পাৰা ডাঙৰ হ’লং, আয়া নিদিলে বিয়া,
অ’ বাবায়েও নিদিলে বিয়া,
দাৰুকো নালাগে, নালাগে ভাই
যাম মই যাচিয়া।

এই আলোচনাটিত ৰাভা লোকসমাজত প্ৰচলিত হৈ থকা যিবোৰ গীত-মাতৰ বিষয়ে উল্লেখ কৰা হ’ল সেই সমূহৰ বাহিৰেও আৰু অনেক থলুৱা গীত-মাত ৰাভা লোকসমাজত সিঁচৰতি হৈ আছে। কিছুসংখ্যক গীত সংৰক্ষণ কৰা হৈছে আৰু কিছুমান সংৰক্ষিত নোহোৱাকৈ আছে যিবোৰ আমাৰ জীৱনশৈলীৰ ফলত লুপ্ত হোৱাৰ পথত। লুপ্ত হ’বলৈ ধৰা লোকসংস্কৃতিৰ এই সম্পদৰাজি বিশ্লেষণ তথা গৱেষণা কৰাৰ ব্যৱস্থা কৰিলে ইয়াৰ লগত জড়িত ন ন দিশ কিছুমান উন্মোচন হ’ব যিয়ে আমাৰ লোকসংস্কৃতিৰ ভঁৰাল টনকিয়াল কৰিব।

প্ৰসংগ পুথি
১। অসমৰ বিভিন্ন জনগোষ্ঠীৰ লোক-উৎসৱ —ধ্ৰুৱকুমাৰ তালুকদাৰ
২। ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ পৰিৱেশ্য কলা–ড৹ নবীন চন্দ্ৰ শৰ্মা
৩। অসমীয়া লোকসাহিত্য– সম্পাদক—ড৹ প্ৰহ্লাদ কুমাৰ বৰুৱা
৪। অসমীয়া লোকসাহিত্য আৰু লোককলা
সম্পাদনা–জয়া সেনাপতি

ফটো উৎসঃ ফেচবুক

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!